Skip to main content

Class 9 Science Chapter 5 Notes & Question Answer in Assamese | জীৱৰ মৌলিক একক (ASSEB / SEBA)

Class 9 Science: Chapter 5 - জীৱৰ মৌলিক একক ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 জীৱবিলাক কিহৰ গঠিত? (What are Living Organisms Made Up of?) — Page 58-60 পৃষ্ঠা নং: 58-60 📌 ঐতিহাসিক পৃষ্ঠভূমি: ৰবাৰ্ট হক এটুকুৰা কক (Cork) ৰ পাতল ছেদ পৰীক্ষা কৰি মৌমোহৰ নিচিনা কিছুমান কোঠালি দেখি পাইছিল। কক হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এিবধ উপাদান। সেইয়া আছিল 1665 খ্ৰীষ্টাব্দ। এটা দিন, দিনদুনীয়া ৰবাৰ্ট হক নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এই পৰ্যবেক্ষণবোৰ কৰিছিল। ৰবাৰ্ট হকে সেই কোঠালিবোৰক "Cell" বুলি আখ্যা দিছিল। লেটিনশব্দ— "Cell" ৰ অৰ্থ হ'ল সৰু সৰু কোঠালি। এই পৰ্যবেক্ষণটো দেখাত তাৎপৰ্যবিহীন যেন লাগিছিলও বিজ্ঞানইতিহাসতই এক গুৰুত্বপূৰ্ণ ঘটনা। এই পৰ্যবেক্ষণবোৰে জীৱৰ দেহ যে কিছুমান পৃথক পৃথক এককৰ দ্বাৰা গঠিত তাক কোনো এজনে পোন প্ৰথমে সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। সেই দিন ধৰি জীৱবিজ্ঞান বিষয়ত বৰ্তমানলৈকে তেনে একক বিলাকক "কোষ" বুলি অভিহিত কৰি অহা হৈছে। ...

Class 10 Science Chapter 16 Assamese Medium | প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer 2026

Class 10 Science: Chapter 16 - প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ

📌 অধ্যায়ৰ পৰিচয়: আমি নৱম শ্ৰেণীত মাটি, বায়ু আৰু পানী আদি প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ বিভিন্ন উপাংশসমূহ প্ৰকৃতিয়ে কেনেকৈ চক্ৰাকাৰে সবৰবাহ কৰি থাকে তাৰ বিষয়ে শিকি আহিছোঁ। আমাৰ কিছুমান কাৰ্যকলাপৰ কাৰণে কেনেদৰে এই প্ৰাকৃতিক সম্পদবোৰৰ প্ৰদূষণ হয় সেই সম্পৰ্কেও আমি আগৰ পাঠত পঢ়িছোঁ। এই অধ্যায়ত প্ৰাকৃতিক সম্পদবিলাকৰ কিছুমানত বিশেষ মনোযোগ দি সেইবোৰৰ দ্বাৰা আমি কেনেকৈ পৰিৱেশ সংৰক্ষণ কৰিব পাৰোঁ, আৰু আমাৰ প্ৰাকৃতিক সম্পদ যেনে বনাঞ্চলসমূহ, বন্যপ্ৰাণী, পানী, কয়লা আৰু পেট্ৰ'লিয়াম আদিৰ বিষয়ে আলোচনা কৰিম।

পৃষ্ঠা নং: 271

1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)

1.1 আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে? (Why Do We Need to Manage Our Resources?) — Page 271-272

পৃষ্ঠা নং: 271-272

সম্পদৰ প্ৰয়োজনীয়তা: আমি আমাৰ সম্পদৰাজি কিয় সযতনে ব্যৱহাৰ কৰিব লাগে? কাৰণ এই সম্পদৰাজি অসীমিত নহয়। লগতে মানুহৰ জনস্বাস্থ্য উন্নতিৰ কাৰণে জনসংখ্যা বৃদ্ধি হৈছে ফলত সম্পদবোৰৰ চাহিদা পুনৰাহাৰত বৃদ্ধি হ'ব ধৰিছে। সেইকাৰণে এই প্ৰাকৃতিক সম্পদসমূহ কম সময়ত অপৰিকল্পিতভাৱে ব্যৱহাৰ নকৰি মানৱজাতিৰ বৰ্তমান তথা ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ অৰ্থে ইয়াৰ ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগে।
সম্পদৰ অপচয়: আমি আমাৰ সম্পদ আহৰণ বা ব্যৱহাৰ কৰাৰ সময়ত যদি যথেষ্ট পৰিমাণে নষ্ট হয় তেতিয়া সম্পদৰ অপচয় কৰা হয়। সেইকাৰণে আমি সম্পদ অপচয় সম্পৰ্কে সতৰ্ক হোৱা উচিত। উদাহৰণস্বৰূপে, ধাতু খনন কাৰ্যৰ সময়ত যথেষ্ট ধাতুমল নিষ্কাশনৰ ফলত পৰিবেশ প্ৰদূষণ হয়। গতিকেই সম্পদৰ পৰিকল্পিত ব্যৱস্থাপনাৰ বাবে আৱৰ্জনাৰ নিৰাপদ নিষ্কাশনৰো প্ৰয়োজন আছে।

