Class 10 Science: Chapter 12 - বিদ্যুৎ
ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ
📌 অধ্যায়ৰ পৰিচয়: আধুনিক সমাজত বিদ্যুৎৰ এক সুকীয়া ঠাই আছে। ই এক নিয়ন্ত্ৰণ কৰিব পৰা আৰু সুবিধাজনক শক্তিৰ প্ৰকাৰ, যি ঘৰ, বিদ্যালয়, চিকিৎসালয়, কাৰখানা আদি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হয়। বিদ্যুৎ কিদৰে গঠন হয়, ই বিদ্যুৎ বৰ্তনীত কেনেকৈ প্ৰবাহিত হয়, বিদ্যুৎ প্ৰবাহ নিয়ন্ত্ৰণ বা পৰিচালনা কৰিবলৈ কি কি কাৰক আছে— এই অধ্যায়ত আমি এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ যত্ন কৰিম। আমি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়েও আলোচনা কৰিম।
পৃষ্ঠা নং: 199
1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)
1.1 বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী (Electric Current and Circuit) — Page 199-200
পৃষ্ঠা নং: 199-200
বিদ্যুৎ প্ৰবাহ (Electric Current): এডাল পৰিবাহীৰ (যেনে এডাল ধাতুৰ তাঁৰ) মাজেৰে বিদ্যুৎ আধান চলিত হয় তেতিয়া আমি কওঁ যে পৰিবাহীডালত বিদ্যুৎ প্ৰবাহ আছে। একক সময়ত কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চলিত আধানৰ পৰিমাণে বিদ্যুৎ প্ৰবাহ বুজায়। অৰ্থাৎ, ই হৈছে বিদ্যুৎ আধানৰ প্ৰবাহৰ হাৰ।
বিদ্যুৎ প্ৰবাহৰ সূত্ৰ:
I = Q/t
য'ত I = বিদ্যুৎ প্ৰবাহ, Q = আধানৰ পৰিমাণ, t = সময়।
প্ৰবাহৰ একক (Unit of Current): বিদ্যুৎ প্ৰবাহৰ এচ.আই. একক হৈছে এম্পিয়াৰ (A)। 1 এম্পিয়াৰ = 1 কুলম্ব/1 ছেকেণ্ড।
বৰ্তনী (Circuit): বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাক বৰ্তনী বোলা হয়।
বৰ্তনীৰ উপাদান: এটা কোষ (বা বেটেৰী), প্লাগ চাবি (Plug Key), এমিটাৰ, ভল্টমিটাৰ, ৰোধক আৰু সংযোগী তাঁৰ।
1.2 বিদ্যুৎ বিভৱ আৰু বিভৱভেদ (Electric Potential and Potential Difference) — Page 201
পৃষ্ঠা নং: 201
বিদ্যুৎ বিভৱ (Electric Potential): বিদ্যুৎ আধানক গতি দিয়ক পানীৰ প্ৰবাহৰ উপমাৰে বুজাব পাৰি। পৰিবাহী এডালৰ এটা মূৰৰ পৰা আনটো মূৰলৈ আধানবিলাক স্বয়ংক্ৰিয়ভাৱে গতি নকৰে। যিদ উৎস এটা সংযোগ কৰা হয় তেতিয়া আধানবিলাক গতি কৰে।
বিভৱভেদ (Potential Difference): প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনী এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিওঁতে কৰা কাৰ্যক বিন্দু দুটাৰ মাজৰ বিভৱভেদ বোলা হয়।
V = W/Q
য'ত V = বিভৱভেদ, W = কৰা কাৰ্য, Q = আধান।
বিভৱভেদৰ একক (Unit of Potential Difference): বিভৱভেদৰ এচ.আই. একক হৈছে ভল্ট (V)। 1 ভল্ট = 1 জুল/1 কুলম্ব। এই একক ইটালীৰ পদাৰ্থ বিজ্ঞানী আলেছান্দ্ৰো ভল্টা (Alessandro Volta) ৰ নামৰ পৰা আহিছে।
ভল্টমিটাৰ (Voltmeter): বিভৱভেদ জোখা সঁজুলিটোক ভল্টমিটাৰ বোলা হয়। ইয়াক বৰ্তনীত বিভৱভেদ জুখিব লগা বিন্দু দুটাৰ লগত সদায় সমান্তৰালভাৱে সংযোগ কৰা হয়।
1.3 বৰ্তনী চিত্ৰ (Circuit Diagram) — Page 202-203
পৃষ্ঠা নং: 202-203
বৰ্তনী চিত্ৰ (Circuit Diagram): সাধাৰণতে কিছুমান প্ৰথাগত চিহ্নৰ সহায়েৰে সূচোৱা বৈদ্যুতিক উপাংশসমূহৰ এটা বৰ্তনীৰ প্ৰণালীবিশেষ চিত্ৰ অংকন কৰা হয়।
বৰ্তনীত ব্যৱহৃত চিহ্নসমূহ:
1.4 ওমৰ সূত্ৰ (Ohm's Law) — Page 204-206
পৃষ্ঠা নং: 204-206
ওমৰ সূত্ৰ (Ohm's Law): উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ, V তাৰডালৰ মাজেৰে যোৱা প্ৰবাহ I ৰ সমানুপাতিক।
V ∝ I
বা, V = IR
ৰোধ (Resistance): সমীকৰণ V = IR ত R হৈছে এক নিৰ্দিষ্ট উষ্ণতাত প্ৰদত্ত পৰিবাহী এডালৰ বাবে এটা ধ্ৰুৱক আৰু ইয়াক ৰোধ বুলি কোৱা হয়। ই হৈছে আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এটা ধৰ্ম। ইয়াৰ এচ.আই. একক ওম (Ω)।
R = V/I
১ ওমৰ সংজ্ঞা: যিদ পৰিবাহী এডালৰ দুই মূৰৰ বিভৱভেদ 1V আৰু ইয়াৰ মাজেৰে 1A প্ৰবাহ চলিত হয় তেনেহ'লে পৰিবাহীডালৰ ৰোধ 1Ω হ'ব।
1.5 পৰিবাহীৰ ৰোধৰ নিৰ্ভৰশীলতা (Factors Affecting Resistance) — Page 206-208
পৃষ্ঠা নং: 206-208
ৰোধৰ নিৰ্ভৰশীলতা: পৰিবাহী ৰোধ তাৰ (i) দীৰ্ঘ, (ii) প্ৰস্থচ্ছেদৰ কালি আৰু (iii) পদাৰ্থ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে।
