Class 9 Science: Chapter 5 - জীৱৰ মৌলিক একক ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 জীৱবিলাক কিহৰ গঠিত? (What are Living Organisms Made Up of?) — Page 58-60 পৃষ্ঠা নং: 58-60 📌 ঐতিহাসিক পৃষ্ঠভূমি: ৰবাৰ্ট হক এটুকুৰা কক (Cork) ৰ পাতল ছেদ পৰীক্ষা কৰি মৌমোহৰ নিচিনা কিছুমান কোঠালি দেখি পাইছিল। কক হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এিবধ উপাদান। সেইয়া আছিল 1665 খ্ৰীষ্টাব্দ। এটা দিন, দিনদুনীয়া ৰবাৰ্ট হক নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এই পৰ্যবেক্ষণবোৰ কৰিছিল। ৰবাৰ্ট হকে সেই কোঠালিবোৰক "Cell" বুলি আখ্যা দিছিল। লেটিনশব্দ— "Cell" ৰ অৰ্থ হ'ল সৰু সৰু কোঠালি। এই পৰ্যবেক্ষণটো দেখাত তাৎপৰ্যবিহীন যেন লাগিছিলও বিজ্ঞানইতিহাসতই এক গুৰুত্বপূৰ্ণ ঘটনা। এই পৰ্যবেক্ষণবোৰে জীৱৰ দেহ যে কিছুমান পৃথক পৃথক এককৰ দ্বাৰা গঠিত তাক কোনো এজনে পোন প্ৰথমে সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। সেই দিন ধৰি জীৱবিজ্ঞান বিষয়ত বৰ্তমানলৈকে তেনে একক বিলাকক "কোষ" বুলি অভিহিত কৰি অহা হৈছে। ...
Class 9 Science: Chapter 4 - পৰমাণুৰ গঠন ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 পদাৰ্থত থকা আধানযুক্ত কণাবোৰ (Charged Particles in Matter) — Page 47-48 পৃষ্ঠা নং: 47-48 🔬 কাৰ্যকলাপ 4.1 — স্থিত বিদ্যুৎ পৰীক্ষা: A. এখন ফনিৰে শুকান চুলি ফনিয়াই ফিনখন কাগজৰ সৰু সৰু টুকুৰাৰ ওপৰত ধৰা। ফিনখনে কাগজৰ টুকুৰাবোৰ আকৰ্ষণ কৰিবনে? B. কাচৰ ৰড এডাল এখন চিল্কৰ কাপোৰেৰে ঘঁহি লোৱা আৰু ৰডডাল ফুলি থকা বেলুন এটাৰ কাষলৈ নিয়া। কি ঘটিছে লক্ষ্য কৰা। সিদ্ধান্ত: দুটা বস্তু পৰস্পৰ ঘঁহিলে সিহঁত বৈদ্যুতিকভাৱে আহিত হোৱা বুলি ওপৰৰ কাৰ্যকলাপৰ পৰা আমি সিদ্ধান্ত ল'ব পাৰোঁ। 📖 ইলেকট্ৰন (Electron): 1900 চনলৈ এইটো জনা গৈছিল যে পৰমাণুবোৰ সৰল অবিভাজ্য কণা নহয়। ইয়াত অন্ততঃ এিবধ উপপাৰমাণবিক কণা আছে। জে জে থমছন (J. J. Thomson) এই কণাবোৰক ইলেকট্ৰন হিচাপে চিনাক্ত কৰিছিল। ইলেকট্ৰন ঋণাত্মক আধানযুক্ত। 📖 প্ৰ'টন (Proton): 1886 চনত ই গ'ল্ডষ্টেইনে (E. Goldstain) গেছৰ বিদ্যুৎ মোক্ষণত এিবধ নতুন বিকিৰণৰ উপস্...