Class 10 Science: Chapter 13 - বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ
📌 অধ্যায়ৰ পৰিচয়: আগৰ অধ্যায় ‘বিদ্যুৎ’ত আমি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ বিষয়ে পঢ়িছিলোঁ। বিদ্যুৎ প্ৰবাহৰ আন ক্ৰিয়াবোৰ কি হ’ব পাৰে? আমি জানো যে বিদ্যুৎ প্ৰবাহযুক্ত পৰিবাহীয়ে চুম্বকৰ দৰে আচৰণ কৰে। এই অধ্যায়ত আমি চুম্বক ক্ষেত্ৰ আৰু এনেকুৱা বিদ্যুৎ-চুম্বকীয় পৰিঘটনাসমূহৰ বিষয়ে আলোচনা কৰিম। বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াৰ আধাৰত বিদ্যুৎ-চুম্বক আৰু বৈদ্যুতিক মটৰৰ বিষয়ে আৰু চলমান চুম্বকৰ বিদ্যুৎ ক্ৰিয়াৰ আধাৰত বৈদ্যুতিক জেনেৰেটৰৰ বিষয়েও আমি অধ্যয়ন কৰিম।
পৃষ্ঠা নং: 223
1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)
1.1 চুম্বক ক্ষেত্ৰ আৰু বলৰেখা (Magnetic Field and Field Lines) — Page 224-225
পৃষ্ঠা নং: 224-225
চুম্বক ক্ষেত্ৰ (Magnetic Field): চুম্বক এডালৰ চাৰিওফালে যি অঞ্চলত চুম্বক ডালৰ বল অনুভূত হয় সেই অঞ্চলত এখন চুম্বক ক্ষেত্ৰ (Magnetic Field) থকা বুলি কোৱা হয়।
চুম্বক বলৰেখা (Magnetic Field Lines): যিবিলাক ৰেখাৰ লোৰ গুড়িবিলাক পংক্তিবদ্ধ হয় সেইবোৰক চুম্বক বলৰেখা বোলা হয়।
চুম্বক বলৰেখাৰ ধৰ্মসমূহ:
- চুম্বকীয় বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায়।
- চুম্বকৰ ভিতৰত বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ, সেয়েহে বলৰেখাবোৰ অবিচ্ছিন্ন ৰেখা।
- চুম্বকীয় বলৰেখাবোৰৰ কোনো বাস্তৱ অস্তিত্ব নাই।
- দুডাল বলৰেখাই কেতিয়াও কটাকটি নকৰে।
দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে? আমি জানো, দিগদৰ্শন যন্ত্ৰৰ কাঁটাই নিৰ্দেশ কৰা দিশেই চৌম্বক বলৰেখাৰ দিশ। যদি দুডাল বলৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে সেই বিন্দুত দিগদৰ্শন যন্ত্ৰৰ কাঁটাই একে সময়তে দুটা ভিন্ন দিশ নিৰ্দেশ কৰিব লাগিব, যিটো সম্ভৱ নহয়। সেয়ে দুডাল চৌম্বক বলৰেখাই পৰস্পৰ কটাকটি কৰিব নোৱাৰে।
1.2 প্ৰবাহযুক্ত পৰিবাহীৰ বাবে চুম্বক ক্ষেত্ৰ (Magnetic Field Due to Current Carrying Conductor) — Page 226-227
পৃষ্ঠা নং: 226-227
পোন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ: এডাল পোন প্ৰবাহযুক্ত পৰিবাহীৰ চাৰিওফালে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। এই চুম্বক বলৰেখাবোৰ পৰিবাহীডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰ দৰে হয়।
সোঁহাতৰ বুঢ়া-আঙুলি নীতি (Right-Hand Thumb Rule): প্ৰবাহযুক্ত পোন পৰিবাহী এডাল সোঁহাতেৰে এনেদৰে ধৰিবা বুলি কল্পনা কৰা যাতে বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত মূৰ কৰি থাকে। তেনে অৱস্থাত তোমাৰ বাকী আঙুলিকেইটাই চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশত পৰিবাহীডালক মেৰিয়াই ধৰিব। ইয়াক সোঁহাঁতৰ বুঢ়া আঙুলিৰ নীতি বুলি জনা যায়।
বৃত্তাকাৰ কুণ্ডলীৰ প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰ: এডাল পোন প্ৰবাহযুক্ত তাঁৰৰ বাবে চুম্বক ক্ষেত্ৰ মান ইয়াৰ পৰা দূৰত্বৰ ব্যস্তানুপাতিক। একেদৰে, প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীৰ প্ৰতিটো বিন্দুৱে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰ বুজোৱা এককেন্দ্ৰিক বৃত্তবোৰ, আমি পৰিবাহীৰ পৰা আঁতৰি গৈ থাকিলে ক্ৰমাগতভাৱে ডাঙৰ হৈ যাব।
চ’লেনইড (Solenoid): চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক চ’লেনইড বোলা হয়। এটা প্ৰবাহযুক্ত চ’লেনইডৰ কেউকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ আমি দণ্ড চুম্বকৰ এডালৰ কেউকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ লগত তুলনা কৰিব পাৰি। চ’লেনইডৰ অন্তৰ্ভাগৰ বলৰেখাবিলাক সমান্তৰাল সৰলৰেখা। ইয়াৰ অৰ্থ এই যে চ’লেনইডৰ অন্তৰ্ভাগৰ সকলো বিন্দুত চুম্বক ক্ষেত্ৰ একে। অৰ্থাৎ চ’লেনইডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম।
1.3 চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল (Force on a Current Carrying Conductor in a Magnetic Field) — Page 228-229
পৃষ্ঠা নং: 228-229
চুম্বক ক্ষেত্ৰত প্ৰবাহযুক্ত পৰিবাহীত বল: আমি জানিলোঁ যে কোনো পৰিবাহীত চলিত হোৱা প্ৰবাহে চুম্বক ক্ষেত্ৰ উৎপন্ন কৰে। এনেদৰে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰই পৰিবাহীডালৰ নিকটৱৰ্তী চুম্বক এডালৰ ওপৰত বল প্ৰয়োগ কৰে। ফৰাচী বিজ্ঞানী আন্দ্ৰে মেৰী এম্পিয়াৰে (1775-1836) ধাৰণা কৰিছিল যে চুম্বকডালেও সমান আৰু বিপৰীতমুখী বল এটা প্ৰবাহযুক্ত পৰিবাহীডালৰ ওপৰত প্ৰয়োগ কৰিব।
ফ্লেমিঙৰ বাওঁহতীয়া নীতি (Fleming's Left-Hand Rule): বাওঁহাতৰ বুঢ়া, তৰ্জনী আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিয়া। যদি তৰ্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতি দিশ অৰ্থাৎ তাৰ ওপৰত প্ৰয়োগ কৰা বলৰ দিশ সূচাব।
1.4 বৈদ্যুতিক মটৰ (Electric Motor) — Page 232-233