R ∝ l
R ∝ 1/A
R = ρl/A
য'ত ρ (ৰ') হ'ল এটা সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক পৰিবাহীৰ পদাৰ্থৰ ৰোধকতা বুলি কোৱা হয়।
ৰোধকতা (Resistivity): ৰোধকতাৰ এচ.আই. একক Ω m। ই পদাৰ্থৰ এটা বৈশিষ্টমূলক ধৰ্ম। ধাতু বা সংকৰ ধাতুৰ ৰোধকতা অতি কম। ইয়াৰ মানৰ পৰিসৰ 10⁻⁸ Ω m ৰ পৰা 10⁻⁶ Ω m ৰ ভিতৰত।
| পদাৰ্থ | ৰোধকতা (Ω m) 20°C ত |
| ৰূপ | 1.60 × 10⁻⁸ |
| তাম | 1.62 × 10⁻⁸ |
| এলুমিনিয়াম | 2.63 × 10⁻⁸ |
| টাংষ্টেন | 5.20 × 10⁻⁸ |
| নিকেল | 6.84 × 10⁻⁸ |
| লো (Iron) | 10.0 × 10⁻⁸ |
| ক্ৰ'মিয়াম | 12.9 × 10⁻⁸ |
| মাৰ্কিউৰী | 94.0 × 10⁻⁸ |
| মেংগানিন | 1.84 × 10⁻⁶ |
| নিক্ৰ'ম | 100 × 10⁻⁶ |
1.6 ৰোধকৰ শ্ৰেণীবদ্ধ সজ্জা (Resistors in Series) — Page 209-212
পৃষ্ঠা নং: 209-212
শ্ৰেণীবদ্ধ সজ্জা (Series Combination): একাধিক ৰোধক সংযোগ কৰি এটা বৰ্তনী গঠন কৰা হয় য'ত প্ৰতিটো ৰোধকৰ মাজেৰে একে প্ৰবাহ চলিত হয়। এই অৱস্থাত ৰোধককেইটা শ্ৰেণীবদ্ধভাৱে সংযোজিত বুলি কোৱা হয়।
শ্ৰেণীবদ্ধ সজ্জাৰ সমতুল্য ৰোধ:
R_s = R_1 + R_2 + R_3 + ...
অৰ্থাৎ, শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধ প্ৰতিটো ৰোধৰ যোগফলৰ সমান।
শ্ৰেণীবদ্ধ সজ্জাৰ বৈশিষ্ট্য:
- প্ৰতিটো ৰোধকৰ মাজেৰে একে প্ৰবাহ চলিত হয়।
- মুঠ বিভৱভেদ প্ৰতিটো ৰোধৰ বিভৱভেদৰ যোগফলৰ সমান।
- সমতুল্য ৰোধ প্ৰতিটো ৰোধতকৈ বেছি।
1.7 ৰোধকৰ সমান্তৰাল সজ্জা (Resistors in Parallel) — Page 213-215
পৃষ্ঠা নং: 213-215
সমান্তৰাল সজ্জা (Parallel Combination): একাধিক ৰোধক সংযোগ কৰি এটা বৰ্তনী গঠন কৰা হয় য'ত প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ একে থাকে। এই অৱস্থাত ৰোধককেইটা সমান্তৰালভাৱে সংযোজিত বুলি কোৱা হয়।
সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ:
1/R_p = 1/R_1 + 1/R_2 + 1/R_3 + ...
অৰ্থাৎ, সমান্তৰাল সজ্জাত সমতুল্য ৰোধৰ অন্যোন্যক প্ৰতিটো ৰোধৰ অন্যোন্যকৰ যোগফলৰ সমান।
সমান্তৰাল সজ্জাৰ বৈশিষ্ট্য:
- প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ একে।
- মুঠ প্ৰবাহ প্ৰতিটো শাখাৰ প্ৰবাহৰ যোগফলৰ সমান।
- সমতুল্য ৰোধ প্ৰতিটো ৰোধতকৈ কম।
1.8 বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া (Heating Effect of Electric Current) — Page 216-218
পৃষ্ঠা নং: 216-218
তাপীয় ক্ৰিয়া (Heating Effect): যেতিয়া বিদ্যুৎ প্ৰবাহ এটা ৰোধকৰ মাজেৰে চলিত হয় তেতিয়া ৰোধকটোৱে তাপ উৎপন্ন কৰে। ইয়াক বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বোলা হয়।
জুলৰ সূত্ৰ (Joule's Law of Heating): ধৰা হওঁক R ৰোধৰ ৰোধক এটাৰ মাজেৰে I প্ৰবাহ চলিত হৈছে। ধৰা হওঁক ইয়াৰ দুই মূৰৰ মাজৰ বিভৱভেদ V। ধৰা হওঁক তাৰ মাজেৰে Q পৰিমাণৰ আধান চলিত হওঁতে প্ৰয়োজনীয় সময় t।
H = I²Rt
তাপীয় ক্ৰিয়াৰ প্ৰয়োগ (Applications):
- বৈদ্যুতিক ইস্ত্ৰি, পাউৰুটি সেকা সঁজুলি, বৈদ্যুতিক অ'ভেন, বৈদ্যুতিক কেটলি, বৈদ্যুতিক হিটাৰ।
- বৈদ্যুতিক বাল্ব — ইয়াত ফিলামেন্টডাল জ্বলি পোহৰ দিয়ে।
- ফিউজ (Fuse) — ই অবাঞ্ছিত উচ্চ প্ৰবাহ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত কৰে।
1.9 বৈদ্যুতিক ক্ষমতা (Electric Power) — Page 219-220
পৃষ্ঠা নং: 219-220
বৈদ্যুতিক ক্ষমতা (Electric Power): বিদ্যুৎ শক্তিৰ খৰচ বা অপচয়ৰ হাৰক বৈদ্যুতিক ক্ষমতা বোলা হয়।
P = VI
P = I²R
P = V²/R
বৈদ্যুতিক ক্ষমতাৰ একক: এচ.আই. একক হৈছে ৱাট (W)। 1 ৱাট = 1 ভল্ট × 1 এম্পিয়াৰ। ইয়াৰ ডাঙৰ একক কিলোৱাট (kW)। 1 kW = 1000 W।
বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক: কিলোৱাট ঘণ্টা (kWh)। ইয়াক সাধাৰণতে 'একক' (Unit) বুলিয়েই জনা যায়।
1 kWh = 1000 W × 3600 s = 3.6 × 10⁶ J
2. পাঠ্যপুথিৰ ভিতৰৰ প্ৰশ্নোত্তৰ (In-Text Questions)
Page 200 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 200
প্ৰশ্ন ১: এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা?
