Skip to main content

Class 9 Science Chapter 5 Notes & Question Answer in Assamese | জীৱৰ মৌলিক একক (ASSEB / SEBA)

Class 9 Science: Chapter 5 - জীৱৰ মৌলিক একক ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 জীৱবিলাক কিহৰ গঠিত? (What are Living Organisms Made Up of?) — Page 58-60 পৃষ্ঠা নং: 58-60 📌 ঐতিহাসিক পৃষ্ঠভূমি: ৰবাৰ্ট হক এটুকুৰা কক (Cork) ৰ পাতল ছেদ পৰীক্ষা কৰি মৌমোহৰ নিচিনা কিছুমান কোঠালি দেখি পাইছিল। কক হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এিবধ উপাদান। সেইয়া আছিল 1665 খ্ৰীষ্টাব্দ। এটা দিন, দিনদুনীয়া ৰবাৰ্ট হক নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এই পৰ্যবেক্ষণবোৰ কৰিছিল। ৰবাৰ্ট হকে সেই কোঠালিবোৰক "Cell" বুলি আখ্যা দিছিল। লেটিনশব্দ— "Cell" ৰ অৰ্থ হ'ল সৰু সৰু কোঠালি। এই পৰ্যবেক্ষণটো দেখাত তাৎপৰ্যবিহীন যেন লাগিছিলও বিজ্ঞানইতিহাসতই এক গুৰুত্বপূৰ্ণ ঘটনা। এই পৰ্যবেক্ষণবোৰে জীৱৰ দেহ যে কিছুমান পৃথক পৃথক এককৰ দ্বাৰা গঠিত তাক কোনো এজনে পোন প্ৰথমে সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। সেই দিন ধৰি জীৱবিজ্ঞান বিষয়ত বৰ্তমানলৈকে তেনে একক বিলাকক "কোষ" বুলি অভিহিত কৰি অহা হৈছে। ...

এছিড ক্ষাৰক আৰু লৱণ Class 10 Science Chapter 2 Assamese Medium

Class 10 Science: Chapter 2 - এছিড, ক্ষাৰক আৰু লৱণ

ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ

📌 অধ্যায়ৰ পৰিচয়: আমাৰ দৈনন্দিন জীৱনত এছিড (Acid) আৰু ক্ষাৰক (Base) ৰ ব্যৱহাৰ অপৰিহাৰ্য। টেঙা আৰু তিতা সোৱাদৰ খাদ্যৰ সোৱাদৰ কাৰণ হ'ল ক্ৰমে এছিড আৰু ক্ষাৰক। যদি পৰিয়ালৰ কোনোবাই অতিভোজনৰ পিছত এচিডিটি (Acidity) ৰ সমস্যাত ভুগি থাকে, তেন্তে আমি বেকিং ছ'ডা (Baking Soda) ৰ দ্ৰৱ ব্যৱহাৰ কৰিব পাৰোঁ। কাৰণ বেকিং ছ'ডা এটা ক্ষাৰক, যি পেটৰ অতিৰিক্ত এছিডক প্ৰশমিত কৰে। এই অধ্যায়ত আমি এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম, ইটোৱে সিটোক কেনেকৈ প্ৰশমিত কৰে আৰু আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বহুতো ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিম।

1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)

1.1 এছিড-ক্ষাৰক সূচক (Indicators)

লিটমাছ (Litmus): লিটমাছ হ'ল এটা বেঙুনীয়া ৰঙৰ ৰঞ্জক, যি লাইকেন (Lichen) নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা হয়। এছিডত লিটমাছ ৰঙা হয় আৰু ক্ষাৰকত নীলা হয়। হালধি (Turmeric) আন এটা প্ৰাকৃতিক সূচক।

এছিড-ক্ষাৰক সূচক (Acid-Base Indicators): যিবোৰ পদাৰ্থই দ্ৰৱত এছিড বা ক্ষাৰকৰ উপস্থিতি সূচায়, সেইবোৰক এছিড-ক্ষাৰক সূচক বোলে। যেনে — লিটমাছ, হালধি, ৰঙা বন্ধাকবিৰ পাত, কিছুমান ফুলৰ ৰঙীন পাহি (Hydrangea, Petunia, Geranium) আদি।

সুগন্ধি সূচক (Olfactory Indicators): কিছুমান পদাৰ্থৰ গোন্ধ এছিড বা ক্ষাৰকীয় মাধ্যমত সলনি হয়। এইবোৰক সুগন্ধি সূচক বোলে। যেনে — পিঁয়াজ, ভেনিলা, লৱং তেল।

1.2 এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম

১. ধাতুৰ সৈতে বিক্ৰিয়া

ধাতুৱে এছিডৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ'জেন গেছ আৰু লৱণ উৎপন্ন কৰে।

Acid + Metal → Salt + Hydrogen gas
Zn(s) + H₂SO₄(aq) → ZnSO₄(aq) + H₂(g)
2NaOH(aq) + Zn(s) → Na₂ZnO₂(s) + H₂(g)

হাইড্ৰ'জেন গেছ পৰীক্ষা: নিৰ্গত গেছৰ ওচৰত জ্বলি থকা মমবাতি আনিলে 'ফট্ ফট্' শব্দ কৰি জ্বলি উঠে।

২. ধাতৱ কাৰ্বনেট আৰু হাইড্ৰ'জেনকাৰ্বনেটৰ এছিডৰ সৈতে বিক্ৰিয়া

Na₂CO₃(s) + 2HCl(aq) → 2NaCl(aq) + H₂O(l) + CO₂(g)
NaHCO₃(s) + HCl(aq) → NaCl(aq) + H₂O(l) + CO₂(g)
Ca(OH)₂(aq) + CO₂(g) → CaCO₃(s) + H₂O(l) [চূণপানী ঘোলা হয়]
CaCO₃(s) + H₂O(l) + CO₂(g) → Ca(HCO₃)₂(aq) [অতিৰিক্ত CO₂]

৩. এছিড আৰু ক্ষাৰকৰ পৰস্পৰ বিক্ৰিয়া (প্ৰশমন বিক্ৰিয়া)

এছিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। ইয়াক প্ৰশমন বিক্ৰিয়া (Neutralisation Reaction) বোলে।

NaOH(aq) + HCl(aq) → NaCl(aq) + H₂O(l)
Base + Acid → Salt + Water

৪. ধাতৱ অক্সাইডৰ এছিডৰ সৈতে বিক্ৰিয়া

CuO + 2HCl → CuCl₂ + H₂O
Metal oxide + Acid → Salt + Water

1.3 এছিড আৰু ক্ষাৰকৰ সাধাৰণ ধৰ্ম

সকলো এছিডে পানীত হাইড্ৰ'জেন আয়ন (H⁺) উৎপন্ন কৰে, যাৰ বাবে আম্লিক ধৰ্ম দেখুৱায়। সকলো ক্ষাৰকে পানীত হাইড্ৰ'ক্সাইড আয়ন (OH⁻) উৎপন্ন কৰে, যাৰ বাবে ক্ষাৰকীয় ধৰ্ম দেখুৱায়।

HCl + H₂O → H₃O⁺ + Cl⁻
NaOH(s) + H₂O → Na⁺(aq) + OH⁻(aq)

গুৰুত্বপূৰ্ণ কথা: শুকান HCl গেছে লিটমাছৰ ৰং সলনি নকৰে, কাৰণ পানীৰ অনুপস্থিতিত H⁺ আয়ন উৎপন্ন নহয়।