1.2 বনাঞ্চল আৰু বন্যপ্ৰাণী (Forests and Wildlife) — Page 272-275

পৃষ্ঠা নং: 272-275

জৈৱ বৈচিত্ৰ্য (Biodiversity): বনাঞ্চলসমূহ হ'ল জৈৱ বৈচিত্ৰ্যৰ অঞ্চল। কোনো এটা অঞ্চলত থকা বিভিন্ন প্ৰজাতিৰ জীৱসমূহক জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয়। এই জীৱ সমষ্টিৰ প্ৰতিটো জীৱ যেন— বেক্টেৰিয়া, ভেকুৰ, শেলাই, সপুষ্পক উদ্ভিদ, কৃমি, পতংগ, পক্ষী, সৰীসৃপ ইত্যাদিবোৰৰ অতি প্ৰয়োজনীয়।
জৈৱ বৈচিত্ৰ্য সংৰক্ষণ: এই জৈৱবৈচিত্ৰ্যসমূহ সংৰক্ষণৰ প্ৰধান লক্ষ্য হ'ল ইহঁতক বিলুপ্ত বা বিনাশ নোহোৱাকৈ ৰক্ষা কৰি থাক। বিভিন্ন পৰীক্ষা নিৰীক্ষা আৰু ক্ষেত্ৰ অধ্যয়নৰ পৰা দেখা গৈছে যে জৈৱবৈচিত্ৰ্য বিনাশৰ ফলত প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হয়।

অংশীদাৰসমূহ (Stakeholders)

অংশীদাৰসমূহ (Stakeholders): আমি সকলোৱে বিভিন্ন ধৰণৰ বনজ সম্পদ ব্যৱহাৰ কৰোঁ। কিন্তু বনজ সম্পদৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা বিভিন্ন ধৰণৰ। আমি কিছুমান ইয়াৰ বাবে ব্যৱহাৰ কৰোঁ কিছুমান নকৰোঁ। যেতিয়া আমি বনজ সম্পদ সংৰক্ষণৰ কথা বিবেচনা কৰোঁ তেতিয়া আমি ইয়াৰ অংশীদাৰ কোন তাক চাব লাগিব—
  • (i) বনাঞ্চলত বা বনাঞ্চলৰ কাষৰীয়া অঞ্চলত বসবাস কৰা মানুহবোৰ বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল।
  • (ii) ভূমিৰ গৰাকী আৰু চৰকাৰৰ বন বিভাগে বনজ সম্পদৰ নিয়ন্ত্ৰণ কৰে।
  • (iii) বনাঞ্চলত নিবাসশীল নোহোৱা অথচ বিভিন্ন বনজ সম্পদৰ পৰা কাগজ প্ৰস্তুত আৰু 'তেঁউ' পাতৰ পৰা 'বিড়ি' (bidis) তৈয়াৰ কৰা উদ্যোগপতিবোৰ।
  • (iv) বন্যপ্ৰাণী আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তিবৰ্গই যি প্ৰকৃতিক এক সুন্দৰভাৱে সজাই ৰাখিব বিচাৰে।
বনাঞ্চলৰ স্থানীয় বাসিন্দাসকল: নদীৰ পৰা স্থানীয় বাসিন্দাসকলে বহু প্ৰয়োজনীয় সামগ্ৰী যেনে— যথেষ্ট পৰিমাণৰ খৰি, সৰু সৰু কাঠ, খৰি আদি নদীৰ পৰাই আহৰণ কৰে। ঘৰ সাজিবৰ বাবে বাঁহ, খাদ্য সংগ্ৰহ কৰি ৰাখিবৰ বাবে টুকুৰি সাজিবলৈও বাঁহ ব্যৱহাৰ কৰে। কৃষি কাৰ্যত, মাছ মাৰিবলৈ আৰু চিকাৰ কৰিবলৈ যথেষ্ট পৰিমাণৰ কাঠ ব্যৱহাৰ কৰে। ইয়াৰোপৰি মাছ ধৰাৰ বাবে আৰু চিকাৰৰ বাবে নদীসমূহক প্ৰধান সংগ্ৰহ হিচাপে ব্যৱহাৰ কৰি আহিছে। ফলমূল, বাদাম, ঔষধ আদিও নদীসমূহৰ পৰাই সংগ্ৰহ কৰে।

বহনক্ষম ব্যৱস্থাপনা (Sustainable Management)

