Skip to main content

Class 9 Science Chapter 5 Notes & Question Answer in Assamese | জীৱৰ মৌলিক একক (ASSEB / SEBA)

Class 9 Science: Chapter 5 - জীৱৰ মৌলিক একক ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 জীৱবিলাক কিহৰ গঠিত? (What are Living Organisms Made Up of?) — Page 58-60 পৃষ্ঠা নং: 58-60 📌 ঐতিহাসিক পৃষ্ঠভূমি: ৰবাৰ্ট হক এটুকুৰা কক (Cork) ৰ পাতল ছেদ পৰীক্ষা কৰি মৌমোহৰ নিচিনা কিছুমান কোঠালি দেখি পাইছিল। কক হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এিবধ উপাদান। সেইয়া আছিল 1665 খ্ৰীষ্টাব্দ। এটা দিন, দিনদুনীয়া ৰবাৰ্ট হক নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এই পৰ্যবেক্ষণবোৰ কৰিছিল। ৰবাৰ্ট হকে সেই কোঠালিবোৰক "Cell" বুলি আখ্যা দিছিল। লেটিনশব্দ— "Cell" ৰ অৰ্থ হ'ল সৰু সৰু কোঠালি। এই পৰ্যবেক্ষণটো দেখাত তাৎপৰ্যবিহীন যেন লাগিছিলও বিজ্ঞানইতিহাসতই এক গুৰুত্বপূৰ্ণ ঘটনা। এই পৰ্যবেক্ষণবোৰে জীৱৰ দেহ যে কিছুমান পৃথক পৃথক এককৰ দ্বাৰা গঠিত তাক কোনো এজনে পোন প্ৰথমে সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। সেই দিন ধৰি জীৱবিজ্ঞান বিষয়ত বৰ্তমানলৈকে তেনে একক বিলাকক "কোষ" বুলি অভিহিত কৰি অহা হৈছে। ...

Class 10 Science Chapter 8 Assamese Medium | জীৱই কেনেকৈ বংশবৃদ্ধি কৰে Question Answer 2026

Class 10 Science: Chapter 8 - জীৱই কেনেকৈ বংশবৃদ্ধি কৰে?

ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ

📌 অধ্যায়ৰ পৰিচয়: জীৱৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল বংশবৃদ্ধি কৰাৰ ক্ষমতা। আগৰ অধ্যায়বোৰত আমি জীৱন প্ৰক্ৰিয়া যেনে পৰিপুষ্টি, শ্বসন, পৰিবহন আৰু ৰেচনৰ বিষয়ে আলোচনা কৰিছোঁ। কিন্তু বংশবৃদ্ধি প্ৰক্ৰিয়া জীৱন ধাৰণৰ বাবে অতি প্ৰয়োজনীয় নহ’লেও প্ৰজাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে অতি আৱশ্যক। যদি কোনো জীৱই বংশবৃদ্ধি নকৰাকৈ থাকে, তেন্তে সেই প্ৰজাতিৰ ভৱিষ্যত প্ৰজন্ম লুপ্ত হ’ব। এই অধ্যায়ত আমি অযৌন আৰু যৌন প্ৰজনন, উদ্ভিদৰ প্ৰজনন, মানুহৰ জনন তন্ত্ৰ, জনন স্বাস্থ্য আদিৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম।

পৃষ্ঠা নং: 131

1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)

1.1 জীৱই নিজৰ হুবহু সৃষ্টি কৰিব পাৰেনে? (Do Organisms Create Exact Copies of Themselves?) — Page 131

পৃষ্ঠা নং: 131

বংশবৃদ্ধি (Reproduction): জীৱই নিজৰ দৰে নতুন জীৱ সৃষ্টি কৰা প্ৰক্ৰিয়াক বংশবৃদ্ধি বা প্ৰজনন বোলা হয়। ই জীৱন ধাৰণৰ বাবে অতি প্ৰয়োজনীয় নহ’লেও প্ৰজাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে অতি আৱশ্যক।
DNA (ডি.এন.এ): কোষকেন্দ্ৰৰ ভিতৰত থকা ক্র’ম’জ’মবোৰৰ DNA অণুৱে পিতৃ-মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰি দিয়ে। এই DNA অণুবোৰ প্ৰ’টিন গঠনৰ উৎস। DNA ৰ বাহকৰ গুণ হ’ল বিভিন্ন প্ৰকাৰৰ প্ৰ’টিন সংশ্লেষণ হয়। বিভিন্ন প্ৰকাৰৰ প্ৰ’টিনবোৰে জীৱদেহৰ অবয়ৱ সলনি কৰে।
DNA প্ৰতিলিপি (DNA Replication): বংশবৃদ্ধিৰ মূল কাৰ্য হৈছে DNA ৰ প্ৰতিলিপি গঠন। দেহৰ কোষে কিছুমান ৰাসায়নিক বিধিৰ সহায়ত DNA অণুৰ নকল সৃষ্টি কৰে। এই DNA অণুৰ পৰা অপত্য কোষত দুটা DNA প্ৰতিলিপিৰ সৃষ্টি হয় আৰু দুয়োটা DNA অণু এটা আনটোৰ পৰা পৃথককৈ থাকে।
ভিন্নতাৰ সৃষ্টি: DNA প্ৰতিলিপি লওঁতে ইয়াৰ কিছু ভিন্নতা দেখা যায়। ইয়াৰ ফলস্বৰূপে DNA প্ৰতিলিপি একে হ’লেও কিন্তু পিতৃ DNA ৰ সৈতে ছবি একে নহয়। এনেধৰণৰ ভিন্নতাৰ বাবেই এনেকুৱা পৰিৱৰ্তনে আনে যি নতুনকৈ হোৱা আন কোষীয় উপাদানৰ সৈতে DNA ই এনেকুৱা ক্ৰিয়া কৰিব নোৱাৰিব। এনে ক্ষেত্ৰত নতুন কোষটো মৰি যাব। অন্যত্ৰ DNA ত থকা আন বহুতো ভিন্নতাই পৰৱৰ্তী প্ৰজন্মত ভীষণ ফল দেখুৱাব পাৰে। একেদৰে দেখা যায় যে জীৱবোৰৰ কোষবিলাক একে হয় যদিও অতি সুক্ষ্ম পাৰ্থক্য থাকে। প্ৰজনিত এনে ধৰণৰ ভিন্নতাৰ প্ৰণালী ক্ৰমবিকাশৰ কেঁটি স্বৰূপ।

1.2 ভিন্নতাৰ গুৰুত্ব (The Importance of Variation) — Page 132

পৃষ্ঠা নং: 132

ভিন্নতা (Variation): একে প্ৰজাতিৰ জীৱবোৰৰ মাজত থকা সামান্য পাৰ্থক্যক ভিন্নতা বোলা হয়। এই ভিন্নতা প্ৰজনন প্ৰক্ৰিয়াৰ সময়ত DNA প্ৰতিলিপিৰ ফলত সৃষ্টি হয়।
ভিন্নতাৰ গুৰুত্ব: পৰিৱেশৰ কোনো নতুন আৱাসস্থানবোৰ (Niches) জীৱৰ বাবে উপযোগী হয়। প্ৰজননৰ সময়ত বিভিন্ন DNA প্ৰতিলিপি এটা গুৰুত্বপূৰ্ণ বিষয় যে জীৱৰ দেহৰ নতুন গঠন এনেদৰে কৰে যে বিভিন্ন আৱাসস্থান বাছনি কৰাৰ বাবে উপযোগী হয়। সেই কাৰণে কোনো প্ৰজাতিৰ জীৱৰ আৱাদী ক্ষমতা বন্ধা কৰাত প্ৰজনন প্ৰক্ৰিয়া ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে।
প্ৰকৃতিৰ ভূমিকা: সময়ে সময়ে বাসস্থানৰ পৰিৱৰ্তন হৈ থাকে যিবোৰ কাৰণ জীৱৰ নিয়ন্ত্ৰণৰ বাহিৰত। উদাহৰণ স্বৰূপে পৃথিৱীৰ উপৰিচাগৰ উষ্ণতা হ্ৰাস-বৃদ্ধি, জলভাগৰ উচ্ছ্বলতা, উঠ-নমা হৈ থাককৰ পাৰে বা উদ্ধাকপগুই খুপ্তা মাকৰৰ পাৰে এনেধৰণৰ বছৰো উদাহৰণ ল’ব পৰা যায়। যদি কোনো এটা জীৱৰ আৱাদী এটা পৰিৱেশৰ বনিবদ্ধ অঞ্চল বাস উপযোগী হয় আৰু সেই অঞ্চলত প্ৰচণ্ড কোনো পৰিৱৰ্তন হৈ পৰে তেতিয়া জীৱৰ আৱাদী সম্পূৰ্ণভাৱে নিমুনল হৈ যাব। অৱশ্যে কেতিয়াবা এই আৱাদীৰ কিছু জীৱৰ ভিন্নতা থকাৰ বাবে জীয়াই থাকিবলৈ অলপ সুবিধা হ’ব পাৰে।
ভিন্নতাৰ উদাহৰণ: যেনেটিক যবদ নাবতশীেতাঃ জলভাগত বাস কৰিবলৈ আৱাদী বাস কৰি থাকক আৰু গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণে কিছুমান বেক্টেৰিয়া ধ্বংস হ’ব পাৰে। কিন্তু কিছু সংখ্যক বেক্টেৰিয়াৰ প্ৰতিৰোধ ক্ষমতা থকা কাৰণে জীয়াই থাকে ভৱিষ্যত বংশবৃদ্ধি কৰিব। এনেকুৱা সময়ৰ সৈতে কোনো প্ৰজাতিৰ জীয়ই জীয়াই থাকিবলৈ বান্ধে ভিন্নতাৰ আৰম্ভণি।