1.4 pH স্কেল আৰু দৈনন্দিন জীৱনত pH

pH স্কেল (pH Scale) ৰ সহায়ত এছিড বা ক্ষাৰকৰ শক্তি জোখা হয়। pH ০ ৰ পৰা ১৪ লৈকে থাকে। pH = ৭ মানে প্ৰশম। pH < ৭ আম্লিক, pH > ৭ ক্ষাৰকীয়।

পদাৰ্থpH মানপ্ৰকৃতি
গেষ্ট্ৰিক ৰস১.২তীব্ৰ আম্লিক
লেমন জুছ২.২আম্লিক
বিশুদ্ধ পানী, তেজ৭.৪প্ৰশম
মিল্ক অৱ মেগনেছিয়া১০ক্ষাৰকীয়
ছ'ডিয়াম হাইড্ৰ'ক্সাইড১৪তীব্ৰ ক্ষাৰকীয়

দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব:

  • মানুহৰ শৰীৰৰ pH ৭.০ ৰ পৰা ৭.৮ ৰ ভিতৰত থাকে।
  • বৰষুণৰ পানীৰ pH < ৫.৬ হ'লে এছিড বৰষুণ (Acid Rain) বোলে।
  • দাঁতৰ ক্ষয় pH < ৫.৫ হ'লে আৰম্ভ হয়।
  • মাটিৰ pH উদ্ভিদৰ বৃদ্ধিৰ বাবে উপযোগী হ'ব লাগে।

1.5 লৱণৰ বিষয়ে অধিক

লৱণ (Salt) হ'ল এছিড আৰু ক্ষাৰকৰ প্ৰশমন বিক্ৰিয়াৰ ফলত উৎপন্ন যৌগ।

লৱণpHব্যৱহৃত এছিডব্যৱহৃত ক্ষাৰক
NaCl৭ (প্ৰশম)HClNaOH
Na₂CO₃> ৭ (ক্ষাৰকীয়)H₂CO₃NaOH
CH₃COONa> ৭ (ক্ষাৰকীয়)CH₃COOHNaOH
NH₄Cl< ৭ (আম্লিক)HClNH₄OH

1.5.1 সাধাৰণ লৱণ — ৰাসায়নিক পদাৰ্থৰ কেঁচামাল

ছ'ডিয়াম ক্ল'ৰাইড (সাধাৰণ লৱণ) ৰ পৰা বহুতো ৰাসায়নিক পদাৰ্থ তৈয়াৰ কৰা হয়:

ছ'ডিয়াম হাইড্ৰ'ক্সাইড:

2NaCl(aq) + 2H₂O(l) → 2NaOH(aq) + Cl₂(g) + H₂(g)

এই প্ৰক্ৰিয়াক ক্ল'ৰ-ক্ষাৰ প্ৰক্ৰিয়া (Chlor-Alkali Process) বোলে।

ব্লিচিং পাউদাৰ:

2Ca(OH)₂ + 2Cl₂ → Ca(ClO)₂ + CaCl₂ + 2H₂O

ব্যৱহাৰ: কাপোৰ ধোৱা, কাগজ উদ্যোগ, পানী নিৰ্মলীকৰণ।

বেকিং ছ'ডা (NaHCO₃):

NaCl + H₂O + CO₂ + NH₃ → NH₄Cl + NaHCO₃
2NaHCO₃ →(তাপ)→ Na₂CO₃ + H₂O + CO₂

ব্যৱহাৰ: বেকিং পাউদাৰ, অম্লনাশক, অগ্নি নিৰ্বাপক যন্ত্ৰ।

কাপোৰ ধোৱা ছ'ডা (Na₂CO₃·10H₂O):

Na₂CO₃ + 10H₂O → Na₂CO₃·10H₂O

ব্যৱহাৰ: কাঁচ, চাবোন, কাগজ উদ্যোগ, পানীৰ স্থায়ী কঠিনতা দূৰ কৰা।

1.5.2 লৱণৰ স্ফটিক সঁচাকৈয়ে শুকান নে?

লৱণৰ স্ফটিকত স্ফটিকীকৰণৰ পানী (Water of Crystallisation) থাকে। যেনে — CuSO₄·5H₂O (নীলা), CaSO₄·2H₂O (জিপছাম)।

প্লাষ্টাৰ অৱ পেৰিছ:

CaSO₄·½H₂O + 1½H₂O → CaSO₄·2H₂O

ব্যৱহাৰ: ভঙা হাড় জোৰা লগোৱা, খেলনা, অলংকৰণ সামগ্ৰী।

2. পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (NCERT/ASSEB)

2.1 পাঠ্যপুথিৰ ভিতৰৰ প্ৰশ্ন (In-Text Questions)

পৃষ্ঠা ১৮

প্ৰশ্ন ১: তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এছিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা?
উত্তৰ: ৰঙা লিটমাছ কাগজ তিনিওটা পৰীক্ষানলৰ দ্ৰৱত ডুবাই পৰীক্ষা কৰা হ'ব। যিটো দ্ৰৱই ৰঙা লিটমাছক নীলা কৰিব, সেইটোৱেই ক্ষাৰকীয় দ্ৰৱ। এতিয়া নীলা হৈ পৰা লিটমাছ কাগজখন বাকী দুটা পৰীক্ষানলত পৰীক্ষা কৰা হ'ব। যিটো দ্ৰৱই এই নীলা লিটমাছক পুনৰ ৰঙা কৰিব, সেইটোৱেই এছিড দ্ৰৱ। যিটো দ্ৰৱত লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়, সেইটোৱেই পাতিত পানী।

পৃষ্ঠা ২২

প্ৰশ্ন ১: দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
উত্তৰ: দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে। এছিডে পিতল বা তামৰ দৰে ধাতুৰ সৈতে বিক্ৰিয়া কৰি ক্ষতিকাৰক লৱণ উৎপন্ন কৰে, যিয়ে খাদ্যক বিষাক্ত কৰি তুলিব পাৰে। সেয়েহে, খাদ্য বিষক্ৰিয়াৰ পৰা হাত সাৰিবলৈ এনে খাদ্যবস্তু পিতল বা তামৰ পাত্ৰত ৰখা নহয়।
প্ৰশ্ন ২: এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা?
উত্তৰ: এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰ'জেন গেছ (H₂) নিৰ্গত হয়। উদাহৰণ: Zn(s) + H₂SO₄(aq) → ZnSO₄(aq) + H₂(g)। পৰীক্ষা: নিৰ্গত হোৱা গেছটোৰ ওচৰলৈ এডাল জ্বলি থকা মমবাতি আনিলে গেছটো 'ফট্ ফট্' শব্দ কৰি জ্বলি উঠে, যিয়ে হাইড্ৰ'জেন গেছৰ উপস্থিতি প্ৰমাণ কৰে।
প্ৰশ্ন ৩: এটা ধাতৱ যৌগ A লঘু হাইড্ৰ'ক্ল'ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম'ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল'ৰাইড হ'লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।
উত্তৰ: যিহেতু উৎপন্ন হোৱা গেছটোৱে জ্বলি থকা মম নুমুৱায়, ই নিশ্চয় কাৰ্বন ডাই অক্সাইড (CO₂) গেছ। ধাতৱ যৌগ A হ'ল কেলছিয়াম কাৰ্বনেট (CaCO₃)। CaCO₃(s) + 2HCl(aq) → CaCl₂(aq) + H₂O(l) + CO₂(g)

