Skip to main content

Class 9 Science Chapter 5 Notes & Question Answer in Assamese | জীৱৰ মৌলিক একক (ASSEB / SEBA)

Class 9 Science: Chapter 5 - জীৱৰ মৌলিক একক ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 জীৱবিলাক কিহৰ গঠিত? (What are Living Organisms Made Up of?) — Page 58-60 পৃষ্ঠা নং: 58-60 📌 ঐতিহাসিক পৃষ্ঠভূমি: ৰবাৰ্ট হক এটুকুৰা কক (Cork) ৰ পাতল ছেদ পৰীক্ষা কৰি মৌমোহৰ নিচিনা কিছুমান কোঠালি দেখি পাইছিল। কক হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এিবধ উপাদান। সেইয়া আছিল 1665 খ্ৰীষ্টাব্দ। এটা দিন, দিনদুনীয়া ৰবাৰ্ট হক নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এই পৰ্যবেক্ষণবোৰ কৰিছিল। ৰবাৰ্ট হকে সেই কোঠালিবোৰক "Cell" বুলি আখ্যা দিছিল। লেটিনশব্দ— "Cell" ৰ অৰ্থ হ'ল সৰু সৰু কোঠালি। এই পৰ্যবেক্ষণটো দেখাত তাৎপৰ্যবিহীন যেন লাগিছিলও বিজ্ঞানইতিহাসতই এক গুৰুত্বপূৰ্ণ ঘটনা। এই পৰ্যবেক্ষণবোৰে জীৱৰ দেহ যে কিছুমান পৃথক পৃথক এককৰ দ্বাৰা গঠিত তাক কোনো এজনে পোন প্ৰথমে সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। সেই দিন ধৰি জীৱবিজ্ঞান বিষয়ত বৰ্তমানলৈকে তেনে একক বিলাকক "কোষ" বুলি অভিহিত কৰি অহা হৈছে। ...

Class 10 Science Chapter 15 Assamese Medium | আমাৰ পৰিবেশ Question Answer 2026

Class 10 Science: Chapter 15 - আমাৰ পৰিবেশ

ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ

📌 অধ্যায়ৰ পৰিচয়: আমি সকলোৱে "পৰিবেশ" (Environment) শব্দটোৰ বিষয়ে টেলিভিছন, বাতৰি কাকত আদিৰ পৰা তথা আমাৰ মাজৰ কিছুমানৰ মুখত প্ৰায়েই শুনি আহিছোঁ। আমাৰ জ্যেষ্ঠসকলে তোমালোকক নিশ্চয় কয় যে আগৰ পৰিবেশতকৈ আজিৰ পৰিবেশৰ যথেষ্ট পৰিবৰ্তন ঘটিছে। কিছুমানে হয়তো কয় যে আমি সকলোৱে সুস্থ পৰিবেশ বৰ্তাই ৰখাৰ বাবে কিছু কাম কৰা উচিত। এই অধ্যায়ত পৰিবেশৰ বিভিন্ন উপাদানবিলাকে পৰস্পৰৰ মাজত কেনেদৰে প্ৰভাৱিত কৰে লগতে আমি আমাৰ পৰিবেশৰ ওপৰত কেনেদৰে হেঁচা প্ৰয়োগ কৰি আহিছোঁ সেইবিলাকৰ বিষয়ে আলোচনা কৰা হ'ব।

পৃষ্ঠা নং: 257

1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)

1.1 আমি উৎপন্ন কৰা আৱৰ্জনা (What Happens When We Add Our Waste to the Environment?) — Page 257-258

পৃষ্ঠা নং: 257-258

জীৱ নিম্নিকৰণ পদাৰ্থ (Biodegradable Substances): যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয়, সেইবিলাক পদাৰ্থক জীৱ নিম্নিকৰণ পদাৰ্থ বোলা হয়। উদাহৰণ: পাকঘৰৰ পেলনীয়া খাদ্য, শাক-পাচলিৰ বাকলি, কাগজ, কাঠ আদি।
জীৱ অনিম্নিকৰণ পদাৰ্থ (Non-Biodegradable Substances): যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন নহয়, সেইবিলাক পদাৰ্থক জীৱ অনিম্নিকৰণ পদাৰ্থ বোলা হয়। উদাহৰণ: প্লাষ্টিক, পলিথিন, কাঁচ, DDT আদি।
জীৱ অনিম্নিকৰণ পদাৰ্থৰ প্ৰভাৱ: এইবিলাক পৰিবেশত দীৰ্ঘদিন ধৰি থাকি পৰিবেশৰ জীৱবিলাকৰ অপকাৰ কৰে। ইহঁতে মাটিৰ উৰ্বৰতা নষ্ট কৰে, পানী প্ৰদূষিত কৰে আৰু খাদ্য শৃংখলত প্ৰৱেশ কৰি মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰে।

