Skip to main content

Class 9 Science Chapter 5 Notes & Question Answer in Assamese | জীৱৰ মৌলিক একক (ASSEB / SEBA)

Class 9 Science: Chapter 5 - জীৱৰ মৌলিক একক ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 জীৱবিলাক কিহৰ গঠিত? (What are Living Organisms Made Up of?) — Page 58-60 পৃষ্ঠা নং: 58-60 📌 ঐতিহাসিক পৃষ্ঠভূমি: ৰবাৰ্ট হক এটুকুৰা কক (Cork) ৰ পাতল ছেদ পৰীক্ষা কৰি মৌমোহৰ নিচিনা কিছুমান কোঠালি দেখি পাইছিল। কক হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এিবধ উপাদান। সেইয়া আছিল 1665 খ্ৰীষ্টাব্দ। এটা দিন, দিনদুনীয়া ৰবাৰ্ট হক নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এই পৰ্যবেক্ষণবোৰ কৰিছিল। ৰবাৰ্ট হকে সেই কোঠালিবোৰক "Cell" বুলি আখ্যা দিছিল। লেটিনশব্দ— "Cell" ৰ অৰ্থ হ'ল সৰু সৰু কোঠালি। এই পৰ্যবেক্ষণটো দেখাত তাৎপৰ্যবিহীন যেন লাগিছিলও বিজ্ঞানইতিহাসতই এক গুৰুত্বপূৰ্ণ ঘটনা। এই পৰ্যবেক্ষণবোৰে জীৱৰ দেহ যে কিছুমান পৃথক পৃথক এককৰ দ্বাৰা গঠিত তাক কোনো এজনে পোন প্ৰথমে সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। সেই দিন ধৰি জীৱবিজ্ঞান বিষয়ত বৰ্তমানলৈকে তেনে একক বিলাকক "কোষ" বুলি অভিহিত কৰি অহা হৈছে। ...

Class 9 Science Chapter 10 Question Answer in Assamese | মহাকৰ্ষণ (Gravitation)

# Class 9 Science: Chapter 10 - মহাকৰ্ষণ

Class 9 Science: Chapter 10 - মহাকৰ্ষণ

ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ

1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)

1.1 মহাকৰ্ষণ (Gravitation) — Page 132-134

পৃষ্ঠা নং: 132-134

📌 ঐতিহাসিক পৃষ্ঠভূমি: আমি জানো যে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে। বস্তু এটা ওপৰলৈ দলিয়াই দিলে ই এক বিশেষ উচ্চতাত উপনীত হয় আৰু তাৰ পিছত তললৈ পৰিবলৈ ধৰে। প্ৰবাদ আছে যে, নিউটন এদিন গছৰ তলত বহি থকাত আপেল এটা সৰি তেওঁৰ গাত পৰিল। তললৈ পৰা আপেলটোৱে নিউটনক ভাবাই তুলিলে। তেওঁ ভাবিবলৈ ধৰিলে— পৃথিৱীয়ে যদি আপেলটো আকৰ্ষণ কৰিব পাৰে তেন্তে চন্দ্ৰক আকৰ্ষণ কৰিব নোৱাৰিবনে? দুয়োটা ক্ষেত্ৰত আকৰ্ষণী বল একেই হ'বনে? তেওঁ অনুমান কৰিলে যে এই দুয়োটা ক্ষেত্ৰত একে ধৰণৰ বলেই ক্ৰিয়া কৰে।
📖 মহাকৰ্ষণ (Gravitation): বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বলক মহাকৰ্ষণ বল বোলে।
📖 অভিকেন্দ্ৰিক বল (Centripetal Force): বৃত্তীয় পথত ঘূৰি থকা বস্তু এটাৰ ওপৰত কেন্দ্ৰৰ দিশত ক্ৰিয়াশীল বলক অভিকেন্দ্ৰিক বল বোলে।

1.2 মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ (Universal Law of Gravitation) — Page 134

পৃষ্ঠা নং: 134

📖 মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ: বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰে। এই আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। এই বল বস্তু দুটাৰ কেন্দ্ৰ সংযোগী ৰেখাৰ দিশত ক্ৰিয়াশীল হয়।

F ∝ M × m ......... (10.1) F ∝ 1d² ......... (10.2) F ∝ M × md² ......... (10.3) F = G M × md² ......... (10.4)
📖 মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক (G): G এটা সমানুপাতিক ধ্ৰুৱক আৰু ইয়াকে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বুলি কোৱা হয়। ইয়াৰ মান = 6.67 × 10⁻¹¹ N m² kg⁻²।
📌 মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব:
(i) আমাক পৃথিৱীৰ সৈতে বান্ধি ৰখা বল।
(ii) পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি।
(iii) সূৰ্যৰ চাৰিওফালে গ্ৰহৰ গতি।
(iv) চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্ৰত জোৱাৰ-ভাটা।

1.3 মুক্ত অধোগমন (Free Fall) — Page 134-136

পৃষ্ঠা নং: 134-136

📖 মুক্ত অধোগমন (Free Fall): তললৈ দিয়া ক্ৰিয়াকলাপটো সম্পাদন কৰি আমি মুক্ত অধোগমনৰ বিষয়ে জানিব পাৰোঁ। আমি ইতিমধ্যে শিক্ষিছোঁ যে পৃথিৱীয়ে যিকোনো বস্তুক ইয়াৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে। ইয়াৰ কাৰণ হ'ল মহাকৰ্ষণিক বল। বস্তু এটাই কেৱল এই বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰাকে মুক্ত অধোগমন বুলি কোৱা হয়।
📖 মাধ্যাকৰ্ষণিক ত্বৰণ (Acceleration due to Gravity): পৃথিৱীৰ মহাকৰ্ষণিক বলৰ ফলত সৃষ্টি হোৱা ত্বৰণক মাধ্যাকৰ্ষণিক ত্বৰণ বোলা হয়। ইয়াক 'g' আখৰেৰে সূচোৱা হয়। ইয়াৰ একক ত্বৰণৰ এককৰ সৈতে একে, অৰ্থাৎ m s⁻²।

g = G MR² ......... (10.9)
📌 g ৰ মান নিৰ্ণয়: G = 6.7 × 10⁻¹¹ N m² kg⁻² M = 6 × 10²⁴ kg R = 6.4 × 10⁶ m g = GMR² g = 6.7 × 10⁻¹¹ × 6 × 10²⁴(6.4 × 10⁶)² g = 9.8 m s⁻²
📌 মুক্ত অধোগমনৰ সমীকৰণ: v = u + at ......... (10.10) s = ut + 12 at² ......... (10.11) v² = u² + 2as ......... (10.12) ইয়াত a = g (মাধ্যাকৰ্ষণিক ত্বৰণ)।

1.4 ভৰ (Mass) — Page 136-137

পৃষ্ঠা নং: 136-137

📖 ভৰ (Mass): বস্তু এটাত নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণক বস্তুটোৰ ভৰ বোলে। ভৰ এটা স্কেলাৰ ৰাশি। ইয়াৰ SI একক কিলোগ্ৰাম (kg)। ভৰ স্থান সাপেক্ষে অপৰিবৰ্তিত থাকে।