উত্তৰ: বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাক বৈদ্যুতিক বৰ্তনী বোলা হয়।
প্ৰশ্ন ২: প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া।
উত্তৰ: প্ৰবাহৰ একক হ'ল এম্পিয়াৰ। প্ৰতি ছেকেণ্ডত এক কুলম্ব প্ৰবাহ চলিত হলে তাক এক এম্পিয়াৰ বুলি কোৱা হয়।
প্ৰশ্ন ৩: এক কুলম্ব আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰন সংখ্যা গণনা কৰা।
উত্তৰ: আমি জানো যে, e = 1.6 × 10⁻¹⁹ C
এক কুলম্ব আধানত থকা ইলেক্ট্ৰন সংখ্যা = 1/1.6 × 10⁻¹⁹ = 6.25 × 10¹⁸ টা।
Page 202 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 202
প্ৰশ্ন ১: পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।
উত্তৰ: বেটেৰী বা বিদ্যুৎ কোষ।
প্ৰশ্ন ২: দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি ক'লে কি বুজায়?
উত্তৰ: দুটা বিন্দুৰ মাজেৰে 1 কুলম্ব পৰিমাণৰ ধনাত্মক আধান সৰবৰাহ কৰোঁতে যদি 1 জুল কাৰ্য কৰিব লগা হয় তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱভেদ হয় 1V।
প্ৰশ্ন ৩: 6V বেটেৰী এটাৰ মাজেৰে চালিত প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়?
উত্তৰ: ইয়াত, V = 6V, Q = 1C
শক্তিৰ পৰিমাণ = সম্পাদিত কাৰ্য
W = QV = 1C × 6V = 6J
Page 209 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 209
প্ৰশ্ন ১: পৰিবাহী ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ: পৰিবাহী ৰোধ তলত দিয়া কাৰকৰ ওপৰত নিৰ্ভৰ কৰে—
- পৰিবাহীৰ দীৰ্ঘ
- পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি
- পৰিবাহীত ব্যৱহাৰ কৰা পদাৰ্থৰ গুণৰ ওপৰত
প্ৰশ্ন ২: একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্ৰবাহ চলিত হয়? আৰু কিয়?
উত্তৰ: এই ক্ষেত্ৰত শকত তাঁৰডালৰ মাজেৰে বেছি প্ৰবাহ চলিত হয়। কাৰণ শকত তাঁৰডালৰ ৰোধ ক্ষীণ তাঁৰতকৈ কম আৰু যিমানেই ৰোধ কম হয় সিমানেই বিদ্যুৎ প্ৰবাহ বেছি চলিত হয়।
প্ৰশ্ন ৩: ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওঁতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিৱৰ্তন হ'ব?
উত্তৰ: বৈদ্যুতিক উপাদানৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধা কৰিলে বৈদ্যুতিক প্ৰবাহৰ মান আধা হ'ব।
প্ৰশ্ন ৪: পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰি কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়?
উত্তৰ: বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুবোৰৰ ৰোধ বেছি বাবে সংকৰ ধাতুৰ মাজেৰে অলপ পৰিমাণে বিদ্যুৎ প্ৰবাহ চালিত হ'লেই সংকৰ ধাতু অত্যধিক তপত হয় যদিও জাৰণ নহয়। সেইবাবে এইবোৰ সঁজুলিত সংকৰ ধাতু ব্যৱহাৰ কৰা হয়।
প্ৰশ্ন ৫: তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া— (a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী? (b) কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী?
উত্তৰ:
(a) পাৰাতকৈ লোৰ ৰোধ কম হোৱা বাবে লোৰ মাজেৰে বেছি প্ৰবাহ চলিত হয়।
(b) তালিকাৰ পৰা পোৱা যায় ৰূপৰ ৰোধ আটাইতকৈ কম। সেইবাবে ৰূপ আটাইতকৈ ভাল পৰিবাহী।
Page 213 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 213
প্ৰশ্ন ১: প্ৰতিটোৱে 2V ৰ তিনিটা কোষৰ এটা বেটেৰী, এটা 5Ω ৰোধক, এটা 8Ω ৰোধক, এটা 12Ω ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকন কৰা।
উত্তৰ: (ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত থকা চিত্ৰ-12.6 চাওক)
প্ৰশ্ন ২: ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1 নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ'ব?