1.2 পৰিস্থিতি তন্ত্ৰ (Ecosystem) — Page 258-259

পৃষ্ঠা নং: 258-259

পৰিস্থিতি তন্ত্ৰ (Ecosystem): কোনো এক অঞ্চল ব্যাপী সকলোবিলাক জীৱ আৰু পৰিবেশৰ আন অজৈৱিক উপাদানবিলাকৰ মাজত এনে ওতঃপ্ৰোতভাৱে সম্বন্ধ ৰক্ষা কৰি থকা অৱস্থাটোৰদ্বাৰাই পৰিবেশ তন্ত্ৰ গঠিত হয়।
পৰিস্থিতি তন্ত্ৰৰ উপাদান:
  • জৈৱিক উপাদান: উদ্ভিদ, প্ৰাণী, অনুজীৱ আৰু মানুহ।
  • অজৈৱিক উপাদান: উষ্ণতা, বৰষুণ, বতাহ, আবৰ্তি, মাটি আৰু খনিজ লৱণসমূহ।
কৃত্ৰিম পৰিস্থিতি তন্ত্ৰ (Artificial Ecosystem): বাগিচা, খেতিপথাৰ আদি হ'ল মানৱ সৃষ্ট (কৃত্ৰিম) পৰিস্থিতি তন্ত্ৰ।

1.3 খাদ্য শৃংখল আৰু জাল (Food Chains and Webs) — Page 259-261

পৃষ্ঠা নং: 259-261

খাদ্য শৃংখল (Food Chain): খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰক এটা পৌষ্টিক স্তৰ হিচাপে গণ্য কৰা হয়।
পৌষ্টিক স্তৰ (Trophic Levels):
  • উৎপাদক (Producers): স্বপোষী জীৱ বা উদ্ভিদসমূহ। ইহঁতে সৌৰশক্তিৰ পৰা খাদ্য প্ৰস্তুত কৰে।
  • প্ৰাথমিক উপভোক্তা (Primary Consumers): তৃণভোজী প্ৰাণী।
  • দ্বিতীয়ক উপভোক্তা (Secondary Consumers): মাংসভোজী প্ৰাণী।
  • তৃতীয়ক উপভোক্তা (Tertiary Consumers): উচ্চ শ্ৰেণীৰ মাংসভোজী প্ৰাণী।
খাদ্য জাল (Food Web): সাধাৰণতে এজোপা জীৱক দুই বা ততোধিক জীৱই ভক্ষণ কৰে আৰু সেইবিলাককো বেলেগ বেলেগ জীৱই ভক্ষণ কৰে। সেয়েহে, খাদ্য শৃংখলিবিলাক সৰলৰৈখিক হোৱাৰ পৰিৱৰ্তে জটিল শৃংখলতাৰ সম্বন্ধ শাখা বিন্যাসৰ দৰে হোৱা দেখা যায়। এনে শৃংখলক খাদ্য জাল বুলি কোৱা হয়।
শক্তিৰ প্ৰবাহ (Energy Flow): খাদ্য শৃংখলত শক্তিৰ প্ৰবাহ সদায় একমুখী দিশতহে হয়। স্বপোষী জীৱই সূৰ্যৰ পৰা আহৰণ কৰা শক্তিখিনি পুনৰ সূৰ্যলৈ উভতি যাব নোৱাৰে।
১০% সূত্ৰ: পৰিবেশৰ বিভিন্ন উপাংশৰ মাজত প্ৰবাহিত হোৱা শক্তিৰ ওপৰত ইতিমধ্যে পোৱা যায় যে প্ৰতি পৌষ্টিক স্তৰত শক্তিৰ ১০% পৰিবহিত হয়।

1.4 জৈৱিক বিবৰ্ধন (Biological Magnification) — Page 261

পৃষ্ঠা নং: 261

জৈৱিক বিবৰ্ধন (Biological Magnification): ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবিলাক খাদ্য শৃংখলত প্ৰৱেশ কৰাটোৱেই হ'ল প্ৰধান কাৰণ। যিহেতু এনে ৰাসায়নিক পদাৰ্থবিলাক ক্ষয়িষ্ণু নহয়, সেইবাবে এইবিলাকৰ অৱশিষ্টখিনি ক্ৰমাগতভাৱে খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত গোট খাই থাকে। যিকোনো খাদ্য শৃংখলত মানুহখিনি সদায় শীৰ্ষ স্থানত থাকে, সেইবাবে এনে ৰাসায়নিক পদাৰ্থবিলাক আমাৰ শৰীৰত আটাইতকৈ বেছি পৰিমাণে মজুত হয়। এই পৰিঘটনাটোক জৈৱিক বিবৰ্ধন বুলি কোৱা হয়।

1.5 অ'জন স্তৰ আৰু ইয়াৰ অৱক্ষয় (Ozone Layer and How It is Getting Depleted) — Page 262