1.5 ওজন (Weight) — Page 137-138

পৃষ্ঠা নং: 137-138

📖 ওজন (Weight): কোনো বস্তু যি বলক পৃথিৱীৰ ফালে আকৰ্ষিত হয় তাকেই সেই বস্তুৰ ওজন বোলে। W = m × g ......... (10.15) ইয়াৰ SI একক নিউটন (N)। ওজন এটা ভেক্টৰ ৰাশি। ওজন স্থান সাপেক্ষে পৰিবৰ্তিত হয়।
📌 ভৰ আৰু ওজনৰ পাৰ্থক্য:
ভৰ (Mass)ওজন (Weight)
1. বস্তুত থকা পদাৰ্থৰ পৰিমাণ।1. বস্তুৰ ওপৰত ক্ৰিয়া কৰা পৃথিৱীৰ আকৰ্ষণীয় বল।
2. সকলো স্থানতে একে থাকে।2. স্থানৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন হয়।
3. স্কেলাৰ ৰাশি।3. ভেক্টৰ ৰাশি।
4. সাধাৰণ তুলাৰ সহায়ত জোখা হয়।4. স্প্ৰীং তুলাৰ সহায়ত জোখা হয়।
5. SI একক কিলোগ্ৰাম (kg)।5. SI একক নিউটন (N)।

1.6 হেঁচা আৰু চাপ (Thrust and Pressure) — Page 138-140

পৃষ্ঠা নং: 138-140

📖 হেঁচা (Thrust): বস্তু এটাৰ পৃষ্ঠৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰা মুঠ বলক হেঁচা বোলে। ইয়াৰ SI একক নিউটন (N)।
📖 চাপ (Pressure): বস্তু এটাৰ প্ৰতি একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা লম্ব বলক চাপ বোলে। চাপ = হেঁচাক্ষেত্ৰফল ......... (10.20) ইয়াৰ SI একক N m⁻² বা পাস্কেল (Pa)।
📖 তৰলৰ চাপ (Pressure in Fluids): সকলো জুলীয়া আৰু গেছীয় পদাৰ্থক তৰল বোলা হয়। তৰলৰ ওজন থাকে আৰু যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰ তলিত আৰু বেৰত বল প্ৰয়োগ কৰে। আবদ্ধ তৰলত প্ৰয়োগ কৰা চাপ মানৰ তাৰতম্য নোহোৱাকৈ সকলো দিশত সঞ্চালিত হয়।

1.7 প্লাবিতা (Buoyancy) — Page 140-141

পৃষ্ঠা নং: 140-141

📖 প্লাবিতা বল (Buoyant Force): তৰলত ডুবালে সকলো বস্তুৱেই প্লাবিতা বল অনুভৱ কৰে। তৰলয়ে বস্তুৰ ওপৰত প্ৰয়োগ কৰা ঊৰ্ধমুখী বলক প্লাবিতা বল বা ঊৰ্ধমুখী হেঁচা বোলে। প্লাবিতা বলৰ মান তৰলৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে।
📌 বস্তু ওপঙে নে ডুবে:
(i) বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি হ'লে বস্তু ডুবিব।
(ii) বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হ'লে বস্তু উপঙিব।
(iii) বস্তুৰ ঘনত্ব পানীৰ ঘনত্বৰ সমান হ'লে বস্তু আধা ডুবি আধা উপঙি থাকিব।

1.8 আৰ্কিমিডিছৰ সূত্ৰ (Archimedes' Principle) — Page 141

পৃষ্ঠা নং: 141

📖 আৰ্কিমিডিছৰ সূত্ৰ: বস্তু এটা তৰলত সম্পূৰ্ণ বা আংশিকভাৱে ডুবালে ই ঊৰ্ধমুখী বল এটা অনুভৱ কৰে যিটো বস্তুটোৱে অপসাৰিত কৰা তৰলৰ ওজনৰ সমান।

1.9 আপেক্ষিক ঘনত্ব (Relative Density) — Page 142

পৃষ্ঠা নং: 142

📖 আপেক্ষিক ঘনত্ব (Relative Density): পদাৰ্থ এিবধৰ আপেক্ষিক ঘনত্ব হৈছে পদাৰ্থবিধৰ ঘনত্ব আৰু পানীৰ ঘনত্বৰ অনুপাত। আপেক্ষিক ঘনত্ব = বস্তুটোৰ ঘনত্বপানীৰ ঘনত্ব যিহেতু আপেক্ষিক ঘনত্ব দুটা একে প্ৰকৃতিৰ ৰাশিৰ অনুপাত, গতিকে ইয়াৰ একক নাথাকে।