উত্তৰ: ইয়াত, R₁ = 5Ω, R₂ = 8Ω, R₃ = 12Ω
মুঠ ৰোধ R = R₁ + R₂ + R₃ = 5 + 8 + 12 = 25Ω
বিভৱভেদ, V = 6V
I = V/R = 6/25 = 0.24 A
ইয়াত এমিটাৰৰ পাঠ হ'ব 0.24 A
আকৌ, I = 0.24 A, R = 12Ω
V = IR = 0.24 × 12 = 2.88 V
ভল্টমিটাৰৰ পাঠ হ'ব 2.88 V।
Page 216 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 216
প্ৰশ্ন ১: নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নিৰ্ণয় কৰা।— (a) 1Ω আৰু 10⁶Ω, (b) 1Ω, 10³Ω আৰু 10⁶Ω
উত্তৰ:
(a) ইয়াত, R₁ = 1Ω, R₂ = 10⁶Ω
1/R = 1/R₁ + 1/R₂ = 1/1 + 1/10⁶ = (10⁶ + 1)/10⁶
R ≈ 1Ω (প্ৰায়)
(b) ইয়াত, R₁ = 1Ω, R₂ = 10³Ω, R₃ = 10⁶Ω
1/R = 1/1 + 1/10³ + 1/10⁶ = (10⁶ + 10³ + 1)/10⁶
R ≈ 1Ω (প্ৰায়)
প্ৰশ্ন ২: 100Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্ৰি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই তিনিওটাই সমান প্ৰবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহ কিমান হ'ব?
উত্তৰ: ইয়াত, R₁ = 100Ω, R₂ = 50Ω, R₃ = 500Ω, V = 220V
সমতুল্য ৰোধ 1/R = 1/R₁ + 1/R₂ + 1/R₃ = 1/100 + 1/50 + 1/500 = (5 + 10 + 1)/500 = 16/500
R = 500/16 = 31.25Ω
ইস্ত্ৰিটোৰ ৰোধ R = 31.25Ω
ইস্ত্ৰিটোৰ মাজেৰে চালিত প্ৰবাহ হ'ব, I = V/R = 220/31.25 = 7.04 A
Page 218 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 218
প্ৰশ্ন ১: ৈবদ্যুতিক ইস্ত্ৰিৰ তাপ উপাদানডাল দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয়?
উত্তৰ: বৈদ্যুতিক ইস্ত্ৰিৰ তাপ উপাদানডালৰ ৰোধ যথেষ্ট বেছি গতিকে ইহঁতে বেছি পৰিমাণে বিদ্যুৎ শক্তি তাপ শক্তিলৈ ৰূপান্তৰ কৰে বাবে এইবোৰ দীপ্ত হয়। আনহাতে, সংযোগী তাঁৰবোৰৰ ৰোধ কম হয় বাবে কম পৰিমাণে বিদ্যুৎ প্ৰবাহ বহন কৰে ফলত এইবোৰ দীপ্ত নহয়।
প্ৰশ্ন ২: 9600 কুলম্ব আধান 1 ঘণ্টাত 50V বিভৱভেদৰ মাজেৰে সঞ্চালিত হলে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।
উত্তৰ: Q = 9600 C, t = 1 Hour = 3600 s, V = 50 V
প্ৰবাহ, I = Q/t = 9600/3600 = 2.66 A
ৰোধ, R = V/I = 50/2.66 = 18.79Ω
উৎপাদিত তাপ H = I²Rt = (2.66)² × 18.79 × 3600 = 478621 J
প্ৰশ্ন ৩: 20Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 5A প্ৰবাহ লয়। 30 ছেকেণ্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।
উত্তৰ: I = 5A, R = 20Ω, t = 30s
উৎপাদিত তাপ H = I²Rt = 5² × 20 × 30 = 25 × 20 × 30 = 15000 J
Page 220 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 220
প্ৰশ্ন ১: এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে?
উত্তৰ: বৈদ্যুতিক ক্ষমতাই নিৰূপণ কৰে।
প্ৰশ্ন ২: এটা বৈদ্যুতিক মটৰে 220V লাইনৰ পৰা 5A প্ৰবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা।
উত্তৰ: I = 5A, V = 220V, t = 2 hour
ক্ষমতা, P = VI = 220 × 5 W = 1100W
শক্তি, E = Pt = 1100 × 2 = 2200 Wh = 2.2 kWh
3. অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Exercise) — ALL 18 QUESTIONS
পৃষ্ঠা নং: 221-222
প্ৰশ্ন ১: R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R' হয়, তেতিয়া R/R' অনুপাত হ'ব— (a) 1/25 (b) 1/5 (c) 5 (d) 25
উত্তৰ: (d) 25
ব্যাখ্যা: প্ৰতিটো ভাগৰ ৰোধ R/5। পাঁচটা সমান্তৰালভাৱে সংযোগ কৰিলে R' = (R/5)/5 = R/25। গতিকে R/R' = 25।
প্ৰশ্ন ২: তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? (a) I²R (b) IR² (c) VI (d) V²/R
উত্তৰ: (b) IR²
ব্যাখ্যা: বৈদ্যুতিক ক্ষমতাৰ সূত্ৰসমূহ হ'ল P = I²R, P = VI, P = V²/R। IR² বৈদ্যুতিক ক্ষমতাৰ সূত্ৰ নহয়।
প্ৰশ্ন ৩: এটা বৈদ্যুতিক বাল্ব 220V আৰু 100W চিহ্নিত কৰা আছে। যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ'ব— (a) 100 W (b) 75 W (c) 50 W (d) 25 W
উত্তৰ: (d) 25 W
ব্যাখ্যা: P = V²/R। বাল্বৰ ৰোধ R = V²/P = 220²/100 = 484Ω। 110V ত P = 110²/484 = 25W।
প্ৰশ্ন ৪: একে পদাৰ্থৰ দুডাল একে দীৰ্ঘৰ আৰু একে ব্যাসৰ পৰিবাহী তাৰ প্ৰথমে শ্ৰেণীবদ্ধ সজাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ'ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত— (a) 1:2 (b) 2:1 (c) 1:4 (d) 4:1
উত্তৰ: (c) 1:4
ব্যাখ্যা: শ্ৰেণীবদ্ধ সজ্জাত R_s = 2R, সমান্তৰাল সজ্জাত R_p = R/2। H = V²t/R। গতিকে H_s : H_p = R_p : R_s = (R/2) : (2R) = 1:4।
প্ৰশ্ন ৫: দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা?