পৃষ্ঠা ২৫

প্ৰশ্ন ১: জলীয় দ্ৰৱত HCl, HNO₃ ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলক'হল আৰু গ্লুক'জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়?
উত্তৰ: HCl আৰু HNO₃ পানীৰ দ্ৰৱত বিযোজিত হৈ হাইড্ৰ'জেন আয়ন (H⁺) উৎপন্ন কৰে, যাৰ বাবে ইহঁতে আম্লিক ধৰ্ম দেখুৱায়। আনহাতে, এলক'হল আৰু গ্লুক'জৰ দৰে যৌগবোৰে জলীয় দ্ৰৱত H⁺ আয়ন উৎপন্ন নকৰে, সেয়েহে ইহঁতে আম্লিক ধৰ্ম নেদেখুৱায়।
প্ৰশ্ন ২: এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে?
উত্তৰ: এছিডৰ জলীয় দ্ৰৱত মুক্ত আয়ন থাকে। এই মুক্ত আয়নবোৰৰ চলাচলৰ বাবেই এছিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে।
প্ৰশ্ন ৩: শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়?
উত্তৰ: শুকান HCl গেছে H⁺ আয়ন উৎপন্ন নকৰে। কেৱল জলীয় অৱস্থাতহে ই বিযোজিত হৈ H⁺ আয়ন দিয়ে। সেয়েহে, পানীৰ অনুপস্থিতিত শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে।
প্ৰশ্ন ৪: এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?
উত্তৰ: এছিড লঘু কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবৰ্জী। যদি পানী গাঢ় এছিডত যোগ কৰা হয়, তেন্তে উৎপন্ন হোৱা তাপে মিশ্ৰণটো ছিটিকা মাৰি বাহিৰলৈ উলিয়াই দিব পাৰে আৰু দুৰ্ঘটনা সংঘটিত কৰিব পাৰে। সেয়েহে, সদায় লাহে লাহে লৰাই লৰাই পানীত এছিড যোগ কৰা হয়।
প্ৰশ্ন ৫: এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ'নিয়াম আয়ন (H₃O⁺) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়?
উত্তৰ: এছিডৰ দ্ৰৱ এটা লঘু কৰিলে, প্ৰতি একক আয়তনত হাইড্ৰ'নিয়াম আয়ন (H₃O⁺) ৰ সংখ্যা কমি যায়। ফলত, হাইড্ৰ'নিয়াম আয়নৰ গাঢ়তা হ্ৰাস পায়।
প্ৰশ্ন ৬: ছ'ডিয়াম হাইড্ৰ'ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ'ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ'ব?
উত্তৰ: ছ'ডিয়াম হাইড্ৰ'ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে, প্ৰতি একক আয়তনত হাইড্ৰ'ক্সাইড আয়ন (OH⁻) ৰ সংখ্যা বৃদ্ধি পাব, যাৰ ফলত ইয়াৰ গাঢ়তাও বৃদ্ধি পাব।

পৃষ্ঠা ২৮

প্ৰশ্ন ১: তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে। দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8। কোনটো দ্ৰৱত হাইড্ৰ'জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?
উত্তৰ: যি দ্ৰৱৰ pH মান কম, তাত হাইড্ৰ'জেন আয়নৰ গাঢ়তা বেছি। সেয়েহে, দ্ৰৱ A ত হাইড্ৰ'জেন আয়নৰ গাঢ়তা বেছি। pH মান 7 তকৈ কম হোৱা বাবে দ্ৰৱ A আম্লিক আৰু pH মান 7 তকৈ বেছি হোৱা বাবে দ্ৰৱ B ক্ষাৰকীয়।
প্ৰশ্ন ২: দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H⁺(aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে?
উত্তৰ: H⁺(aq) আয়নৰ গাঢ়তাই দ্ৰৱ এটাৰ আম্লিকতা নিৰ্ধাৰণ কৰে। H⁺ আয়নৰ গাঢ়তা যিমানেই বেছি হয়, দ্ৰৱটো সিমানেই বেছি আম্লিক হয়।
প্ৰশ্ন ৩: ক্ষাৰকীয় দ্ৰৱত H⁺(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয়?
উত্তৰ: হয়, ক্ষাৰকীয় দ্ৰৱতো H⁺(aq) আয়ন থাকে। কিন্তু, সেই দ্ৰৱত H⁺ আয়নৰ তুলনাত হাইড্ৰ'ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা বহু বেছি হয়। OH⁻ আয়নৰ আধিক্যৰ বাবেই দ্ৰৱটোৱে ক্ষাৰকীয় ধৰ্ম দেখুৱায়।
প্ৰশ্ন ৪: মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্ৰ'ক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা?
উত্তৰ: যেতিয়া মাটিৰ আম্লিকতা বৃদ্ধি পায় (অৰ্থাৎ pH মান কমি যায়), তেতিয়া কৃষক এজনে ইয়াক প্ৰশমিত কৰিবলৈ পোৰা চূণ, শিথিলিত চূণ বা চকৰ দৰে ক্ষাৰকীয় পদাৰ্থ প্ৰয়োগ কৰে। এই পদাৰ্থবোৰে মাটিৰ অতিৰিক্ত এছিডক প্ৰশমিত কৰি মাটিৰ pH মান উদ্ভিদৰ বৃদ্ধিৰ বাবে উপযোগী কৰি তোলে।

পৃষ্ঠা ৩৩

প্ৰশ্ন ১: যৌগ CaOCl₂ ৰ সাধাৰণ নামটো কি?
উত্তৰ: ব্লিচিং পাউদাৰ (Bleaching Powder)।
প্ৰশ্ন ২: ক্ল'ৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।
উত্তৰ: শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰ'ক্সাইড [Ca(OH)₂]।
প্ৰশ্ন ৩: কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ'ডিয়াম যৌগটোৰ নাম লিখা।
উত্তৰ: কাপোৰ ধোৱা ছ'ডা বা ছ'ডিয়াম কাৰ্বনেট ডেকাডাইহাইড্ৰেট (Na₂CO₃·10H₂O)।
প্ৰশ্ন ৪: ছ'ডিয়াম হাইড্ৰ'জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া।
উত্তৰ: ছ'ডিয়াম হাইড্ৰ'জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ই বিযোজিত হৈ ছ'ডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। 2NaHCO₃(s) →(তাপ)→ Na₂CO₃(s) + H₂O(l) + CO₂(g)
প্ৰশ্ন ৫: প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।
উত্তৰ: CaSO₄·½H₂O + 1½H₂O → CaSO₄·2H₂O (প্লাষ্টাৰ অব পেৰিছ) + (পানী) → (জিপছাম)