পৃষ্ঠা নং: 232-233
বৈদ্যুতিক মটৰ (Electric Motor): বৈদ্যুতিক মটৰ হৈছে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আৱৰ্ত (Rotating) সঁজুলি।
বৈদ্যুতিক মটৰৰ মূলনীতি: বৈদ্যুতিক মটৰ মূল নীতিটো হ’ল- বিদ্যুৎ প্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে।
ফলা আঙুঠিৰ ভূমিকা (Role of Split Ring): বৈদ্যুতিক মটৰত ফলা আঙুঠিটোৱে প্ৰত্যেক আধা পাক মূৰে মূৰে কুণ্ডলীৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰে। যাৰ ফলত কুণ্ডলীটো একেটা দিশত ঘূৰি থাকে।
বৈদ্যুতিক মটৰত ব্যৱহৃত সঁজুলি: বৈদ্যুতিক পাংখা, ৰিফ্ৰিজাৰেটৰ, মিক্সাৰ, কাপোৰ ধোৱা মেচিন, কম্পিউটাৰ, এম.পি. থ্ৰি প্লেয়াৰ আদি।
1.5 বিদ্যুৎ চুম্বকীয় আৱেশ (Electromagnetic Induction) — Page 234-235
পৃষ্ঠা নং: 234-235
বিদ্যুৎ চুম্বকীয় আৱেশ (Electromagnetic Induction): এডাল পৰিবাহীত হোৱা চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আন এডাল পৰিবাহীত প্ৰবাহ আৱিষ্ট কৰা প্ৰক্ৰিয়াটোৱেই হ’ল বিদ্যুৎ চুম্বকীয় আৱেশ।
ফ্লেমিঙৰ সোঁহতীয়া নীতি (Fleming's Right-Hand Rule): সোঁহাতৰ বুঢ়া, তৰ্জনী আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি ধৰা। তৰ্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ, বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ সূচালে মধ্যমা আঙুলিয়ে আৱিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ দেখুৱাব।
1.6 বৈদ্যুতিক জেনেৰেটৰ (Electric Generator) — Page 236-237
পৃষ্ঠা নং: 236-237
বৈদ্যুতিক জেনেৰেটৰ (Electric Generator): বৈদ্যুতিক জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। ই বিদ্যুৎ চুম্বকীয় আৱেশৰ ভিত্তিত কাম কৰে।
AC জেনেৰেটৰ: পৰিৱৰ্তী প্ৰবাহ (AC) উৎপাদন কৰে। ইয়াত দুটা ফলা আঙুঠি থাকে। ভাৰতত AC ৰ কম্পনাংক 50 Hz।
DC জেনেৰেটৰ: প্ৰত্যক্ষ প্ৰবাহ (DC) উৎপাদন কৰে। ইয়াত এটা দিক পৰিবৰ্তক (Commutator) থাকে।
AC আৰু DC ৰ পাৰ্থক্য:
- প্ৰত্যক্ষ প্ৰবাহ (DC): সদায় এটা দিশত চালিত হয়।
- পৰিৱৰ্তী প্ৰবাহ (AC): ইয়াৰ দিশ পৰ্যাবৃত্তভাৱে সলনি হয়।
1.7 ঘৰুৱা বৈদ্যুতিক বৰ্তনী (Domestic Electric Circuits) — Page 238
পৃষ্ঠা নং: 238
ঘৰুৱা বৰ্তনী (Domestic Circuit): আমাৰ ঘৰবোৰত মুখ্য যোগান (Main Supply) ৰ পৰা বিদ্যুৎ শক্তিৰ যোগান ধৰা হয়। আমাৰ দেশত এই দুইডালৰ মাজৰ বিভৱভেদ 220 V হয়।
সজীৱ তাঁৰ (Live Wire): ৰঙা ৰঙৰ অন্তৰেৰে আচ্ছাদিত পৰিবাহীডালক সজীৱ বা ধনাত্মক তাঁৰ বোলা হয়।
উদাসীন তাঁৰ (Neutral Wire): ক’লা আচ্ছাদনৰ আনডাল পৰিবাহীক উদাসীন বা খনাত্মক তাঁৰ বোলা হয়।
ভূমি সংযোগী তাঁৰ (Earth Wire): সেউজীয়া ৰঙৰ আচ্ছাদনেৰে অন্তৰিত বহু থাকে, ইয়াক ঘৰৰ কাষত মাটিৰ যথেষ্ট তলত ধাতুৰ পাত এখনৰ লগত সংযোগ কৰা হয়। ই হ’ল এবিধ সুৰক্ষা ব্যৱস্থা।
ফিউজ (Fuse): বৈদ্যুতিক বৰ্তনীত ব্যৱহৃত এটা সুৰক্ষা সঁজুলি। ই অবাঞ্ছিত উচ্চ প্ৰবাহ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত কৰে।
হ্ৰস্ববৰ্তনী (Short Circuit): যেতিয়া সজীৱ আৰু উদাসীন তাঁৰৰ অসাৱধানে সংযোগ ঘটে তেতিয়া বিদ্যুৎ প্ৰবাহ হঠাতে বাঢ়ি যায়। ইয়াক হ্ৰস্ববৰ্তনী বোলা হয়।
অত্যাধিক বোজা (Overloading): একেটা খাঁজৰ পৰা অত্যাধিক সঁজুলি সংযোগ কৰিলে বা যোগান ধৰা বিভৱৰ আকস্মিক বৃদ্ধিৰ বাবেও অত্যাধিক বোজা হ’ব পাৰে।
2. পাঠ্যপুথিৰ ভিতৰৰ প্ৰশ্নোত্তৰ (In-Text Questions)
Page 224 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 224
প্ৰশ্ন ১: দণ্ডচুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাটাডাল কিয় বিক্ষেপিত হয়?
উত্তৰ: দণ্ড চুম্বকৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। এই ক্ষেত্ৰখনৰ প্ৰভাৱত দণ্ড চুম্বকৰ কাষলৈ অনা দিগদৰ্শন যন্ত্ৰৰ কাঁটাৰ বিক্ষেপণ হয়। চুম্বকৰ একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ হয়। যেতিয়া দণ্ড চুম্বকৰ ওচৰত দিগদৰ্শন যন্ত্ৰ অনা হয় তেতিয়া চুম্বক শলাডালে একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ কৰে, ফলত কাটাডাল বিক্ষেপণ হয়।
Page 228 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 228
প্ৰশ্ন ১: এডাল দণ্ডচুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ অংকন কৰা।
উত্তৰ: (ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত থকা চিত্ৰ-13.4 চাওক)
প্ৰশ্ন ২: চুম্বকৰ বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা।
উত্তৰ:
- (a) চৌম্বকীয় বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায়।
- (b) চুম্বকৰ ভিতৰত বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ সেয়েহে বলৰেখাবোৰ অবিচ্ছিন্ন ৰেখা।
- (c) চৌম্বকীয় বলৰেখাবোৰৰ কোনো বাস্তৱ অস্তিত্ব নাই।
- (d) দুডাল বলৰেখাই কেতিয়াও কটাকটি নকৰে।
প্ৰশ্ন ৩: দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে?