পৃষ্ঠা নং: 262

অ'জন (Ozone - O₃): অ'জন (O₃) ৰ অণুতে অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত। "O₂" ক সাধাৰণতে অক্সিজেন বুলি কোৱা হয় আৰু ই সকলোবিলাক সবাত শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় পদাৰ্থ।
অ'জন স্তৰৰ কাৰ্য: এই অ'জন স্তৰে সূৰ্যৰ পৰা নিৰ্গত অতিবেঙুনীয়া (Ultraviolet - UV) ৰশ্মিৰপৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰি আহিছে। এই অতিবেঙুনীয়া ৰশ্মি জীৱৰ বাবে অতি ক্ষতিকাৰক।
অ'জন স্তৰৰ অৱক্ষয়: 1980 চনত বায়ুমণ্ডলত অ'জনৰ পৰিমাণ হ্ৰাস হোৱা বুলি ধৰা পৰিছিল। এনে দৰে হ্ৰাস পোৱাৰ বাবে শীতলীকৰণ যন্ত্ৰ আৰু অগ্নি নিৰ্বাপক যন্ত্ৰত বৱহাৰ কৰা ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন (Chlorofluorocarbon - CFC) দায়ী বুলি নিশ্চিত হৈছিল।
অ'জন স্তৰৰ সুৰক্ষা: 1987 চনত ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম (UNEP) ৰ দ্বাৰা এটি চুক্তি কৰিছিল যে 1986 ত যিমান পৰিমাণৰ CFC উৎপাদন কৰিছিল তাতোকৈ যাতে বেছি উৎপাদন নহয়।

1.6 আৱৰ্জনাৰ ব্যৱস্থাপনা (Waste Management) — Page 262-263

পৃষ্ঠা নং: 262-263

পেলনীয়া বস্তু (Disposable): আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ ভিতৰৰ এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া সামগ্ৰী বা ডিচপ'জেব'ল (Disposable) বিলাকে ভয়ংকৰ পাৰিবেশিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।
পুনঃব্যৱহাৰ (Reuse): এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া বস্তুৰ সলনি বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা বস্তু ব্যৱহাৰ কৰা উচিত।
পুনঃচক্ৰীয়কৰণ (Recycle): প্লাষ্টিক, কাগজ, কাঁচ, ধাতু আদিৰ দৰে পুনঃচক্ৰীয়কৰণ কৰিব পৰা আৱৰ্জনাবোৰ পৃথককৈ সংগ্ৰহ কৰি পুনঃচক্ৰীয়কৰণ উদ্যোগলৈ পঠোৱা উচিত।

2. পাঠ্যপুথিৰ ভিতৰৰ প্ৰশ্নোত্তৰ (In-Text Questions)

Page 257 — প্ৰশ্নাৱলী

পৃষ্ঠা নং: 257

প্ৰশ্ন ১: কিছুমান পদাৰ্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয়?
উত্তৰ: মানুহে দৈনন্দিন ব্যৱহাৰ কৰা বস্তুবিলাক সাধাৰণতে জৈৱিক আৰু অজৈৱিক হিচাপে বিভক্ত। ইয়াৰে কিছুমান পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয়। এইবোৰকে জীৱ নিম্নিকৰণ পদাৰ্থ বোলে। কিছুমান পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন নহয় বাবে এইবোৰক জীৱ অনিম্নিকৰণ পদাৰ্থ বোলে।
প্ৰশ্ন ২: জীৱ নিম্নিকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
উত্তৰ:
  • (a) জীৱ নিম্নিকৰণ পদাৰ্থবোৰৰ পাচনৰ ফলত এইবোৰৰ পৰা মাখি আদিয়ে বেমাৰৰ বীজাণু কঢ়িয়াই আৰু খাদ্যবস্তুৰ যোগেদি মানুহৰ শৰীৰলৈ গৈ বাহকজনিত ৰোগ বিয়পায়।
  • (b) এই পদাৰ্থবোৰৰ পচনৰ ফলত অসহ্যকৰ গেছ উৎপন্ন হয় আৰু ফলত বায়ু প্ৰদূষণ হয়।
প্ৰশ্ন ৩: জীৱ অনিম্নিকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
উত্তৰ:
  • (a) কিছুমান জীৱ অনিম্নিকৰণ পদাৰ্থই মানুহৰ খাদ্য শৃংখলত সোমাই মানুহৰ স্বাস্থ্যৰ অবনতি ঘটায়।
  • (b) এই পদাৰ্থবোৰে মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা নষ্ট কৰে। এই পদাৰ্থবোৰে অসহ্যকৰ গেছ নিৰ্গমন কৰি বায়ু প্ৰদূষিত কৰে।