2. Solved Examples (উদাহৰণসমূহ — ধাপে ধাপে)

📌 উদাহৰণ 10.1: পৃথিৱীৰ ভৰ 6 × 10²⁴ kg আৰু চন্দ্ৰৰ ভৰ 7.4 × 10²² kg। যদি পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব 3.84 × 10⁵ km হয় তেন্তে পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা বল নিৰ্ণয় কৰা। (G = 6.7 × 10⁻¹¹ N m² kg⁻²) Step 1: দিয়া তথ্য লিখা আৰু ৰূপান্তৰ কৰা পৃথিৱীৰ ভৰ, M = 6 × 10²⁴ kg চন্দ্ৰৰ ভৰ, m = 7.4 × 10²² kg দূৰত্ব, d = 3.84 × 10⁵ km d = 3.84 × 10⁵ × 1000 m d = 3.84 × 10⁸ m G = 6.7 × 10⁻¹¹ N m² kg⁻² Step 2: সূত্ৰ প্ৰয়োগ কৰা F = G M × md² F = 6.7 × 10⁻¹¹ × 6 × 10²⁴ × 7.4 × 10²²(3.84 × 10⁸)² F = 6.7 × 6 × 7.4 × 10⁻¹¹⁺²⁴⁺²²14.75 × 10¹⁶ F = 297.48 × 10³⁵14.75 × 10¹⁶ F = 20.17 × 10¹⁹ F = 2.01 × 10²⁰ N
💡 ব্যাখ্যা: ইয়াত আমি মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ F = G(Mm/d²) ব্যৱহাৰ কৰিছোঁ। দূৰত্ব km ৰ পৰা m লৈ ৰূপান্তৰ কৰাটো মনত ৰাখিব লাগে।
📌 উদাহৰণ 10.2: গাড়ী এখন পাহাৰৰ গাৰ পৰা বাহিৰলৈ ওলাই থকা অংশ এটা বাগৰি পৰিল আৰু 0.5 s ত ভূপতিত হ'ল। ধৰা হওঁক g = 10 m s⁻²। (i) মাটিত পৰোতে ইয়াৰ দ্ৰুতি কিমান? (ii) 0.5 s সময়ছোৱাত ইয়াৰ গড় দ্ৰুতি কিমান? (iii) পাহাৰৰ গাৰ পৰা ওলাই থকা অংশটোৰ উচ্চতা মাটিৰ পৰা কিমান? Step 1: দিয়া তথ্য লিখা সময়, t = 0.5 s প্ৰাৰম্ভিক বেগ, u = 0 m s⁻¹ মাধ্যাকৰ্ষণিক ত্বৰণ, g = 10 m s⁻² ত্বৰণ, a = +10 m s⁻² (নিম্নমুখী) Step 2: (i) অন্তিম দ্ৰুতি নিৰ্ণয় কৰা v = u + at v = 0 + 10 × 0.5 v = 5 m s⁻¹ Step 3: (ii) গড় দ্ৰুতি নিৰ্ণয় কৰা গড় দ্ৰুতি = u + v2 গড় দ্ৰুতি = 0 + 52 গড় দ্ৰুতি = 2.5 m s⁻¹ Step 4: (iii) উচ্চতা নিৰ্ণয় কৰা s = ut + 12 at² s = 0 × 0.5 + 12 × 10 × (0.5)² s = 12 × 10 × 0.25 s = 1.25 m
📌 উদাহৰণ 10.3: উলম্বভাৱে ওপৰলৈ দলিয়াই দিয়া বস্তু এটা 10 m উচ্চতালৈ উঠে। (i) বস্তুটো কিমান বেগেৰে ওপৰলৈ দলিয়াই দিয়া হৈছিল? (ii) সৰ্বোচ্চ বিন্দুত উপনীত হওঁতে কিমান সময় লাগিব? Step 1: দিয়া তথ্য লিখা অতিক্ৰম কৰা দূৰত্ব, s = 10 m অন্তিম বেগ, v = 0 m s⁻¹ মাধ্যাকৰ্ষণিক ত্বৰণ, g = 9.8 m s⁻² বস্তুটোৰ ত্বৰণ, a = -9.8 m s⁻² (ঊৰ্ধ্বগামী গতি) Step 2: (i) প্ৰাৰম্ভিক বেগ নিৰ্ণয় কৰা v² = u² + 2as 0 = u² + 2 × (-9.8) × 10 0 = u² - 196 u² = 196 u = √196 u = 14 m s⁻¹ Step 3: (ii) সময় নিৰ্ণয় কৰা v = u + at 0 = 14 + (-9.8) × t 9.8t = 14 t = 149.8 t = 1.43 s
📌 উদাহৰণ 10.4: বস্তু এটাৰ ভৰ 10 kg। পৃথিৱীত ইয়াৰ ওজন কিমান? Step 1: দিয়া তথ্য লিখা ভৰ, m = 10 kg মাধ্যাকৰ্ষণিক ত্বৰণ, g = 9.8 m s⁻² Step 2: ওজন নিৰ্ণয় কৰা W = m × g W = 10 × 9.8 W = 98 N
📌 উদাহৰণ 10.5: ভূ-পৃষ্ঠত বস্তু এটাৰ ওজন 10 N। চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব? Step 1: দিয়া তথ্য লিখা ভূ-পৃষ্ঠত ওজন, Wₑ = 10 N চন্দ্ৰপৃষ্ঠত ওজন = 16 × ভূ-পৃষ্ঠত ওজন Step 2: চন্দ্ৰপৃষ্ঠত ওজন নিৰ্ণয় কৰা Wₘ = 16 × Wₑ Wₘ = 106 Wₘ = 1.67 N
📌 উদাহৰণ 10.6: কাঠৰ টুকুৰা এটা টেবুল এখনৰ ওপৰত থোৱা হৈছে। কাঠৰ টুকুৰাটোৰ ভৰ 5 kg আৰু ইয়াৰ বিস্তাৰ 40 cm × 20 cm × 10 cm। টেবুলৰ পৃষ্ঠত কাঠৰ টুকুৰাটোৱে প্ৰয়োগ কৰা চাপ নিৰ্ণয় কৰা যদি টুকুৰাটোৰে (a) 20 cm × 10 cm পৃষ্ঠ আৰু (b) 40 cm × 20 cm পৃষ্ঠ টেবুলত সংস্থাপিত হয়। Step 1: দিয়া তথ্য লিখা কাঠৰ টুকুৰাটোৰ ভৰ, m = 5 kg হেঁচা, F = m × g F = 5 × 9.8 F = 49 N Step 2: (a) 20 cm × 10 cm পৃষ্ঠৰ বাবে চাপ নিৰ্ণয় ক্ষেত্ৰফল = 20 cm × 10 cm = 200 cm² = 200 × 10⁻⁴ m² = 0.02 m² চাপ = হেঁচাক্ষেত্ৰফল চাপ = 490.02 চাপ = 2450 N m⁻² Step 3: (b) 40 cm × 20 cm পৃষ্ঠৰ বাবে চাপ নিৰ্ণয় ক্ষেত্ৰফল = 40 cm × 20 cm = 800 cm² = 800 × 10⁻⁴ m² = 0.08 m² চাপ = 490.08 চাপ = 612.5 N m⁻²
💡 ব্যাখ্যা: একেটা বল সৰু ক্ষেত্ৰফলত ক্ৰিয়াশীল হ'লে ই বেছি চাপ প্ৰয়োগ কৰে আৰু বেছি ক্ষেত্ৰফলত কম চাপ প্ৰয়োগ কৰে।
📌 উদাহৰণ 10.7: ৰূপৰ আপেক্ষিক ঘনত্ব 10.8। পানীৰ ঘনত্ব 10³ kg m⁻³। SI এককত ৰূপৰ ঘনত্ব কিমান? Step 1: দিয়া তথ্য লিখা ৰূপৰ আপেক্ষিক ঘনত্ব = 10.8 পানীৰ ঘনত্ব = 10³ kg m⁻³ Step 2: ঘনত্ব নিৰ্ণয় কৰা আপেক্ষিক ঘনত্ব = ৰূপৰ ঘনত্বপানীৰ ঘনত্ব ৰূপৰ ঘনত্ব = আপেক্ষিক ঘনত্ব × পানীৰ ঘনত্ব ৰূপৰ ঘনত্ব = 10.8 × 10³ ৰূপৰ ঘনত্ব = 10800 kg m⁻³

3. পাঠ্যপুথিৰ ভিতৰৰ প্ৰশ্নাৱলী (In-Text Questions)

পৃষ্ঠা 134 — মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ পিছত

পৃষ্ঠা নং: 134

প্ৰশ্ন ১: মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা।
উত্তৰ: বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰে। এই আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। Step 1: গাণিতিক ৰূপ F ∝ M × m F ∝ 1d² Step 2: দুয়োটা সমীকৰণ লগ লগোৱা F ∝ M × md² F = G M × md²
প্ৰশ্ন ২: পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান উলিওৱা সূত্ৰটো লিখা।
উত্তৰ: ধৰা হওঁক, পৃথিৱীৰ ভৰ M আৰু পৃথিৱীৰ পৃষ্ঠত থকা বস্তুটোৰ ভৰ m। ধৰা হ'ল পৃথিৱীৰ ব্যাসাৰ্ধ R। Step 1: মহাকৰ্ষণৰ সূত্ৰ প্ৰয়োগ F = G M × mR²
💡 ব্যাখ্যা: ইয়াত d = R কাৰণ বস্তুটো পৃথিৱীৰ পৃষ্ঠত অৱস্থিত। G হৈছে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক যাৰ মান 6.67 × 10⁻¹¹ N m² kg⁻²।