উত্তৰ: আমি জানো, দিগদৰ্শন যন্ত্ৰৰ কটাই নিৰ্দ্দেশ কৰা দিশেই চৌম্বক বলৰেখাৰ দিশ। যদি দুডাল বল ৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে সেই বিন্দুত দিগদৰ্শন যন্ত্ৰৰ কটাই একে সময়তে দুটা ভিন্ন দিশ নিৰ্দ্দেশ কৰিব লাগিব, যিটো সম্ভৱ নহয়। সেয়ে দুডাল চৌম্বক বলৰেখাই পৰস্পৰ কটাকটি কৰিব নোৱাৰে।
Page 229 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 229
প্ৰশ্ন ১: এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তকাৰ কুণ্ডলী এটা বিবেচনা কৰা। ধৰা হওঁক ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে। কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা।
উত্তৰ: কুণ্ডলীৰ ভিতৰত চুম্বকক্ষেত্ৰৰ দিশ টেবুলখনৰ পৃষ্ঠৰ পৰা বাহিৰলৈ উলম্ব দিশত উৰ্ধমুখে হ’ব। কুণ্ডলীৰ বাহিৰত চুম্বক ক্ষেত্ৰৰ দিশ টেবুলৰ পৃষ্ঠৰ ভিতৰলৈ উলম্বভাৱে নিম্ন দিশত হ’ব।
প্ৰশ্ন ২: এটা প্ৰদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকন কৰা।
উত্তৰ: (ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত থকা চিত্ৰ-13.10 চাওক)
প্ৰশ্ন ৩: শুদ্ধ উত্তৰ বাছি উলিওৱা। প্ৰবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ— (a) শূণ্য (b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায় (c) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায় (d) সকলো বিন্দুতে একে থাকে
উত্তৰ: (d) সকলো বিন্দুতে একে থাকে।
Page 231 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 231
প্ৰশ্ন ১: চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰ’টন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে) (a) ভৰ (b) দ্ৰুতি (c) বেগ (d) ভৰবেগ।
উত্তৰ: (c) বেগ আৰু (d) ভৰবেগ।
প্ৰশ্ন ২: কাৰ্যকলাপ 13.7 ত AB দণ্ডৰ সৰন কেনেদৰে প্ৰভাবিত হ’ব যদি (i) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰা হয়, (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয়, আৰু (iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয়?
উত্তৰ:
- (i) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰিলে, সৰনো বৃদ্ধি হ’ব।
- (ii) অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰিলেও সৰন বৃদ্ধি হ’ব।
- (iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি হ’লেও সৰন বৃদ্ধি হয়।
প্ৰশ্ন ৩: পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা-কণা) চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল। চুম্বক ক্ষেত্ৰৰ দিশ হ’ব— (a) দক্ষিণমুৱা (b) পূৰ্ৱমুৱা (c) নিম্নমুখী (d) উৰ্দ্ধমুখী।
উত্তৰ: (d) উৰ্দ্ধমুখী।
Page 233 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 233
প্ৰশ্ন ১: ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।
উত্তৰ: ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো হ’ল-বাওঁহাতৰ বুঢ়া, প্ৰথমা আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰ লম্ব দিশত মেলি দিলে প্ৰথমা আৰু মধ্যমা আঙুলিয়ে যদি ক্ৰমে চুম্বকক্ষেত্ৰ অৰু বিদ্যুৎ প্ৰবাহৰ দিশক সূচায়, তেনেহ’লে বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সূচাব।
প্ৰশ্ন ২: বৈদ্যুতিক মটৰৰ মূল নীতিটো কি?
উত্তৰ: বৈদ্যুতিক মটৰ মূল নীতিটো হ’ল- বিদ্যুৎ প্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে।
প্ৰশ্ন ৩: বৈদ্যুতিক মটৰৰ ফলা আঙুঠিৰ ভূমিকা কি?
উত্তৰ: বৈদ্যুতিক মটৰত ফলা আঙুঠিটোৱে প্ৰত্যেক আধা পাক মূৰে মূৰে কুণ্ডলীৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰে। যাৰ ফলত কুণ্ডলীটো একেটা দিশত ঘূৰি থাকে।
Page 236 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 236
প্ৰশ্ন ১: কুণ্ডলীত প্ৰবাহ আৱিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা।
উত্তৰ: কুণ্ডলীত প্ৰবাহ আৱিষ্ট কৰা উপায়-
- (i) কুণ্ডলীৰ ভিতৰলৈ বাহিৰলৈ চুম্বকৰ গতিৰ দ্বাৰাঃ এটা কুণ্ডলীৰ ভিতৰলৈ বা বাহিৰলৈ এডাল চুম্বকৰ গতি কৰালে, চুম্বকৰ গতিৰ বাবে কুণ্ডলীত চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয় আৰু কুণ্ডলীত প্ৰবাহ আবিষ্ট হয়।
- (ii) কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন কৰি আনটো কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰাঃ পৰস্পৰ ওচৰা-ওচৰিকৈ ৰখা দুটা কুণ্ডলীৰ এটাত প্ৰবাহৰ পৰিৱৰ্তন ঘটালে চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয় আৰু প্ৰবাহ আবিষ্ট হয়।
Page 237 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 237
প্ৰশ্ন ১: এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।
উত্তৰ: বৈদ্য়ুতিক জেনেৰেটৰে বিদ্য়ুত চুম্বকীয় আৱেশৰ নীতিৰ আধাৰত কাৰ্য কৰে। চৌম্বক ক্ষেত্ৰৰ লম্বভাৱে কুণ্ডলীৰ ঘূৰ্ণন ঘটালে চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ পৰে আৰু কুণ্ডলীত প্ৰবাহ আবিষ্ট হয়।
প্ৰশ্ন ২: প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা।
উত্তৰ: বেটেৰী, DC জেনেৰেটৰ, বৈদ্য়ুতিক শুকান কোষ আদি।
প্ৰশ্ন ৩: পৰিৱৰ্তী প্ৰবাহ কোনবিলাক উৎসই উৎপাদন কৰে?
উত্তৰ:
- (a) তাপ বিদ্যুৎ প্ৰকল্প
- (b) তেজস্ক্ৰিয় শক্তি উৎপাদক
- (c) জলবিদ্যুৎ উৎপাদক
প্ৰশ্ন ৪: শুদ্ধটো বাছি উলিওৱা। তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি— (a) দুপাকত সলনি হ’ব (b) এপাকত সলনি হ’ব (c) আধা পাকত সলনি হ’ব (d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব
উত্তৰ: (c) আধা পাকত সলনি হ’ব।
Page 238 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 238
প্ৰশ্ন ১: বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।
উত্তৰ: বৈদ্যুতিক ফিউজ আৰু ভূমি সংলগ্ন তাৰ।
প্ৰশ্ন ২: এটা বৈদ্যুতিক অভেন ক্ষমতা 2 KW আৰু ইয়াক 5A প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ (220V ৰ) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি- আশা কৰিবা? আলোচনা কৰা।
উত্তৰ: ইয়াত,
P = 2KW = 2000W
V = 220 v
আমি জানো যে, I = P/V
⇒ I = 2000/220
⇒ I = 9.09A
বৈদ্যুতিক অভেনটোৱে কঢ়িওৱা প্ৰবাহ প্ৰায় 9.09 A। গতিকে এই মান 5A তকৈ বহু বেছি। এইক্ষেত্ৰত বৰ্তনীটো অতিৰিক্ত প্ৰবাহৰ বাবে নষ্ট হৈ যাব।
প্ৰশ্ন ৩: ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা?