1.3 অযৌন প্ৰজনন (Asexual Reproduction) — Page 133

পৃষ্ঠা নং: 133

অযৌন প্ৰজনন (Asexual Reproduction): যি প্ৰজনন প্ৰক্ৰিয়াত কেৱল এটা জীৱই অংশগ্ৰহণ কৰি নতুন জীৱ সৃষ্টি কৰে, তাক অযৌন প্ৰজনন বোলা হয়। ইয়াত জনন কোষৰ সংযোগ নহয়।
দ্বিখণ্ডন (Fission): এককোষী জীৱই কোষৰ দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰ নতুন প্ৰজন্মৰ সৃষ্টি কৰে। দ্বিবিধ প্ৰকাৰৰ দ্বিখণ্ডন প্ৰক্ৰিয়া দেখা যায়। বেক্টেৰিয়া আৰু আদিপ্ৰাণীৰ দৰে এককোষী জীৱই অতি সৰলভাৱে কোষটো সমভাৱে দ্বিখণ্ডিত হৈ এই প্ৰক্ৰিয়া সমাধা কৰে। এমিবাৰ দৰে এককোষী আদিপ্ৰাণীয়ে একে দ্বিখণ্ডন বা বিভাজন কোষটো যি কোনো এটা সমতলীয় দিশত বিভক্ত হৈ নতুন প্ৰজন্মৰ সৃষ্টি কৰে।
বহুখণ্ডন (Multiple Fission): কিছুসংখ্যক এককোষী জীৱৰ দেহৰ গঠন এক নিৰ্দিষ্ট ৈশলীব গঠিত; উদাহৰণ হিচাবে মেলিবিয়া সৃষ্টিকাৰী লেইচমেনিয়া (Leishmania) নামৰ এককোষী জীৱবিধৰ এটা মেৰুত চাবুৰ দৰে এডাল ৈকশৰ থােক। এনেবিলাক জীৱৰ দ্বিখণ্ডন এক বিশেষ প্ৰক্ৰিয়াৰে সম্পন্ন হয়। সেইদৰে অন্য কিছুমান এককোষী জীৱ যেনে মেলেৰিয়া সৃষ্টিকাৰী আদ্যপ্ৰাণী প্লাজম’ডিয়াম (Plasmodium) ৰ ক্ষেত্ৰত একেসময়তে বহুতো বিভাজন ঘটে।

1.4 বিভগন (Fragmentation) — Page 134

পৃষ্ঠা নং: 134

বিভগন (Fragmentation): তুলনামূলকভাৱে সবল দেহৈশলীৰে গঠিত বহুকোষী জীৱৰ ক্ষেত্ৰত বংশবিস্তাৰৰ পদ্ধতিও সাধাৰণভাৱে কাৰ্যকৰী হয়। উদাহৰণ হিচাবে স্পিৰিল ছেলাই (Spirogyra) পূৰ্ণগো হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ডত টুকুৱা টুকুৱ হৈ বংশ বিস্তাৰ কৰে। অৰ্থাৎ, এই সৰু সৰু খণ্ডত টুকুৱাবিলাকৰ পৰাই নতুন প্ৰজমাৰ সৃষ্টি হয়।
বহুকোষী জীৱৰ প্ৰজনন: সকলোবিলাক বহুকোষী জীৱৰ ক্ষেত্ৰত এনেদৰে বংশ বিস্তাৰ নহয়। এইবিলাকে ইমান সবলভাৱে কোষবৃদ্ধাৰাই কোষ সৃষ্টি কৰি বংশ বিস্তাৰ কৰিব নোৱাৰে। ইয়াৰ প্ৰধান কাৰণ হ’ল যে আমি দেখি থকা সবহিখিনি বহুকোষী জীৱৰ ৈদিহক গঠন কেৱল কোষৰ সাধাৰণভাৱে একত্ৰীকৰণৰ যোগেদি সৃষ্টি নহয়। ইহঁতৰ ক্ষেত্ৰত কিছুমান বিশেষত্বপূৰ্ণ কোষৰ সমষ্টিৰে কলাৰ গঠন হয়, তেনে কিছুমান কলাৰ সমষ্টিৰে অংগ গঠিত হয় আৰু এই অংগবিলাক ৈদিহক কাৰ্য সমাধা কৰিবৰ বাবে দেহৰ প্ৰয়োজনীয় নিৰ্দিষ্ট ঠাইতেই উপলব্ধ হয়। এনে ধৰণে বিশেষভাৱে সংগঠিত বহুকোষী জীৱৰ দেহত কেৱল কোষৰ পৰা কোষ সৃষ্টি কৰি বংশ বিস্তাৰ ৰূপায়ন কৰাটো অসন্তৱ। সেয়েহে, বহুকোষী জীৱই এক জটিল প্ৰক্ৰিয়াৰে প্ৰজনন বা বংশ বিস্তাৰ কাৰ্য সম্পন্ন কৰে।
মৌলিক কৌশল: বহুকোষী জীৱবিলাকৰ এটা মৌলিক কৌশল হ’ল যে সিহঁতৰ দেহৰ বেলেগ বেলেগ কোষবিলাকে বেলেগ বেলেগ বিশেষত্বপূৰ্ণ কাৰ্য সমাধা কৰে। এই মৌলিক কথাটোৱে প্ৰতিপন্ন কৰে যে সিহঁতৰ প্ৰজনন প্ৰক্ৰিয়াও বিশেষ ধৰণৰ কোষবৃদ্ধাৰে সম্পন্ন হয়। যদি জীৱটোত বিভিন্ন প্ৰকাৰৰ কোষ থাকে তেতিয়া এক জাতীয় কোষবৃদ্ধাৰা প্ৰজনন প্ৰক্ৰিয়া কেনেকৈ হয়? ইয়াৰ উত্তৰ হ’ল যে জীৱেদহত একে জাতীয় কোষ এটা থাকিব লাগিব যি জীৱৰ বৃদ্ধি ঘটাব পাৰে, দ্ৰুতভাৱে কোষ বিভাজন কৰি প্ৰজনন কৰিব পাৰে আৰু উচিত পৰিস্থিতিত অন্য প্ৰকাৰৰ কোষো সৃষ্টি কৰি লব পাৰে।

1.5 পুনৰ্জীৱন (Regeneration) — Page 134

পৃষ্ঠা নং: 134

পুনৰ্জীৱন (Regeneration): ভিন্ন অংগ বিশিষ্ট কিছুমান জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱ উৎপন্ন কৰি লব পৰা ক্ষমতা থােক। অৰ্থাৎ, যদি কোনো এটা জীৱৰ দেহৰ কোনো এটা অংশ ভাঙি বা কাৰণত ভিন্ন বা ভাগি গৈ টুকুৰা টুকুৰ হয়, তাৰে কিছুমানৰ পৰা পৃথককৈ পুনৰ নতুনকৈ জীৱটোৰ সৃষ্টি হব পাৰে। উদাহৰণ হিচাবে কিছুমান সৰল প্ৰাণী যেনে হাইড্ৰা (Hydra), প্লেনেৰিয়া (Planaria) আদি জীৱক কাটি টুকুৰা টুকুৰ কৰা হয়, তাৰ প্ৰত্যেক টুকুৰাৰ পৰা নতুনকৈ সম্পূৰ্ণ জীৱ এটাকো হয়। এইটোক পুনৰ্জীৱন বুলি অভিহিত কৰা হয়।

1.6 মুকুলোদগম (Budding) — Page 135

পৃষ্ঠা নং: 135

মুকুলোদগম (Budding): হাইড্ৰাৰ দৰে জীৱই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুলোদগম প্ৰক্ৰিয়াৰে পুনৰ্জীৱিত কৰে। হাইড্ৰাত এনে প্ৰকিয়াত মুকুলবিলাক দেহৰ কোনো এক নিদিষ্ট স্থানত একেবাৰেই কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বাক্ষি বাহিৰলৈ ওলাই আহে। এই মুকুলবিলাকৰ পৰাই সৰু সৰু আকাৰৰ হাইড্ৰা সৃষ্টি হয় আৰু যেতিয়া সিহঁত পূৰ্ণ হয় তেতিয়া সেইবিলাক মাতৃ হাইড্ৰাৰ পৰা এবাই আহি নতুন এটা হাইড্ৰা উৎপত্তি কৰে।

1.7 আংগিক বিস্তাৰণ (Vegetative Propagation) — Page 135

পৃষ্ঠা নং: 135

আংগিক বিস্তাৰণ (Vegetative Propagation): এনে বহুবিলাক উদ্ভিদ আছে যিবিলাকৰ মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত পৰিৱেশত নতুন উদ্ভিদৰ উৎপত্তি হব পাৰে। দৰাচলতে, উদ্ভিদে এই পদ্ধতিটো বংশ বিস্তাৰৰ বাবে প্ৰয়োগ কৰে কিন্তু প্ৰাণীয়ে এনেদৰে বংশ বিস্তাৰ কৰিব নোৱাৰে। উদ্ভিদৰ এই আংগিক বিস্তাৰণৰ বৈশিষ্ট্যৰ বাবেই কৃষি ক্ষেত্ৰত কিছুমান উদ্ভিদত যেনে কুঁহিয়াৰ, গোলাপ, আম আদিক জোৰা কলম (Grafting) আৰু তবপীয়া (Layering) পদ্ধতি প্ৰয়োগ কৰা হয়।
সুবিধা: বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদবিলাকতকৈ আংগিক বিস্তাৰণৰ যোগেদি উৎপত্তি হোৱা উদ্ভিদবিলাকৰ আগতীয়াকৈ ফুল ফল ধৰে। এই পদ্ধতিৰে কল, কমলা, আনাৰস, গোলাপ, তগৰ আদিৰ দৰে গুটি নধৰা উদ্ভিদৰ বংশ বিস্তাৰ হয়। আংগিক বিস্তাৰণৰ আন এটা সুবিধা হ’ল যে এনে পদ্ধতিৰে উৎপত্তি হোৱা উদ্ভিদবিলাক আনুবংশিকভাৱে একে হয়। ইয়াৰ উপৰিও চিৰপ্ৰগত বৈশিষ্ট্যবিলাক ৈপতৃক পুৰুষৰ সৈতে একে হয়।

1.8 কলাকৰণ (Tissue Culture) — Page 136

পৃষ্ঠা নং: 136

কলাকৰণ (Tissue Culture): কৰা কৰণ পদ্ধতিত, নতুন উদ্ভিদ সৃষ্টি কৰিবৰ বাবে প্ৰথমতে উদ্ভিদৰ বাঞ্চিত অগ্ৰস্থ কৰা বা কোষ এৰুৱাই লোৱা হয়। সেই এৰুৱাই অনা কৰা বা কোষখিন এটা কুৱিম মাধ্যমত (Artificial Medium) বাখি থেল তাতে কোষবিলাকৰ খৰতকীয়া কোষ বিভাজন ঘটি বহুবাৰ কোষ একেলগে হৈ কেলাচ (Callus) গঠন কৰে। এই কেলাচখিন অন্য এটা মাধ্যম য’ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সঞ্জীৱনী পদাৰ্থ (Hormone) থাকে তালৈ স্থানান্তৰ কৰি নতুনকৈ পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি কৰিব পাৰি। এই কৰা কৰণ পদ্ধতি প্ৰয়োগ কৰি ৰোগমুক্ত উদ্ভিদৰ সৃষ্টি কৰি লব পাৰি।