পৃষ্ঠা 136 — মুক্ত অধোগমনৰ পিছত

পৃষ্ঠা নং: 136

প্ৰশ্ন ১: মুক্ত অধোগমন মানে কি বুজা?
উত্তৰ: বস্তু এটাই কেৱল মহাকৰ্ষণিক বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰাকে মুক্ত অধোগমন বুলি কোৱা হয়। Step 1: ব্যখ্যা মুক্ত অধোগমনত বস্তু এটাই কেৱল মাধ্যাকৰ্ষণিক বলৰ দ্বাৰা তললৈ পৰে। ইয়াত বায়ুৰ বাধা বা আন কোনো বল ক্ৰিয়া নকৰে।
প্ৰশ্ন ২: মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা?
উত্তৰ: পৃথিৱীৰ মহাকৰ্ষণিক বলৰ ফলত সৃষ্টি হোৱা ত্বৰণক মাধ্যাকৰ্ষণিক ত্বৰণ বোলা হয়। ইয়াক 'g' আখৰেৰে সূচোৱা হয়। Step 1: গাণিতিক ৰূপ g = G MR²
💡 ব্যাখ্যা: g ৰ মান পৃথিৱীৰ পৃষ্ঠত 9.8 m s⁻²। ইয়াৰ একক ত্বৰণৰ এককৰ সৈতে একে।

পৃষ্ঠা 138 — ভৰ আৰু ওজনৰ পিছত

পৃষ্ঠা নং: 138

প্ৰশ্ন ১: বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি?
উত্তৰ:
ভৰ (Mass)ওজন (Weight)
1. বস্তুত থকা পদাৰ্থৰ পৰিমাণ।1. বস্তুৰ ওপৰত ক্ৰিয়া কৰা পৃথিৱীৰ আকৰ্ষণীয় বল।
2. সকলো স্থানতে একে থাকে।2. স্থানৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন হয়।
3. স্কেলাৰ ৰাশি।3. ভেক্টৰ ৰাশি।
4. সাধাৰণ তুলাৰ সহায়ত জোখা হয়।4. স্প্ৰীং তুলাৰ সহায়ত জোখা হয়।
5. SI একক কিলোগ্ৰাম (kg)।5. SI একক নিউটন (N)।
প্ৰশ্ন ২: চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ ওজনৰ 1/6 অংশ হয় কিয়?
উত্তৰ: চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰতকৈ কম। সেইবাবে চন্দ্ৰৰ মাধ্যাকৰ্ষণিক বল পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ 1/6 অংশ। Step 1: কাৰণ বুজা W = m × g চন্দ্ৰত g ৰ মান = 16 × পৃথিৱীত g ৰ মান ∴ চন্দ্ৰত ওজন = 16 × পৃথিৱীত ওজন

পৃষ্ঠা 140 — হেঁচা আৰু চাপৰ পিছত

পৃষ্ঠা নং: 140

প্ৰশ্ন ১: মিহি কিন্তু মজবুত ৰচীৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয়?
উত্তৰ: মিহি কিন্তু মজবুত ৰচীৰ ফিটা লগোৱা স্কুল বেগ এটাই কম ক্ষেত্ৰফলত হেঁচা প্ৰয়োগ কৰে বাবে চাপ বেছি হয়। সেয়েহে লৈ ফুৰাত অসুবিধা হয়। Step 1: সূত্ৰ প্ৰয়োগ চাপ = হেঁচাক্ষেত্ৰফল ক্ষেত্ৰফল কম হ'লে চাপ বেছি হয়।
প্ৰশ্ন ২: প্লাবিতা মানে কি বুজা?
উত্তৰ: যেতিয়া বস্তু এটা জুলীয়া বা গেছত থোৱা হয় তেতিয়া বস্তুটোৰ ওপৰত এটা ঊৰ্ধমুখী বলে ক্ৰিয়া কৰে। ফলত বস্তুটোৰ ওজন কম হোৱা দেখা যায়। এই ঊৰ্ধমুখী বলক প্লাবিতা বোলা হয়। Step 1: ব্যখ্যা প্লাবিতা বলৰ মান তৰলৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। তৰলৰ ঘনত্ব বেছি হ'লে প্লাবিতা বল বেছি হয়।
প্ৰশ্ন ৩: বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপঙা বা ডুবাৰ কাৰণ কি?
উত্তৰ: Step 1: বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি হ'লে বস্তুটো ডুবিব। কাৰণ বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা মাধ্যাকৰ্ষণিক বলৰ মান প্লাবিতাৰ মানতকৈ বেছি। Step 2: বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হ'লে বস্তুটো উপঙিব। কাৰণ বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা মাধ্যাকৰ্ষণিক বলৰ মান প্লাবিতাৰ মানতকৈ কম।

4. অনুশীলনীৰ প্ৰশ্নোত্তৰ (Page 143-145)