উত্তৰ:
- (a) বৈদ্যুতিক ফিউজ ব্যৱহাৰ কৰিব লাগে।
- (b) একেটা স্থানতে অধিক সংখ্যক যন্ত্ৰপাতি সংযোগ কৰিব নালাগে।
- (c) একে সময়তে বেছি বিদ্যুৎ শক্তি প্ৰয়োজন হোৱা সৰঞ্জাম ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে।
3. অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Exercise) — ALL 18 QUESTIONS
পৃষ্ঠা নং: 239-240
প্ৰশ্ন ১: তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্র শুদ্ধভাৱে বর্ণনা কৰে? (a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত (b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত (c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক বৃত্তৰে গঠিত
উত্তৰ: (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।
প্ৰশ্ন ২: বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে— (a) বস্তু আহিতকৰণৰ প্রক্রিয়া (b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্রক্রিয়া (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া (d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ প্রক্রিয়া
উত্তৰ: (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া।
প্ৰশ্ন ৩: বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক— (a) জেনেৰেটৰ বোলা হয় (b) গেলভেন’মিটাৰ বোলা হয় (c) এমিটাৰ বোলা হয় (d) মটৰ বোলা হয়
উত্তৰ: (a) জেনেৰেটৰ বোলা হয়।
প্ৰশ্ন ৪: পৰিৱর্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে— (a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে (b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে (c) পৰিৱর্তী প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে (d) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে
উত্তৰ: (d) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে।
প্ৰশ্ন ৫: হ্রস্ববর্তনী (Short Circuit) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্রবাহ— (a) বুজন পৰিমানে কমি যায় (b) সলনি নহয় (c) বুজন পৰিমাণে বৃদ্ধি পায় (d) অবিৰতভাৱে সলনি হয়
উত্তৰ: (c) বুজন পৰিমাণে বৃদ্ধি পায়।
প্ৰশ্ন ৬: তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা। (a) এটা বৈদ্যুতিক মটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। (b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কার্য সম্পাদন কৰে। (c) এডাল দীঘল বৃত্তাকাৰ প্রবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ’ব। (d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।
উত্তৰ: (a) ভুল (b) শুদ্ধ (c) শুদ্ধ (d) ভুল
প্ৰশ্ন ৭: চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।
উত্তৰ:
- (a) দুডাল দণ্ড চুম্বকৰ বিপৰীত মেৰু (N আৰু S) দুটা কিছু আঁতৰত মুখামুখিকৈ ৰাখিলে তাৰ মাজৰ ঠাইত চুম্বক সুষম ক্ষেত্ৰৰ সৃষ্টি হয়।
- (b) বিদ্যুৎ পৰিৱাহী কুণ্ডলী এটাৰ কেন্দ্ৰত চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়।
প্ৰশ্ন ৮: চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা।
উত্তৰ: বিদ্যুৎ প্ৰবাহিত হৈ থকা কুণ্ডলী এটাৰ এটা মূৰে উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ দেখুৱায়। যদি এডাল বিদ্যুৎ প্ৰবাহিত কুণ্ডলীক মুক্তভাৱে ৰখা হয় তেন্তে ইয়াৰ এটা মুৰে উত্তৰফালে আৰু আনটো মূৰ দক্ষিণফালে থাকিব। দণ্ডচুম্বকৰ সহায়ত প্ৰবাহযুক্ত কুণ্ডলী এটাৰ উত্তৰ আৰু দক্ষিণ মেৰু চিনাক্ত কৰিব পাৰি। এডাল চুম্বকৰ উত্তৰ মেৰুটো কুণ্ডলীৰ এটা মূৰলৈ নিলে যদি তাত আকৰ্ষণ হয় তেন্তে সেই মূৰটো দক্ষিণ মেৰু আৰু যিটো মূৰ বিকৰ্ষিত কৰে সেই মূৰটো উত্তৰ মেৰু সূচাব।
প্ৰশ্ন ৯: চৌম্বক ক্ষেত্রত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্ব্বোচ্চ হয়?
উত্তৰ: যেতিয়া প্ৰবাহ চালিত পৰিবাহীডাল আৰু চুম্বকক্ষেত্ৰৰ দিশ পৰম্পৰ লম্ব দিশত হয়।
প্ৰশ্ন ১০: ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা। ইলেকট্রনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণ ডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে। চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব?
উত্তৰ: চৌম্বকক্ষেত্ৰৰ দিশ তলৰ পিনে উলম্বদিশত হ’ব।
প্ৰশ্ন ১১: বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কার্যপ্রণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি?
উত্তৰ: (ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত থকা চিত্ৰ-13.15 চাওক)
মূলনীতিঃ বৈদ্যুতিক মটৰ মূল নীতিটো হ’ল- বিদ্যুৎ প্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে।
কাৰ্যপ্ৰণালীঃ প্ৰবাহ চালিত কৰিলে X ব্ৰছৰে কুণ্ডলীত প্ৰবাহ সোমাই ABCD দিশত চালিত হয়। ফ্লেমিঙৰ বাওঁহতীয়া নীতি অনুসৰি বলে AB বাহুক তললৈ আৰু CD বাহুক ওপৰলৈ ঠেলিব। ফলত কুণ্ডলীটো অক্ষদণ্ড সাপেক্ষে ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰিব। আধাপাক ঘূৰ্ণনৰ লগে লগে Q য়ে X ব্ৰাছ আৰু P য়ে Y ব্ৰাছ স্পৰ্শ কৰিব। ফলত প্ৰবাহ বিপৰীত মূখী হৈ DCBA দিশত চালিত হব। এতিয়া CD বাহু তললৈ আৰু AB বাহু ওপৰলৈ গতি কৰিব। এনেদৰে প্ৰতি আধাপাক ঘূৰ্ণনৰ লগে লগে কুণ্ডলীত প্ৰবাহৰ ধ্ৰৱতা সলনি হৈ অক্ষদণ্ড সাপেক্ষে কুণ্ডলীটো অবিৰত ঘূৰ্ণন ঘটি থাকিব।
ফলা আঙুঠিৰ কামঃ বৈদ্যুতিক মটৰত ফলা আঙুঠিটোৱে প্ৰত্যেক আধা পাক মূৰে মূৰে কুণ্ডলীৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰে। যাৰ ফলত কুণ্ডলীটো একেটা দিশত ঘূৰি থাকে।
প্ৰশ্ন ১২: বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলীৰ নাম লিখা।
উত্তৰ: বৈদ্যুতিক পাংখা, ৰিফ্ৰিজাৰেটৰ, টেপ ৰেকৰ্ডাৰ, ৱাচিং মেচিন আদি।
প্ৰশ্ন ১৩: অন্তৰিত তামৰ তৰৰ কুণ্ডলী এটা গেলভেন মিটাৰ এটাৰ লগত সংযোগ কৰা হৈছে। যদি এডাল দণ্ডচুম্বক (i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিয়ে (ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে (iii) কুণ্ডলীৰ অন্তৰ্ভগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হ’ব?