1.9 ৰেণু উৎপত্তি (Spore Formation) — Page 136

পৃষ্ঠা নং: 136

ৰেণু উৎপত্তি (Spore Formation): প্ৰায়বিলাক সৰল বহুকোষী জীৱৰ দেহতো বিশেষ প্ৰকৃতিৰ প্ৰজনন অংগও পৰিলক্ষিত হয়। কিছুমান সৰল গঠনৰ পাউকিটি চকলৰ উপৰিভাগত উৎপন্ন হোৱা আঁহৰ দৰে অংগবোৰ আচলতে পাউকিটি সৃষ্টি হোৱা ৰাইজ’পাচ (Rhizopus) নামৰ এবিধ ছত্ৰকৰ প্ৰজাতি। এইবিলাক প্ৰজনন অংগিকা নহয়। আনহাতে তাত দৃষ্টিগোচৰ হোৱা সৰু সৰু মাৰিত ওলমি থকাৰ দৰে টোপালবোৰ হ’ল প্ৰজনন অংগিকা। এই সৰু সৰু টোপাল সদৃশ অংগিকাবিলাকক ৰেণুৱানী বোলে। ইয়াতেই ৰেণু উৎপত্তি হয় আৰু এই ৰেণুবিলাকৰ পৰাই নতুন ৰাইজ’পাচৰ সৃষ্টি হয়।
ৰেণুৰ বৈশিষ্ট্য: ৰেণুবিলাকৰ আৱৰণ যথেষ্ট ডাঙি হয় যাতে এইবোৰ পৰৱৰ্তী কোনো সেমেকা পাউকিটি বা আন কোনো উপযুক্ত আধাৰত খিতাপি লৈ নতুন জীৱন লাভ নকৰালৈকে ভিতৰৰ পদাৰ্থখিন সজীৱ হৈ থাকে।

1.10 যৌন প্ৰজনন (Sexual Reproduction) — Page 137

পৃষ্ঠা নং: 137

যৌন প্ৰজনন (Sexual Reproduction): যি প্ৰজনন প্ৰক্ৰিয়াত দুটা পৃথক ব্যক্তিৰ জনন কোষৰ সংযোগ ঘটে, তাক যৌন প্ৰজনন বোলা হয়। ইয়াত পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন ঘটে।
যৌন প্ৰজননৰ প্ৰয়োজনীয়তা: প্ৰত্যেকটো নতুন প্ৰজন্মত আগৰ প্ৰজন্মৰ দুটা জীৱ বিশেষৰ পৰা ডি.এন.এৰ প্ৰতিলিপ সংযোজন ঘটে তেতিয়া নতুনকৈ সৃষ্টি হোৱা প্ৰজন্মত ডি.এন.এৰ পৰিমাণ বিশৃংখলতাৰ সৃষ্টি হব। ইয়াৰ উপৰিও, প্ৰত্যেক প্ৰজন্মত যদি এনেদৰে ডি.এন.এ ৰ পৰিমাণ দুগুণ হৈ গৈ থাকে তেন্তে অতি সোনকালে এই পৃথিৱীত কেৱল ডি.এন.এ ৰে উপচি পৰিব, তাৰ বাহিৰে আন কাৰোৰে বাবে স্থান নাথাকিব। আমি এই সমস্যাৰ কিমান ৰণৰ উপোৱে সমাধান কৰাৰ কথা ভাবিব পাৰে। আমি আগতে জানি আহিছে যে যিমানেই জীৱৰ দেহৰ সংগঠনৰ জটিলতাৰ বাঢ়ি যায় সিমানেই বিশেষত্বপূৰ্ণ কোষ আৰু কলাৰ সংখ্যাও বৃদ্ধি পায়। ওপৰত উল্লেখ কৰি অহা জটিল সমস্যাৰ সমাধানৰ এটা সুগ্ধ হ’ল যে বহুবিলাক বহুকোষী জীৱৰ দেহৰ বংশগম ৰক্ষা কৰা কোষবিলাক ক্র’ম’জ’মৰ সংখ্যা আৰু ডি.এন.এ ৰ পৰিমাণ আন ৈদিহক কোষতকৈ অৰ্ধৰ সংখ্যক হয়।

1.11 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন (Sexual Reproduction in Flowering Plants) — Page 137

পৃষ্ঠা নং: 137

ফুলৰ অংশসমূহ: গুপ্তবীজী উদ্ভিদৰ প্ৰজনন অংগবিলাক ফুলপাহত অবিস্থত। ফুলৰ বিভিন্ন অংগ যেনে বৃত্তপাত, পাহি, পুংকেশৰ, স্ত্ৰীকেশৰ আদিৰ বিষয়ে আমি আগতে পঢ়ি আহিছোঁ। ইয়াৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰহে হ’ল প্ৰজনন অংগ য’ত জননকোষবিলাক থােক।
পুংকেশৰ (Stamen): পুংকেশৰ হ’ল পুং প্ৰজনন অংগ আৰু ইয়াতেই পৰাগ ৰেণু উৎপন্ন হয়; এইবিলাক সাধাৰণতে হালধীয়া বৰণৰ। তোমালোকে যদি ফুলৰ পুংকেশৰ হাতেৰে স্পৰ্শ কৰা তেতিয়া তেনেকুৱা হালধীয়া বৰণৰ পৰাগ ৰেণু নিশ্চয়কৈ হাতত লাগি অহা দেখা পাবা।
স্ত্ৰীকেশৰ (Pistil): স্ত্ৰীকেশৰবিলাক ফুলৰ কেন্দ্ৰীয় স্থানত অবিস্থত আৰু ইয়েই হ’ল ফুলৰ স্ত্ৰীপ্ৰজনন অংগ। ইয়াৰ প্ৰধানকৈ তিনিটা অংশ থাকে; তলৰ উখহা শকত অংশটোক গৰ্ভাশয় (Ovary), মাজৰ দীঘলীয়া অংশটোক গৰ্ভদণ্ড (Style) আৰু ওপৰৰ অগ্ৰ অংশটো টাইট আঠালীয়া ভাগ গৰ্ভমুণ্ড (Stigma) বোলে।
পৰাগযোগ (Pollination): পুংকেশৰৰ পৰাগ ৰেণু গৰ্ভমুণ্ডত পৰিলে তাক পৰাগযোগ বোলা হয়। যদি এই স্থানান্তৰ প্ৰক্ৰিয়াটো একে পাহ ফুলতে সংঘটিত হয় তেতিয়া তাক স্ব-পৰাগযোগ (Self Pollination) বোলে। আনহাতে যদি একে জাতীয় প্ৰজাতিৰ পৰাগ ধানী এবিধ ফুলৰ পৰাগ ৰেণু আন এটা ফুলৰ গৰ্ভমুণ্ডত পৰেগৈ তেতিয়া তাক পৰ-পৰাগযোগ (Cross Pollination) বোলে।
নিষেচন (Fertilization): নিষেচন পিছত পৰ্যায়ত, ডিম্বকৰ সৈতে শুক্ৰাণুৰ সংযোগ ঘটে। ইয়াৰ লগে লগে গৰ্ভমুণ্ডত শুক্ৰাণু প্ৰৱেশ কৰি ডিম্বকৰ লগত মিলি যায়। ইয়াৰ ফলত এটা যৌগজ কোষৰ সৃষ্টি হয়। এই যৌগজ কোষৰ পৰা ভ্ৰূণৰ সৃষ্টি হয়।
ফল আৰু বীজ: নিষেচনৰ পিছত পৰ্যায়ত, ডিম্বকৰ যৌগজ কোষটো এটেলেটলীয়া হৈ কেইবাবাৰো বিভাজন ঘটে (Embryo) ৰ সৃষ্টি হয়। ইয়াৰ লগে লগে গৰ্ভাশয় ডিম্বকৰ সৈতে পৰিণত হয় আৰু ইয়াৰ পৰাই বীজ (Seed) লৈ পৰিবৰ্তিত হয়। সেইদৰে ইয়াৰ সমগ্ৰতালৈকে গৰ্ভাশয়টোও বৃত্তাকাৰে বৃদ্ধি আৰু বিকাশ ঘটি ফললৈ (Fruit) পৰিণত হয়।