Page 261 — প্ৰশ্নাৱলী

পৃষ্ঠা নং: 261

প্ৰশ্ন ১: পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।
উত্তৰ: এক নিৰ্দিষ্ট সংখ্যক প্ৰাণীৰ মাজত খাদ্য প্ৰবাহেই খাদ্য শৃংখল। ইয়াত খাদ্যৰ পৰিবহণ বিভিন্ন স্তৰত সংঘটিত হয়। এই স্তৰবোৰক পৌষ্টিক স্তৰ বোলে।
উদাহৰণস্বৰূপে ঘাঁহনি এডৰা লোৱা হ'ল—
ঘাঁহনি → পোক-পৰুৱা → মাছ → চৰাই
এই শৃংখলটোত ঘাঁহ উৎপাদক হোৱা বাবে ইয়াক প্ৰথম স্তৰত ৰখা হৈছে। মাছ পতংগভোজী হোৱা বাবে ইয়াক তৃতীয় স্তৰত ৰখা হৈছে আৰু চৰাই হ'ল উচ্চ স্তৰৰ মাংসভোজী সেইবাবে ইয়াক চতুৰ্থ স্তৰত ৰখা হৈছে।
প্ৰশ্ন ২: পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি?
উত্তৰ: বিয়োজকে অনুজীৱৰ জটিল জৈৱ পদাৰ্থবোৰক আৰু জীবিত প্ৰট'প্লাজমবোৰ সৰল অণুলৈ ভঙাত সহায় কৰে। এই অনুবোৰ মাটিৰ লগত মিহলি হৈ মাটিৰ গুণাগুণ বৃদ্ধি কৰে এইদৰে বিয়োজকে পৰিৱেশ বিশুদ্ধ কৰে।

Page 264 — প্ৰশ্নাৱলী

পৃষ্ঠা নং: 264

প্ৰশ্ন ১: অ'জন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰ: অ'জন হ'ল তিনিটা অক্সিজেন পৰমাণুৰে গঠিত গেছ। সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া সংঘটিত হৈ এই গেছৰ সৃষ্টি হয়।
পৰিস্থিতি তন্ত্ৰত ইয়াৰ প্ৰভাৱ:
  • (a) সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক ই পৃথিৱীত প্ৰৱেশত বাধা দিয়ে। এই বেঙুনীয়া ৰশ্মিয়ে মানুহৰ কৰ্কট ৰোগ সৃষ্টি কৰাৰ লগতে ৰোগৰ প্ৰতিৰোধ ক্ষমতা নোহোৱা কৰে।
  • (b) অ'জন স্তৰৰ অৱক্ষয়ে গোলকীয় উষ্ণতাৰ ওপৰত প্ৰভাৱ পেলায়।
প্ৰশ্ন ২: পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা।
উত্তৰ: তলত দিয়া পদ্ধতিৰ সহায়ত পেলনীয়া আৱৰ্জনৰ সমস্যা হ্ৰাস কৰিব পাৰি—
  • (a) জীৱ অনিম্নিকৰণ পদাৰ্থ যেনে—প্লাষ্টিক, পলিথিন আদিবোৰ য'তে ত'তে পেলাই নাৰাখি এইবোৰ জ্বলাই দিব লাগে।
  • (b) জীৱ নিম্নিকৰণ পদাৰ্থবোৰৰ পৰা প্ৰয়োজনীয় জৈৱ গেছ আহৰণৰ বাবে উপযোগী কৰি তোলা দৰকাৰ।

3. অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Exercise) — ALL 8 QUESTIONS