উত্তৰ:
- (i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে গেলভেন’মিটাৰৰ কাটাডাল সোঁফালে বিক্ষেপিত হব।
- (ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে গেলভেন মিটাৰৰ কাটাডাল বাওঁফালে বিক্ষেপিত হয়।
- (iii) কুণ্ডলীৰ অন্তৰ্ভগত স্থিতিশীল অৱস্থাত ৰাখিলে গেলভেন মিটাৰৰ কাঁটাডালৰ দিশৰ সাল-সলনি নহয়।
প্ৰশ্ন ১৪: দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হ’বনে? কাৰণ দর্শোৱা।
উত্তৰ: B কুণ্ডলীটোত প্ৰবাহ আৱিষ্ট হ’ব। A কুণ্ডলীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হোৱাত তাৰ চাৰিওফালে এখন চুম্বকক্ষেত্ৰৰ সৃষ্টি হয় আৰু এই চুম্বকক্ষেত্ৰখনৰ কিছু চুম্বকীয় ক্ষেত্ৰৰেখা B কুণ্ডলীৰ মাজেৰেও পাৰ হৈ যায়। A কুণ্ডলীত বিদ্যুৎ প্ৰবাহৰ পৰিৱৰ্তন ঘটাৰ লগে লগে সৃষ্টি হোৱা চুম্বকক্ষেত্ৰখনৰ ক্ষেত্ৰৰেখাৰ সংখ্যাও সলনি হয় বাবে B কুণ্ডলীৰ মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাৰ সংখ্যাও সলনি হয়। ফলত চুম্বক ক্ষেত্ৰৰেখাৰ B কুণ্ডলীত পৰিৱৰ্তন ঘটা বাবে B কুণ্ডলীত আৱিষ্ট বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি হয়।
প্ৰশ্ন ১৫: (i) প্রবাহযুক্ত পোন পৰিবাহীৰ কেউকাষে সৃষ্টি হোৱা চৌম্বকক্ষেত্ৰৰ (ii) চৌম্বকক্ষেত্ৰ এখনৰ লম্বভাৱে স্থাপন কৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বল আৰু (iii) চৌম্বকক্ষেত্ৰ এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম উল্লেখ কৰা।
উত্তৰ:
- (i) সোঁহতীয়া মেক্সৱেলৰ নীতি প্ৰয়োগ কৰা হয়।
- (ii) ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ দ্বাৰা জানিব পাৰি।
- (iii) ফ্লেমিঙৰ সোঁহতীয়া বুঢ়া আঙুলিৰ নীতি।
প্ৰশ্ন ১৬: চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক মটৰৰ মূলনীতি আৰু কার্যপ্রণালী বর্ণনা কৰা। ইয়াত ব্রাচদুডালৰ কাম কি?
উত্তৰ: (ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত থকা চিত্ৰ-13.15 চাওক)
মূলনীতিঃ বৈদ্যুতিক মটৰ মূল নীতিটো হ’ল- বিদ্যুৎ প্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে।
কাৰ্যপ্ৰণালীঃ প্ৰবাহ চালিত কৰিলে X ব্ৰছৰে কুণ্ডলীত প্ৰবাহ সোমাই ABCD দিশত চালিত হয়। ফ্লেমিঙৰ বাওঁহতীয়া নীতি অনুসৰি বলে AB বাহুক তললৈ আৰু CD বাহুক ওপৰলৈ ঠেলিব। ফলত কুণ্ডলীটো অক্ষদণ্ড সাপেক্ষে ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰিব। আধাপাক ঘূৰ্ণনৰ লগে লগে Q য়ে X ব্ৰাছ আৰু P য়ে Y ব্ৰাছ স্পৰ্শ কৰিব। ফলত প্ৰবাহ বিপৰীত মূখী হৈ DCBA দিশত চালিত হব। এনেদৰে প্ৰতি আধাপাক ঘূৰ্ণনৰ লগে লগে কুণ্ডলীত প্ৰবাহৰ ধ্ৰৱতা সলনি হৈ অক্ষদণ্ড সাপেক্ষে কুণ্ডলীটো অবিৰত ঘূৰ্ণন ঘটি থাকিব।
ব্রাচদুডালৰ কামঃ ইয়াত ব্ৰাছ দুডালে বিদ্যুত প্ৰবাহৰ দিশ সলনি কৰে, ফলত কুণ্ডলীৰ ঘূৰ্ণনৰ দিশ একে থাকে।
প্ৰশ্ন ১৭: এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) কেতিয়া সংঘটিত হয়?
উত্তৰ: যেতিয়া কোনো দোষযুক্ত বৈদ্যুতিক আহিলা ব্যৱহাৰ কৰা হয় বা বৰ্তনীত ব্যৱহাৰ কৰা তাঁৰৰ প্লাটিক আৱৰণৰ ক্ষয় হৈ তাৰ ভিতৰৰ তাঁৰ উন্মুক্ত হয়, তেতিয়া ধণাত্মক আৰু খাণাত্মক তাৰৰ সংযোগ ঘটিলে বিদ্যুৎ প্ৰবাহ হঠাতে বাঢ়ি যায়। তেতিয়াই বৈদ্যুতিক হ্রস্ববর্তনী সংঘটিত হয়।
প্ৰশ্ন ১৮: ভূমি সংলগ্ন তাৰৰ কাম কি? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্রয়োজন কিয়?
উত্তৰ: ভূমি সংযোগী তাৰৰ কাম হ’ল যিকোনো বৈদ্যুতিক প্ৰবাহৰ নিঃসৰণক কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগানৰ দ্বাৰা স্থানান্তৰ কৰা। যেতিয়া ধাতুৰ সঁজুলি এটাত প্ৰবাহ প্ৰবাহিত হয়, তেতিয়া সঁজুলিবিধৰ ব্যৱহাৰ কৰাজনে বৈদ্যুতিক আঘাত পোৱাৰ সম্ভাৱনা থাকে। সঁজুলিবোৰ ভুমি সংলগ্ন কৰিলে এই আঘাত প্ৰতিৰোধ কৰিব পৰা যায়।
4. HSLC পৰীক্ষাৰ বাবে বিশেষ প্ৰশ্নোত্তৰ (অসম ব'ৰ্ড)
🎯 HSLC উচ্চ সম্ভাৱনীয় প্ৰশ্ন (অসম ব'ৰ্ডত সঘনাই অহা)
প্ৰশ্ন ১: চুম্বক ক্ষেত্ৰ কি?