2.2 অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হ'ব পাৰে — (a) 1 (b) 4 (c) 5 (d) 10
উত্তৰ: (d) 10
প্ৰশ্ন ২: এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে — (a) NaCl (b) HCl (c) LiCl (d) KCl
উত্তৰ: (b) HCl
প্ৰশ্ন ৩: NaOH দ্ৰৱ এটাৰ 10mL এ HCl দ্ৰৱ এটাৰ 8mL সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ পৰিমাণ হ'ব — (a) 4 mL (b) 8 mL (c) 12 mL (d) 16 mL
উত্তৰ: (d) 16 mL
প্ৰশ্ন ৪: অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? (a) এন্টিবায়টিক (b) বেদনানাশক (c) অম্লনাশক (d) বীজাণুবাৰক
উত্তৰ: (c) অম্লনাশক
প্ৰশ্ন ৫: সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া — (a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে। (b) লঘু হাইড্ৰ'ক্ল'ৰিক এছিডে মেগনেছিয়াম ফিতাৰে সৈতে বিক্ৰিয়া কৰে। (c) লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্ৰিয়া কৰে। (d) লঘু হাইড্ৰ'ক্ল'ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।
উত্তৰ:
(a) Zn(s) + H₂SO₄(aq) → ZnSO₄(aq) + H₂(g)
(b) Mg(s) + 2HCl(aq) → MgCl₂(aq) + H₂(g)
(c) 2Al(s) + 3H₂SO₄(aq) → Al₂(SO₄)₃(aq) + 3H₂(g)
(d) Fe(s) + 2HCl(aq) → FeCl₂(aq) + H₂(g)
প্ৰশ্ন ৬: এলক'হল আৰু গ্লুক'জৰ দৰে যৌগবোৰতো হাইড্ৰ'জেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্ৰেণীভূক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।
উত্তৰ: এলক'হল আৰু গ্লুক'জৰ দৰে যৌগবোৰে জলীয় দ্ৰৱত H⁺ আয়ন উৎপন্ন নকৰে, যি আম্লিক ধৰ্মৰ বাবে দায়ী। এটা বিকাৰত এলক'হল বা গ্লুক'জৰ দ্ৰৱ লৈ তাত দুটা গ্ৰেফাইটৰ দণ্ড ডুবাই এটা বাল্ব আৰু বেটাৰীৰ সৈতে সংযোগ কৰিলে বাল্বটো নজ্বলে। ইয়াৰ পৰা প্ৰমাণ হয় যে দ্ৰৱটোত কোনো মুক্ত আয়ন নাই, সেয়েহে ইহঁত আম্লিক নহয়।
প্ৰশ্ন ৭: পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?
উত্তৰ: পাতিত পানী বিশুদ্ধ হোৱাৰ বাবে ইয়াত কোনো মুক্ত আয়ন নাথাকে, সেয়ে ই বিদ্যুৎ পৰিবহন নকৰে। আনহাতে, বৰষুণৰ পানী বায়ুমণ্ডলৰ মাজেৰে আহোঁতে কাৰ্বন ডাই অক্সাইডৰ দৰে গেছৰ সৈতে মিহলি হৈ কাৰ্বনিক এছিডৰ দৰে দুৰ্বল এছিড গঠন কৰে, যি পানীত আয়ন উৎপন্ন কৰে। সেয়ে বৰষুণৰ পানীয়ে বিদ্যুৎ পৰিবহন কৰে।
প্ৰশ্ন ৮: পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?
উত্তৰ: পানীৰ অনুপস্থিতিত এছিডে H⁺ আয়ন উৎপন্ন কৰিব নোৱাৰে। সেয়েহে, এছিডে ইয়াৰ আম্লিক ধৰ্ম প্ৰদৰ্শন কৰিবলৈ পানীৰ উপস্থিতি অপৰিহাৰ্য।
প্ৰশ্ন ৯: পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ — (a) প্ৰশম (b) তীব্ৰ ক্ষাৰকীয় (c) তীব্ৰ আম্লিক (d) মৃদু আম্লিক (e) মৃদু ক্ষাৰকীয়? H⁺ আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰম লিখা।
উত্তৰ:
(a) প্ৰশম: দ্ৰৱ D (pH = 7)
(b) তীব্ৰ ক্ষাৰকীয়: দ্ৰৱ C (pH = 11)
(c) তীব্ৰ আম্লিক: দ্ৰৱ B (pH = 1)
(d) মৃদু আম্লিক: দ্ৰৱ A (pH = 4)
(e) মৃদু ক্ষাৰকীয়: দ্ৰৱ E (pH = 9)
H⁺ আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰম: C < E < D < A < B
প্ৰশ্ন ১০: পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিতা লোৱা হ'ল। পৰীক্ষানল A ত হাইড্ৰ'ক্ল'ৰিক এছিড (HCl) আৰু পৰীক্ষানল B ত এছেটিক এছিড যোগ কৰা হ'ল। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয়?
উত্তৰ: পৰীক্ষানল A ত অধিক বেগেৰে বুৰবুৰণি ওলাব। কাৰণ HCl এটা তীব্ৰ এছিড, যি সম্পূৰ্ণৰূপে বিযোজিত হৈ অধিক H⁺ আয়ন দিয়ে। আনহাতে, এছেটিক এছিড এটা মৃদু এছিড, যি আংশিকভাৱেহে বিযোজিত হয়। সেয়ে HCl ৰ বিক্ৰিয়াৰ হাৰ বেছি হ'ব।
প্ৰশ্ন ১১: কেঁচা গাখীৰৰ pH ৰ মান 6। ই দৈত পৰিণত হ'লে pH সলনি হ'বনে? ব্যাখ্যা কৰা।
উত্তৰ: হয়, pH মান সলনি হ'ব। কেঁচা গাখীৰৰ pH মান 6, যি মৃদু আম্লিক। যেতিয়া ই দৈলৈ পৰিণত হয়, তেতিয়া লেক্ট'বেচিলাছ বেক্টেৰিয়াই গাখীৰৰ লেক্ট'জ শৰ্কৰাক লেকটিক এছিডলৈ ৰূপান্তৰ কৰে। ফলত, এছিডৰ পৰিমাণ বাঢ়ি যায় আৰু pH মান কমি যায়, অৰ্থাৎ ই অধিক আম্লিক হয়।
প্ৰশ্ন ১২: এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ'ডা যোগ কৰিলে। (a) কিয় তেওঁ কেঁচা গাখীৰৰ pH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে? (b) এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয়?
উত্তৰ: (a) গোৱালজনে কেঁচা গাখীৰত বেকিং ছ'ডা যোগ কৰে কাৰণ বেকিং ছ'ডা ক্ষাৰকীয়। ই গাখীৰৰ pH মান সামান্য বঢ়াই দিয়ে, যাৰ ফলত গাখীৰ সোনকালে টেঙা হৈ নাযায়।
(b) এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কাৰণ বেকিং ছ'ডাই প্ৰথমে উৎপন্ন হোৱা লেকটিক এছিডক প্ৰশমিত কৰে। যেতিয়া সকলো ক্ষাৰক প্ৰশমিত হৈ যায়, তাৰ পিছতহে pH মান কমিবলৈ আৰম্ভ কৰে আৰু দৈ গঠন হয়।
প্ৰশ্ন ১৩: প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে। কিয়? ব্যাখ্যা কৰা।
উত্তৰ: প্লাষ্টাৰ অব পেৰিছ (CaSO₄·½H₂O) জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিলে পানী শোষণ কৰি জিপছাম (CaSO₄·2H₂O) নামৰ এবিধ কঠিন পদাৰ্থলৈ ৰূপান্তৰিত হয়, যাৰ ফলত ই ব্যৱহাৰৰ অনুপযোগী হৈ পৰে। সেয়েহে ইয়াক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত ৰখা হয়।
প্ৰশ্ন ১৪: প্ৰশমন বিক্ৰিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।
উত্তৰ:
প্ৰশমন বিক্ৰিয়া: যি বিক্ৰিয়াত এছিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, তাক প্ৰশমন বিক্ৰিয়া বোলে।
উদাহৰণ: HCl + NaOH → NaCl + H₂O
H₂SO₄ + 2KOH → K₂SO₄ + 2H₂O
কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ: (i) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত। (ii) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ।
বেকিং ছ'ডাৰ ব্যৱহাৰ: (i) বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ। (ii) অম্লনাশক (Antacid) হিচাপে।