পৃষ্ঠা নং: 143-145

প্ৰশ্ন ১: দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ পূৰ্বৰ তুলনাত কি হ'ব?
Step 1: দিয়া তথ্য লিখা প্ৰথম অৱস্থাত, F = G m₁ × m₂r² দ্বিতীয় অৱস্থাত, d = r2 Step 2: নতুন বল নিৰ্ণয় কৰা F' = G m₁ × m₂(r/2)² F' = G m₁ × m₂r²/4 F' = 4 × G m₁ × m₂r² F' = 4F
💡 ব্যাখ্যা: দূৰত্ব আধা হ'লে বল চাৰিগুণ হয় কাৰণ বল দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক।
প্ৰশ্ন ২: মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিকভাৱে ক্ৰিয়া কৰে। তেন্তে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয়?
উত্তৰ: যদিও মহাকৰ্ষণিক বল বস্তুৰ ভৰৰ সমানুপাতিক কিন্তু মুক্তভাৱে তললৈ পৰা বস্তুৰ মাধ্যাকৰ্ষণিক ত্বৰণ 'g' ৰ মান সকলো বস্তুৰ ক্ষেত্ৰতে একে। অৰ্থাৎ 'g' ৰ মান ধ্ৰুৱক। Step 1: সূত্ৰ প্ৰয়োগ v = u + gt সমান সময়ত সকলো ক্ষেত্ৰতে u আৰু g ৰ মান একে থাকে। ফলত v ৰ মান একে থাকে।
প্ৰশ্ন ৩: পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1 kg ভৰৰ বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান কিমান? (পৃথিৱীৰ ভৰ 6 × 10²⁴ kg আৰু পৃথিৱীৰ ব্যাসাৰ্ধ 6.4 × 10⁶ m)
Step 1: দিয়া তথ্য লিখা m = 1 kg M = 6 × 10²⁴ kg R = 6.4 × 10⁶ m G = 6.67 × 10⁻¹¹ N m² kg⁻² Step 2: বল নিৰ্ণয় কৰা F = G m × MR² F = 6.67 × 10⁻¹¹ × 1 × 6 × 10²⁴(6.4 × 10⁶)² F = 40.02 × 10¹³40.96 × 10¹² F = 9.77 N
প্ৰশ্ন ৪: পৃথিৱী আৰু চন্দ্ৰ মহাকৰ্ষণিক বলৰ দ্বাৰা পৰস্পৰে আকৰ্ষিত হয়। চন্দ্ৰই পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণী বল সমান নে কম নে বেছি? কিয়?
উত্তৰ: চন্দ্ৰই যি বলেৰে পৃথিৱীক আকৰ্ষণ কৰে সেই একে সমান বলেৰে পৃথিৱীয়েও চন্দ্ৰক আকৰ্ষণ কৰে। Step 1: কাৰণ বুজা আকৰ্ষণী বল = G M × md² দুয়োটা ক্ষেত্ৰতে M, m আৰু d ৰ মান একে। ∴ আকৰ্ষণী বলও একে।
💡 ব্যাখ্যা: নিউটনৰ তৃতীয় সূত্ৰ অনুসৰি ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বল সমান আৰু বিপৰীত।
প্ৰশ্ন ৫: চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা স্বত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয়?
উত্তৰ: কাৰণ পৃথিৱীয়েও চন্দ্ৰক সমান বলেৰে আকৰ্ষণ কৰি আছে। আকৰ্ষণী বল সমান হোৱা বাবে কোনেও কাৰো ফালে ধাৱমান নহয়। Step 1: ব্যাখ্যা চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰতকৈ বহুত কম। সেয়ে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে কিন্তু পৃথিৱী চন্দ্ৰৰ ফালে নাযায়।
প্ৰশ্ন ৬: দুটা বস্তুৰ মাজৰ বলৰ কি পৰিবৰ্তন হ'ব, যদি — (i) এটা বস্তুৰ ভৰ দুগুণ কৰা হয়? (ii) বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু তিনিগুণ কৰা হয়? (iii) দুয়োটা বস্তুৰ ভৰ দুগুণ কৰা হয়?
উত্তৰ: (i) এটা বস্তুৰ ভৰ দুগুণ কৰিলে F = G 2m₁ × m₂r² F = 2 × G m₁ × m₂r² ∴ বল দুগুণ হ'ব। (ii) দূৰত্ব দুগুণ কৰিলে F = G m₁ × m₂(2r)² F = 14 × G m₁ × m₂r² ∴ বল আগৰ 1/4 গুণ হ'ব। দূৰত্ব তিনিগুণ কৰিলে F = G m₁ × m₂(3r)² F = 19 × G m₁ × m₂r² ∴ বল আগৰ 1/9 গুণ হ'ব। (iii) দুয়োটা বস্তুৰ ভৰ দুগুণ কৰিলে F = G 2m₁ × 2m₂r² F = 4 × G m₁ × m₂r² ∴ বল আগৰ 4 গুণ হ'ব।
প্ৰশ্ন ৭: মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান?
উত্তৰ: মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব হ'ল — (i) সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ গতি। (ii) চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্ৰ পৃষ্ঠত জোৱাৰ-ভাটা। (iii) পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি। (iv) কৃত্ৰিম উপগ্ৰহৰ গতি।
প্ৰশ্ন ৮: মুক্ত অধোগমনৰ ত্বৰণ কিমান?
উত্তৰ: মুক্ত অধোগমনৰ ত্বৰণ হ'ল মাধ্যাকৰ্ষণিক ত্বৰণ 'g'। ইয়াৰ মান 9.8 m s⁻²।
প্ৰশ্ন ৯: পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক আমি কি বুলি কওঁ?
উত্তৰ: মাধ্যাকৰ্ষণিক বল।
প্ৰশ্ন ১০: অমিতে তেওঁৰ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলত কেইগ্ৰামমান সোণ কিনিলে। বিষুৱ অঞ্চলত তেওঁৰ ভেটাভেটি হলত সোণখিনি তেওঁলৈ হস্তান্তৰ কৰিলে। বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি ল'বনে? যদি নলয়, তেন্তে কিয়? (ইংগিত: বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত g ৰ মান বেছি।)
উত্তৰ: বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজন মানি নলয়। Step 1: কাৰণ বুজা মেৰু অঞ্চলত g ৰ মান বিষুৱ অঞ্চলতকৈ বেছি। সেয়েহে মেৰু অঞ্চলত সোণৰ ওজন বিষুৱ অঞ্চলতকৈ বেছি।
💡 ব্যাখ্যা: W = mg। য'ত g বেছি, তাত ওজন বেছি। মেৰু অঞ্চলত সোণৰ ওজন বেছি আছিল কিন্তু বিষুৱ অঞ্চলত কম হ'ব।
প্ৰশ্ন ১১: কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি?
উত্তৰ: কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ মেলখাই থকা কাগজখিলাই বায়ুৰ বাবে বেছি ঘৰ্ষণ বল অনুভৱ কৰে। Step 1: কাৰণ বুজা মেল খাই থকা কাগজখিলাৰ ক্ষেত্ৰফল বলটোতকৈ বেছি। বেছি ক্ষেত্ৰফলৰ বাবে ঘৰ্ষণ বল বেছি হয়। ফলত কাগজখিলাৰ গতিত বাধাৰ সৃষ্টি হয়।
প্ৰশ্ন ১২: চন্দ্ৰপৃষ্ঠত মহাকৰ্ষণিক বল ভূপৃষ্ঠৰ মহাকৰ্ষণিক বলৰ 1/6 অংশ। 10 kg ভৰৰ বস্তু এটাৰ চন্দ্ৰপৃষ্ঠত আৰু ভূপৃষ্ঠত নিউটন এককত ওজন কিমান হ'ব?