উত্তৰ: চুম্বক এডালৰ চাৰিওফালে যি অঞ্চলত চুম্বক ডালৰ বল অনুভূত হয় সেই অঞ্চলত এখন চুম্বক ক্ষেত্ৰ থকা বুলি কোৱা হয়।
প্ৰশ্ন ২: সোঁহাতৰ বুঢ়া-আঙুলি নীতি লিখা।
উত্তৰ: প্ৰবাহযুক্ত পোন পৰিবাহী এডাল সোঁহাতেৰে এনেদৰে ধৰিবা বুলি কল্পনা কৰা যাতে বুঢ়া আঙুলিটো প্ৰবাহৰ দিশত মূৰ কৰি থাকে। তেনে অৱস্থাত তোমাৰ বাকী আঙুলিকেইটাই চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশত পৰিবাহীডালক মেৰিয়াই ধৰিব।
প্ৰশ্ন ৩: ফ্লেমিঙৰ বাওঁহতীয়া নীতি লিখা।
উত্তৰ: বাওঁহাতৰ বুঢ়া, তৰ্জনী আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিয়া। যদি তৰ্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতি দিশ অৰ্থাৎ তাৰ ওপৰত প্ৰয়োগ কৰা বলৰ দিশ সূচাব।
প্ৰশ্ন ৪: বৈদ্যুতিক মটৰৰ মূলনীতি লিখা।
উত্তৰ: বিদ্যুৎ প্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে।
প্ৰশ্ন ৫: বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।
উত্তৰ: বৈদ্য়ুতিক জেনেৰেটৰে বিদ্য়ুত চুম্বকীয় আৱেশৰ নীতিৰ আধাৰত কাৰ্য কৰে। চৌম্বক ক্ষেত্ৰৰ লম্বভাৱে কুণ্ডলীৰ ঘূৰ্ণন ঘটালে চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ পৰে আৰু কুণ্ডলীত প্ৰবাহ আবিষ্ট হয়।
প্ৰশ্ন ৬: ফ্লেমিঙৰ সোঁহতীয়া নীতি লিখা।
উত্তৰ: সোঁহাতৰ বুঢ়া, তৰ্জনী আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি ধৰা। তৰ্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ, বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ সূচালে মধ্যমা আঙুলিয়ে আৱিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ দেখুৱাব।
প্ৰশ্ন ৭: ঘৰুৱা বৈদ্যুতিক বৰ্তনীত ভূমি সংলগ্ন তাৰৰ কাম কি?
উত্তৰ: ভূমি সংযোগী তাৰৰ কাম হ’ল যিকোনো বৈদ্যুতিক প্ৰবাহৰ নিঃসৰণক কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগানৰ দ্বাৰা স্থানান্তৰ কৰা।
5. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)
১। তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্র শুদ্ধভাৱে বর্ণনা কৰে?
(A) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত (B) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত (C) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত (D) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রীক বৃত্তৰে গঠিত
উত্তৰ চাওক
উত্তৰ: (D) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত
২। বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে—
(A) বস্তু আহিতকৰণৰ প্রক্রিয়া (B) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্রক্রিয়া (C) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া (D) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণনৰ প্রক্রিয়া
উত্তৰ চাওক
উত্তৰ: (C) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া
৩। বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক—
(A) জেনেৰেটৰ বোলা হয় (B) গেলভেন’মিটাৰ বোলা হয় (C) এমিটাৰ বোলা হয় (D) মটৰ বোলা হয়
উত্তৰ চাওক
উত্তৰ: (A) জেনেৰেটৰ বোলা হয়
৪। পৰিৱর্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে—
(A) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে (B) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে (C) পৰিৱর্তী প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে (D) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে
উত্তৰ চাওক
উত্তৰ: (D) পৰিৱর্তী প্রবাহ জেনেৰেটত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে
৫। হ্রস্ববর্তনী (Short Circuit) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্রবাহ—
(A) বুজন পৰিমানে কমি যায় (B) সলনি নহয় (C) বুজন পৰিমাণে বৃদ্ধি পায় (D) অবিৰতভাৱে সলনি হয়
উত্তৰ চাওক
উত্তৰ: (C) বুজন পৰিমাণে বৃদ্ধি পায়
৬। ফ্লেমিঙৰ বাওঁহতীয়া নীতিত বুঢ়া আঙুলিয়ে কি সূচায়?
(A) চুম্বক ক্ষেত্ৰৰ দিশ (B) প্ৰবাহৰ দিশ (C) বলৰ দিশ (D) গতিৰ দিশ
উত্তৰ চাওক
উত্তৰ: (C) বলৰ দিশ
৭। চ’লেনইডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি কেনেকুৱা?
(A) অসম (B) সুষম (C) শূন্য (D) বৃত্তাকাৰ
উত্তৰ চাওক
উত্তৰ: (B) সুষম — চ’লেনইডৰ অন্তৰ্ভাগৰ বলৰেখাবিলাক সমান্তৰাল সৰলৰেখা।
৮। বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাম কি?
(A) প্ৰবাহৰ দিশ সলনি কৰা (B) বল বৃদ্ধি কৰা (C) চুম্বক ক্ষেত্ৰ সৃষ্টি কৰা (D) ৰোধ কম কৰা
উত্তৰ চাওক
উত্তৰ: (A) প্ৰবাহৰ দিশ সলনি কৰা
৯। ভাৰতত AC ৰ কম্পনাংক কিমান?
(A) 60 Hz (B) 50 Hz (C) 40 Hz (D) 100 Hz
উত্তৰ চাওক
উত্তৰ: (B) 50 Hz — ভাৰতত প্ৰতি 1/100 ছেকেণ্ডত AC ৰ দিশ সলনি হয়।
১০। ঘৰুৱা বৰ্তনীত ভূমি সংযোগী তাঁৰৰ ৰং কি?
(A) ৰঙা (B) ক’লা (C) সেউজীয়া (D) নীলা
উত্তৰ চাওক
উত্তৰ: (C) সেউজীয়া — সেউজীয়া ৰঙৰ আচ্ছাদনেৰে অন্তৰিত।
6. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)
🧠 আপোনাৰ মগজুক প্ৰত্যাহ্বান জনাওক! (HSLC ৰ বাবে সমালোচনাত্মক চিন্তা)
প্ৰশ্ন ১: যদি বৈদ্যুতিক মটৰত ফলা আঙুঠি নাথাকিলহেঁতেন, তেন্তে কি হ’লহেঁতেন?