3. HSLC পৰীক্ষাৰ বাবে বিশেষ প্ৰশ্নোত্তৰ (অসম ব'ৰ্ড)

🎯 HSLC উচ্চ সম্ভাৱনীয় প্ৰশ্ন (অসম ব'ৰ্ডত সঘনাই অহা)
প্ৰশ্ন ১: এছিড আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্য লিখা। এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি হয়? উদাহৰণ দিয়া।
উত্তৰ: এছিড টেঙা, নীলা লিটমাছক ৰঙা কৰে, H⁺ আয়ন দিয়ে। ক্ষাৰক তিতা, ৰঙা লিটমাছক নীলা কৰে, OH⁻ আয়ন দিয়ে। এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ'জেন গেছ আৰু লৱণ উৎপন্ন কৰে। উদাহৰণ: Zn + H₂SO₄ → ZnSO₄ + H₂।
প্ৰশ্ন ২: প্ৰশমন বিক্ৰিয়া কি? উদাহৰণসহ বুজাই লিখা।
উত্তৰ: এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হোৱা বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে। উদাহৰণ: NaOH + HCl → NaCl + H₂O।
প্ৰশ্ন ৩: pH স্কেল কি? দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব লিখা।
উত্তৰ: pH স্কেল ০ ৰ পৰা ১৪ লৈকে এছিড-ক্ষাৰকৰ শক্তি জোখা এটা মাপকাঠি। pH = ৭ প্ৰশম, < ৭ আম্লিক, > ৭ ক্ষাৰকীয়। গুৰুত্ব: মাটিৰ pH, শৰীৰৰ pH, দাঁতৰ ক্ষয়, এছিড বৰষুণ আদি নিৰ্ণয়ত pH গুৰুত্বপূৰ্ণ।
প্ৰশ্ন ৪: ব্লিচিং পাউদাৰ কেনেকৈ প্ৰস্তুত কৰা হয়? ইয়াৰ ব্যৱহাৰ লিখা।
উত্তৰ: শুকান শিথিলিত চূণত ক্ল'ৰিন গেছ প্ৰৱাহ কৰি ব্লিচিং পাউদাৰ প্ৰস্তুত কৰা হয়। 2Ca(OH)₂ + 2Cl₂ → Ca(ClO)₂ + CaCl₂ + 2H₂O। ব্যৱহাৰ: কাপোৰ ধোৱা, কাগজ উদ্যোগ, পানী নিৰ্মলীকৰণ, জীৱাণুনাশক।
প্ৰশ্ন ৫: বেকিং ছ'ডা আৰু কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক সংকেত লিখা আৰু ইহঁতৰ ব্যৱহাৰ লিখা।
উত্তৰ: বেকিং ছ'ডা: NaHCO₃। ব্যৱহাৰ: বেকিং পাউদাৰ, অম্লনাশক, অগ্নি নিৰ্বাপক। কাপোৰ ধোৱা ছ'ডা: Na₂CO₃·10H₂O। ব্যৱহাৰ: কাঁচ, চাবোন, কাগজ উদ্যোগ, পানী কোমল কৰা।
প্ৰশ্ন ৬: প্লাষ্টাৰ অব পেৰিছ কি? ইয়াৰ ব্যৱহাৰ লিখা।
উত্তৰ: CaSO₄·½H₂O ক প্লাষ্টাৰ অব পেৰিছ বোলে। ই পানীৰ সৈতে মিহলি কৰিলে জিপছাম হৈ কঠিন হয়। ব্যৱহাৰ: ভঙা হাড় জোৰা লগোৱা, খেলনা, অলংকৰণ সামগ্ৰী।
প্ৰশ্ন ৭: এছিড বৰষুণ কি? ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ লিখা।
উত্তৰ: বৰষুণৰ পানীৰ pH ৫.৬ তকৈ কম হ'লে এছিড বৰষুণ হয়। ই মাটিৰ pH কমায়, জলজ জীৱন ধ্বংস কৰে, ভৱন আৰু স্মৃতিসৌধৰ ক্ষতি কৰে।

4. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)

১। ৰঙা লিটমাছক নীলা কৰা দ্ৰৱৰ pH মান কিমান হ'ব পাৰে?

(A) ১ (B) ৪ (C) ৭ (D) ১০

উত্তৰ চাওক

উত্তৰ: (D) ১০ — ৰঙা লিটমাছক নীলা কৰা মানে দ্ৰৱটো ক্ষাৰকীয়। pH > ৭ হ'ব। ১০ ক্ষাৰকীয়।

২। এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোন গেছ নিৰ্গত হয়?

(A) অক্সিজেন (B) কাৰ্বন ডাই অক্সাইড (C) হাইড্ৰ'জেন (D) ক্ল'ৰিন

উত্তৰ চাওক

উত্তৰ: (C) হাইড্ৰ'জেন — ধাতু + এছিড → লৱণ + হাইড্ৰ'জেন গেছ।

৩। হাইড্ৰ'জেন গেছৰ উপস্থিতি কিদৰে পৰীক্ষা কৰা হয়?

(A) চূণপানী ঘোলা হয় (B) জ্বলন্ত মম 'ফট্ ফট্' শব্দ কৰি জ্বলে (C) নীলা লিটমাছ ৰঙা হয় (D) ৰঙা লিটমাছ নীলা হয়

উত্তৰ চাওক

উত্তৰ: (B) — হাইড্ৰ'জেন গেছ জ্বলি থকা মমবাতিৰ ওচৰলৈ আনিলে 'পপ' শব্দ কৰি জ্বলি উঠে।

৪। CaCO₃ আৰু HCl ৰ বিক্ৰিয়াত কোন গেছ উৎপন্ন হয়?

(A) হাইড্ৰ'জেন (B) কাৰ্বন ডাই অক্সাইড (C) অক্সিজেন (D) ক্ল'ৰিন

উত্তৰ চাওক

উত্তৰ: (B) কাৰ্বন ডাই অক্সাইড — ধাতৱ কাৰ্বনেট + এছিড → লৱণ + CO₂ + পানী।

৫। জলীয় দ্ৰৱত HCl আম্লিক ধৰ্ম দেখুৱায় কাৰণ ই —

(A) H⁺ আয়ন মুক্ত কৰে (B) OH⁻ আয়ন মুক্ত কৰে (C) কোনো আয়ন মুক্ত নকৰে (D) পানীৰ সৈতে মিলিত নহয়

উত্তৰ চাওক

উত্তৰ: (A) H⁺ আয়ন মুক্ত কৰে — HCl + H₂O → H₃O⁺ + Cl⁻।

৬। এছিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে কাৰণ —

(A) ইয়াত মুক্ত আয়ন থাকে (B) ইয়াৰ গাঢ়তা বেছি (C) ইয়াৰ ৰং সলনি হয় (D) ই পানীৰ সৈতে মিলি যায়

উত্তৰ চাওক

উত্তৰ: (A) — আয়নৰ চলাচলৰ বাবেই বিদ্যুৎ পৰিবহন হয়।

৭। শুকান HCl গেছে লিটমাছৰ ৰং সলনি নকৰে কাৰণ —

(A) ইয়াত H⁺ আয়ন নাই (B) ই পানীৰ সৈতে মিলিত নহয় (C) ই গেছীয় অৱস্থাত থাকে (D) ওপৰৰ সকলো

উত্তৰ চাওক

উত্তৰ: (A) — পানীৰ অনুপস্থিতিত H⁺ আয়ন উৎপন্ন নহয়।

৮। এছিড লঘু কৰোঁতে পানীত এছিড যোগ কৰা হয় কিয়?