Step 1: দিয়া তথ্য লিখা ভৰ, m = 10 kg পৃথিৱীত g = 9.8 m s⁻² চন্দ্ৰত g = 16 × 9.8 = 1.63 m s⁻² Step 2: ভূপৃষ্ঠত ওজন Wₑ = m × g Wₑ = 10 × 9.8 Wₑ = 98 N Step 3: চন্দ্ৰপৃষ্ঠত ওজন Wₘ = m × gₘ Wₘ = 10 × 1.63 Wₘ = 16.33 N
প্ৰশ্ন ১৩: বল এটা উলম্বভাৱে ওপৰলৈ 49 m s⁻¹ বেগেৰে দলিওৱা হ'ল। (i) ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা আৰু (ii) ভূপৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় নিৰ্ণয় কৰা।
Step 1: দিয়া তথ্য লিখা u = 49 m s⁻¹ a = -9.8 m s⁻² v = 0 m s⁻¹ (সৰ্বোচ্চ বিন্দুত) Step 2: (i) সৰ্বোচ্চ উচ্চতা নিৰ্ণয় v² = u² + 2as 0 = (49)² + 2 × (-9.8) × s 0 = 2401 - 19.6s 19.6s = 2401 s = 240119.6 s = 122.5 m Step 3: (ii) মুঠ সময় নিৰ্ণয় v = u + at 0 = 49 + (-9.8) × t 9.8t = 49 t = 499.8 t = 5 s মুঠ সময় = 5 + 5 = 10 s
প্ৰশ্ন ১৪: 19.6 m উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা এৰি দিয়া হ'ল। মাটি স্পৰ্শ কৰাৰ আগমুহূৰ্তত ইয়াৰ অন্তিম বেগ কিমান হ'ব উলিওৱা।
Step 1: দিয়া তথ্য লিখা h = s = 19.6 m u = 0 m s⁻¹ a = 9.8 m s⁻² Step 2: অন্তিম বেগ নিৰ্ণয় v² = u² + 2as v² = 0 + 2 × 9.8 × 19.6 v² = 384.16 v = √384.16 v = 19.6 m s⁻¹
প্ৰশ্ন ১৫: 40 m s⁻¹ বেগেৰে শিলগুটি এটা উলম্বভাৱে ওপৰলৈ দলিওৱা হ'ল। g ৰ মান 10 m s⁻² ধৰি শিলগুটিটো সৰ্বোচ্চ কিমান উচ্চতালৈ উঠিব উলিওৱা। শিলগুটিটোৰ মুঠ সৰণ আৰু মুঠ অতিক্ৰম কৰা দূৰত্ব উলিওৱা।
Step 1: দিয়া তথ্য লিখা u = 40 m s⁻¹ g = -10 m s⁻² v = 0 m s⁻¹ Step 2: সৰ্বোচ্চ উচ্চতা নিৰ্ণয় v² = u² + 2as 0 = (40)² + 2 × (-10) × s 0 = 1600 - 20s 20s = 1600 s = 80 m Step 3: মুঠ সৰণ আৰু মুঠ দূৰত্ব মুঠ সৰণ = 0 m (আগৰ স্থানলৈ ঘূৰি আহিছে) মুঠ দূৰত্ব = 80 + 80 = 160 m
প্ৰশ্ন ১৬: পৃথিৱী আৰু সূৰ্যৰ মাজৰ মহাকৰ্ষণ বল নিৰ্ণয় কৰা। দিয়া আছে পৃথিৱীৰ ভৰ = 6 × 10²⁴ kg, সূৰ্যৰ ভৰ = 2 × 10³⁰ kg, পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব = 1.5 × 10¹¹ m।
Step 1: দিয়া তথ্য লিখা m₁ = 6 × 10²⁴ kg m₂ = 2 × 10³⁰ kg r = 1.5 × 10¹¹ m G = 6.67 × 10⁻¹¹ N m² kg⁻² Step 2: বল নিৰ্ণয় F = G m₁ × m₂r² F = 6.67 × 10⁻¹¹ × 6 × 10²⁴ × 2 × 10³⁰(1.5 × 10¹¹)² F = 80.04 × 10⁴³2.25 × 10²² F = 35.57 × 10²¹ F = 3.56 × 10²² N
প্ৰশ্ন ১৭: 100 m উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা পৰিবলৈ দিয়া হ'ল আৰু একে সময়তে অন্য এটা শিলগুটি 25 m s⁻¹ বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হ'ল। কেতিয়া আৰু ক'ত শিলগুটি দুটাৰ ভেটাভেটি হ'ব?
Step 1: তললৈ পৰা শিলগুটিৰ বাবে u = 0 m s⁻¹ s = x m a = 10 m s⁻² x = 0 × t + 12 × 10 × t² x = 5t² ......... (1) Step 2: ওপৰলৈ যোৱা শিলগুটিৰ বাবে u = 25 m s⁻¹ s = (100 - x) m a = -10 m s⁻² 100 - x = 25t + 12 × (-10) × t² 100 - x = 25t - 5t² ......... (2) Step 3: সমীকৰণ (1) আৰু (2) সমাধান কৰা 100 - 5t² = 25t - 5t² 100 = 25t t = 4 s x = 5t² = 5 × 16 = 80 m
💡 সিদ্ধান্ত: 4 ছেকেণ্ডত ওপৰৰ পৰা 80 m দূৰত্বত শিলগুটি দুটাৰ ভেটাভেটি হ'ব।
প্ৰশ্ন ১৮: উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 ছেকেণ্ডৰ পিছত প্ৰক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিল। (ক) ইয়াৰ ঊৰ্ধমুখী প্ৰক্ষেপ বেগ (খ) ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা (গ) 4 ছেকেণ্ড পিছত ইয়াৰ অৱস্থান নিৰ্ণয় কৰা।
Step 1: দিয়া তথ্য লিখা মুঠ সময় = 6 s ঊৰ্ধমুখী সময় = নিম্নমুখী সময় = 62 = 3 s v = 0 m s⁻¹ (সৰ্বোচ্চ বিন্দুত) a = -9.8 m s⁻² Step 2: (ক) প্ৰাৰম্ভিক বেগ নিৰ্ণয় v = u + at 0 = u + (-9.8) × 3 u = 29.4 m s⁻¹ Step 3: (খ) সৰ্বোচ্চ উচ্চতা নিৰ্ণয় s = ut + 12 at² s = 29.4 × 3 + 12 × (-9.8) × 9 s = 88.2 - 44.1 s = 44.1 m Step 4: (গ) 4 ছেকেণ্ড পিছত অৱস্থান u = 0 m s⁻¹ (সৰ্বোচ্চ বিন্দুৰ পৰা) t = 4 - 3 = 1 s a = 9.8 m s⁻² s = 0 × 1 + 12 × 9.8 × 1² s = 4.9 m
💡 ব্যাখ্যা: 4 ছেকেণ্ড পিছত সৰ্বোচ্চ উচ্চতাৰ পৰা 4.9 m তলত শিলটোৰ অৱস্থান হ'ব।
প্ৰশ্ন ১৯: তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্ৰিয়া কৰে?
উত্তৰ: সদায় ঊৰ্ধমুখী দিশত ক্ৰিয়া কৰে।
প্ৰশ্ন ২০: পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘূৰি আহে?
উত্তৰ: প্লাষ্টিকৰ টুকুৰাটোৱে অপসৰণ কৰা পানীৰ ওজন প্লাষ্টিকৰ টুকুৰাটোৰ ওজনতকৈ বেছি হয়। প্লাবিতাৰ বাবে টুকুৰাটো পানীৰ পৃষ্ঠলৈ ঘূৰি আহে।
প্ৰশ্ন ২১: 50 g ভৰৰ বস্তু এটাৰ আয়তন 20 cm³। যদি পানীৰ ঘনত্ব 1 g cm⁻³ হয় তেন্তে বস্তুটো পানীত উপঙিবনে ডুবিব?
Step 1: বস্তুৰ ঘনত্ব নিৰ্ণয় ঘনত্ব = ভৰআয়তন ঘনত্ব = 50 g20 cm³ ঘনত্ব = 2.5 g cm⁻³ Step 2: তুলনা কৰা বস্তুৰ ঘনত্ব (2.5) > পানীৰ ঘনত্ব (1) ∴ বস্তুটো পানীত ডুবিব।
প্ৰশ্ন ২২: 500 g ভৰৰ বন্ধ পেকেট এটাৰ আয়তন 350 cm³। পানীৰ ঘনত্ব 1 g cm⁻³ হ'লে পেকেটটো পানীত উপঙিবনে ডুবিব? পেকেটটোৱে অপসাৰিত কৰা পানীৰ ভৰ কিমান?
Step 1: পেকেটটোৰ ঘনত্ব নিৰ্ণয় ঘনত্ব = ভৰআয়তন ঘনত্ব = 500 g350 cm³ ঘনত্ব = 1.429 g cm⁻³ Step 2: তুলনা কৰা পেকেটটোৰ ঘনত্ব (1.429) > পানীৰ ঘনত্ব (1) ∴ পেকেটটো ডুবিব। Step 3: অপসাৰিত পানীৰ ভৰ নিৰ্ণয় অপসাৰিত পানীৰ ভৰ = অপসাৰিত পানীৰ আয়তন × পানীৰ ঘনত্ব m = 350 cm³ × 1 g cm⁻³ m = 350 g

5. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)

১। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ আবিষ্কাৰ কৰিছিল কোনে?

(A) গেলিলিও (B) কেপলাৰ (C) নিউটন (D) কোপাৰনিকাচ

উত্তৰ চাওক

উত্তৰ: (C) নিউটন

২। G ৰ মান কিমান?

(A) 6.67 × 10⁻¹¹ N m² kg⁻² (B) 9.8 m s⁻² (C) 6.67 × 10¹¹ N m² kg⁻² (D) 6.67 × 10⁻¹¹ m s⁻²

উত্তৰ চাওক

উত্তৰ: (A) 6.67 × 10⁻¹¹ N m² kg⁻²

৩। g ৰ মান কিমান?

(A) 6.67 × 10⁻¹¹ N m² kg⁻² (B) 9.8 m s⁻² (C) 8.9 m s⁻² (D) 9.8 N

উত্তৰ চাওক

উত্তৰ: (B) 9.8 m s⁻²

৪। ভৰৰ SI একক কি?

(A) নিউটন (B) কিলোগ্ৰাম (C) মিটাৰ (D) ছেকেণ্ড

উত্তৰ চাওক

উত্তৰ: (B) কিলোগ্ৰাম

৫। ওজনৰ SI একক কি?

(A) কিলোগ্ৰাম (B) নিউটন (C) মিটাৰ (D) পাস্কেল

উত্তৰ চাওক

উত্তৰ: (B) নিউটন

৬। চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ ওজনৰ কিমান অংশ?

(A) 1/2 (B) 1/4 (C) 1/6 (D) 1/8

উত্তৰ চাওক

উত্তৰ: (C) 1/6

৭। চাপৰ SI একক কি?

(A) নিউটন (B) পাস্কেল (C) জুল (D) ৱাট

উত্তৰ চাওক

উত্তৰ: (B) পাস্কেল

৮। আৰ্কিমিডিছৰ সূত্ৰ অনুসৰি প্লাবিতা বল কি?

(A) বস্তুৰ ওজন (B) অপসাৰিত তৰলৰ ওজন (C) বস্তুৰ ভৰ (D) তৰলৰ ঘনত্ব

উত্তৰ চাওক

উত্তৰ: (B) অপসাৰিত তৰলৰ ওজন

৯। বস্তু এটা পানীত উপঙিব যদি —

(A) বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি (B) বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম (C) বস্তুৰ ঘনত্ব পানীৰ ঘনত্বৰ সমান (D) এটাও নহয়

উত্তৰ চাওক

উত্তৰ: (B) বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম

১০। আপেক্ষিক ঘনত্বৰ একক কি?

(A) kg m⁻³ (B) g cm⁻³ (C) N m⁻² (D) একক নাই

উত্তৰ চাওক

উত্তৰ: (D) একক নাই

6. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)

🧠 আপোনাৰ মগজুক প্ৰত্যাহ্বান জনাওক!
১: মহাকৰ্ষণ আৰু মাধ্যাকৰ্ষণৰ মাজত পাৰ্থক্য কি?
মহাকৰ্ষণ হ'ল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৰ মাজৰ আকৰ্ষণ। আনহাতে মাধ্যাকৰ্ষণ হ'ল পৃথিৱী আৰু অন্য এটা বস্তুৰ মাজৰ আকৰ্ষণ।
২: g আৰু G ৰ মাজত পাৰ্থক্য কি?
gG
মাধ্যাকৰ্ষণিক ত্বৰণমহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক
মান 9.8 m s⁻²মান 6.67 × 10⁻¹¹ N m² kg⁻²
g = GM/R²G = Fr²/(m₁m₂)
৩: মুক্ত অধোগমন কি?
বস্তু এটাই কেৱল মহাকৰ্ষণিক বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰাকে মুক্ত অধোগমন বুলি কোৱা হয়।
৪: প্লাবিতা বল কি?
তৰলত ডুবালে বস্তুৰ ওপৰত তৰলয়ে প্ৰয়োগ কৰা ঊৰ্ধমুখী বলক প্লাবিতা বল বোলে।
৫: আৰ্কিমিডিছৰ সূত্ৰ লিখা।
বস্তু এটা তৰলত সম্পূৰ্ণ বা আংশিকভাৱে ডুবালে ই ঊৰ্ধমুখী বল এটা অনুভৱ কৰে যিটো বস্তুটোৱে অপসাৰিত কৰা তৰলৰ ওজনৰ সমান।

7. অতিৰিক্ত প্ৰশ্নোত্তৰ (Additional Questions)

১: মহাকৰ্ষণ কি?
বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰি থকা বলক মহাকৰ্ষণ বোলে।
২: মাধ্যাকৰ্ষণ কি?
পৃথিৱী আৰু অন্য এটা বস্তুৰ মাজৰ আকৰ্ষণক মাধ্যাকৰ্ষণ বোলে।
৩: অভিকেন্দ্ৰিক বল কি?
বৃত্তীয় পথত ঘূৰি থকা বস্তু এটাৰ ওপৰত কেন্দ্ৰৰ দিশত ক্ৰিয়াশীল বলক অভিকেন্দ্ৰিক বল বোলে।
৪: বিশ্বজনীন ধ্ৰুৱক G ৰ মান কিমান?
6.67 × 10⁻¹¹ N m² kg⁻²
৫: g ৰ মান কিমান?
9.8 m s⁻²
৬: ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য লিখা।
ভৰওজন
বস্তুত থকা পদাৰ্থৰ পৰিমাণবস্তুৰ ওপৰত ক্ৰিয়া কৰা পৃথিৱীৰ আকৰ্ষণীয় বল
সকলো স্থানতে একেস্থানৰ লগত সলনি হয়
স্কেলাৰ ৰাশিভেক্টৰ ৰাশি
একক kgএকক N
৭: এজন ল'ৰাৰ ভৰ 50 kg। তেওঁৰ ওজন কিমান?
W = m × g W = 50 × 9.8 W = 490 N
৮: চন্দ্ৰত এজন ল'ৰাৰ ওজন ভূপৃষ্ঠৰ 1/6। ভূপৃষ্ঠত তেওঁৰ ওজন 600 N হ'লে চন্দ্ৰত কিমান হ'ব?
Wₘ = 16 × Wₑ Wₘ = 16 × 600 Wₘ = 100 N
৯: চাপ কি?
একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা লম্ব বলক চাপ বোলে।
১০: পাস্কেল কি?
চাপৰ SI একক। 1 Pa = 1 N m⁻²
১১: বস্তু এটাৰ ঘনত্ব 2 g cm⁻³। পানীৰ ঘনত্ব 1 g cm⁻³। বস্তুটো পানীত উপঙিবনে ডুবিব?
বস্তুৰ ঘনত্ব (2) > পানীৰ ঘনত্ব (1) ∴ বস্তুটো ডুবিব।
১২: আপেক্ষিক ঘনত্ব কি?
বস্তু এটাৰ ঘনত্ব আৰু পানীৰ ঘনত্বৰ অনুপাতক আপেক্ষিক ঘনত্ব বোলে।
১৩: আপেক্ষিক ঘনত্বৰ একক আছে নে?
নাই, কাৰণ ই দুটা একে প্ৰকৃতিৰ ৰাশিৰ অনুপাত।
১৪: কেপলাৰৰ সূত্ৰ কেইটা কি কি?
(i) গ্ৰহৰ কক্ষপথ উপবৃত্তাকাৰ। (ii) গ্ৰহ আৰু সূৰ্য সংযোগী ৰেখাই সমান সময়ত সমান কালি পাৰ হয়। (iii) r³/T² = ধ্ৰুৱক
১৫: ৰূপৰ আপেক্ষিক ঘনত্ব 10.8। পানীৰ ঘনত্ব 10³ kg m⁻³। ৰূপৰ ঘনত্ব কিমান?
ৰূপৰ ঘনত্ব = আপেক্ষিক ঘনত্ব × পানীৰ ঘনত্ব ৰূপৰ ঘনত্ব = 10.8 × 10³ ৰূপৰ ঘনত্ব = 10800 kg m⁻³
১৬: ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ 42 kg। তোমাৰ ভৰ 42 kg তকৈ কম নে বেছি?
42 kg তকৈ সামান্য বেছি হ'ব। কাৰণ, বায়ুৰ ঊৰ্ধমুখী হেঁচাৰ বাবে ওজন জোখা সঁজুলিটোৱে সামান্য কম ওজন নিৰ্দেশ কৰিব।
১৭: তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দণ্ড এডাল আছে। ওজন জোখা যন্ত্ৰত প্ৰত্যেকৰে ভৰ 100 kg পোৱা গ'ল। বাস্তৱ ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ। কোনটো বেছি গধুৰ আৰু সি কিয় বেছি গধুৰ ক'ব পাৰিবানে?
উত্তৰ: দুয়োটাৰ ওজন 100 kg যদিও বাস্তৱ ক্ষেত্ৰত কপাহৰ মোনাটোৰ প্ৰকৃত ওজন বেছি। Step 1: কাৰণ বুজা কপাহৰ মোনাটোৰ আয়তন লোৰ দণ্ডডালতকৈ বেছি। বেছি আয়তনৰ বাবে বায়ুৰ ঊৰ্ধমুখী হেঁচাৰ পৰিমাণ কপাহৰ মোনাটোত বেছি। ফলত একে ভৰ নিৰ্দেশ কৰিলেও কপাহৰ মোনাটো প্ৰকৃততে গধুৰ।

8. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক

🌍 ৰসায়ন বিজ্ঞানক জীৱনৰ সৈতে সংযোগ কৰা:
  • জোৱাৰ-ভাটা: চন্দ্ৰ আৰু সূৰ্যৰ মহাকৰ্ষণৰ বাবে সমুদ্ৰত জোৱাৰ-ভাটা হয়।
  • উপগ্ৰহ: কৃত্ৰিম উপগ্ৰহ মহাকৰ্ষণৰ বাবে পৃথিৱীৰ চাৰিওফালে ঘূৰে।
  • গ্ৰহৰ গতি: গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে মহাকৰ্ষণৰ বাবে ঘূৰে।
  • জাহাজ: আৰ্কিমিডিছৰ সূত্ৰৰ ওপৰত জাহাজ নিৰ্মাণ কৰা হয়।
  • লেক্টমিটাৰ: গাখীৰৰ বিশুদ্ধতা নিৰ্ণয়ত ব্যৱহাৰ হয়।
  • হাইড্ৰমিটাৰ: জুলীয়া বস্তুৰ ঘনত্ব জোখাত ব্যৱহাৰ হয়।

Comments

Popular posts from this blog

Class 10 Science Chapter 1 Question Answers, Notes in Assamese | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA/ASSEB

Class 10 Science: Chapter 1 - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: এই অধ্যায়ত আমি ৰাসায়নিক বিক্ৰিয়া চিনাক্ত কৰা, ৰাসায়নিক সমীকৰণ লিখা আৰু সন্তুলিত কৰা, পাঁচ প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া (সংযোজন, বিযোজন, অপসৰণ, দ্বিঅপসৰণ, আৰু ৰেডক্স), আৰু দৈনন্দিন জীৱনত জাৰণৰ প্ৰভাৱ (ক্ষয়ীভৱন আৰু কটুতা) সম্পৰ্কে শিকিম। 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Concept Notes) 1.1 ৰাসায়নিক বিক্ৰিয়া কি? ৰাসায়নিক বিক্ৰিয়াত মূল পদাৰ্থবোৰে (বিক্ৰিয়ক) ৰাসায়নিক পৰিৱৰ্তনৰ মাজেৰে নতুন গুণবিশিষ্ট নতুন পদাৰ্থ (বিক্ৰিয়াজাত পদাৰ্থ) সৃষ্টি কৰে। ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি কেনেকৈ জানিম? (পৰ্যবেক্ষণ) অৱস্থাৰ পৰিৱৰ্তন: যেনে, পানীৰ পৰা ভাপলৈ ৰূপান্তৰ। বৰ্ণ বা ৰং পৰিৱৰ্তন: যেনে, কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ডুবালে ৰঙচুৱা বাদামী হোৱা। গেছৰ নিৰ্গমন: যেনে, জিংকৰ সৈতে এচিডৰ বিক্ৰিয়াত বুদবুদ ওলোৱা। উষ্ণতাৰ পৰিৱৰ্তন: যেন...

Class 10 Science Chapter 16 Assamese Medium | প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer 2026

Class 10 Science: Chapter 16 - প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: আমি নৱম শ্ৰেণীত মাটি, বায়ু আৰু পানী আদি প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ বিভিন্ন উপাংশসমূহ প্ৰকৃতিয়ে কেনেকৈ চক্ৰাকাৰে সবৰবাহ কৰি থাকে তাৰ বিষয়ে শিকি আহিছোঁ। আমাৰ কিছুমান কাৰ্যকলাপৰ কাৰণে কেনেদৰে এই প্ৰাকৃতিক সম্পদবোৰৰ প্ৰদূষণ হয় সেই সম্পৰ্কেও আমি আগৰ পাঠত পঢ়িছোঁ। এই অধ্যায়ত প্ৰাকৃতিক সম্পদবিলাকৰ কিছুমানত বিশেষ মনোযোগ দি সেইবোৰৰ দ্বাৰা আমি কেনেকৈ পৰিৱেশ সংৰক্ষণ কৰিব পাৰোঁ, আৰু আমাৰ প্ৰাকৃতিক সম্পদ যেনে বনাঞ্চলসমূহ, বন্যপ্ৰাণী, পানী, কয়লা আৰু পেট্ৰ'লিয়াম আদিৰ বিষয়ে আলোচনা কৰিম। পৃষ্ঠা নং: 271 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে? (Why Do We Need to Manage Our Resources?) — Page 271-272 পৃষ্ঠা নং: 271-272 সম্পদৰ প্ৰয়োজনীয়তা: আমি আমাৰ সম্পদৰাজি কিয় সযতনে ব্যৱহাৰ কৰিব লাগে? কাৰণ এই সম্পদৰাজি অসীমিত নহয়। লগতে মানুহৰ জনস্বাস্থ্য উন্নতিৰ কাৰণে জনসং...