উত্তৰ: দুটা বিন্দুৰ মাজত বিভৱভেদ নিৰ্ণয় কৰাৰ বাবে বৰ্তনী এটাত ভল্টমিটাৰ এটা সদায় সমান্তৰালভাৱে সংযোগ কৰিব লাগে।
প্ৰশ্ন ৬: এডাল তামৰ তাঁৰৰ ব্যাস 0.5 mm আৰু ৰোধকতা 1.6 × 10⁻⁸ Ω m। 10Ω ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দীৰ্ঘ কিমান হ'ব লাগিব? যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হয়, ৰোধৰ পৰিৱৰ্তন কিমান হ'ব?
উত্তৰ: ρ = 1.6 × 10⁻⁸ Ω m, R = 10Ω, r = 0.25 mm = 2.5 × 10⁻⁴ m
A = πr² = π × (2.5 × 10⁻⁴)² = 1.96 × 10⁻⁷ m²
R = ρl/A
l = RA/ρ = (10 × 1.96 × 10⁻⁷)/(1.6 × 10⁻⁸) = 122.5 m
তাঁৰডালৰ দীৰ্ঘ 122.5 m।
আকৌ, তাঁৰডালৰ ব্যাস দুগুণ কৰিলে ৰোধ আগৰ তুলনাত 1/4 হয়।
প্ৰশ্ন ৭: এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহ I ৰ মান আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ'ল— I (এম্পিয়াৰ) 0.5, 1.0, 2.0, 3.0, 4.0; V (ভল্ট) 1.6, 3.4, 6.7, 10.2, 13.2। V আৰু I ৰ মাজৰ লেখ এটা অংকন কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।
উত্তৰ: V আৰু I ৰ মাজৰ লেখডাল সৰলৰৈখিক হ'ব।
ৰোধকটোৰ ৰোধ R = (V₂ - V₁)/(I₂ - I₁) = (6.7 - 3.4)/(2.0 - 1.0) = 3.3/1.0 = 3.3Ω
প্ৰশ্ন ৮: যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় তাত 2.5mA প্ৰবাহ চলিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা।
উত্তৰ: V = 12V, I = 2.5 mA = 2.5 × 10⁻³ A
R = V/I = 12/(2.5 × 10⁻³) = 4800Ω
নিৰ্ণেয় ৰোধ = 4800Ω।
প্ৰশ্ন ৯: এটা বেটেৰীৰ লগত 0.2Ω, 0.3Ω, 0.4Ω, 0.5Ω আৰু 12Ω ৰোধক কেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে। 12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চলিত হৈছে?
উত্তৰ: মুঠ ৰোধ R = 0.2 + 0.3 + 0.4 + 0.5 + 12 = 13.4Ω
বিভৱভেদ V = 9V
I = V/R = 9/13.4 = 0.67 A
ৰোধকৰ মাজেৰে যোৱা প্ৰবাহ 0.67 A।
প্ৰশ্ন ১০: 176Ω ৰ কিমানটা ৰোধক হলে 220V ৰ লাইন এটাত 5A প্ৰবাহ পোৱা যাব?
উত্তৰ: ধৰা হ'ল, 176Ω ৰ n টা ৰোধ সমান্তৰালভাৱে সংযোগ কৰা হৈছে।
1/R = n/176
R = 176/n Ω
ওমৰ সূত্ৰৰ পৰা, R = V/I
176/n = 220/5
n = 176 × 5/220 = 4
নিৰ্ণেয় ৰোধকৰ সংখ্যা 4 টা।
প্ৰশ্ন ১১: প্ৰতিটো 6Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ (i) 9Ω আৰু (ii) 4Ω হ'ব?
উত্তৰ: R₁ = R₂ = R₃ = 6Ω
(i) দুটা ৰোধক সমান্তৰাল সজ্জাত আৰু তৃতীয়টো শ্ৰেণীবদ্ধ সজাত সংযোগ কৰিলে—
1/R' = 1/R₁ + 1/R₂ = 1/6 + 1/6 = 2/6 = 1/3
R' = 3Ω
R = R' + R₃ = 3Ω + 6Ω = 9Ω
(ii) আকৌ, দুটা ৰোধক শ্ৰেণীবদ্ধ সজ্জাত আৰু তৃতীয়টো সমান্তৰাল সজ্জাত সংযোগ কৰিলে—
R' = 6Ω + 6Ω = 12Ω
1/R = 1/R' + 1/R₂ = 1/12 + 1/6 = 3/12 = 1/4
R = 4Ω
প্ৰশ্ন ১২: বহুকেইটা বৈদ্যুতিক বাল্ব 220V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5A হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220V লাইনৰ লগত সংযোগ কৰিব লাগিব?
উত্তৰ: V = 220V, I = 5A, P = 10W
প্ৰতিটো বাল্বৰ ৰোধ R = V²/P = 220²/10 = 4840Ω
ধৰা হ'ল, x টা বাল্ব সমান্তৰাল সজাত সংযোগ কৰিলে মুঠ ৰোধ R/x = 4840/x
I = V/(R/x) = Vx/R
5 = 220x/4840
x = 5 × 4840/220 = 110
110 টা বাল্ব সংযোগ কৰিব লাগিব।
প্ৰশ্ন ১৩: 220V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গ্ৰম ফিলামেন্টৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে, আৰু প্ৰত্যেকৰে ৰোধৰ মান 24Ω, যিকেইটা প্ৰত্যেকেই শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্ৰত প্ৰবাহ কি হ'ব?