1.12 মানুহৰ প্ৰজনন (Reproduction in Human Beings) — Page 138

পৃষ্ঠা নং: 138

কিশোৰ কাল (Adolescence): আমি আলোচনা কৰি আহিছোঁ যে বিভিন্ন প্ৰজাতিৰ প্ৰাণীসমূহৰ প্ৰজনন প্ৰক্ৰিয়া বিভিন্ন প্ৰকাৰৰ। এতিয়া আমি অতি কৌতূহলোদ্দীপক প্ৰজননৰ বিষয়ে আলোচনা কৰোঁ আহা— সেয়া হ’ল মানুহৰ প্ৰজনন। মানুহৰ প্ৰজনন যৌন প্ৰজনন পদ্ধতিৰে সংঘটিত হয়। এনে যৌন প্ৰজনন পদ্ধতিৰে সংঘটিত হয়। এতিয়া এটা অপাত দৃষ্টিত আপ্ৰাস্নিক যেন লাগা দিশবৰ পবা ইয়াক আৱৰ্ত কৰা হওঁক।
কিশোৰ কালৰ পৰিৱৰ্তন: আমি সকলোৱে জানো যে বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ দেহৰ পৰিৱৰ্তন ঘটে। আমাৰ শৰীৰৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে আমাৰ দেহৰ ওজনো বাঢ়ি যায় (কেতিয়াবা বেছিকৈয়ে)। শিশু অৱস্থাত আমাৰ গাখীৰৰ দাঁত (Milk Teeth) গঁজে আৰু ডাঙৰ হোৱাৰ লগে লগে সেই দাঁত সৰি যায়। দাঁত ওলোৱা, পৰিৱৰ্তনবোৰ দেহৰ সাধাৰণ বৃদ্ধিৰ ভিতৰত পৰে। কিন্তু কিশোৰ অৱস্থাত সামগ্ৰীভাৱে জীৱৰ পৰিৱৰ্তন হয় সেইবোৰ কেৱল ৈদৈহিক বৃদ্ধি বুলিয়া ধৰিব নোৱাৰি। বৰঞ্চ দেহৰ পৰিৱৰ্তনৰ লগতে, তাত্ত্বিকতা পৰিৱৰ্তনৰ ঘটে, নতুন চালিতিক বৈশিষ্ট্য দেখা দিয়ে, লগতে নতুন অনুভূতি জাগে।
কিশোৰ কালৰ লক্ষণ: কিশোৰ কালত ল’ৰা আৰু ছোৱালীৰ দূয়োৱে ক্ষেত্ৰত কিছুসংখ্যক এনেকুৱা পৰিৱৰ্তন দেখা যায়। এই সময়ত ছোৱালী কালত (Armpits) আৰু কুচিত (Thighs) ত, যৌনাংগৰ কাষত চুলি গজা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত এই অংশ কলা বৰণ হয়। ভৰি আৰু হাতত পতল নোম হোৱাৰ লগতে মুখমণ্ডলত পতল চুলি গঁজে। মুখৰ ছাল তেলতীয়া হয় আৰু ফলত এই অংশত ছালমাইনা (Pimples) উঠে। এই সময়ত আমি আমাৰ দেহৰ উপৰিও আন দেহৰ বিষয়ে নুতনৈক সচেতন আৰু সজাগ হ’বলৈ আৰম্ভ কৰোঁ।
ছোৱালীৰ পৰিৱৰ্তন: ইয়াৰোপৰি ল’ৰা আৰু ছোৱালীবিলাকৰ কিছুসংখ্যক বেলেগ বেলেগ পৰিৱৰ্তন দেখা পোৱা যায়। ছোৱালীবিলাকৰ স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰে আৰু স্তনাগ্ৰবৰ চালখন লাহে লাহে হয়। এই সময়ত ছোৱালীবিলাকৰ খুচুক্ৰ আৰম্ভ হয়। ইয়াৰ বিপৰীতে ল’ৰাবিলাকৰ মুখমণ্ডলত দাঢ়ি গজিবলৈ আৰম্ভ কৰে। মাতে (Voice) গলগলীয়া হোৱাৰ লগতে ভাঙি যায়। ইয়াৰোপৰি, লিংগাংগ দাঢ় হয় আৰু দিন বাঢ়ি যিৰোক্তোনা মুহূৰ্তত ধিয়ন হয়।
যৌন পূৰ্ণতা (Sexual Maturation): এই সকলোবিলাক পৰিৱৰ্তন লাহে লাহে সংঘটিত হয়, মাহ-বছৰৰ মুত। এতেকজন ব্যক্তিৰ ক্ষেত্ৰত এনে পৰিৱৰ্তন একে সময়ত বা নিৰ্দিষ্ট বয়সত নহবও পাৰে। কোনো ব্যক্তিৰ ক্ষেত্ৰত কিছু আগতীয়াকৈ আৰু কিছু ব্যক্তিৰ ক্ষেত্ৰত পলমকৈ আৰু লাহে লাহে গতিত হয়। কোনো এটা পৰিৱৰ্তন সম্পূৰ্ণৰূপে বা খৰতকীয়াকৈ সম্পন্ন নহয়। উদাহৰণস্বৰূপে, ল’ৰাবোৰৰ মুখমণ্ডলত দাঢ়ি প্ৰথম অৱস্থাত পতলীয়াকৈ গঁজ আৰু লাহে লাহে এনেকুৱা (Uniform) হয়গৈ। সকলো মানুহৰ ক্ষেত্ৰত এই সকলোবিলাক পৰিৱৰ্তন বেলেগ বেলেগ দেখা যায়। যেনেদৰে সকলো মানুহৰ নাকৰ আকৃতি আৰু আঙুলিৰ গঠন ভিন্ন হয়। বিভিন্ন জনৰ চুলিৰ গঠন, স্তন (Breasts), লিংগ (Penis) ৰ আৱৰণৰ আকৃতি আদি ভিন্ন হয়। এই সকলোবিলাক যৌন পূৰ্ণতা প্ৰাপ্তি (Sexual Maturation) বুলি বিভিন্ন দিশ।
প্ৰজননৰ বাবে প্ৰস্তুতি: এই নিদিষ্ট বয়সত দেহত যৌন পূৰ্ণতা প্ৰাপ্তি হয়। ইয়াৰ ফলত প্ৰজনন কাৰ্যৰ বাবে সঁজুলি সৃষ্টি হয়। প্ৰাণীসমূহৰ যৌন প্ৰজননৰ বাবে কিছুমান বিশেষ কোষ আৰু কলা সৃষ্টি কৰে। প্ৰাণীসমূহে যৌন প্ৰজননৰ বাবে কিছুমান জনন কোষ (Germ Cell) সৃষ্টি কৰে। মানুহৰ ক্ষেত্ৰত এইবোৰ বিশেষ কলাৰ বিশাখ হয়। এনেদৰে যেতিয়া এটা নিৰ্দিষ্ট প্ৰাণীৰ দেহৰ বিভিন্ন অংগ বৃদ্ধি হৈ পূৰ্ণতা লাভ কৰে তেতিয়া ইয়াৰ দেহৰ সম্প্ৰসে পূৰ্ণ বিকাশৰ বাবে অনুমোদন যোগায়। এই প্ৰক্ৰিয়াটো যেতিয়া চালি থাকে তেতিয়া ইয়াৰ দ্বাৰা প্ৰজনন কলাৰ পূৰ্ণতা প্ৰাপ্তি হয়। এনেকৈ দেহৰ সাধাৰণ বৃদ্ধি প্ৰক্ৰিয়া যেতিয়া লাহে লাহে কাম আৰু তেওঁ প্ৰজনন কলাসমূহে পূৰ্ণতা লাভ কৰে। কিশোৰ কালত এই সময় চোৱাক বয়সকাল (Puberty) বোলা হয়।

1.13 পুং জনন তন্ত্ৰ (Male Reproductive System) — Page 139

পৃষ্ঠা নং: 139

পুং জনন তন্ত্ৰ: মানুহৰ পুংজনন তন্ত্ৰ একাধিক অংগৰ গঠিত (চিত্ৰ-8.10)। জনন কোষ সৃষ্টি কৰা অংগ আৰু জননকোষবোৰক নিয়ন্ত্ৰিত স্থানান্তৰ কৰিব পৰা অংগসমূহক লৈ পুংজনন তন্ত্ৰটো গঠিত হৈছে। শুক্ৰাশয়ত পুংজনন কোষ বা শুক্ৰাণু (Sperm) গঠন হয়। পুৰুষ মানুহৰ উদৰাংশৰ পশ্চাৎ ভাগত শুক্ৰাশয়বোৰ অবস্থিত।
অংগকাৰ্য
শুক্ৰাশয় (Testes)শুক্ৰাণু উৎপাদন কৰে আৰু টেষ্ট’ষ্টেৰন হৰম’ন নিঃসৰণ কৰে।
শুক্ৰবাহী নলী (Vas Deferens)শুক্ৰাণু কঢ়িয়াই নিয়ে।
শুক্ৰধাৰ (Seminal Vesicle)শুক্ৰাণুক পুষ্টি যোগান ধৰে।
প্ৰ’ষ্টেট গ্ৰন্থি (Prostate Gland)শুক্ৰাণুৰ গতি পথত সহায় কৰে।
মূত্ৰনলী (Urethra)শুক্ৰ আৰু মূত্ৰ বহন কৰে।

1.14 স্ত্ৰী জনন তন্ত্ৰ (Female Reproductive System) — Page 139

পৃষ্ঠা নং: 139

স্ত্ৰী জনন তন্ত্ৰ: স্ত্ৰীজননকোষ বা ডিম্বকোষ ডিম্বাশয় (Ovary) ত উৎপন্ন হয়। ইয়াৰ উপৰি ডিম্বাশয়বোৰৰ পৰা কিছুমান হৰম’ন নিঃসৰিত হয়। স্ত্ৰীজনন তন্ত্ৰটো স্ত্ৰীজনন নলী (Female Genital Tract) ৰ দ্বাৰা গঠিত।
অংগকাৰ্য
ডিম্বাশয় (Ovary)ডিম্বকোষ উৎপাদন কৰে আৰু ইষ্ট্ৰ’জেন হৰম’ন নিঃসৰণ কৰে।
ডিম্ববাহী নলী (Fallopian Tube)ডিম্বকোষ কঢ়িয়াই নিয়ে।
জৰায়ু (Uterus/Womb)ভ্ৰূণৰ বৃদ্ধি আৰু বিকাশ ঘটে।
যোনি (Vagina)শুক্ৰাণু গ্ৰহণ কৰে আৰু জন্মৰ পথ।

1.15 নিষেচন নহ’লে ডিম্বকোষটোৰ কি হয়? (What happens when the Egg is not Fertilized?) — Page 140

পৃষ্ঠা নং: 140

ঋতুস্ৰাৱ (Menstruation): নিষেচন নোহোৱা ডিম্ব কোষটো প্ৰায় এদিন জীৱিত অৱস্থাত থাকে। যেনেকৈ ডিম্বাশয়ে প্ৰতি মাহে এটাকৈ ডিম্বকোষ সৃষ্টি কৰে, তেনেদৰে গৰ্ভাশয়টোৱে প্ৰতি মাহে এটাকৈ নিষেচিত ডিম্ব পালন কৰিবলৈ নিজকে প্ৰস্তুত কৰি ৰাখে। সেয়ে ডিম্বাশয়ৰ অন্তঃআচ্ছাদক কোমল আৰু ডাঙি হয়। নিষেচনৰ পৰা জগ হ’লে ইয়াক এই আন্তঃআচ্ছাদকখেনে পোষণ যোগান ধৰাৰ প্ৰয়োজন হয়। যদি নিষেচন নহয় তেতিয়া আচ্ছাদকখন ভাঙি যায় আৰু ৰক্ত আৰু ক্ষ্মা হিচাবে যোনি পথেদি বাহিৰ হৈ যায়। প্ৰতি মাহে এইটো চক্ৰকাৰে চলি থাকে। ইয়াক ঋতুচক্ৰ (Menstruation Cycle) বোলে। এই প্ৰক্ৰিয়াটো 2-8 দিন পৰ্যন্ত চলি থাকে।