উত্তৰ: যদি বৈদ্যুতিক মটৰত ফলা আঙুঠি নাথাকিলহেঁতেন, তেন্তে আধা পাক ঘূৰাৰ পিছত কুণ্ডলীত প্ৰবাহৰ দিশ একে থাকিলহেঁতেন আৰু কুণ্ডলীটোৱে আগৰ দিশত ঘূৰিব নোৱাৰিলেহেঁতেন। ফলত মটৰে ঘূৰ্ণন নকৰিলেহেঁতেন।
প্ৰশ্ন ২: চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল কেতিয়া সৰ্বোচ্চ হয়?
উত্তৰ: যেতিয়া প্ৰবাহ চালিত পৰিবাহীডাল আৰু চুম্বকক্ষেত্ৰৰ দিশ পৰম্পৰ লম্ব দিশত হয়, তেতিয়া বল সৰ্বোচ্চ হয়।
প্ৰশ্ন ৩: বিদ্যুৎ চুম্বকীয় আৱেশত প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম কি?
উত্তৰ: ফ্লেমিঙৰ সোঁহতীয়া নীতি। সোঁহাতৰ বুঢ়া, তৰ্জনী আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি ধৰা। তৰ্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ, বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ সূচালে মধ্যমা আঙুলিয়ে আৱিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ দেখুৱাব।
প্ৰশ্ন ৪: যদি বৈদ্যুতিক বৰ্তনীত ফিউজ নাথাকিলহেঁতেন, তেন্তে কি হ’লহেঁতেন?
উত্তৰ: যদি বৈদ্যুতিক বৰ্তনীত ফিউজ নাথাকিলহেঁতেন, তেন্তে হ্ৰস্ববৰ্তনী বা অত্যাধিক বোজা হ’লে বৰ্তনীত অত্যাধিক প্ৰবাহ চলিলহেঁতেন আৰু বৈদ্যুতিক সঁজুলিবোৰ নষ্ট হৈ যোৱাৰ লগতে অগ্নিকাণ্ডও হ’ব পাৰিলেহেঁতেন।
প্ৰশ্ন ৫: চ’লেনইড আৰু দণ্ড চুম্বকৰ মাজত থকা মূল সাদৃশ্য কি?
উত্তৰ: চ’লেনইডে বিদ্যুৎ প্ৰবাহ চলিলে দণ্ড চুম্বকৰ দৰে আচৰণ কৰে। ইয়াৰ এটা মূৰে উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে কাম কৰে। চ’লেনইডৰ অন্তৰ্ভাগত চুম্বক ক্ষেত্ৰ সুষম।
7. পৰীক্ষা-নিৰীক্ষাৰ প্ৰশ্নোত্তৰ (Activity Q&A)
Activity 13.1 — প্ৰবাহযুক্ত পৰিবাহীৰ চুম্বকীয় ক্ৰিয়া
প্ৰশ্ন: প্ৰবাহযুক্ত পৰিবাহীৰ চুম্বকীয় ক্ৰিয়া পৰীক্ষা কৰা।
উত্তৰ: এডাল শকত তামৰ তাঁৰ বৰ্তনী এটাৰ X আৰু Y বিন্দুৰ মাজত স্থাপন কৰা। XY তাঁৰডাল কাগজৰ পৃষ্ঠৰ লম্বভাৱে লোৱা। তামৰ তাঁৰডালৰ কাষত দিগদৰ্শন যন্ত্ৰ এটা অনুভূমিকভাৱে ৰখা। বৰ্তনীটোৰ প্লাগত চাবিটা বহুৱাই ইয়াৰ মাজেৰে প্ৰবাহ চলিত কৰা। দিগদৰ্শন যন্ত্ৰৰ কাঁটাডালৰ অৱস্থানৰ পৰিৱৰ্তনলৈ মন কৰা। দেখা যাব যে কাঁটাডাল বিক্ষেপিত হৈছে।
Activity 13.2 — চুম্বক বলৰেখা
প্ৰশ্ন: দণ্ড চুম্বকৰ চৌম্বক বলৰেখা পৰীক্ষা কৰা।
উত্তৰ: অংকন ফলিত এখন বগা কাগজ লগোৱা। ইয়াৰ মধ্যভাগত এডাল দণ্ড চুম্বক স্থাপন কৰা। দণ্ডডালৰ কেউকাষে সূক্ষ্মভাৱে লোৰ গুড়ি ছিটিয়াই দিয়া। এতিয়া ফলকখন লাহে লাহে টুকুৰিয়াই দিয়া। লোৰ গুড়িবিলাক এটা বিশেষ আকৃতিৰ সজ্জিত হ’ব। এইবোৰক চুম্বক বলৰেখা বোলা হয়।
Activity 13.3 — চুম্বক বলৰেখা অংকন
প্ৰশ্ন: দিগদৰ্শন যন্ত্ৰৰ সহায়ত চুম্বক বলৰেখা অংকন কৰা।
উত্তৰ: অংকন ফলক এখনত এঠাৰে লগোৱা বগা কাগজ এখনত দণ্ড চুম্বকডাল স্থাপন কৰা। চুম্বকডালৰ উত্তৰ মেৰুৰ কাষত দিগদৰ্শন যন্ত্ৰ এটা স্থাপন কৰা। কাঁটাডালৰ দক্ষিণ মেৰু চুম্বকৰ উত্তৰ মেৰুৰ দিশে মুখ কৰি থাকিব। কাঁটাডালৰ দুইটা মূৰ চিহ্নিত কৰা। এতিয়া কাঁটাডাল এটা নতুন স্থানলৈ এনেদৰে নিয়া যাতে ইয়াৰ দক্ষিণ মেৰুটো উত্তৰ মেৰুৰ পূৰ্বৰ অৱস্থানত প্ৰতিষ্ঠাপিত হয়। এইদৰে ক্ৰমাগতভাৱে আগবাঢ়ি গৈ থাকা। এডাল মিহি ৰঙা ৰেখাৰে চিহ্নিত বিন্দুবিলাক সংযোগ কৰা। এই ৰঙা ৰেখাডালে বলৰেখা সূচায়।
Activity 13.4 — সৰল পৰিবাহীৰ চুম্বক ক্ষেত্ৰ
প্ৰশ্ন: সৰল প্ৰবাহীৰ চুম্বক ক্ষেত্ৰ পৰীক্ষা কৰা।
উত্তৰ: এডাল দীঘল আৰু পোন তামৰ তাঁৰ, দুটা বা তিনিটা 1.5 V ৰ কোষ, আৰু এটা প্লাগ চাবি লোৱা। সিহঁতক শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা। পোন তাঁৰডাল এটা দিগদৰ্শন যন্ত্ৰৰ কাঁটাৰ ওপৰত তাৰ সমান্তৰালৈক স্থাপন কৰা। বৰ্তনীৰ চাবিটোৰ দ্বাৰা প্ৰবাহ চলিত কৰা। কাঁটাডালৰ উত্তৰ মেৰুটোৰ বিক্ষেপণৰ দিশলৈ লক্ষ্য কৰা।