চিপকো আন্দোলন (Chipko Andolan): 1970 চনত গঢ়ৱাল (Garhwal) পাহাৰৰ উচ্চ অঞ্চল অতি ভিতৰুৱা গাঁও 'ৰেনি' (Reni) ত প্ৰথমে এই আন্দোলনৰ সুত্ৰপাত হৈছিল। গাঁৱৰ ওচৰত থকা এখন বনাঞ্চলৰ পৰা কাঠৰ ঠিকাদাৰে কাঠ কাটিব খুজিছিল — ইয়াকে লৈ গাঁওবাসী আৰু কাঠৰ ঠিকাদাৰবিলাকৰ মাজত সংঘৰ্ষ ঘটিছিল। গাঁৱৰ পুৰুষসকল গাঁৱত নথকা দিন এটাত ঠিকাদাৰৰ নবুৱাবোৰ গছ কাটিবলৈ আহিছিল। সংকল্পবদ্ধ হৈ গাঁৱৰ মহিলাসকলে বনাঞ্চললৈ আহি গছবোৰক সাবটি ধৰি নবুৱাবোৰক গছ কটাৰ পৰা বাধা দিছিল। বিফল হৈ ঠিকাদাৰ আৰু নবুৱাসকল ঘূৰি যাবলগীয়া হৈছিল।
অৰবৰী বনাঞ্চল (Arabari Forest): 1972 চনত পশ্চিমবংগ বন বিভাগে মেদিনীপুৰৰ দক্ষিণ-পশ্চিম সীমাসমূহৰ শাল গছৰ বনাঞ্চল (Sal forest) ৰ অবক্ষয়ৰ দায়িত্ব স্বীকাৰ কৰিছিল। পৰম্পৰাগত তদাৰক আৰু পৰিচালন ব্যৱস্থাই স্থানীয় লোকক প্ৰশাসনৰপৰা সম্পূৰ্ণকৈ পৃথক কৰিছিল। সেইসময়ত বনবিভাগে কৌশল সলনি কৰি মেদিনীপুৰ জিলাৰ আৰবাৰী বনাঞ্চল (Arabari Forest) অঞ্চলত এজন দূৰদৰ্শী বন বিষয়া A.K. Banerjee আৰু গাঁওবাসী লগ লগাই 1,272 হেক্টৰ অতিকৈ অবক্ষয়প্ৰাপ্ত শাল গছৰ বনাঞ্চল ৰক্ষা কৰিছিল।

1.3 সকলোৰে বাবে পানী (Water for All) — Page 275-277

পৃষ্ঠা নং: 275-277

পানীৰ সংকট: সকলোবিলাক স্থলচৰ জীৱৰ কাৰণে পানী অতি আৱশ্যকীয় বস্তু। আমি নৱম শ্ৰেণীত পানী যে অত্যন্ত লাগতিয়াল সম্পদ, জলচক্ৰ আৰু মানুহৰ বিভিন্ন কাৰ্যৰ ফলত পানীৰ প্ৰদূষণ হয় এই বিষয়ে পঢ়ি আহিছোঁ। ইয়াৰোপৰি মানুহৰ বিভিন্ন হস্তক্ষেপৰ ফলত বহু ঠাইত পানীৰ সহজলভ্যতাৰ পৰিৱৰ্তন ঘটে।
জলসংকটৰ কাৰণ: ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পানীৰ প্ৰাপ্তি সেই ঠাইত হোৱা বৰষুণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে। মৌচুমী বায়ুৰ প্ৰভাৱৰ ফলত ভাৰতবৰ্ষত বৰষুণ হয়। সেইকাৰণে বছৰৰ নিৰ্দিষ্ট কেইটামান মাহতহে বৰষুণৰ পৰিমাণ বেছিকৈ হয়। প্ৰকৃতিৰ মৌচুমীৰ অতিশয় প্ৰভাৱ থকা সেচুৰ মাটিৰ উপৰিভাগত গছ-গছনি কিৰ মোৱা, বেছি পানীৰ প্ৰয়োজন হোৱা শস্যৰ খেতি, ঔদ্যোগিক ক্ষেত্ৰৰ আৱৰ্জনা আৰু নগৰ অঞ্চলৰ আৱৰ্জনাৰ ফলত হোৱা প্ৰদূষণ আদিৰ বাবে ভূগৰ্ভৰ জলভাগৰ বহনক্ষমতা কমি গৈছে।
নদীবান্ধ (Dams): আমি নদীবান্ধ নিৰ্মাণ কিয় বিবেচনা কৰোঁ? বৃহৎ নদীবান্ধৰ মাত্ৰ পানী সঞ্চিত কৰি জলসিঞ্চন যোগান ধৰি পাৰে এনে নহয়, ইয়াৰপৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি। এই বিষয়ে আমি আগৰ পাঠত আলোচনা কৰি আহিছোঁ। নলা বা খাল খান্দি এই নদীবান্ধৰ পৰিমাণৰ পানী বহু দূৰলৈকে যোগান ধৰি পৰা যায়।
বৃহৎ নদীবান্ধৰ সমস্যা:
  • (i) সামাজিক সমস্যা: নদীবান্ধ নিৰ্মাণৰ ফলত কৃষক আৰু জনজাতীয় লোকে স্থানান্তৰিত কৰা হয়। তেওঁলোকে যথোপযুক্ত ক্ষতিপূৰণ নাইবা পুনঃসংস্থাপনৰ পৰা বঞ্চিত হৈ থাকে।
  • (ii) অৰ্থনৈতিক সমস্যা: বৃহৎ নদীবান্ধ নিৰ্মাণত যথেষ্ট অৰ্থ ব্যয় আৰম্ভ হয়। এই অৰ্থ ভাগ ৰাজহুৱা অৰ্থ (Public money)। উপযুক্ত লাভ নহৰাৰ কাৰণে জনসাধাৰণৰ অৰ্থনৈতিকভাৱে ক্ষতি হয়।
  • (iii) পৰিবেশ সমস্যা: নদীবান্ধ নিৰ্মাণৰ বাবে যথেষ্ট অৰণ্য ধ্বংস কৰিব লগাত ইয়াৰ প্ৰচুৰ জৈৱবৈচিত্ৰ্য বিনষ্ট হয়।