উত্তৰ: প্ৰতিটো কুণ্ডলীৰ ৰোধ = 24Ω, V = 220V
(i) কুণ্ডলী A: I = V/R = 220/24 = 9.17 A
(ii) শ্ৰেণীবদ্ধ: R = 24 + 24 = 48Ω, I = 220/48 = 4.58 A
(iii) সমান্তৰাল: 1/R = 1/24 + 1/24 = 2/24 = 1/12, R = 12Ω, I = 220/12 = 18.33 A
প্ৰশ্ন ১৪: 2Ω ৰোধ এটাৰ বৰ্তমান ক্ষমতা তলত প্ৰতিটো ক্ষেত্ৰত উলিওৱা (i) 1Ω আৰু 2Ω ৰ দুটা ৰোধক 6V ৰ বেটেৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে, আৰু (ii) 12Ω আৰু 2Ω ৰ ৰোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।
উত্তৰ:
(i) শ্ৰেণীবদ্ধ: R = 1 + 2 = 3Ω, I = 6/3 = 2A
2Ω ৰোধত ক্ষমতা P = I²R = 2² × 2 = 8W
(ii) সমান্তৰাল: 2Ω ৰোধত V = 4V
P = V²/R = 4²/2 = 8W
প্ৰশ্ন ১৫: এটা 220V ত 100 W চিহ্নিত আৰু আনটো 220 V ত 60 W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগান লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220V হয়, কিমান প্ৰবাহ ই ল'ব?
উত্তৰ: P₁ = 100W, P₂ = 60W, V = 220V
মুঠ ক্ষমতা P = P₁ + P₂ = 100 + 60 = 160W
I = P/V = 160/220 = 0.73 A
প্ৰশ্ন ১৬: কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250W ৰ TV চেট 1 ঘণ্টা চলিলে বা এটা 1200W ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে?
উত্তৰ: TV ৰ শক্তি = 250W × 1h = 250 Wh
ৰুটিসেকা সঁজুলিৰ শক্তি = 1200W × (10/60)h = 200 Wh
TV চেটে বেছি শক্তি ব্যৱহাৰ কৰিব।
প্ৰশ্ন ১৭: 8Ω ৰোধ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলালে মেইনৰ পৰা 15 A প্ৰবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা।
উত্তৰ: R = 8Ω, I = 15A, t = 2h = 7200s
তাপ উৎপন্নৰ হাৰ = I²R = 15² × 8 = 1800 W = 1.8 kW
প্ৰশ্ন ১৮: ব্যাখ্যা কৰা— (a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ কৰা হয়? (b) বিদ্যুৎ তাপীয় সঁজুলি যেনে ৰুটিসেকা সঁজুলি আৰু ইস্ত্ৰিত বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়? (c) ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয়? (d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিৱৰ্তন হয়? (e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়ামৰ তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰ:
(a) টাংষ্টেনৰ ৰোধৰ মান বেছি আৰু গলনাংক অতি বেছি (3380°C) হোৱা বাবে এইবোৰক বৈদ্যুতিক বাল্ব ফিলামেন্ট হিচাপে ব্যৱহাৰ কৰা হয়।
(b) সংকৰ ধাতুৰ ৰোধৰ মান বিশুদ্ধ ধাতুৰ তুলনাত অতি বেছি বাবে ৰুটিসেকা সঁজুলি আৰু ইস্ত্ৰি আদিত সংকৰ ধাতু ব্যৱহাৰ কৰা হয়।
(c) ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয়, কাৰণ—
- শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো সঁজুলিৰ মাজেদি সমপৰিমাণৰ প্ৰবাহ চলিত হয়, যিটোৱে বস্তু ক্ষতি কৰে।
- এই ক্ষেত্ৰত মুঠ ৰোধৰ পৰিমাণ বেছি হয়, ফলত প্ৰবাহৰ মান কমি যায়।
- প্ৰতিটো সঁজুলিৰ বাবে বেলেগ বেলেগকৈ চুইচ অফ-অন কৰিব নোৱাৰি।
- প্ৰয়োজন নাথাকিলেও প্ৰতিটো সঁজুলি একেলগে ব্যৱহাৰ কৰিব লগা হয়। ফলত খৰচৰ পৰিমাণ বাঢ়ি যায়।
(d) কোনো পৰিবাহীৰ ৰোধ ইয়াৰ পৃষ্ঠকালিৰ ব্যস্তানুপাতিক। অৰ্থাৎ, R ∝ 1/A
(e) কপাৰ আৰু এলুমিনিয়ামৰ ৰোধ অতি কম হোৱা বাবে ইয়াৰ মাজেৰে সহজে বিদ্যুৎ চলিত হ'ব পাৰে।
4. HSLC পৰীক্ষাৰ বাবে বিশেষ প্ৰশ্নোত্তৰ (অসম ব'ৰ্ড)
🎯 HSLC উচ্চ সম্ভাৱনীয় প্ৰশ্ন (অসম ব'ৰ্ডত সঘনাই অহা)
প্ৰশ্ন ১: ওমৰ সূত্ৰ লিখা।
উত্তৰ: উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ, V তাৰডালৰ মাজেৰে যোৱা প্ৰবাহ I ৰ সমানুপাতিক। V = IR
প্ৰশ্ন ২: ৰোধ কি?
উত্তৰ: পৰিবাহী এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ আৰু তাৰ মাজেৰে যোৱা প্ৰবাহৰ অনুপাতক ৰোধ বোলা হয়। R = V/I। ইয়াৰ একক ওম (Ω)।
প্ৰশ্ন ৩: শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাৰ মাজত পাৰ্থক্য লিখা।
উত্তৰ:
| শ্ৰেণীবদ্ধ সজ্জা | সমান্তৰাল সজ্জা |
| প্ৰতিটো ৰোধকৰ মাজেৰে একে প্ৰবাহ চলিত হয়। | প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ একে। |
| সমতুল্য ৰোধ R_s = R₁ + R₂ + R₃ | 1/R_p = 1/R₁ + 1/R₂ + 1/R₃ |
| সমতুল্য ৰোধ প্ৰতিটো ৰোধতকৈ বেছি। | সমতুল্য ৰোধ প্ৰতিটো ৰোধতকৈ কম। |
প্ৰশ্ন ৪: জুলৰ তাপীয় সূত্ৰ লিখা।
উত্তৰ: R ৰোধৰ ৰোধক এটাৰ মাজেৰে I প্ৰবাহ t সময় ধৰি চলিত হলে উৎপন্ন হোৱা তাপ H = I²Rt।
প্ৰশ্ন ৫: বৈদ্যুতিক ক্ষমতা কি?