পৃষ্ঠা নং: 264-265

প্ৰশ্ন ১: তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদাৰ্থ আছে? (a) ঘাঁহ, ফুল আৰু চামৰা (b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক (c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস (d) পিঠা, কাঠ আৰু ঘাঁহ
উত্তৰ: (a), (c) আৰু (d) তিনিওটা বিকল্পতে কেৱল জীৱ নিম্নিকৰণ পদাৰ্থ আছে।
প্ৰশ্ন ২: তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? (a) ঘাঁহ, ঘেঁহু আৰু আম (b) ঘাঁহ, ছাগলী আৰু মানুহ (c) ছাগলী, গৰু আৰু হাতী (d) ঘাঁহ, মাছ আৰু ছাগলী
উত্তৰ: (b) ঘাঁহ, ছাগলী আৰু মানুহ
প্ৰশ্ন ৩: তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিৱেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত? (a) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস (b) অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস (c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস (d) ওপৰৰ আটাইকেইটা অভ্যাস।
উত্তৰ: (d) ওপৰৰ আটাইকেইটা অভ্যাস।
প্ৰশ্ন ৪: কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব?
উত্তৰ: যদি আমি এটা পৌষ্টিক স্তৰত সকলো জীৱক ধ্বংস কৰি পেলাও, তেন্তে পৰৱৰ্তী স্তৰলৈ খাদ্যৰ যোগান বন্ধ হৈ যাব, যাৰ ফলত পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যহীনতা হ'ব। ফলত উচ্চ পৰ্যায়ৰ জীৱ-জন্তুৰ মৃত্যু হ'ব, যাৰ ফলত নিম্ন পৌষ্টিক স্তৰৰ জীৱ-জন্তু অতিশয় বৃদ্ধি পাব। এই সকলোবোৰে পৰিৱেশ তন্ত্ৰৰ সামগ্ৰিক ভাৰসাম্যত প্ৰভাৱ পেলাব।
প্ৰশ্ন ৫: বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্ৰভাৱ পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱ আঁতৰাব পাৰিমনে?
উত্তৰ: একে প্ৰভাৱ পৰিব। উৎপাদক ধ্বংস কৰিলে তৃণভোজী প্ৰাণী জীয়াই থাকিব। তৃণভোজী ধ্বংস কৰিলে উৎপাদকৰ পৰিমাণ বাঢ়িব, ফলত মাংসভোজী প্ৰাণীৰ খাদ্যৰ অভাৱ হ'ব। মাংসভোজী ধ্বংস কৰিলে তৃণভোজীৰ পৰিমাণ বাঢ়ি যাব। পৰিস্থিতি তন্ত্ৰৰ যিকোনো এটা স্তৰৰ সকলোবিলাক জীৱ আঁতৰালে পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হ'ব।
প্ৰশ্ন ৬: জৈৱিক বিবৰ্ধক (Biological Magnification) বুলিলে কি বুজা? পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ'বনে?
উত্তৰ: জীৱ অনিম্নিকৰণ ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰে ক্ৰমান্বয়ে খাদ্য শৃংখলৰ বিভিন্ন স্তৰৰ গাঢ়তা বঢ়োৱাকে জৈবিক বিবৰ্ধক বোলা হয়। এই ৰাসায়নিক পদাৰ্থবোৰৰ গাঢ়তা বেলেগ বেলেগ পুষ্টি স্তৰত বেলেগ বেলেগ হয়। প্ৰথম স্তৰত ইয়াৰ গাঢ়তা একেবাৰে কম আৰু শেষৰ স্তৰত ইয়াৰ গাঢ়তা বেছি হয়।
প্ৰশ্ন ৭: আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হ'ব পাৰে?
উত্তৰ: আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা তলত দিয়া সমস্যাবোৰ সৃষ্টি হ'ব পাৰে—
  • (a) এইবোৰে মাটিৰ গুণাগুণ বিনষ্ট কৰে।
  • (b) পৰিস্থিতিত ভাৰসাম্য বিনষ্ট কৰে।
  • (c) পৰিৱেশ প্ৰদূষিত কৰে।
প্ৰশ্ন ৮: আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদাৰ্থ হয় তেনেহ'লে পৰিৱেশৰ ওপৰত একো প্ৰভাৱ নপৰাকৈ থাকিবনে?
উত্তৰ: আমি সৃষ্টি কৰা সকলোবিলাক পদাৰ্থ যদি জীৱ নিম্নিকৰণ পদাৰ্থ হয় তেন্তে এইবোৰে পৰিৱেশৰ ওপৰত খুব কম সময়ৰ বাবে প্ৰভাৱ পেলাব। অণুজীৱৰ ক্ৰিয়া ধীৰ গতিত হোৱা বাবে সামান্য পৰিমাণে, বায়ু আৰু পানী প্ৰদূষিত কৰিব যদিও এই প্ৰদূষণ দীৰ্ঘকালীন নহয়।

4. HSLC পৰীক্ষাৰ বাবে বিশেষ প্ৰশ্নোত্তৰ (অসম ব'ৰ্ড)

🎯 HSLC উচ্চ সম্ভাৱনীয় প্ৰশ্ন (অসম ব'ৰ্ডত সঘনাই অহা)
প্ৰশ্ন ১: জীৱ নিম্নিকৰণ পদাৰ্থ কি?
উত্তৰ: যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয়, সেইবিলাক পদাৰ্থক জীৱ নিম্নিকৰণ পদাৰ্থ বোলা হয়।
প্ৰশ্ন ২: জীৱ অনিম্নিকৰণ পদাৰ্থ কি?
উত্তৰ: যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন নহয়, সেইবিলাক পদাৰ্থক জীৱ অনিম্নিকৰণ পদাৰ্থ বোলা হয়।
প্ৰশ্ন ৩: পৌষ্টিক স্তৰ কি?
উত্তৰ: এক নিৰ্দিষ্ট সংখ্যক প্ৰাণীৰ মাজত খাদ্য প্ৰবাহেই খাদ্য শৃংখল। ইয়াত খাদ্যৰ পৰিবহণ বিভিন্ন স্তৰত সংঘটিত হয়। এই স্তৰবোৰক পৌষ্টিক স্তৰ বোলে।
প্ৰশ্ন ৪: খাদ্য জাল কি?
উত্তৰ: সাধাৰণতে এজোপা জীৱক দুই বা ততোধিক জীৱই ভক্ষণ কৰে আৰু সেইবিলাককো বেলেগ বেলেগ জীৱই ভক্ষণ কৰে। সেয়েহে, খাদ্য শৃংখলিবিলাক সৰলৰৈখিক হোৱাৰ পৰিৱৰ্তে জটিল শৃংখলতাৰ সম্বন্ধ শাখা বিন্যাসৰ দৰে হোৱা দেখা যায়। এনে শৃংখলক খাদ্য জাল বুলি কোৱা হয়।
প্ৰশ্ন ৫: অ'জন স্তৰৰ কাৰ্য কি?
উত্তৰ: অ'জন স্তৰে সূৰ্যৰ পৰা অহা ক্ষতিকাৰক অতি-বেঙুনীয়া (UV) ৰশ্মিক পৃথিৱীপৃষ্ঠত পৰাত বাধা দি এক সুৰক্ষামূলক আৱৰণ হিচাপে কাম কৰে।
প্ৰশ্ন ৬: জৈৱিক বিবৰ্ধন কি?
উত্তৰ: খাদ্য শৃংখলৰ জৰিয়তে জীৱ অনিম্নিকৰণ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ (যেনে কীটনাশক) প্ৰতিটো পৌষ্টিক স্তৰত ক্ৰমান্বয়ে অধিক গাঢ় হৈ যোৱা পৰিঘটনাটোক জৈৱিক বিবৰ্ধন বোলা হয়।
প্ৰশ্ন ৭: জীৱ অনিম্নিকৰণ পদাৰ্থই পৰিৱেশত পেলাব পৰা প্ৰভাৱ লিখা।
উত্তৰ:
  • (a) এই পদাৰ্থবোৰে মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা নষ্ট কৰে।
  • (b) এই পদাৰ্থবোৰে অসহ্যকৰ গেছ নিৰ্গমন কৰি বায়ু প্ৰদূষিত কৰে।
  • (c) এই পদাৰ্থবোৰে পানী প্ৰদূষিত কৰে।

5. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)

১। তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদাৰ্থ আছে?

(A) ঘাঁহ, ফুল আৰু চামৰা (B) ঘাঁহ, কাঠ আৰু প্লাষ্টিক (C) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস (D) পিঠা, কাঠ আৰু ঘাঁহ

উত্তৰ চাওক

উত্তৰ: (C) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস

২। তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?

(A) ঘাঁহ, ঘেঁহু আৰু আম (B) ঘাঁহ, ছাগলী আৰু মানুহ (C) ছাগলী, গৰু আৰু হাতী (D) ঘাঁহ, মাছ আৰু ছাগলী

উত্তৰ চাওক

উত্তৰ: (B) ঘাঁহ, ছাগলী আৰু মানুহ

৩। তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিৱেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত?

(A) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস (B) অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ বন্ধ কৰি ৰখা অভ্যাস (C) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস (D) ওপৰৰ আটাইকেইটা অভ্যাস

উত্তৰ চাওক

উত্তৰ: (D) ওপৰৰ আটাইকেইটা অভ্যাস

৪। অ'জন স্তৰে কি বাধা দিয়ে?

(A) অৱলোহিত ৰশ্মি (B) দৃশ্যমান পোহৰ (C) অতিবেঙুনীয়া ৰশ্মি (D) (A) আৰু (C) দুয়োটা

উত্তৰ চাওক

উত্তৰ: (C) অতিবেঙুনীয়া ৰশ্মি

৫। তলত কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয়?

(A) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা (B) পুৰণি ফটা কাপোৰ (C) প্লাষ্টিকৰ মোনা (D) পুৰণি বাতৰি কাকত

উত্তৰ চাওক

উত্তৰ: (C) প্লাষ্টিকৰ মোনা

৬। তলত দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া দ্ৰব্য?

(A) পলিথিনৰ মোনা (B) আমৰ বাকলি (C) ফালি যোৱা চামৰাৰ মোনা (D) প্লাষ্টিকৰ বটল

উত্তৰ চাওক

উত্তৰ: (B) আমৰ বাকলি

৭। বায়ুমণ্ডলৰ উচ্চ স্তৰত অ'জনে কি বাধা দিয়ে?

(A) অৱলোহিত (B) দৃশ্যমান পোহৰ (C) অতিবেঙুনীয়া ৰশ্মি (D) (A) আৰু (C) দুয়োটা

উত্তৰ চাওক

উত্তৰ: (C) অতিবেঙুনীয়া ৰশ্মি

৮। জৈৱিক বিবৰ্ধনত শীৰ্ষ স্তৰত কাৰ শৰীৰত ৰাসায়নিক পদাৰ্থৰ গাঢ়তা সৰ্বাধিক হয়?

(A) উৎপাদক (B) তৃণভোজী (C) মানুহ (D) মাংসভোজী

উত্তৰ চাওক

উত্তৰ: (C) মানুহ

৯। খাদ্য শৃংখলত শক্তিৰ প্ৰবাহ কেনেদৰে হয়?

(A) দ্বিমুখী (B) একমুখী (C) বৃত্তাকাৰ (D) কোনো নহয়

উত্তৰ চাওক

উত্তৰ: (B) একমুখী

১০। অ'জন স্তৰৰ অৱক্ষয়ৰ বাবে দায়ী কোনটো পদাৰ্থ?