পানী সঞ্চয়ন (Water Harvesting)

জলবিভাজিকা ব্যৱস্থাপনা (Watershed Management): জলবিভাজিকা ব্যৱস্থাপনাৰ দ্বাৰা মাটি আৰু পানী সংৰক্ষণ কৰি জৈৱভৰ (Biomass) উৎপাদন বৃদ্ধি কৰা হয়। ইয়াৰ লক্ষ্য হৈছে প্ৰাথমিক সম্পদ যেন মাটি আৰু পানীৰ বিকাশ ঘটাবা। এই মাটি আৰু পানীৰ বিকাশ ঘটালে দ্বিতীয় স্তৰৰ সম্পদ যেন উদ্ভিদ আৰু প্ৰাণীৰ উৎপাদন বৃদ্ধি হয়। ইয়াৰ ফলত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হৈ থাকিব।
পৰম্পৰাগত পানী সঞ্চয় পদ্ধতি: ভাৰতবৰ্ষত পানী সঞ্চয় প্ৰক্ৰিয়াটো এটা অতি পুৰণি ধাৰণা। যেনেকৈ অতীত কালৰ পৰা ৰাজস্থানৰ খাদিনচ (Khadins) আৰু নাদিচ (Nadis), মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বন্দিচ (bundhis), মহাৰাষ্ট্ৰৰ বান্ধাৰাচ (bandharas) আৰু তাল (tals), বিহাৰৰ আহাৰচ (Aharas) আৰু পাইনচ (Pynes), হিমাচল প্ৰদেশৰ কুলহ (Kulh) আৰু জম্মুৰ কান্দি (Kandi) অঞ্চলত পুৰণি খাদি পানী সঞ্চয় কৰি আহিছে। একেদৰে তামিলনাডুৰ এবিচ (eris), কৰ্ণাটকৰ চুৰঙ্গামচ (Surangams), কেৰালাৰ কাট্টাচ আদিত পুৰণি কালৰ পানী সঞ্চয় পদ্ধতি। ইয়াৰ ফলত আজিও সহজে পানী পাব পৰা যায়।

1.4 কয়লা আৰু পেট্ৰ'লিয়াম (Coal and Petroleum) — Page 277-278

পৃষ্ঠা নং: 277-278

জীৱাশ্ম ইন্ধন (Fossil Fuel): কয়লা আৰু পেট্ৰ'লিয়াম আমাৰ অতি প্ৰয়োজনীয় শক্তিৰ উৎস। শিল্প বিপ্লৱৰ পাছৰ পৰাই আমাৰ সমাজক প্ৰয়োজনৰ বাবে আৰু নদনদী ব্যৱহৃত বস্তু যথেষ্ট পৰিমাণৰ পাবৰ বাবে আমি শক্তিৰ ব্যৱহাৰ কৰি আহিছোঁ। এই প্ৰয়োজনীয় শক্তি সৰহকৈ কয়লা আৰু পেট্ৰ'লিয়ামৰ পৰাই আহৰণ কৰা হয়।
সংৰক্ষণৰ প্ৰয়োজনীয়তা: বহু কোটি বছৰৰ আগতে ভূগৰ্ভত জীৱদেহ গেলি-পচি ইয়াৰ পৰা কয়লা আৰু পেট্ৰ'লিয়ামৰ সৃষ্টি হৈছিল। যিমান সাৱধানতাবোৰ ব্যৱহাৰ নকৰোঁ কিয় অদূৰ ভৱিষ্যতে এইবোৰ নিঃশেষ হ'ব। আৰু সেইবাবে এইবোৰৰ কিবা বিকল্প শক্তিৰ উৎসৰ অনুসন্ধান কৰিব লাগিব। আমাৰ এতিয়ালৈকে সন্ধান পোৱা খনিৰ পৰা অনুমান কৰিব পাৰি যে অনাগত 40 বছৰ মানেহে আমি পেট্ৰ'লিয়াম আহৰণ কৰিব পাৰিম আৰু 200 বছৰ মান কয়লা সম্পদসমূহ লাভ কৰিম।
দহনৰ ফলত প্ৰদূষণ: যিহেতু কয়লা আৰু পেট্ৰ'লিয়াম জৈৱভৰ (Biomass) ৰ পৰা গঠন হয় সেইকাৰণে, কাৰ্বনৰ উপৰিও হাইড্ৰ'জেন, নাইট্ৰ'জেন আৰু ছালফাৰ আদিও ইয়াত পোৱা যায়। যেতিয়া এই পদাৰ্থসমূহ দহন কৰা হয় তেতিয়া ইয়াৰ পৰা কাৰ্বনডাই অক্সাইড, নাইট্ৰ'জেন আৰু ছালফাৰৰ অক্সাইড উৎপন্ন হয়। কম অক্সিজেনৰ উপস্থিতিত পদাৰ্থবোৰ দহন কৰিলে কাৰ্বন ডাই অক্সাইডৰ সলনি কাৰ্বন মন'অক্সাইড উৎপন্ন হয়। এই উপজাত পদাৰ্থ যেন ছালফাৰৰ অক্সাইড, নাইট্ৰ'জেন আৰু কাৰ্বন মন'অক্সাইডসমূহ উচ্চ গাঢ়তা অতি বিষাক্ত হয় আৰু কাৰ্বন ডাই অক্সাইড গেছ এটা সেউজগৃহ গেছ।