1.16 জনন স্বাস্থ্য (Reproductive Health) — Page 140

পৃষ্ঠা নং: 140

জনন স্বাস্থ্য (Reproductive Health): যৌন পূৰ্ণতা প্ৰাপ্তি হোৱাটো কোনো পৰিঘটনা নহয়। দেহৰ বৃদ্ধি আৰু বৰ্ধনৰ লগে লগে ই চলি থাকে। গতিকেই কিছু যৌন পূৰ্ণতা প্ৰাপ্তি হোৱাৰ অৰ্থ এইটো নহয় যে দেহ আৰু মন যৌন ক্ৰিয়াত লিপ্ত পৰাকৈ আৰু সন্তান জন্ম দিবৰ বাবে সৃষ্ট কাৰ্যক্ষম হৈ উঠিছে। দেহ আৰু মন সৃষ্ট কাৰ্যক্ষম হৈছেন নাই আমি কেনেকৈ জনম? এনে প্ৰস্নত আমাৰ সকলোৰে কিছুসংখ্যক হাঁচাৰ সম্মুখীন হব লগা হয়। আমি বিচাৰো বা নিবিচাৰো বিভিন্ন প্ৰকাৰৰ কাৰ্যকলাপত লিপ্ত হবলৈ বাধ্যবৰ্গ পৰা হৈছোঁ আহোঁ। কেতিয়াবা পৰিয়ালৰ পৰা বিয়া কৰাবৰ বাবে বা সন্তানৰ বাবে হেঁচা প্ৰয়োগ কৰা দেখা যায়।
যৌন ৰোগ (Sexual Diseases): আমি এই ক্ষেত্ৰত সম্ভাৱ যৌন স্বাস্থ্য সম্পৰ্কে কিছু বিচৰণ কৰিব লাগিব। আমি নৰম শ্ৰেণীত পঢ়ি আহিছোঁ যে এজন ব্যক্তিৰ পৰা এজন ব্যক্তিৰ দেহলৈ লিঙ্গ দ্বাৰা ৰোগ বিয়পি পৰে। যৌন ক্ৰিয়া এটা অতি নিবিড় সুস্থকৰা প্ৰক্ৰিয়া আৰু সেই ক্ৰিয়াৰ যোগেদি বেছভাগ যৌন ৰোগ বিয়পি পৰে। এনেধৰণৰ যৌন ৰোগৰ ভিতৰত বেক্টেৰিয়াৰ দ্বাৰা আক্রমণ হোৱা ৰোগ যেনে— গনৰিয়া (Gonorrhoea) আৰু চিফিলিছ (Syphilis) আদি। ভাইৰাছবোৰৰ হব পৰা ৰোগ যেনে— HIV-AIDS। এনেধৰণৰ ৰোগবোৰৰ যৌন ক্ৰিয়াৰ সহায়ত সংক্ৰমণ ৰোধ কৰিব পাৰিবনে? গৰ্ভনিৰোধক সামগ্ৰী যেনে কণ্ডম (Condom) পুংজনন অংগত (Penis)ত পিন্ধি ললে যৌন ক্ৰিয়াৰ সময়ত সংক্ৰমিত হোৱা ৰোগক ৰোধ কৰিব পাৰি।
গৰ্ভনিৰোধ (Contraception): যৌন ক্ৰিয়াৰ দ্বাৰা গৰ্ভধাৰণ হয়। এগৰাকী মহিলাৰ গৰ্ভধাৰণ সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে তেওঁৰ ৈদিহক আৰু মানসিক অৱস্থাৰ ওপৰত। যদি মহিলা গৰাকী গৰ্ভধাৰণৰ বাবে প্ৰস্তুত নাথাকে তেতিয়া তেওঁৰ স্বাস্থ্য যথেষ্ট ক্ষতি হব। বিভিন্ন কৌশল অৱলম্বন কৰি গৰ্ভধাৰণ বাধা দিব পাৰি। ইয়াৰ বাবে বেছভাগ গৰ্ভনিৰোধ (Contraceptive) পদ্ধতি আছে। এনে এবিধ গৰ্ভনিৰোধ পদ্ধতি হ’ল কৌশলিক প্ৰতিক্ৰম্বক (Mechanical Barrier) যি সহায়ত শুক্ৰাণুবোৰ ডিম্বাশয়লৈ গতি লমিন নোপোৱাকৈ বাধা কৰি ৰাখিব পাৰি। এই পদ্ধতিত পুংজনন অংগ (Penis) ত কণ্ডম পিন্ধি লোৱা হয়। স্ত্ৰী ব্যস্তিক ক্ষেত্ৰত তেনে ধৰণৰ আৱৰণী যোনি পথত সংস্থাপিত কৰা হয়। আন এবিধ গৰ্ভনিৰোধ পদ্ধতিত দেহত হৰম’নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডিম্বকোষৰ বন্ধ কৰা হয়। ইয়াৰ ফলত নিষেচন হব নোৱাৰে। এনে প্ৰক্ৰিয়াত সাধাৰণতে বৰ্তমান উৰ্ধ্বমুখী পিল (Pill) বা বাঢ়ি আকেৰে পোৱা যায়। এনেধৰণৰ উৰ্ধ্বমুখীবেৰ হৰম’ন নিয়ন্ত্ৰণ কৰি বন্ধে কিন্তু ইয়াৰ কিছুমান পাৰ্শ্বিক্ৰিয়া থাকে। ইয়াক অৰেল কন্টাচেপটিভ (Oral Contraceptive) বোলে। অন্য এবিধ গৰ্ভনিৰোধ পদ্ধতি হ’ল কপাৰ-টি (Copper-T)। ইয়াক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ বন্ধ কৰা হয়। আকৌ এইবিলাকে গৰ্ভাশয়ৰ প্ৰবাহ বাবে কিছুমান পাৰ্শ্বিক্ৰিয়া সৃষ্টি কৰিব পাৰে। পুৰুষ ব্যস্তিক শুক্ৰবাহী নলী বন্ধ কৰি শুক্ৰাণুবোৰ ডিম্বাশয়লৈ বন্ধ কৰি দিলে ডিম্ব নিষেচন হব নোৱাৰে। এনে কৰিলে স্ত্ৰী ব্যস্তিক ডিম্ববাহী নলী বন্ধ কৰি দিলে ডিম্ব গৰ্ভাশয়ত অবস্থান কৰিব নোৱাৰে। এই দুয়োটা পদ্ধতিত নিষেচন হব নোৱাৰে। বাধ্যাকৰণ (Surgical) পদ্ধতিত এনে ক্ৰিয়া সম্ভৱ হব। যদি বন্ধ্যাকৰণ পদ্ধতি চিকিৎসাৰ দ্বাৰাই কৰা নহয় তথাপি অপ্ৰেচাৰবাহ্যৰ দ্বাৰা নহ’ল ইয়াৰপৰা কিছুমান সংক্ৰমণ আৰু অন্যান্য সমস্যাৰ আশংকা থাকে। অপ্ৰেচাৰবাহ্য কেতিয়াবা কিছুমান মানুহে ইয়াক অপব্যৱহাৰ কৰা দেখা যায়। যেনে কোনো কন্যা স্ৰষ্ঠা বংশ কৰা। ই এক অপব্যৱহাৰ। সুস্থ সমাজৰ বাবে কন্যা সন্তান আৰু লৰা সন্তানৰ অনুপাত তাত থকাটো প্ৰয়োজন। জন্মৰ আগতে লিঙ্গ নিৰ্ণয় প্ৰক্ৰিয়াটো আইনৰ দ্বাৰা নিষিদ্ধ কৰা হৈছে যিদও বিৰেচনাইধীভাৱে কন্যাণ্ড স্ৰষ্ঠা কৰা বাবে আমাৰ সমাজত কিছুমান ঠাইত কন্যা সন্তানৰ অনুপাত কমি আহিছে।

2. পাঠ্যপুথিৰ ভিতৰৰ প্ৰশ্নোত্তৰ (In-Text Questions)

Page 132 — প্ৰশ্নাৱলী

পৃষ্ঠা নং: 132

প্ৰশ্ন ১: প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৰম্ভণি ক’ত?
উত্তৰ: প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপি কোষকেন্দ্ৰত আৰম্ভ হয়। কোষ বিভাজনৰ আগতে DNA অণুৱে নিজৰ নকল সৃষ্টি কৰে।
প্ৰশ্ন ২: প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয়?
উত্তৰ: প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কাৰণ পৰিৱেশৰ পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ ভিন্নতাই সহায় কৰে। কিন্তু একক জীৱৰ কাৰণে ভিন্নতা গুৰুত্বপূৰ্ণ নহয় কাৰণ এটা জীৱৰ জীৱনকালত ভিন্নতাই তাক বিশেষ সুবিধা নিদিয়ে।

Page 138 — প্ৰশ্নাৱলী

পৃষ্ঠা নং: 138

প্ৰশ্ন ১: নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কি?
উত্তৰ:
নিষেচন (Fertilization)পৰাগযোগ (Pollination)
পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলনক নিষেচন বোলে।পুংকেশৰৰ পৰাগ ৰেণু গৰ্ভমুণ্ডত পৰিলে তাক পৰাগযোগ বোলে।
ই নিষেচনৰ পিছৰ পৰ্যায়।ই নিষেচনৰ আগৰ পৰ্যায়।
ই গৰ্ভাশয়ত সংঘটিত হয়।ই ফুলৰ গৰ্ভমুণ্ডত সংঘটিত হয়।
প্ৰশ্ন ২: শুক্ৰাশয় আৰু প্ৰ’ষ্টেট গ্ৰন্থিৰ ভূমিকা কি?
উত্তৰ: শুক্ৰাশয়ে শুক্ৰাণু উৎপাদন কৰে আৰু টেষ্ট’ষ্টেৰন হৰম’ন নিঃসৰণ কৰে। প্ৰ’ষ্টেট গ্ৰন্থিয়ে শুক্ৰাণুক পুষ্টি যোগান ধৰে আৰু গতি পথত সহায় কৰে।
প্ৰশ্ন ৩: কিশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা যায়?
উত্তৰ: কিশোৰ কালত ছোৱালীৰ দেহত স্তন যুগলৰ আকাৰ বাঢ়ে, ঋতুস্ৰাৱ আৰম্ভ হয়, কুচিত আৰু যৌনাংগৰ কাষত চুলি গঁজে, মুখমণ্ডলত পতল চুলি গঁজে।
প্ৰশ্ন ৪: মাতৃদেহত জগটোৱে কেনেকৈ পুষ্টি লাভ কৰে?
উত্তৰ: মাতৃদেহত জগটোৱে প্লেচেণ্টা (Placenta) ৰ জৰিয়তে পুষ্টি লাভ কৰে। প্লেচেণ্টাৰ দ্বাৰা মাতৃদেহৰ তেজৰ যোগেদি জগটোৱে গ্লুক’জ আৰু অক্সিজেন লাভ কৰে।
প্ৰশ্ন ৫: যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper-T) ব্যৱহাৰ কৰে, তেন্তে ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিবোধী হ’বনে?
উত্তৰ: নহয়, কপাৰ-টি যৌন ৰোগ সঞ্চাৰণ প্ৰতিবোধী নহয়। কপাৰ-টি কেৱল গৰ্ভধাৰণ বাধা দিয়ে। যৌন ৰোগ প্ৰতিৰোধ কৰিবলৈ কণ্ডম ব্যৱহাৰ কৰিব লাগে।

3. অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Exercise) — ALL 11 QUESTIONS

পৃষ্ঠা নং: 141-142

প্ৰশ্ন ১: অযৌন প্ৰজননৰ মুকুলোদগম সংঘটিত হয়— (ক) এমিবাত (খ) ইষ্ট (গ) প্লাজম’ডিয়ামত (ঘ) লেইচমেনিয়াত
উত্তৰ: (খ) ইষ্ট
ব্যাখ্যা: ইষ্ট (Yeast) এবিধ এককোষী ছত্ৰক যিয়ে মুকুলোদগম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে।
প্ৰশ্ন ২: তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়? (ক) ডিম্বাশয় (খ) জৰায়ু (গ) শুক্ৰবাহী নলী (ঘ) ফেল’পিয়ান নলী
উত্তৰ: (গ) শুক্ৰবাহী নলী
ব্যাখ্যা: শুক্ৰবাহী নলী পুংজনন তন্ত্ৰৰ অংগ। ডিম্বাশয়, জৰায়ু আৰু ফেল’পিয়ান নলী স্ত্ৰীজনন তন্ত্ৰৰ অংগ।
প্ৰশ্ন ৩: পৰাগধানীত পোৱা হয়— (ক) বৃত্তপাত (খ) ডিম্বক (গ) স্ত্ৰীকেশৰ (ঘ) পৰাগ ৰেণু
উত্তৰ: (ঘ) পৰাগ ৰেণু
ব্যাখ্যা: পৰাগধানীত পৰাগ ৰেণু উৎপন্ন হয়।
প্ৰশ্ন ৪: অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি?
উত্তৰ: যৌন প্ৰজননৰ সুবিধাসমূহ হ’ল—
  • ই ভিন্নতা সৃষ্টি কৰে যিয়ে পৰিৱেশৰ পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ সহায় কৰে।
  • ই প্ৰজাতিৰ অস্তিত্ব ৰক্ষা কৰাত সহায় কৰে।
  • ই নতুন বৈশিষ্ট্যৰ সৃষ্টি কৰে।
প্ৰশ্ন ৫: মানুহৰ শুক্ৰাশয়বোৰে কি কি কাম কৰে?
উত্তৰ: মানুহৰ শুক্ৰাশয়ে দুটা কাম কৰে—
  • শুক্ৰাণু উৎপাদন কৰে।
  • টেষ্ট’ষ্টেৰন হৰম’ন নিঃসৰণ কৰে যিয়ে পুৰুষৰ যৌন বৈশিষ্ট্য নিয়ন্ত্ৰণ কৰে।
প্ৰশ্ন ৬: খাতুপৰা কিয় হয়?
উত্তৰ: খাতুপৰা (Pimples) কিশোৰ কালত হয় কাৰণ এই সময়ত ছালৰ তেল গ্ৰন্থিবোৰে বেছি তেল নিঃসৰণ কৰে। এই তেলে ছালৰ ৰন্ধ্ৰবোৰ বন্ধ কৰি দিয়ে আৰু বেক্টেৰিয়াৰ সংক্ৰমণ হয়। ফলত খাতুপৰা হয়।
প্ৰশ্ন ৭: দীঘলকৈ এপাহ ফুলৰ চিত্ৰ আঁকা চিত্ৰ অংশসমূহ চিহ্নিত কৰা।
উত্তৰ: (ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত থকা চিত্ৰ-8.7 চাওক)
প্ৰশ্ন ৮: বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি?
উত্তৰ: বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ হ’ল—
  • যান্ত্ৰিক প্ৰতিবন্ধক (Mechanical Barrier): কণ্ডম, ডায়াফ্ৰাম।
  • হৰম’ন পদ্ধতি: অৰেল কণ্টাচেপটিভ পিল।
  • ইন্ট্ৰা-ইউটেৰাইন ডিভাইচ (IUD): কপাৰ-টি।
  • বন্ধ্যাকৰণ (Surgical): পুৰুষৰ ভেছেক্টমী, মহিলাৰ টিউবেক্টমী।
প্ৰশ্ন ৯: এককোষী আৰু বহুকোষী জীৱৰ অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ কৌশলসমূহৰ ভিন্নতা কেনেধৰণৰ?
উত্তৰ: এককোষী জীৱই দ্বিখণ্ডন, বহুখণ্ডন, মুকুলোদগম আদি পদ্ধতিৰে অযৌন প্ৰজনন কৰে। আনহাতে বহুকোষী জীৱই বিভগন, পুনৰ্জীৱন, আংগিক বিস্তাৰণ আদি পদ্ধতিৰে অযৌন প্ৰজনন কৰে। যৌন প্ৰজননত এককোষী জীৱইও জনন কোষৰ সংযোগ ঘটায়।
প্ৰশ্ন ১০: প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?
উত্তৰ: প্ৰজনন প্ৰক্ৰিয়াই ভিন্নতা সৃষ্টি কৰে যিয়ে জীৱবোৰক পৰিৱেশৰ পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ সহায় কৰে। যিবোৰ জীৱৰ ভিন্নতা থাকে সেইবোৰে নতুন পৰিৱেশত জীয়াই থাকিব পাৰে আৰু বংশবৃদ্ধি কৰিব পাৰে। এইদৰে প্ৰজননে প্ৰজাতিৰ অস্তিত্ব ৰক্ষা কৰে।
প্ৰশ্ন ১১: গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?
উত্তৰ: গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণসমূহ হ’ল—
  • অবাঞ্ছিত গৰ্ভধাৰণ প্ৰতিৰোধ কৰিবলৈ।
  • জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ।
  • মাতৃৰ স্বাস্থ্য ৰক্ষা কৰিবলৈ।
  • যৌন ৰোগ প্ৰতিৰোধ কৰিবলৈ।

4. HSLC পৰীক্ষাৰ বাবে বিশেষ প্ৰশ্নোত্তৰ (অসম ব'ৰ্ড)

🎯 HSLC উচ্চ সম্ভাৱনীয় প্ৰশ্ন (অসম ব'ৰ্ডত সঘনাই অহা)
প্ৰশ্ন ১: অযৌন আৰু যৌন প্ৰজননৰ মাজত পাৰ্থক্য লিখা।
উত্তৰ:
অযৌন প্ৰজননযৌন প্ৰজনন
এটা জীৱই অংশগ্ৰহণ কৰে।দুটা জীৱই অংশগ্ৰহণ কৰে।
জনন কোষৰ সংযোগ নহয়।জনন কোষৰ সংযোগ হয়।
ভিন্নতা নাথাকে।ভিন্নতা থাকে।
উদাহৰণ: দ্বিখণ্ডন, মুকুলোদগম।উদাহৰণ: মানুহ, সপুষ্পক উদ্ভিদ।
প্ৰশ্ন ২: পৰাগযোগ আৰু নিষেচনৰ মাজত পাৰ্থক্য লিখা।
উত্তৰ: (ওপৰত Page 138 প্ৰশ্ন ১ চাওক)
প্ৰশ্ন ৩: মানুহৰ পুংজনন তন্ত্ৰৰ অংগসমূহৰ নাম লিখা।
উত্তৰ: শুক্ৰাশয়, শুক্ৰবাহী নলী, শুক্ৰধাৰ, প্ৰ’ষ্টেট গ্ৰন্থি, মূত্ৰনলী, লিংগ।
প্ৰশ্ন ৪: মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ অংগসমূহৰ নাম লিখা।
উত্তৰ: ডিম্বাশয়, ডিম্ববাহী নলী (ফেল’পিয়ান নলী), জৰায়ু, যোনি।
প্ৰশ্ন ৫: ঋতুস্ৰাৱ চক্ৰ কি?
উত্তৰ: নিষেচন নহ’লে গৰ্ভাশয়ৰ অন্তঃআচ্ছাদক ভাঙি যায় আৰু ৰক্ত আৰু ক্ষ্মা হিচাবে যোনি পথেদি বাহিৰ হৈ যায়। এই প্ৰক্ৰিয়াটো প্ৰতি মাহে চক্ৰকাৰে চলি থাকে। ইয়াক ঋতুস্ৰাৱ চক্ৰ বোলে।
প্ৰশ্ন ৬: জনন স্বাস্থ্য কি?
উত্তৰ: জনন স্বাস্থ্য হ’ল যৌন প্ৰজনন সম্পৰ্কে সচেতনতা আৰু সুস্থ যৌন জীৱন যাপন কৰা। ইয়াৰ ভিতৰত যৌন ৰোগ প্ৰতিৰোধ, গৰ্ভনিৰোধ, পৰিয়াল পৰিকল্পনা আদি অন্তৰ্ভুক্ত।
প্ৰশ্ন ৭: গৰ্ভনিৰোধৰ বিভিন্ন পদ্ধতিৰ নাম লিখা।
উত্তৰ: কণ্ডম, ডায়াফ্ৰাম, অৰেল কণ্টাচেপটিভ পিল, কপাৰ-টি, ভেছেক্টমী, টিউবেক্টমী।

5. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)

১। অযৌন প্ৰজননৰ মুকুলোদগম সংঘটিত হয়—

(A) এমিবাত (B) ইষ্ট (C) প্লাজম’ডিয়ামত (D) লেইচমেনিয়াত

উত্তৰ চাওক

উত্তৰ: (B) ইষ্ট — ইষ্টে মুকুলোদগম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে।

২। তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়?