Activity 13.5 — বৃত্তাকাৰ কুণ্ডলীৰ চুম্বক ক্ষেত্ৰ
প্ৰশ্ন: বৃত্তাকাৰ কুণ্ডলীৰ চুম্বক ক্ষেত্ৰ পৰীক্ষা কৰা।
উত্তৰ: এটা বেটেৰী (12 V), এটা পৰিৱৰ্তনীয় ৰোধ, এটা এমিটাৰ (0-5A), এটা প্লাগ চাবি, আৰু এডাল শকত পেন তামৰ তাঁৰ লোৱা। এখন আয়তাকাৰ ডাঠ কাগজৰ কেন্দ্ৰ মাজেৰে আৰু তাৰ লম্বভাৱে শকত তাঁৰডাল সুমুৱাই দিয়া। ডাঠ কাগজখন স্থিৰ হৈ থকাকৈ ৰখা। কিছুমান লোৰ গুড়ি ডাঠ কাগজখনত সমভাৱে ছিটিয়াই দিয়া। চাবিটা বন্ধ কৰা যাতে তাঁৰডালৰ মাজেৰে প্ৰবাহ চলিত হয়। ডাঠ কাগজখন লাহে লাহে টুকুৰিয়াওৱা। লোৰ গুড়িবিলাকি বিন্যাসলৈ মন কৰা। দেখা যাব যে লোৰ গুড়িবোৰ তাঁৰডালৰ কেউকাষে একেকেন্দ্ৰিক বৃত্ত কিছুমানৰ আঁহৰে পংক্তিবদ্ধ হ’ব।
Activity 13.6 — চ’লেনইডৰ চুম্বক ক্ষেত্ৰ
প্ৰশ্ন: চ’লেনইডৰ চুম্বক ক্ষেত্ৰ পৰীক্ষা কৰা।
উত্তৰ: দুটা ছিদ্ৰ থকা এখন আয়তাকাৰ ডাঠ-কাগজ লোৱা। বহু পাক থকা এটা বৃত্তাকাৰ কুণ্ডলী তাৰ মাজেৰে সুমুৱাই দিয়া যাতে কুণ্ডলীটো ডাঠ কাগজখনৰ সমতলৰ লম্ব হয়। কুণ্ডলীটোৰ মূৰ দুটা এটা বেটেৰী, এটা চাবি, আৰু এটা ৰিয়ষ্টেট লগত সংযোগ কৰা। লোৰ গুড়ি কিছুমান ডাঠ কাগজখনত সমভাৱে ছিটিয়াই দিয়া। চাবিটো প্লাগত ভৰাই সংযোগ স্থাপন কৰা। ডাঠ কাগজখন লাহে লাহে কেবাবাৰো টুকুৰাই দিয়া। ইয়াত দৃশ্যমান লোৰ গুড়িৰ বিন্যাসটোলৈ মন কৰা।
Activity 13.7 — প্ৰবাহযুক্ত পৰিবাহীত বল
প্ৰশ্ন: চুম্বক ক্ষেত্ৰত প্ৰবাহযুক্ত পৰিবাহীত বল পৰীক্ষা কৰা।
উত্তৰ: এডাল শক এলুমিনিয়ামৰ দণ্ড AB লোৱা (প্ৰায় 5 cm মান দীৰ্ঘৰ)। দুডাল সংযোগী তাঁৰৰ সহায়ত ইয়াক অনুভূমিকভাৱে এটা লৈছিৰ পৰা ওলোমাই ৰখা। এডাল শক্তিশালী অশ্ব-খুৰা চুম্বক এনেদৰে ৰখা যাতে চুম্বক ক্ষেত্ৰখন উৰ্ধমুখী হয় আৰু দণ্ডডাল ক্ষেত্ৰ দুটাৰ মাজভাগত থাকে। এলুমিনিয়ামৰ দণ্ডডাল এটা চাবি, এটা ৰিয়ষ্টেট আৰু এটা বেটেৰীৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা। এতিয়া এলুমিনিয়াম দণ্ডডালৰ B প্ৰান্তৰ পৰা A লৈ প্ৰবাহ চলিত কৰা। দণ্ডডাল এখনফালে স্থানান্তৰিত হোৱা দেখা যায়।
Activity 13.8 — বিদ্যুৎ চুম্বকীয় আৱেশ
প্ৰশ্ন: বিদ্যুৎ চুম্বকীয় আৱেশ পৰীক্ষা কৰা।
উত্তৰ: বৎসংখ্যক পাক থকা এটা তাঁৰৰ কুণ্ডলী AB লোৱা। কুণ্ডলীটোৰ মূৰ দুটা এটা গেলভেন’মিটাৰৰ লগত সংযোগ কৰা। এডাল শক্তিশালী দণ্ড চুম্বক লোৱা আৰু ইয়াৰ উত্তৰ মেৰুটো কুণ্ডলীৰ B মূৰৰ ফালে নিয়া। গেলভেন’মিটাৰৰ কাঁটাৰ কি বা পৰিৱৰ্তন দেখিছানে? কাঁটাটো এক ক্ষণস্থায়ী বিক্ষেপণ দেখা যাব।
Activity 13.9 — কুণ্ডলীত আৱিষ্ট প্ৰবাহ
প্ৰশ্ন: কুণ্ডলীত আৱিষ্ট প্ৰবাহ পৰীক্ষা কৰা।
উত্তৰ: বৎসংখ্যক পাক থকা দুটা পৃথক কুণ্ডলী লোৱা। এডাল অপৰিবাহী চুঙাকৃতিৰ দণ্ডৰ ওপৰত কুণ্ডলী দুটা সুমুৱাই দিয়া। বেছি পাক থকা 1 নং কুণ্ডলীটো বেটেৰী এটা প্লাগ চাবিৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা। আনটো কুণ্ডলীয়ো গেলভেন’মিটাৰ লগত চিত্ৰত দেখুওৱাৰ দৰে সংযোগ কৰা। চাবিটো বন্ধ কৰা। গেলভেন’মিটাৰটোৱে কাঁটাৰ বিক্ষেপণ ঘটি থকা দেখা যায়।
মুঠ Activity: ৯ টা
8. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক
🌍 বিজ্ঞানক জীৱনৰ সৈতে সংযোগ কৰা:
- বৈদ্যুতিক পাংখা: বৈদ্যুতিক মটৰৰ দ্বাৰা চলে।
- ৰিফ্ৰিজাৰেটৰ: বৈদ্যুতিক মটৰৰ দ্বাৰা চলে।
- ৱাচিং মেচিন: বৈদ্যুতিক মটৰৰ দ্বাৰা চলে।
- বিদ্যুৎ উৎপাদন: বৈদ্যুতিক জেনেৰেটৰৰ দ্বাৰা হয়।
- ফিউজ: বৰ্তনীক সুৰক্ষা দিয়ে।
- ভূমি সংযোগ: বৈদ্যুতিক আঘাতৰ পৰা ৰক্ষা কৰে।
- বৈদ্যুতিক মিটাৰ: ব্যয় হোৱা বিদ্যুৎ শক্তি জোখে।
- মাইক্ৰ’ফোন: বিদ্যুৎ চুম্বকীয় আৱেশৰ নীতিত কাম কৰে।
Comments
Post a Comment