1.5 প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ এটা অভাস (An Overview of Natural Resources Management) — Page 278

পৃষ্ঠা নং: 278

মূল কথা: প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱস্থাপনা এক জটিল কাম। এই বিষয়ত আমি সকলোৱে মুক্ত মনে আৰু অতি আগ্ৰহেৰে আগবাঢ়ি লব লাগিব বিশেষকৈ এই বিষয়ত জড়িত অংশীদাৰসকলৰ স্বাৰ্থত। আমি এইটো মানি লব লাগিব যে মানুহে নিজৰ সুবিধা তথা স্বাৰ্থকেই আগবঢ়াই দিব; কিন্তু নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে সম্পদবোৰৰ আহৰণৰ অভিপ্ৰায়ে যে বেছুতে মানুহৰ ক্ষতিসাধন কৰিছে আৰু ই আমাৰ পৰিৱেশ ধ্বংস কৰি আহিছে এই উপলব্ধি লাহে লাহে জগত হ'বলৈ ধৰিছে। এইখন নীতি-নিয়মৰ উপৰিও আমি আমাৰ প্ৰয়োজন সম্পৰ্কীয় প্ৰভাৱৰ পৰিস্থিতি স্থানীয়ভাবে আৰু সামূহীয়া প্ৰয়োজন ভিত্তিতহে ব্যৱহাৰ কৰিব লাগে যাতে প্ৰতিজনে বিকাশৰ ফল ভোগ কৰিব পাৰিব আৰু লগতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে সুবিধা হ'ব।

2. পাঠ্যপুথিৰ ভিতৰৰ প্ৰশ্নোত্তৰ (In-Text Questions)

Page 272 — প্ৰশ্নাৱলী

পৃষ্ঠা নং: 272

প্ৰশ্ন ১: পৰিবেশ হিতৈষী হ'বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা?
উত্তৰ: পৰিবেশ হিতৈষী হ'বলৈ মই তলত দিয়া অভ্যাসবোৰৰ পৰিৱৰ্তন কৰিব পাৰোঁ—
  • (a) প্লাষ্টিকৰ মোনাৰ সলনি কাপোৰৰ মোনা ব্যৱহাৰ কৰিম।
  • (b) অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ বন্ধ কৰি ৰাখিম।
  • (c) স্কুটাৰেৰে বিদ্যালয়লৈ অনা-নিয়া কৰাৰ পৰিৱৰ্তে নিজে খোজ কাঢ়ি যোৱাৰ অভ্যাস গঢ়ি তুলিম।
  • (d) পানীৰ টেপ ব্যৱহাৰৰ পিছত বন্ধ কৰিম।
প্ৰশ্ন ২: ক্ষেত্ৰীয় উেদেশ্যৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ'ব পাৰে?
উত্তৰ: ক্ষেত্ৰীয় উেদেশ্যৰে সম্পদ আহৰণ কৰাৰ সুবিধা হ'ল— ই স্থানীয় জনসাধাৰণৰ প্ৰয়োজন পূৰণ কৰে আৰু স্থানীয় অৰ্থনীতিৰ বিকাশ ঘটায়। ইয়াৰ ফলত সম্পদৰ বহনক্ষম ব্যৱহাৰ নিশ্চিত হয়।
প্ৰশ্ন ৩: সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘমাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাথৰ্কয কৰিব?
উত্তৰ: ক্ষেত্ৰীয় উেদেশ্যৰে সম্পদ আহৰণ কৰিলে স্থানীয় জনসাধাৰণৰ প্ৰয়োজন পূৰণ হয় কিন্তু দীৰ্ঘমাদী ব্যৱহাৰৰ কথা চিন্তা নকৰে। আনহাতে বহনক্ষম ব্যৱস্থাপনাত ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনৰ কথা চিন্তা কৰি সম্পদৰ ব্যৱহাৰ কৰা হয়।
প্ৰশ্ন ৪: সম্পদসমূহৰ সমভাৱে বিতৰণ হ'ব লাগে বুলি কিয়া ভাৰা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়েৱ কাম কৰি আছে?
উত্তৰ: সম্পদসমূহৰ সমভাৱে বিতৰণ হ'ব লাগে কাৰণ ইয়াৰ পৰা সকলোৱে সমানভাৱে লাভৱান হয়। আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰা শক্তিসমূহ হ'ল—
  • (a) ঔদ্যোগিকৰণ আৰু নগৰীকৰণ।
  • (b) জনসংখ্যা বৃদ্ধি।
  • (c) অসম অৰ্থনৈতিক বিকাশ।