(A) তাপ শোষণৰ বাবে (B) বিস্ফোৰণ ৰোধৰ বাবে (C) গাঢ়তা বঢ়াবলৈ (D) ৰং সলনিৰ বাবে

উত্তৰ চাওক

উত্তৰ: (B) — পানীত এছিড যোগ কৰিলে তাপ লাহে লাহে নিৰ্গত হয়।

৯। CaOCl₂ ৰ সাধাৰণ নাম কি?

(A) বেকিং ছ'ডা (B) ব্লিচিং পাউদাৰ (C) কাপোৰ ধোৱা ছ'ডা (D) প্লাষ্টাৰ অৱ পেৰিছ

উত্তৰ চাওক

উত্তৰ: (B) ব্লিচিং পাউদাৰ — CaOCl₂ = ব্লিচিং পাউদাৰ।

১০। কঠিন পানী কোমল কৰিবলৈ কোন যৌগ ব্যৱহাৰ হয়?

(A) NaCl (B) Na₂CO₃ (C) NaOH (D) NaHCO₃

উত্তৰ চাওক

উত্তৰ: (B) Na₂CO₃ — কাপোৰ ধোৱা ছ'ডা (Na₂CO₃·10H₂O) ৰ পানী কোমল কৰে।

5. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)

🧠 আপোনাৰ মগজুক প্ৰত্যাহ্বান জনাওক! (HSLC ৰ বাবে সমালোচনাত্মক চিন্তা)
প্ৰশ্ন ১: এটা দ্ৰৱৰ pH ৪। ইয়াক ৭ লৈ অনাৰ বাবে তুমি কি কৰিবা?
উত্তৰ: pH ৪ আম্লিক। ইয়াক প্ৰশমিত কৰিবলৈ ক্ষাৰকীয় দ্ৰৱ (যেনে NaOH) লাহে লাহে যোগ কৰিব লাগিব। pH কাগজেৰে পৰীক্ষা কৰি ৭ লৈ অনা উচিত।
প্ৰশ্ন ২: এটা পৰীক্ষানলত এছিড আৰু আনটোত ক্ষাৰক আছে। লিটমাছ কাগজ নাই। তুমি কেনেকৈ চিনাক্ত কৰিবা?
উত্তৰ: সুগন্ধি সূচক ব্যৱহাৰ কৰিব পাৰি। পিঁয়াজৰ ৰস বা ভেনিলা এছেন্স দ্ৰৱত যোগ কৰিলে গোন্ধ সলনি হয়। এছিডত গোন্ধ বেলেগ, ক্ষাৰকত বেলেগ।
প্ৰশ্ন ৩: এছিড বৰষুণে মাটিৰ pH কেনেকৈ সলনি কৰে? ইয়াৰ প্ৰভাৱ কি?
উত্তৰ: এছিড বৰষুণে মাটিত H⁺ আয়ন যোগ কৰি pH কমায় (আম্লিক কৰে)। ই মাটিৰ উৰ্বৰতা কমায়, উদ্ভিদৰ বৃদ্ধি বাধা দিয়ে।
প্ৰশ্ন ৪: বেকিং ছ'ডা আৰু বেকিং পাউদাৰৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ: বেকিং ছ'ডা = NaHCO₃ (এছিডতকৈ ক্ষাৰকীয়)। বেকিং পাউদাৰ = NaHCO₃ + টাৰ্টাৰিক এছিড (এছিড-ক্ষাৰক মিশ্ৰণ)। বেকিং পাউদাৰ গৰম কৰিলে CO₂ দি কেক ফুলায়।
প্ৰশ্ন ৫: কপাৰ ছালফেটৰ স্ফটিক উত্তপ্ত কৰিলে কি হয়? কিয়?
উত্তৰ: নীলা ৰং নোহোৱা হয়, পানীৰ টোপাল ওলায়, বগা হয়। কাৰণ CuSO₄·5H₂O ৰ পৰা ৫ টা স্ফটিকীকৰণৰ পানী আঁতৰি যায়।

6. পৰীক্ষা-নিৰীক্ষাৰ প্ৰশ্নোত্তৰ (Activity Q&A)

তলত পাঠ্যপুথিৰ প্ৰতিটো Activity ৰ পৰা সম্ভাৱ্য প্ৰশ্ন আৰু উত্তৰ দিয়া হ'ল। HSLC পৰীক্ষাত এইবোৰৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা অধিক।

Activity 2.1 — এছিড আৰু ক্ষাৰকৰ সূচক পৰীক্ষা

প্ৰশ্ন: HCl, H₂SO₄, NaOH আৰু KOH দ্ৰৱত ৰঙা লিটমাছ, নীলা লিটমাছ, ফেনলফথেলিন আৰু মিথাইল অৰেঞ্জৰ ৰং কেনেকৈ সলনি হয়?
উত্তৰ: HCl আৰু H₂SO₄ (এছিড) ত — নীলা লিটমাছ ৰঙা হয়, ৰঙা লিটমাছে ৰং নসলায়, ফেনলফথেলিন বৰণহীন থাকে, মিথাইল অৰেঞ্জ ৰঙা হয়। NaOH আৰু KOH (ক্ষাৰক) ত — ৰঙা লিটমাছ নীলা হয়, নীলা লিটমাছে ৰং নসলায়, ফেনলফথেলিন গুলপীয়া হয়, মিথাইল অৰেঞ্জ হালধীয়া হয়।

Activity 2.2 — সুগন্ধি সূচক

প্ৰশ্ন: পিঁয়াজ, ভেনিলা আৰু লৱং তেলৰ ভিতৰত কোনবোৰ সুগন্ধি সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰি?
উত্তৰ: পিঁয়াজ, ভেনিলা আৰু লৱং তেল — তিনিওটাই সুগন্ধি সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰি। এছিডত ইহঁতৰ গোন্ধ লুপ্ত হয় বা দুৰ্বল হয়, ক্ষাৰকত গোন্ধ প্ৰকট হয়।

Activity 2.3 — ধাতুৰ সৈতে এছিডৰ বিক্ৰিয়া

প্ৰশ্ন: যিংক গ্ৰেনুলত লঘু ছালফিউৰিক এছিড যোগ কৰিলে কি পৰ্যবেক্ষণ কৰা হয়? উৎপন্ন গেছটো কিদৰে পৰীক্ষা কৰিবা?
উত্তৰ: যিংকৰ পৃষ্ঠত বুৰবুৰণি (হাইড্ৰ'জেন গেছ) ওলায়। Zn(s) + H₂SO₄(aq) → ZnSO₄(aq) + H₂(g)। গেছটো চাবোন দ্ৰৱৰ মাজেৰে পঠিয়াই জ্বলি থকা মমবাতিৰ ওচৰলৈ নিলে 'ফট্ ফট্' শব্দ কৰি জ্বলি উঠে, যিয়ে হাইড্ৰ'জেন গেছৰ উপস্থিতি প্ৰমাণ কৰে।