উত্তৰ: বিদ্যুৎ শক্তিৰ খৰচ বা অপচয়ৰ হাৰক বৈদ্যুতিক ক্ষমতা বোলা হয়। P = VI। ইয়াৰ একক ৱাট (W)।
প্ৰশ্ন ৬: বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি?
উত্তৰ: কিলোৱাট ঘণ্টা (kWh)। 1 kWh = 3.6 × 10⁶ J।
প্ৰশ্ন ৭: ফিউজ কি? ই কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰ: ফিউজ হ'ল কম গলনাংকৰ ধাতু বা সংকৰ ধাতুৰ তাঁৰৰ টুকুৰা এটা যি বৰ্তনীত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়। ই অবাঞ্ছিত উচ্চ প্ৰবাহ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত কৰে।
5. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)
১। বিদ্যুৎ প্ৰবাহৰ এচ.আই. একক কি?
(A) ভল্ট (B) এম্পিয়াৰ (C) ওম (D) ৱাট
উত্তৰ চাওক
উত্তৰ: (B) এম্পিয়াৰ — বিদ্যুৎ প্ৰবাহৰ একক এম্পিয়াৰ।
২। ওমৰ সূত্ৰ কি?
(A) V = I/R (B) V = IR (C) I = VR (D) R = VI
উত্তৰ চাওক
উত্তৰ: (B) V = IR — ওমৰ সূত্ৰ V = IR।
৩। ৰোধৰ এচ.আই. একক কি?
(A) এম্পিয়াৰ (B) ভল্ট (C) ওম (D) ৱাট
উত্তৰ চাওক
উত্তৰ: (C) ওম — ৰোধৰ একক ওম (Ω)।
৪। শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধ—
(A) R_s = R₁ + R₂ + R₃ (B) 1/R_p = 1/R₁ + 1/R₂ + 1/R₃ (C) R = R₁ × R₂ (D) R = R₁/R₂
উত্তৰ চাওক
উত্তৰ: (A) R_s = R₁ + R₂ + R₃ — শ্ৰেণীবদ্ধ সজ্জাৰ সূত্ৰ।
৫। সমান্তৰাল সজ্জাত সমতুল্য ৰোধ—
(A) R_p = R₁ + R₂ + R₃ (B) 1/R_p = 1/R₁ + 1/R₂ + 1/R₃ (C) R = R₁ × R₂ (D) R = R₁/R₂
উত্তৰ চাওক
উত্তৰ: (B) 1/R_p = 1/R₁ + 1/R₂ + 1/R₃ — সমান্তৰাল সজ্জাৰ সূত্ৰ।
৬। জুলৰ তাপীয় সূত্ৰ কি?
(A) H = IRt (B) H = I²Rt (C) H = I²R (D) H = IR²t
উত্তৰ চাওক
উত্তৰ: (B) H = I²Rt — জুলৰ তাপীয় সূত্ৰ।
৭। বৈদ্যুতিক ক্ষমতাৰ একক কি?
(A) জুল (B) ৱাট (C) ভল্ট (D) এম্পিয়াৰ
উত্তৰ চাওক
উত্তৰ: (B) ৱাট — বৈদ্যুতিক ক্ষমতাৰ একক ৱাট (W)।
৮। 1 kWh কিমান জুল?
(A) 3.6 × 10⁴ J (B) 3.6 × 10⁵ J (C) 3.6 × 10⁶ J (D) 3.6 × 10⁷ J
উত্তৰ চাওক
উত্তৰ: (C) 3.6 × 10⁶ J — 1 kWh = 3.6 × 10⁶ J।
৯। ফিউজ কি ধৰণৰ তাঁৰৰ পৰা তৈয়াৰ কৰা হয়?
(A) উচ্চ গলনাংক (B) নিম্ন গলনাংক (C) উচ্চ ৰোধ (D) নিম্ন ৰোধ
উত্তৰ চাওক
উত্তৰ: (B) নিম্ন গলনাংক — ফিউজ কম গলনাংকৰ ধাতুৰে তৈয়াৰ কৰা হয়।
১০। বৈদ্যুতিক বাল্বৰ ফিলামেন্ট কাৰ পৰা তৈয়াৰ কৰা হয়?
(A) তাম (B) এলুমিনিয়াম (C) টাংষ্টেন (D) লো
উত্তৰ চাওক
উত্তৰ: (C) টাংষ্টেন — টাংষ্টেনৰ গলনাংক অতি বেছি।
6. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)
🧠 আপোনাৰ মগজুক প্ৰত্যাহ্বান জনাওক! (HSLC ৰ বাবে সমালোচনাত্মক চিন্তা)
প্ৰশ্ন ১: যদি এডাল পৰিবাহীৰ দীৰ্ঘ দুগুণ কৰা হয়, তেন্তে ৰোধৰ কি পৰিৱৰ্তন হ'ব?
উত্তৰ: R ∝ l। দীৰ্ঘ দুগুণ কৰিলে ৰোধও দুগুণ হ'ব।
প্ৰশ্ন ২: যদি এডাল পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি দুগুণ কৰা হয়, তেন্তে ৰোধৰ কি পৰিৱৰ্তন হ'ব?
উত্তৰ: R ∝ 1/A। প্ৰস্থচ্ছেদৰ কালি দুগুণ কৰিলে ৰোধ আধা হ'ব।
প্ৰশ্ন ৩: শ্ৰেণীবদ্ধ সজ্জাত ৰোধ বেছি হয় নে সমান্তৰাল সজ্জাত?