Page 274 — প্ৰশ্নাৱলী

পৃষ্ঠা নং: 274

প্ৰশ্ন ১: বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰ: বন আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰিব লাগে কাৰণ—
  • (a) বনাঞ্চলসমূহ হ'ল জৈৱ বৈচিত্ৰ্যৰ অঞ্চল।
  • (b) বনাঞ্চলে মাটিৰ ক্ষয় ৰোধ কৰে আৰু বানপানী প্ৰতিৰোধ কৰে।
  • (c) বনাঞ্চলে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ ভাৰসাম্য ৰক্ষা কৰে।
  • (d) বন্যপ্ৰাণীসমূহ পৰিস্থিতি তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ।
প্ৰশ্ন ২: বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা।
উত্তৰ: বনাঞ্চল সংৰক্ষণৰ বাবে আমি স্থানীয় জনসাধাৰণক সংলগ্ন কৰি বহনক্ষম ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগে। চিপকো আন্দোলন আৰু আৰবাৰী বনাঞ্চলৰ উদাহৰণে দেখুৱায় যে স্থানীয় জনসাধাৰণক সংলগ্ন কৰিলে বনাঞ্চল সংৰক্ষণ সফল হয়।

Page 277 — প্ৰশ্নাৱলী

পৃষ্ঠা নং: 277

প্ৰশ্ন ১: তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা।
উত্তৰ: (ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি যেনে— পুখুৰী, খাদি, নলা আদি বিচাৰি উলিয়াব লাগে।)
প্ৰশ্ন ২: পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা।
উত্তৰ:
পাহাৰীয়া অঞ্চলসমতল অঞ্চলমালভূমি অঞ্চল
কুলহ (Kulh) - হিমাচল প্ৰদেশপুখুৰী, খাদিখাদিনচ (Khadins) - ৰাজস্থান
চুৰঙ্গামচ (Surangams) - কৰ্ণাটকনলা, খালনাদিচ (Nadis) - ৰাজস্থান
প্ৰশ্ন ৩: তোমালোকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা। সকলো মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পাইনে?
উত্তৰ: (ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অঞ্চলৰ পানীৰ উৎস যেনে— নদী, পুখুৰী, কুঁৱা, নলা আদি বিচাৰি উলিয়াই পানীৰ পৰিমাণ সম্পৰ্কে আলোচনা কৰিব লাগে।)

3. অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Exercise) — ALL 7 QUESTIONS