(A) ডিম্বাশয় (B) জৰায়ু (C) শুক্ৰবাহী নলী (D) ফেল’পিয়ান নলী

উত্তৰ চাওক

উত্তৰ: (C) শুক্ৰবাহী নলী — শুক্ৰবাহী নলী পুংজনন তন্ত্ৰৰ অংগ।

৩। পৰাগধানীত পোৱা হয়—

(A) বৃত্তপাত (B) ডিম্বক (C) স্ত্ৰীকেশৰ (D) পৰাগ ৰেণু

উত্তৰ চাওক

উত্তৰ: (D) পৰাগ ৰেণু — পৰাগধানীত পৰাগ ৰেণু উৎপন্ন হয়।

৪। মানুহৰ শুক্ৰাণু উৎপাদন কৰা অংগটোৰ নাম কি?

(A) ডিম্বাশয় (B) শুক্ৰাশয় (C) জৰায়ু (D) প্ৰ’ষ্টেট গ্ৰন্থি

উত্তৰ চাওক

উত্তৰ: (B) শুক্ৰাশয় — শুক্ৰাশয়ে শুক্ৰাণু উৎপাদন কৰে।

৫। মানুহৰ ডিম্বকোষ উৎপাদন কৰা অংগটোৰ নাম কি?

(A) ডিম্বাশয় (B) জৰায়ু (C) যোনি (D) ফেল’পিয়ান নলী

উত্তৰ চাওক

উত্তৰ: (A) ডিম্বাশয় — ডিম্বাশয়ে ডিম্বকোষ উৎপাদন কৰে।

৬। নিষেচন ক’ত সংঘটিত হয়?

(A) যোনিত (B) ডিম্ববাহী নলীত (C) জৰায়ুত (D) ডিম্বাশয়ত

উত্তৰ চাওক

উত্তৰ: (B) ডিম্ববাহী নলীত — নিষেচন ডিম্ববাহী নলীত সংঘটিত হয়।

৭। কণ্ডম ব্যৱহাৰ কৰাৰ মুখ্য উদ্দেশ্য কি?

(A) যৌন ৰোগ প্ৰতিৰোধ (B) গৰ্ভধাৰণ প্ৰতিৰোধ (C) শক্তি বৃদ্ধি (D) কোনো কাৰণ নাই

উত্তৰ চাওক

উত্তৰ: (B) গৰ্ভধাৰণ প্ৰতিৰোধ — কণ্ডম গৰ্ভধাৰণ আৰু যৌন ৰোগ প্ৰতিৰোধ কৰে।

৮। প্লেচেণ্টাৰ কাৰ্য কি?

(A) শুক্ৰাণু উৎপাদন (B) ডিম্বকোষ উৎপাদন (C) ভ্ৰূণক পুষ্টি যোগান (D) হৰম’ন নিঃসৰণ

উত্তৰ চাওক

উত্তৰ: (C) ভ্ৰূণক পুষ্টি যোগান — প্লেচেণ্টাই ভ্ৰূণক পুষ্টি যোগায়।

৯। ঋতুস্ৰাৱ চক্ৰ কিমান দিন পৰ্যন্ত চলি থাকে?

(A) 1-2 দিন (B) 2-8 দিন (C) 10-15 দিন (D) 20-30 দিন

উত্তৰ চাওক

উত্তৰ: (B) 2-8 দিন — ঋতুস্ৰাৱ চক্ৰ 2-8 দিন পৰ্যন্ত চলি থাকে।

১০। কপাৰ-টি কি?

(A) এণ্টিবায়’টিক (B) গৰ্ভনিৰোধক (C) ভিটামিন (D) হৰম’ন

উত্তৰ চাওক

উত্তৰ: (B) গৰ্ভনিৰোধক — কপাৰ-টি এবিধ গৰ্ভনিৰোধক সঁজুলি।

6. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)

🧠 আপোনাৰ মগজুক প্ৰত্যাহ্বান জনাওক! (HSLC ৰ বাবে সমালোচনাত্মক চিন্তা)
প্ৰশ্ন ১: যদি কোনো জীৱই বংশবৃদ্ধি নকৰে, তেন্তে কি হ’ব?
উত্তৰ: যদি কোনো জীৱই বংশবৃদ্ধি নকৰে, তেন্তে সেই প্ৰজাতিৰ অস্তিত্ব লুপ্ত হ’ব। কাৰণ জীৱবোৰৰ জীৱনকাল সীমিত। বংশবৃদ্ধি নহ’লে সেই প্ৰজাতিৰ নতুন জীৱ সৃষ্টি নহ’ব আৰু কিছু সময়ৰ পিছত সেই প্ৰজাতিৰ সকলো জীৱ মৃত্যুবৰণ কৰিব।
প্ৰশ্ন ২: DNA প্ৰতিলিপিৰ সময়ত ভিন্নতাৰ সৃষ্টি কিয় হয়?
উত্তৰ: DNA প্ৰতিলিপিৰ সময়ত কিছুমান ৰাসায়নিক প্ৰতিক্ৰিয়াৰ ফলত সৰু সৰু ভুল বা পাৰ্থক্য দেখা দিয়ে। এই পাৰ্থক্যবোৰেই ভিন্নতাৰ সৃষ্টি কৰে। ইয়াৰ ফলত নতুন প্ৰজন্মৰ জীৱবোৰ পিতৃ-মাতৃৰ সৈতে হুবহু একে নহয়।
প্ৰশ্ন ৩: যৌন প্ৰজননত ভিন্নতা কিয় বেছি হয়?
উত্তৰ: যৌন প্ৰজননত দুটা পৃথক জীৱৰ জনন কোষৰ সংযোগ ঘটে। এই সংযোগত দুয়োটা জীৱৰ DNA মিলি যায়। ইয়াৰ ফলত নতুন জীৱটোত দুয়োটা জীৱৰ গুণ থাকে আৰু ভিন্নতা বেছি হয়।
প্ৰশ্ন ৪: গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাটো কিয় প্ৰয়োজন?
উত্তৰ: গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাটো প্ৰয়োজন কাৰণ—
  • অবাঞ্ছিত গৰ্ভধাৰণ প্ৰতিৰোধ কৰিবলৈ।
  • জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ।
  • মাতৃৰ স্বাস্থ্য ৰক্ষা কৰিবলৈ।
  • যৌন ৰোগ প্ৰতিৰোধ কৰিবলৈ।
প্ৰশ্ন ৫: উদ্ভিদৰ আংগিক বিস্তাৰণৰ সুবিধা কি?
উত্তৰ: উদ্ভিদৰ আংগিক বিস্তাৰণৰ সুবিধাসমূহ হ’ল—
  • বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদতকৈ আগতীয়াকৈ ফুল ফল ধৰে।
  • উৎপত্তি হোৱা উদ্ভিদবিলাক আনুবংশিকভাৱে একে হয়।
  • চিৰপ্ৰগত বৈশিষ্ট্যবিলাক ৈপতৃক পুৰুষৰ সৈতে একে হয়।

7. পৰীক্ষা-নিৰীক্ষাৰ প্ৰশ্নোত্তৰ (Activity Q&A)

Activity 8.1 — ইষ্টৰ মুকুলোদগম

প্ৰশ্ন: ইষ্টৰ মুকুলোদগম পৰীক্ষা কৰা।
উত্তৰ: 10 গ্ৰাম শৰ্কৰা 100 mL পানীত দ্ৰৱীভূত কৰা। সেই দ্ৰৱৰ পৰা 20 mL এটা পৰীক্ষানলীত লৈ তাত ইষ্টৰ দানা কিছুমান দিয়া। পৰীক্ষানলীৰ মুখখন কপাহেৰে ঠিলা মাৰি অলপ উষ্ণ ঠাইত থৈ দিয়া। 1 বা 2 ঘণ্টাৰ পাছত পৰীক্ষানলীত কৰণ কৰা ইষ্টৰ দ্ৰৱ এটোপাল এখন স্লাইডত লৈ তাৰ ওপৰত এখন কভাৰশ্লিপেৰে ঢাকি দিয়া। স্লাইডখন অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা।

Activity 8.2 — পাউকিটিৰ পৰ্যবেক্ষণ

প্ৰশ্ন: পাউকিটিৰ উপৰিভাগত উৎপন্ন হোৱা অংগবোৰ নিৰীক্ষণ কৰা।
উত্তৰ: পাউকিটি কিছুমান পানীত তিয়াই থোৱা, সেমেকা, আৰু আন্ধাৰ ঠাইত থৈ দিয়া। বিবিধ কাঁচ (Magnifying Lens) ৰ সহায়ত পাউকিটিৰ উপৰিভাগ নিৰীক্ষণ কৰা। এক সপ্তাহলৈকে এই নিৰীক্ষণ কৰি তথ্য লিপিবদ্ধ কৰা।

Activity 8.3 — এমিবাৰ দ্বিখণ্ডন

প্ৰশ্ন: এমিবাৰ দ্বিখণ্ডন পৰ্যবেক্ষণ কৰা।
উত্তৰ: এটা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এমিবাৰ এখন স্থায়ী স্লাইড নিৰীক্ষণ কৰা। একেদৰে এমিবাৰ দ্বিখণ্ডন হৈ থকা স্থায়ী স্লাইড নিৰীক্ষণ কৰা। এতিয়া দুয়োখন স্লাইডৰ নিৰীক্ষণৰ আলমত তুলনা কৰা।

Activity 8.4 — স্পিৰিল ছেলাইৰ বিভগন

প্ৰশ্ন: স্পিৰিল ছেলাইৰ বিভগন পৰ্যবেক্ষণ কৰা।
উত্তৰ: গাড়া সেউজীয়া আৰু চুলি সদৃশ গঠনৰ ছেলাইৰে পৰিপূৰ্ণ হৈ থকা পুখুৰী বা বিলৰ পৰা পানী সংগ্ৰহ কৰা। এডাল বা দুডাল তেনে চুলি সদৃশ ছেলাই এখন স্লাইডত লোৱা। তাত স্পিৰিলৰ দ্ৰৱ এটোপাল দি কভাৰশ্লিপেৰে ঢাকি দিয়া। স্লাইডখন অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা। এই স্পিৰিল ছেলাইব (Spirogyra) ৰ বিভিন্ন গঠনবিলাক চিনাক্ত কৰিব পাৰিবানে?