(A) CO₂ (B) CFC (C) SO₂ (D) NO₂

উত্তৰ চাওক

উত্তৰ: (B) CFC — ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন।

6. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)

🧠 আপোনাৰ মগজুক প্ৰত্যাহ্বান জনাওক! (HSLC ৰ বাবে সমালোচনাত্মক চিন্তা)
প্ৰশ্ন ১: যদি খাদ্য শৃংখলৰ পৰা উৎপাদকবোৰ আঁতৰাই দিয়া হয়, তেন্তে কি হ'ব?
উত্তৰ: যদি খাদ্য শৃংখলৰ পৰা উৎপাদকবোৰ আঁতৰাই দিয়া হয়, তেন্তে গোটেই পৰিস্থিতি তন্ত্ৰটো ধ্বংস হৈ যাব। কাৰণ উৎপাদকবোৰেই হ'ল শক্তিৰ মূল উৎস। উৎপাদক নাথাকিলে তৃণভোজী প্ৰাণীবোৰৰ খাদ্যৰ অভাৱ হ'ব আৰু ফলত গোটেই খাদ্য শৃংখলটো ভাঙি পৰিব।
প্ৰশ্ন ২: জীৱ অনিম্নিকৰণ পদাৰ্থবোৰ কিয় পৰিৱেশৰ বাবে ক্ষতিকাৰক?
উত্তৰ: জীৱ অনিম্নিকৰণ পদাৰ্থবোৰ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন নহয়। সেয়েহে ইহঁত পৰিৱেশত দীৰ্ঘদিন ধৰি থাকি মাটি, পানী আৰু বায়ু প্ৰদূষিত কৰে। ইহঁত খাদ্য শৃংখলত প্ৰৱেশ কৰি জৈৱিক বিবৰ্ধনৰ সৃষ্টি কৰে।
প্ৰশ্ন ৩: অ'জন স্তৰ নাথাকিলে কি হ'লহেঁতেন?
উত্তৰ: অ'জন স্তৰ নাথাকিলে সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মি প্ৰত্যক্ষভাৱে পৃথিৱীত পৰিলহেঁতেন। ইয়াৰ ফলত মানুহৰ কৰ্কট ৰোগ, ছালৰ ৰোগ আৰু চকুৰ ৰোগ বৃদ্ধি পাইলহেঁতেন। উদ্ভিদ আৰু প্ৰাণীৰো ব্যাপক ক্ষতি হ'লহেঁতেন।
প্ৰশ্ন ৪: খাদ্য শৃংখলত কিয় ৩-৪ টাতকৈ বেছি পৌষ্টিক স্তৰ নাথাকে?
উত্তৰ: খাদ্য শৃংখলত প্ৰতিটো পৌষ্টিক স্তৰত শক্তিৰ ১০% হে পৰিবহিত হয়। বাকী ৯০% শক্তি তাপ হিচাপে অপচয় হয়। সেয়েহে প্ৰতিটো স্তৰত শক্তি কমি যায় আৰু ৩-৪ টাতকৈ বেছি পৌষ্টিক স্তৰ থাকিলে শক্তি ইমান কম হ'ব যে উচ্চ স্তৰৰ জীৱই জীয়াই থাকিব নোৱাৰে।
প্ৰশ্ন ৫: কীটনাশকবোৰ কিয় মানুহৰ শৰীৰত সৰ্বাধিক পৰিমাণে জমা হয়?
উত্তৰ: কীটনাশকবোৰ জীৱ অনিম্নিকৰণ পদাৰ্থ। ইহঁত খাদ্য শৃংখলত প্ৰৱেশ কৰি প্ৰতিটো পৌষ্টিক স্তৰত গাঢ়তৰ হয়। মানুহ খাদ্য শৃংখলৰ শীৰ্ষত থাকে। সেয়েহে জৈৱিক বিবৰ্ধনৰ ফলত মানুহৰ শৰীৰত সৰ্বাধিক পৰিমাণে জমা হয়।

7. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক

🌍 বিজ্ঞানক জীৱনৰ সৈতে সংযোগ কৰা:
  • প্লাষ্টিক: জীৱ অনিম্নিকৰণ পদাৰ্থ, পৰিৱেশত দীৰ্ঘদিন থাকে।
  • কাগজ: জীৱ নিম্নিকৰণ পদাৰ্থ, সহজে পচে।
  • CFC: অ'জন স্তৰৰ অৱক্ষয়ৰ বাবে দায়ী।
  • কীটনাশক: জৈৱিক বিবৰ্ধনৰ জৰিয়তে মানুহৰ শৰীৰত জমা হয়।
  • পুনঃব্যৱহাৰ: কাপোৰৰ মোনা ব্যৱহাৰ কৰি প্লাষ্টিকৰ ব্যৱহাৰ কমাব পাৰি।
  • খাদ্য শৃংখল: ঘাঁহ → ছাগলী → মানুহ।
  • অ'জন স্তৰ: অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে।
  • জৈৱ-গেছ: জীৱ নিম্নিকৰণ পদাৰ্থৰ পৰা উৎপাদন কৰিব পাৰি।

Comments

Popular posts from this blog

Class 9 Science Chapter 10 Question Answer in Assamese | মহাকৰ্ষণ (Gravitation)