উত্তৰ: শ্ৰেণীবদ্ধ সজ্জাত ৰোধ বেছি হয়। কাৰণ R_s = R₁ + R₂ + R₃। সমান্তৰাল সজ্জাত ৰোধ কম হয়।
প্ৰশ্ন ৪: বৈদ্যুতিক ইস্ত্ৰিৰ তাপ উপাদানডাল কিয় দীপ্ত হয়?
উত্তৰ: বৈদ্যুতিক ইস্ত্ৰিৰ তাপ উপাদানডালৰ ৰোধ যথেষ্ট বেছি। গতিকে ই বেছি পৰিমাণে বিদ্যুৎ শক্তি তাপ শক্তিলৈ ৰূপান্তৰ কৰে বাবে দীপ্ত হয়।
প্ৰশ্ন ৫: ঘৰুৱা বৰ্তনীত সমান্তৰাল সজ্জা কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰ: ঘৰুৱা বৰ্তনীত সমান্তৰাল সজ্জা ব্যৱহাৰ কৰা হয় কাৰণ—
- প্ৰতিটো সঁজুলিয়ে সমান বিভৱভেদ পায়।
- এটা সঁজুলি বন্ধ কৰিলেও আনবোৰ চলি থাকে।
- মুঠ ৰোধ কম হয়, গতিকে বেছি প্ৰবাহ পোৱা যায়।
7. পৰীক্ষা-নিৰীক্ষাৰ প্ৰশ্নোত্তৰ (Activity Q&A)
Activity 12.1 — ওমৰ সূত্ৰ পৰীক্ষা
প্ৰশ্ন: ওমৰ সূত্ৰ পৰীক্ষা কৰা।
উত্তৰ: এডাল নিক্ৰ'ম তাঁৰ, এমিটাৰ, ভল্টমিটাৰ আৰু চাৰিটা 1.5V কোষ লৈ এটা বৰ্তনী সজা। এটা কোষ সংযোগ কৰি প্ৰবাহ I আৰু বিভৱভেদ V জোখা। এতিয়া দুটা, তিনি আৰু চাৰিটা কোষ সংযোগ কৰি পুনৰ প্ৰবাহ আৰু বিভৱভেদ জোখা। V/I ৰ অনুপাত নিৰ্ণয় কৰা। V আৰু I ৰ মাজৰ লেখ এটা অংকন কৰিলে সৰলৰৈখিক হ'ব।
Activity 12.2 — ৰোধৰ নিৰ্ভৰশীলতা
প্ৰশ্ন: ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে পৰীক্ষা কৰা।
উত্তৰ: এটা বৰ্তনীত বিভিন্ন দীৰ্ঘৰ, বিভিন্ন প্ৰস্থচ্ছেদৰ আৰু বিভিন্ন পদাৰ্থৰ তাঁৰ সংযোগ কৰি প্ৰবাহ জোখা। দেখা যাব যে ৰোধ দীৰ্ঘৰ সমানুপাতিক, প্ৰস্থচ্ছেদৰ ব্যস্তানুপাতিক আৰু পদাৰ্থৰ ওপৰত নিৰ্ভৰশীল।
Activity 12.3 — শ্ৰেণীবদ্ধ সজ্জা
প্ৰশ্ন: শ্ৰেণীবদ্ধ সজ্জাত ৰোধৰ ধৰ্ম পৰীক্ষা কৰা।
উত্তৰ: তিনি Different মানৰ ৰোধ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি এমিটাৰ আৰু ভল্টমিটাৰেৰে প্ৰবাহ আৰু বিভৱভেদ জোখা। দেখা যাব যে প্ৰতিটো ৰোধৰ মাজেৰে একে প্ৰবাহ চলিত হয় আৰু মুঠ বিভৱভেদ প্ৰতিটো ৰোধৰ বিভৱভেদৰ যোগফলৰ সমান।
Activity 12.4 — সমান্তৰাল সজ্জা
প্ৰশ্ন: সমান্তৰাল সজ্জাত ৰোধৰ ধৰ্ম পৰীক্ষা কৰা।
উত্তৰ: তিনি Different মানৰ ৰোধ সমান্তৰালভাৱে সংযোগ কৰি এমিটাৰ আৰু ভল্টমিটাৰেৰে প্ৰবাহ আৰু বিভৱভেদ জোখা। দেখা যাব যে প্ৰতিটো ৰোধৰ দুই মূৰৰ মাজৰ বিভৱভেদ একে আৰু মুঠ প্ৰবাহ প্ৰতিটো শাখাৰ প্ৰবাহৰ যোগফলৰ সমান।
মুঠ Activity: ৪ টা
8. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক
🌍 বিজ্ঞানক জীৱনৰ সৈতে সংযোগ কৰা:
- বৈদ্যুতিক বাল্ব: টাংষ্টেন ফিলামেন্ট ব্যৱহাৰ কৰি পোহৰ উৎপন্ন কৰে।
- বৈদ্যুতিক ইস্ত্ৰি: সংকৰ ধাতুৰ কুণ্ডলী ব্যৱহাৰ কৰি তাপ উৎপন্ন কৰে।
- ফিউজ: বৰ্তনীক সুৰক্ষা দিয়ে।
- ঘৰুৱা বৰ্তনী: সমান্তৰাল সজ্জা ব্যৱহাৰ কৰা হয়।
- বৈদ্যুতিক মিটাৰ: ব্যয় হোৱা বিদ্যুৎ শক্তি জোখে।
- বিদ্যুৎ সঞ্চালন: তাম আৰু এলুমিনিয়ামৰ তাঁৰ ব্যৱহাৰ কৰা হয়।
- বৈদ্যুতিক হিটাৰ: উচ্চ ৰোধৰ সংকৰ ধাতু ব্যৱহাৰ কৰা হয়।
- এমিটাৰ: প্ৰবাহ জোখে।
- ভল্টমিটাৰ: বিভৱভেদ জোখে।
Comments
Post a Comment