Activity 8.5 — আলুৰ গাঁঠিৰ পৰা নতুন উদ্ভিদ

প্ৰশ্ন: আলুৰ গাঁঠিৰ পৰা নতুন উদ্ভিদ সৃষ্টি পৰীক্ষা কৰা।
উত্তৰ: এটা আলু লৈ তাৰ উপৰিভাগ নিৰীক্ষণ কৰা। তাত কিবা গাঁঠি বা খাঁজ দেখা পাইছানে? আলুটো এনেদৰে কাটি টুকুৰা কৰা যাতে সেই টুকুৰাবিলাকৰ কিছুমানত তেনে গাঁঠি বা খাঁজ থাকে আৰু কিছুমানত সেইবোৰ নাথাকে। এখন খালত কপাহ লৈ পানীৰে সেমেকাই দিয়া। এতিয়া সেই আলুৰ টুকুৰাবিলাক কপাহৰ ওপৰত মেলি দিয়া। চাবা যাতে গাঁঠি বা খাঁজ থকা টুকুৰাবোৰো থাকে। কিছুমান দিনৰ বাবে এই আলুৰ টুকুৰাবোৰৰ কি কি পৰিৱৰ্তন হয় নেকি তাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যবেক্ষণ কৰি থাকিবা। চাবা যাতে কপাহবিলাক সদায় সেমেকি থাকে। কোনবিলাক টুকুৰাৰ পৰা নতুনকৈ সেউজীয়া পোখা আৰু শিপা ওলাইছে?

Activity 8.6 — মানি প্লাণ্টৰ পৰা নতুন উদ্ভিদ

প্ৰশ্ন: মানি প্লাণ্টৰ পৰা নতুন উদ্ভিদ সৃষ্টি পৰীক্ষা কৰা।
উত্তৰ: এখন শুন্দী লতাৰ উদ্ভিদ (Money Plant) এজোপা সাৱধানেৰে বাছি লোৱা। অৱশেষত একোখিলোকে পাত থকাকৈ কাটি টুকুৰা কৰা। দুখিলা পাতৰ মাজৰ অংশ (পাৰ) ৰ পৰা পাত নথকাকৈয়া কিছুমান টুকুৰা কৰা। এই দুয়োবিধ টুকুৰাৰ এটা মূৰ পানীত ডুবাই ৰাখি কিছুমান দিনলৈ পৰ্যবেক্ষণ কৰি থাকিবা। কোনোটোৰ পৰা নতুন পাতৰ উৎপত্তি হৈছে? এই পৰ্যবেক্ষণৰ পৰা তোমালোকে কি সিদ্ধান্ত ল’ব।

Activity 8.7 — বীজৰ অংকুৰণ

প্ৰশ্ন: বীজৰ অংকুৰণ পৰীক্ষা কৰা।
উত্তৰ: বুটমাহ অলপ লৈ গোটেই ৰাতিটো তিয়াই থোৱা। পিছ দিনাখন অতিৰিক্ত পানীখিনি পেলাই দি বুটমাহখিনি এখন তিতা কাপোৰৰে বেঢ়ি দি ৰাখি থোৱা। চাবা যাতে বুটমাহখিনি শুকাই নাযায়। বুটমাহখিনি সাৰধানেৰে ফলি বিভিন্ন অংশসমূহ নিৰীক্ষণ কৰা। তোমাৰ নিৰীক্ষণৰ লগত চিত্ৰ-8.9 ৰ সৈতে বিজাই সকলোবিলাক অংশ চিনাক্ত কৰিব পাৰিবানে?

মুঠ Activity: 7 টা

8. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক

🌍 বিজ্ঞানক জীৱনৰ সৈতে সংযোগ কৰা:
  • আংগিক বিস্তাৰণ: কুঁহিয়াৰ, গোলাপ, আম, কল, কমলা আদিৰ বংশবৃদ্ধিত ব্যৱহৃত।
  • কলাকৰণ: ৰোগমুক্ত উদ্ভিদ সৃষ্টি কৰিবলৈ ব্যৱহৃত।
  • কণ্ডম: গৰ্ভধাৰণ আৰু যৌন ৰোগ প্ৰতিৰোধ কৰে।
  • অৰেল পিল: গৰ্ভধাৰণ বাধা দিয়ে।
  • কপাৰ-টি: গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ বন্ধ কৰে।
  • ঋতুস্ৰাৱ: ছোৱালীৰ কিশোৰ কালত আৰম্ভ হয়।
  • প্লেচেণ্টা: মাতৃদেহত ভ্ৰূণক পুষ্টি যোগায়।

Comments

Popular posts from this blog

Class 9 Science Chapter 10 Question Answer in Assamese | মহাকৰ্ষণ (Gravitation)

# Class 9 Science: Chapter 10 - মহাকৰ্ষণ Class 9 Science: Chapter 10 - মহাকৰ্ষণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 মহাকৰ্ষণ (Gravitation) — Page 132-134 পৃষ্ঠা নং: 132-134 📌 ঐতিহাসিক পৃষ্ঠভূমি: আমি জানো যে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে। বস্তু এটা ওপৰলৈ দলিয়াই দিলে ই এক বিশেষ উচ্চতাত উপনীত হয় আৰু তাৰ পিছত তললৈ পৰিবলৈ ধৰে। প্ৰবাদ আছে যে, নিউটন এদিন গছৰ তলত বহি থকাত আপেল এটা সৰি তেওঁৰ গাত পৰিল। তললৈ পৰা আপেলটোৱে নিউটনক ভাবাই তুলিলে। তেওঁ ভাবিবলৈ ধৰিলে— পৃথিৱীয়ে যদি আপেলটো আকৰ্ষণ কৰিব পাৰে তেন্তে চন্দ্ৰক আকৰ্ষণ কৰিব নোৱাৰিবনে? দুয়োটা ক্ষেত্ৰত আকৰ্ষণী বল একেই হ'বনে? তেওঁ অনুমান কৰিলে যে এই দুয়োটা ক্ষেত্ৰত একে ধৰণৰ বলেই ক্ৰিয়া কৰে। 📖 মহাকৰ্ষণ (Gravitation): বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বলক মহাকৰ্ষণ বল বোলে। 📖 অভিকেন্দ্ৰিক বল (Centripetal Force): বৃত্তীয় পথত ঘূৰি থকা বস্তু এটাৰ ওপৰত কেন্দ্ৰৰ দিশত ক্ৰিয়াশীল বলক অভিকেন্দ্ৰিক বল বোল...

Class 10 Science Chapter 1 Question Answers, Notes in Assamese | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA/ASSEB

Class 10 Science: Chapter 1 - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: এই অধ্যায়ত আমি ৰাসায়নিক বিক্ৰিয়া চিনাক্ত কৰা, ৰাসায়নিক সমীকৰণ লিখা আৰু সন্তুলিত কৰা, পাঁচ প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া (সংযোজন, বিযোজন, অপসৰণ, দ্বিঅপসৰণ, আৰু ৰেডক্স), আৰু দৈনন্দিন জীৱনত জাৰণৰ প্ৰভাৱ (ক্ষয়ীভৱন আৰু কটুতা) সম্পৰ্কে শিকিম। 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Concept Notes) 1.1 ৰাসায়নিক বিক্ৰিয়া কি? ৰাসায়নিক বিক্ৰিয়াত মূল পদাৰ্থবোৰে (বিক্ৰিয়ক) ৰাসায়নিক পৰিৱৰ্তনৰ মাজেৰে নতুন গুণবিশিষ্ট নতুন পদাৰ্থ (বিক্ৰিয়াজাত পদাৰ্থ) সৃষ্টি কৰে। ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি কেনেকৈ জানিম? (পৰ্যবেক্ষণ) অৱস্থাৰ পৰিৱৰ্তন: যেনে, পানীৰ পৰা ভাপলৈ ৰূপান্তৰ। বৰ্ণ বা ৰং পৰিৱৰ্তন: যেনে, কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ডুবালে ৰঙচুৱা বাদামী হোৱা। গেছৰ নিৰ্গমন: যেনে, জিংকৰ সৈতে এচিডৰ বিক্ৰিয়াত বুদবুদ ওলোৱা। উষ্ণতাৰ পৰিৱৰ্তন: যেন...

Class 10 Science Chapter 16 Assamese Medium | প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer 2026

Class 10 Science: Chapter 16 - প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: আমি নৱম শ্ৰেণীত মাটি, বায়ু আৰু পানী আদি প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ বিভিন্ন উপাংশসমূহ প্ৰকৃতিয়ে কেনেকৈ চক্ৰাকাৰে সবৰবাহ কৰি থাকে তাৰ বিষয়ে শিকি আহিছোঁ। আমাৰ কিছুমান কাৰ্যকলাপৰ কাৰণে কেনেদৰে এই প্ৰাকৃতিক সম্পদবোৰৰ প্ৰদূষণ হয় সেই সম্পৰ্কেও আমি আগৰ পাঠত পঢ়িছোঁ। এই অধ্যায়ত প্ৰাকৃতিক সম্পদবিলাকৰ কিছুমানত বিশেষ মনোযোগ দি সেইবোৰৰ দ্বাৰা আমি কেনেকৈ পৰিৱেশ সংৰক্ষণ কৰিব পাৰোঁ, আৰু আমাৰ প্ৰাকৃতিক সম্পদ যেনে বনাঞ্চলসমূহ, বন্যপ্ৰাণী, পানী, কয়লা আৰু পেট্ৰ'লিয়াম আদিৰ বিষয়ে আলোচনা কৰিম। পৃষ্ঠা নং: 271 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে? (Why Do We Need to Manage Our Resources?) — Page 271-272 পৃষ্ঠা নং: 271-272 সম্পদৰ প্ৰয়োজনীয়তা: আমি আমাৰ সম্পদৰাজি কিয় সযতনে ব্যৱহাৰ কৰিব লাগে? কাৰণ এই সম্পদৰাজি অসীমিত নহয়। লগতে মানুহৰ জনস্বাস্থ্য উন্নতিৰ কাৰণে জনসং...