# Class 9 Science: Chapter 10 - মহাকৰ্ষণ Class 9 Science: Chapter 10 - মহাকৰ্ষণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 মহাকৰ্ষণ (Gravitation) — Page 132-134 পৃষ্ঠা নং: 132-134 📌 ঐতিহাসিক পৃষ্ঠভূমি: আমি জানো যে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে। বস্তু এটা ওপৰলৈ দলিয়াই দিলে ই এক বিশেষ উচ্চতাত উপনীত হয় আৰু তাৰ পিছত তললৈ পৰিবলৈ ধৰে। প্ৰবাদ আছে যে, নিউটন এদিন গছৰ তলত বহি থকাত আপেল এটা সৰি তেওঁৰ গাত পৰিল। তললৈ পৰা আপেলটোৱে নিউটনক ভাবাই তুলিলে। তেওঁ ভাবিবলৈ ধৰিলে— পৃথিৱীয়ে যদি আপেলটো আকৰ্ষণ কৰিব পাৰে তেন্তে চন্দ্ৰক আকৰ্ষণ কৰিব নোৱাৰিবনে? দুয়োটা ক্ষেত্ৰত আকৰ্ষণী বল একেই হ'বনে? তেওঁ অনুমান কৰিলে যে এই দুয়োটা ক্ষেত্ৰত একে ধৰণৰ বলেই ক্ৰিয়া কৰে। 📖 মহাকৰ্ষণ (Gravitation): বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বলক মহাকৰ্ষণ বল বোলে। 📖 অভিকেন্দ্ৰিক বল (Centripetal Force): বৃত্তীয় পথত ঘূৰি থকা বস্তু এটাৰ ওপৰত কেন্দ্ৰৰ দিশত ক্ৰিয়াশীল বলক অভিকেন্দ্ৰিক বল বোল...

Class 10 Science Chapter 1 Question Answers, Notes in Assamese | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA/ASSEB

Class 10 Science: Chapter 1 - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: এই অধ্যায়ত আমি ৰাসায়নিক বিক্ৰিয়া চিনাক্ত কৰা, ৰাসায়নিক সমীকৰণ লিখা আৰু সন্তুলিত কৰা, পাঁচ প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া (সংযোজন, বিযোজন, অপসৰণ, দ্বিঅপসৰণ, আৰু ৰেডক্স), আৰু দৈনন্দিন জীৱনত জাৰণৰ প্ৰভাৱ (ক্ষয়ীভৱন আৰু কটুতা) সম্পৰ্কে শিকিম। 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Concept Notes) 1.1 ৰাসায়নিক বিক্ৰিয়া কি? ৰাসায়নিক বিক্ৰিয়াত মূল পদাৰ্থবোৰে (বিক্ৰিয়ক) ৰাসায়নিক পৰিৱৰ্তনৰ মাজেৰে নতুন গুণবিশিষ্ট নতুন পদাৰ্থ (বিক্ৰিয়াজাত পদাৰ্থ) সৃষ্টি কৰে। ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি কেনেকৈ জানিম? (পৰ্যবেক্ষণ) অৱস্থাৰ পৰিৱৰ্তন: যেনে, পানীৰ পৰা ভাপলৈ ৰূপান্তৰ। বৰ্ণ বা ৰং পৰিৱৰ্তন: যেনে, কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ডুবালে ৰঙচুৱা বাদামী হোৱা। গেছৰ নিৰ্গমন: যেনে, জিংকৰ সৈতে এচিডৰ বিক্ৰিয়াত বুদবুদ ওলোৱা। উষ্ণতাৰ পৰিৱৰ্তন: যেন...

Class 10 Science Chapter 16 Assamese Medium | প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer 2026

Class 10 Science: Chapter 16 - প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: আমি নৱম শ্ৰেণীত মাটি, বায়ু আৰু পানী আদি প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ বিভিন্ন উপাংশসমূহ প্ৰকৃতিয়ে কেনেকৈ চক্ৰাকাৰে সবৰবাহ কৰি থাকে তাৰ বিষয়ে শিকি আহিছোঁ। আমাৰ কিছুমান কাৰ্যকলাপৰ কাৰণে কেনেদৰে এই প্ৰাকৃতিক সম্পদবোৰৰ প্ৰদূষণ হয় সেই সম্পৰ্কেও আমি আগৰ পাঠত পঢ়িছোঁ। এই অধ্যায়ত প্ৰাকৃতিক সম্পদবিলাকৰ কিছুমানত বিশেষ মনোযোগ দি সেইবোৰৰ দ্বাৰা আমি কেনেকৈ পৰিৱেশ সংৰক্ষণ কৰিব পাৰোঁ, আৰু আমাৰ প্ৰাকৃতিক সম্পদ যেনে বনাঞ্চলসমূহ, বন্যপ্ৰাণী, পানী, কয়লা আৰু পেট্ৰ'লিয়াম আদিৰ বিষয়ে আলোচনা কৰিম। পৃষ্ঠা নং: 271 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে? (Why Do We Need to Manage Our Resources?) — Page 271-272 পৃষ্ঠা নং: 271-272 সম্পদৰ প্ৰয়োজনীয়তা: আমি আমাৰ সম্পদৰাজি কিয় সযতনে ব্যৱহাৰ কৰিব লাগে? কাৰণ এই সম্পদৰাজি অসীমিত নহয়। লগতে মানুহৰ জনস্বাস্থ্য উন্নতিৰ কাৰণে জনসং...