Activity 2.4 — ক্ষাৰকৰ সৈতে ধাতুৰ বিক্ৰিয়া

প্ৰশ্ন: যিংক গ্ৰেনুলত ছ'ডিয়াম হাইড্ৰ'ক্সাইড দ্ৰৱ যোগ কৰি উম লগালে কি হয়?
উত্তৰ: হাইড্ৰ'জেন গেছ উৎপন্ন হয় আৰু ছ'ডিয়াম জিংকেট (Na₂ZnO₂) গঠন হয়। 2NaOH(aq) + Zn(s) → Na₂ZnO₂(s) + H₂(g)। এইবোৰ বিক্ৰিয়া সকলো ধাতুৰ সৈতে নহয়।

Activity 2.5 — ধাতৱ কাৰ্বনেট আৰু হাইড্ৰ'জেনকাৰ্বনেটৰ এছিডৰ সৈতে বিক্ৰিয়া

প্ৰশ্ন: Na₂CO₃ আৰু NaHCO₃ ত লঘু HCl যোগ কৰিলে কি গেছ উৎপন্ন হয়? গেছটোৱে চূণপানীৰ সৈতে কি কৰে?
উত্তৰ: CO₂ গেছ উৎপন্ন হয়। Na₂CO₃(s) + 2HCl(aq) → 2NaCl(aq) + H₂O(l) + CO₂(g)
NaHCO₃(s) + HCl(aq) → NaCl(aq) + H₂O(l) + CO₂(g)। চূণপানী ঘোলা হয়: Ca(OH)₂(aq) + CO₂(g) → CaCO₃(s) + H₂O(l)।

Activity 2.6 — এছিড আৰু ক্ষাৰকৰ প্ৰশমন বিক্ৰিয়া

প্ৰশ্ন: NaOH দ্ৰৱত ফেনলফথেলিন যোগ কৰিলে কি ৰং হয়? HCl যোগ কৰিলে কি হয়? পুনৰ NaOH যোগ কৰিলে কি হয়?
উত্তৰ: প্ৰথমে গুলপীয়া ৰং হয় (ক্ষাৰকীয়)। HCl যোগ কৰিলে ৰং নোহোৱা হয় (প্ৰশমন)। পুনৰ NaOH যোগ কৰিলে গুলপীয়া ৰং ঘূৰি আহে। NaOH(aq) + HCl(aq) → NaCl(aq) + H₂O(l)।

Activity 2.7 — ধাতৱ অক্সাইডৰ এছিডৰ সৈতে বিক্ৰিয়া

প্ৰশ্ন: কপাৰ অক্সাইডত লঘু HCl যোগ কৰিলে দ্ৰৱৰ ৰং কেনেকুৱা হয়? কিয়?
উত্তৰ: দ্ৰৱৰ ৰং নীলা-সেউজীয়া হয় আৰু কপাৰ অক্সাইড দ্ৰৱীভূত হয়। কাৰণ কপাৰ(II) ক্ল'ৰাইড (CuCl₂) গঠন হয়। CuO + 2HCl → CuCl₂ + H₂O।

Activity 2.8 — এছিড দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে নে?

প্ৰশ্ন: গ্লুক'জ, এলক'হল, HCl আৰু H₂SO₄ দ্ৰৱত বিদ্যুৎ প্ৰৱাহ কৰিলে কি পৰ্যবেক্ষণ কৰা হয়? কিয়?
উত্তৰ: HCl আৰু H₂SO₄ দ্ৰৱত বাল্ব জ্বলে (আয়ন থাকে), কিন্তু গ্লুক'জ আৰু এলক'হলত বাল্ব নজ্বলে (আয়ন নাথাকে)। এছিড দ্ৰৱত H⁺ আয়ন থাকে, যি বিদ্যুৎ পৰিবহন কৰে।

Activity 2.9 — শুকান HCl গেছৰ পৰীক্ষা

প্ৰশ্ন: শুকান HCl গেছ শুকান আৰু তিতা লিটমাছ কাগজত পৰীক্ষা কৰিলে কি হয়? ইয়াৰ পৰা কি সিদ্ধান্তত উপনীত হ'বা?
উত্তৰ: শুকান লিটমাছ কাগজত ৰং সলনি নহয়, কিন্তু তিতা লিটমাছ কাগজত ৰং সলনি হয়। সিদ্ধান্ত: পানীৰ উপস্থিতিতহে HCl এ H⁺ আয়ন উৎপন্ন কৰে। HCl + H₂O → H₃O⁺ + Cl⁻।

Activity 2.12 — মাটিৰ pH পৰীক্ষা

প্ৰশ্ন: মাটিৰ pH কেনেকৈ নিৰ্ণয় কৰিবা? ইয়াৰ পৰা কি বুজিব পাৰি?
উত্তৰ: ২ গ্ৰাম মাটিত ৫ mL পানী যোগ কৰি ঝোকা, ফিল্টাৰ কৰি ৰস সাৰ্বজনীন সূচক কাগজত পৰীক্ষা কৰা। মাটিৰ pH ৰ দ্বাৰা উদ্ভিদৰ বৃদ্ধিৰ উপযোগিতা নিৰ্ণয় কৰা হয়।

Activity 2.13 — লৱণৰ ৰাসায়নিক সংকেত

প্ৰশ্ন: KCl, Na₂SO₄, CaSO₄, MgSO₄, CuSO₄, NaCl, NaNO₃, Na₂CO₃ আৰু NH₄Cl — এই লৱণবোৰ কোনবোৰ এছিড আৰু ক্ষাৰকৰ পৰা উৎপন্ন?
উত্তৰ: KCl — HCl + KOH; Na₂SO₄ — H₂SO₄ + NaOH; CaSO₄ — H₂SO₄ + Ca(OH)₂; MgSO₄ — H₂SO₄ + Mg(OH)₂; CuSO₄ — H₂SO₄ + Cu(OH)₂; NaCl — HCl + NaOH; NaNO₃ — HNO₃ + NaOH; Na₂CO₃ — H₂CO₃ + NaOH; NH₄Cl — HCl + NH₄OH।

Activity 2.14 — লৱণৰ pH পৰীক্ষা

প্ৰশ্ন: NaCl, KNO₃, AlCl₃, ZnSO₄, CuSO₄, CH₃COONa, Na₂CO₃ আৰু NaHCO₃ — এই লৱণবোৰৰ pH কিমান? ইহঁত আম্লিক, ক্ষাৰকীয় নে প্ৰশম?
উত্তৰ: NaCl, KNO₃ — প্ৰশম (pH = 7)। AlCl₃, ZnSO₄, CuSO₄ — আম্লিক (pH < 7)। CH₃COONa, Na₂CO₃, NaHCO₃ — ক্ষাৰকীয় (pH > 7)।

Activity 2.15 — স্ফটিকীকৰণৰ পানী

প্ৰশ্ন: কপাৰ ছালফেটৰ স্ফটিক উত্তপ্ত কৰিলে কি হয়? পানী যোগ কৰিলে কি হয়? কিয়?
উত্তৰ: উত্তপ্ত কৰিলে নীলা ৰং নোহোৱা হয়, পানীৰ টোপাল ওলায়, বগা হয়। পানী যোগ কৰিলে পুনৰ নীলা ৰং ঘূৰি আহে। কাৰণ CuSO₄·5H₂O ৰ পৰা ৫ টা স্ফটিকীকৰণৰ পানী আঁতৰি যায় আৰু পানী যোগ কৰিলে পুনৰ সংযুক্ত হয়।

7. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক

🌍 ৰসায়ন বিজ্ঞানক জীৱনৰ সৈতে সংযোগ কৰা:
  • ৰান্ধনিঘৰত বেকিং ছ'ডা: কেক, পকৰা ফুলাবলৈ বেকিং ছ'ডা ব্যৱহাৰ কৰা হয়। ই এছিডৰ সৈতে বিক্ৰিয়া কৰি CO₂ দি খাদ্য ফুলায়।
  • পেটৰ এচিডিটি: অম্লনাশক (Antacid) ঔষধত Mg(OH)₂ বা NaHCO₃ থাকে। ই পেটৰ অতিৰিক্ত HCl প্ৰশমিত কৰে।
  • চাবোন আৰু ডিটাৰজেন্ট: চাবোন ক্ষাৰকীয়। ই এছিডীয় মলি পৰিষ্কাৰ কৰে।
  • দাঁত পৰিষ্কাৰ: টুথপেষ্ট ক্ষাৰকীয়। ই মুখৰ এছিড প্ৰশমিত কৰি দাঁতৰ ক্ষয় ৰোধ কৰে।
  • মৌ-মাখিৰ দংশন: মৌ-মাখিৰ দংশনত এছিড থাকে। বেকিং ছ'ডা লগালে প্ৰশমিত হয়, বিষ কমে।
  • নেটল গছৰ দংশন: নেটল গছত মিথেন'ইক এছিড থাকে। ডক গছৰ পাত লগালে (ক্ষাৰকীয়) আৰাম পোৱা যায়।
  • মাটিৰ pH: অসমত চাহ বাগিছাত মাটিৰ pH পৰীক্ষা কৰি এছিড বা চূণ প্ৰয়োগ কৰা হয় যাতে চাহৰ উৎপাদন ভাল হয়।
  • পানী কোমল কৰা: ঘৰুৱা ব্যৱহাৰত কাপোৰ ধোৱা ছ'ডা (Na₂CO₃) ব্যৱহাৰ কৰি কঠিন পানী কোমল কৰা হয়।

Comments

Popular posts from this blog

Class 9 Science Chapter 10 Question Answer in Assamese | মহাকৰ্ষণ (Gravitation)

# Class 9 Science: Chapter 10 - মহাকৰ্ষণ Class 9 Science: Chapter 10 - মহাকৰ্ষণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 মহাকৰ্ষণ (Gravitation) — Page 132-134 পৃষ্ঠা নং: 132-134 📌 ঐতিহাসিক পৃষ্ঠভূমি: আমি জানো যে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে। বস্তু এটা ওপৰলৈ দলিয়াই দিলে ই এক বিশেষ উচ্চতাত উপনীত হয় আৰু তাৰ পিছত তললৈ পৰিবলৈ ধৰে। প্ৰবাদ আছে যে, নিউটন এদিন গছৰ তলত বহি থকাত আপেল এটা সৰি তেওঁৰ গাত পৰিল। তললৈ পৰা আপেলটোৱে নিউটনক ভাবাই তুলিলে। তেওঁ ভাবিবলৈ ধৰিলে— পৃথিৱীয়ে যদি আপেলটো আকৰ্ষণ কৰিব পাৰে তেন্তে চন্দ্ৰক আকৰ্ষণ কৰিব নোৱাৰিবনে? দুয়োটা ক্ষেত্ৰত আকৰ্ষণী বল একেই হ'বনে? তেওঁ অনুমান কৰিলে যে এই দুয়োটা ক্ষেত্ৰত একে ধৰণৰ বলেই ক্ৰিয়া কৰে। 📖 মহাকৰ্ষণ (Gravitation): বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বলক মহাকৰ্ষণ বল বোলে। 📖 অভিকেন্দ্ৰিক বল (Centripetal Force): বৃত্তীয় পথত ঘূৰি থকা বস্তু এটাৰ ওপৰত কেন্দ্ৰৰ দিশত ক্ৰিয়াশীল বলক অভিকেন্দ্ৰিক বল বোল...

Class 10 Science Chapter 1 Question Answers, Notes in Assamese | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA/ASSEB

Class 10 Science: Chapter 1 - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: এই অধ্যায়ত আমি ৰাসায়নিক বিক্ৰিয়া চিনাক্ত কৰা, ৰাসায়নিক সমীকৰণ লিখা আৰু সন্তুলিত কৰা, পাঁচ প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া (সংযোজন, বিযোজন, অপসৰণ, দ্বিঅপসৰণ, আৰু ৰেডক্স), আৰু দৈনন্দিন জীৱনত জাৰণৰ প্ৰভাৱ (ক্ষয়ীভৱন আৰু কটুতা) সম্পৰ্কে শিকিম। 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Concept Notes) 1.1 ৰাসায়নিক বিক্ৰিয়া কি? ৰাসায়নিক বিক্ৰিয়াত মূল পদাৰ্থবোৰে (বিক্ৰিয়ক) ৰাসায়নিক পৰিৱৰ্তনৰ মাজেৰে নতুন গুণবিশিষ্ট নতুন পদাৰ্থ (বিক্ৰিয়াজাত পদাৰ্থ) সৃষ্টি কৰে। ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি কেনেকৈ জানিম? (পৰ্যবেক্ষণ) অৱস্থাৰ পৰিৱৰ্তন: যেনে, পানীৰ পৰা ভাপলৈ ৰূপান্তৰ। বৰ্ণ বা ৰং পৰিৱৰ্তন: যেনে, কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ডুবালে ৰঙচুৱা বাদামী হোৱা। গেছৰ নিৰ্গমন: যেনে, জিংকৰ সৈতে এচিডৰ বিক্ৰিয়াত বুদবুদ ওলোৱা। উষ্ণতাৰ পৰিৱৰ্তন: যেন...

Class 10 Science Chapter 16 Assamese Medium | প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer 2026

Class 10 Science: Chapter 16 - প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: আমি নৱম শ্ৰেণীত মাটি, বায়ু আৰু পানী আদি প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ বিভিন্ন উপাংশসমূহ প্ৰকৃতিয়ে কেনেকৈ চক্ৰাকাৰে সবৰবাহ কৰি থাকে তাৰ বিষয়ে শিকি আহিছোঁ। আমাৰ কিছুমান কাৰ্যকলাপৰ কাৰণে কেনেদৰে এই প্ৰাকৃতিক সম্পদবোৰৰ প্ৰদূষণ হয় সেই সম্পৰ্কেও আমি আগৰ পাঠত পঢ়িছোঁ। এই অধ্যায়ত প্ৰাকৃতিক সম্পদবিলাকৰ কিছুমানত বিশেষ মনোযোগ দি সেইবোৰৰ দ্বাৰা আমি কেনেকৈ পৰিৱেশ সংৰক্ষণ কৰিব পাৰোঁ, আৰু আমাৰ প্ৰাকৃতিক সম্পদ যেনে বনাঞ্চলসমূহ, বন্যপ্ৰাণী, পানী, কয়লা আৰু পেট্ৰ'লিয়াম আদিৰ বিষয়ে আলোচনা কৰিম। পৃষ্ঠা নং: 271 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে? (Why Do We Need to Manage Our Resources?) — Page 271-272 পৃষ্ঠা নং: 271-272 সম্পদৰ প্ৰয়োজনীয়তা: আমি আমাৰ সম্পদৰাজি কিয় সযতনে ব্যৱহাৰ কৰিব লাগে? কাৰণ এই সম্পদৰাজি অসীমিত নহয়। লগতে মানুহৰ জনস্বাস্থ্য উন্নতিৰ কাৰণে জনসং...