পৃষ্ঠা নং: 278-279

প্ৰশ্ন ১: পৰিবেশৰ ক্ষমতা বঢ়াবৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াবা?
উত্তৰ: পৰিবেশৰ ক্ষমতা বঢ়াবৰ কাৰণে ঘৰখনত তলত দিয়া পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াব পাৰি—
  • (a) শক্তি-দক্ষ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰা।
  • (b) পানী সঞ্চয়ৰ ব্যৱস্থা কৰা।
  • (c) আৱৰ্জনা পৃথক কৰি সংগ্ৰহ কৰা।
  • (d) সৌৰ শক্তি ব্যৱহাৰ কৰা।
প্ৰশ্ন ২: পৰিবেশৰ ক্ষমতা বঢ়াবৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিবা?
উত্তৰ: পৰিবেশৰ ক্ষমতা বঢ়াবৰ কাৰণে বিদ্যালয়ত তলত দিয়া পৰিৱৰ্তনৰ পৰামৰ্শ দিব পাৰি—
  • (a) বিদ্যালয়ত বৰষুণৰ পানী সংগ্ৰহৰ ব্যৱস্থা কৰা।
  • (b) বিদ্যালয়ত গছ ৰোপণ কৰা।
  • (c) আৱৰ্জনা পৃথক কৰি সংগ্ৰহ কৰা।
  • (d) পৰিবেশ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা।
প্ৰশ্ন ৩: এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ (Stakeholders) আছে। এইবোৰৰ ভিতৰত কোনটো অংশীদাৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত লব পৰা কৰ্তৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা?
উত্তৰ: স্থানীয় জনসাধাৰণৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত লব পৰা কৰ্তৃত্ব থাকিব লাগে। কাৰণ তেওঁলোক বনাঞ্চলৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল আৰু তেওঁলোকৰ স্থানীয় জ্ঞানৰ পৰা বনাঞ্চল সংৰক্ষণ সফল হয়।
প্ৰশ্ন ৪: তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল'ব? (a) বন আৰু বন্যপ্ৰাণী (b) জলসম্পদ (c) কয়লা আৰু পেট্ৰ'লিয়াম
উত্তৰ:
(a) বন আৰু বন্যপ্ৰাণী: গছ ৰোপণ কৰিম, বন্যপ্ৰাণীৰ চিকাৰ ৰোধ কৰিম, বনাঞ্চল সংৰক্ষণৰ সজাগতা বিয়পাম।
(b) জলসম্পদ: পানী সঞ্চয় কৰিম, পানী প্ৰদূষণ ৰোধ কৰিম, বৰষুণৰ পানী সংগ্ৰহ কৰিম।
(c) কয়লা আৰু পেট্ৰ'লিয়াম: শক্তি সঞ্চয় কৰিম, নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰিম, ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰিম।
প্ৰশ্ন ৫: তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা?
উত্তৰ: মই এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ তলত দিয়া কামবোৰ কৰিম—
  • (a) 'তিনিটা R' - Reduce, Recycle, Reuse ব্যৱহাৰ কৰিম।
  • (b) অপ্ৰয়োজনীয়ভাৱে লাইট-ফেন বন্ধ ৰাখিম।
  • (c) পানীৰ টেপ বন্ধ কৰিম।
  • (d) ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰিম।
প্ৰশ্ন ৬: যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্ৰস্তুত কৰা (পাঁচটিকৈ) (a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ (b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি
উত্তৰ:
প্ৰাকৃতিক সম্পদ সংৰক্ষণপ্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি
১. গছ ৰোপণ কৰিছোঁ১. বেছি কাগজ ব্যৱহাৰ কৰিছোঁ
২. পানী সঞ্চয় কৰিছোঁ২. বেছি পানী ব্যৱহাৰ কৰিছোঁ
৩. বিদ্যুৎ সঞ্চয় কৰিছোঁ৩. বেছি বিদ্যুৎ ব্যৱহাৰ কৰিছোঁ
৪. ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰিছোঁ৪. বেছি ইন্ধন ব্যৱহাৰ কৰিছোঁ
৫. আৱৰ্জনা পৃথক কৰিছোঁ৫. বেছি প্লাষ্টিক ব্যৱহাৰ কৰিছোঁ
প্ৰশ্ন ৭: এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ বাবে তোমালোকে জীৱন শৈলীৰ কি পৰিৱৰ্তন কৰিবা?
উত্তৰ: বহনক্ষম ব্যৱহাৰৰ বাবে আমি তলত দিয়া জীৱন শৈলীৰ পৰিৱৰ্তন কৰিম—
  • (a) 'তিনিটা R' - Reduce, Recycle, Reuse ব্যৱহাৰ কৰিম।
  • (b) নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰিম।
  • (c) ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰিম।
  • (d) প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিম।

4. HSLC পৰীক্ষাৰ বাবে বিশেষ প্ৰশ্নোত্তৰ (অসম ব'ৰ্ড)

🎯 HSLC উচ্চ সম্ভাৱনীয় প্ৰশ্ন (অসম ব'ৰ্ডত সঘনাই অহা)
প্ৰশ্ন ১: 'তিনিটা R' কি?
উত্তৰ: 'তিনিটা R' হ'ল— Reduce (হ্ৰাসকৰণ), Recycle (পুনঃচক্ৰীয়কৰণ) আৰু Reuse (পুনঃব্যৱহাৰ)। এই তিনিটা নীতিয়ে পৰিবেশ সংৰক্ষণত সহায় কৰে।
প্ৰশ্ন ২: বহনক্ষম বিকাশ কি?
উত্তৰ: বহনক্ষম বিকাশ হ'ল এনে এক বিকাশ য'ত বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ সামৰ্থ্যও ৰক্ষা কৰা হয়।
প্ৰশ্ন ৩: চিপকো আন্দোলন কি?
উত্তৰ: 1970 চনত গঢ়ৱাল পাহাৰৰ ৰেনি গাঁৱত কাঠৰ ঠিকাদাৰে গছ কাটিব খোজাত গাঁৱৰ মহিলাসকলে গছবোৰক সাবটি ধৰি বাধা দিছিল। এই আন্দোলনকে চিপকো আন্দোলন বোলা হয়।
প্ৰশ্ন ৪: অংশীদাৰ (Stakeholders) কাক বোলে?
উত্তৰ: যিসকলে বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল বা বনজ সম্পদৰ সৈতে জড়িত তেওঁলোকক অংশীদাৰ বোলা হয়। যেনে— স্থানীয় বাসিন্দা, চৰকাৰ, উদ্যোগপতি, প্ৰকৃতিপ্ৰেমী।
প্ৰশ্ন ৫: জলবিভাজিকা ব্যৱস্থাপনা কি?
উত্তৰ: জলবিভাজিকা ব্যৱস্থাপনাৰ দ্বাৰা মাটি আৰু পানী সংৰক্ষণ কৰি জৈৱভৰ উৎপাদন বৃদ্ধি কৰা হয়। ইয়াৰ লক্ষ্য হৈছে প্ৰাথমিক সম্পদ যেন মাটি আৰু পানীৰ বিকাশ ঘটাবা।
প্ৰশ্ন ৬: নদীবান্ধৰ দুটা সমস্যা লিখা।
উত্তৰ:
  • (a) নদীবান্ধ নিৰ্মাণৰ ফলত কৃষক আৰু জনজাতীয় লোকে স্থানান্তৰিত কৰা হয়।
  • (b) নদীবান্ধ নিৰ্মাণৰ বাবে যথেষ্ট অৰণ্য ধ্বংস কৰিব লগাত ইয়াৰ প্ৰচুৰ জৈৱবৈচিত্ৰ্য বিনষ্ট হয়।
প্ৰশ্ন ৭: কয়লা আৰু পেট্ৰ'লিয়ামৰ ব্যৱহাৰে পৰিবেশত কি প্ৰভাৱ পেলায়?
উত্তৰ: কয়লা আৰু পেট্ৰ'লিয়ামৰ দহনৰ ফলত কাৰ্বনডাই অক্সাইড, নাইট্ৰ'জেন আৰু ছালফাৰৰ অক্সাইড উৎপন্ন হয়। এইবোৰে বায়ু প্ৰদূষণ, আম্লিক বৰষুণ আৰু সেউজগৃহ প্ৰভাৱৰ সৃষ্টি কৰে।

5. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)

১। 'তিনিটা R' ৰ অৰ্থ কি?

(A) Read, Write, Arithmetic (B) Reduce, Recycle, Reuse (C) Run, Rest, Relax (D) None

উত্তৰ চাওক

উত্তৰ: (B) Reduce, Recycle, Reuse

২। চিপকো আন্দোলন ক'ত আৰম্ভ হৈছিল?

(A) ৰাজস্থান (B) গঢ়ৱাল (C) কেৰালা (D) তামিলনাডু

উত্তৰ চাওক

উত্তৰ: (B) গঢ়ৱাল

৩। অংশীদাৰ (Stakeholders) কাক বোলে?

(A) বন বিভাগ (B) বনজ সম্পদৰ সৈতে জড়িত সকলো (C) উদ্যোগপতি (D) চৰকাৰ

উত্তৰ চাওক

উত্তৰ: (B) বনজ সম্পদৰ সৈতে জড়িত সকলো

৪। নদীবান্ধৰ ফলত কি সমস্যা হয়?

(A) স্থানীয় লোকৰ স্থানান্তৰণ (B) বৰষুণ বৃদ্ধি (C) জৈৱবৈচিত্ৰ্য বৃদ্ধি (D) কোনো নহয়

উত্তৰ চাওক

উত্তৰ: (A) স্থানীয় লোকৰ স্থানান্তৰণ

৫। কয়লা আৰু পেট্ৰ'লিয়াম কি প্ৰকাৰৰ সম্পদ?

(A) নবীকৰণযোগ্য (B) অনবীকৰণযোগ্য (C) অক্ষয় (D) কৃত্ৰিম

উত্তৰ চাওক

উত্তৰ: (B) অনবীকৰণযোগ্য

৬। বহনক্ষম বিকাশৰ মূল কথা কি?

(A) বৰ্তমানৰ প্ৰয়োজন পূৰণ (B) ভৱিষ্যতৰ প্ৰয়োজন পূৰণ (C) দুয়োটা (D) কোনো নহয়

উত্তৰ চাওক

উত্তৰ: (C) দুয়োটা

৭। আৰবাৰী বনাঞ্চল ক'ত অৱস্থিত?

(A) ৰাজস্থান (B) পশ্চিমবংগ (C) কেৰালা (D) তামিলনাডু

উত্তৰ চাওক

উত্তৰ: (B) পশ্চিমবংগ

৮। কুলহ (Kulh) পানী সঞ্চয় পদ্ধতি ক'ত ব্যৱহাৰ হয়?

(A) ৰাজস্থান (B) হিমাচল প্ৰদেশ (C) কেৰালা (D) তামিলনাডু

উত্তৰ চাওক

উত্তৰ: (B) হিমাচল প্ৰদেশ

৯। খাদিনচ (Khadins) পানী সঞ্চয় পদ্ধতি ক'ত ব্যৱহাৰ হয়?

(A) ৰাজস্থান (B) হিমাচল প্ৰদেশ (C) কেৰালা (D) তামিলনাডু

উত্তৰ চাওক

উত্তৰ: (A) ৰাজস্থান

১০। প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱস্থাপনাৰ মূল লক্ষ্য কি?

(A) বৰ্তমানৰ প্ৰয়োজন পূৰণ (B) বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজন পূৰণ (C) সম্পদৰ অপচয় (D) কোনো নহয়

উত্তৰ চাওক

উত্তৰ: (B) বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজন পূৰণ

6. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)

🧠 আপোনাৰ মগজুক প্ৰত্যাহ্বান জনাওক! (HSLC ৰ বাবে সমালোচনাত্মক চিন্তা)
প্ৰশ্ন ১: যদি সকলো বনাঞ্চল ধ্বংস হৈ যায়, তেন্তে কি হ'ব?
উত্তৰ: যদি সকলো বনাঞ্চল ধ্বংস হৈ যায়, তেন্তে জৈৱবৈচিত্ৰ্য বিনষ্ট হ'ব, মাটিৰ ক্ষয় বৃদ্ধি পাব, বানপানী বৃদ্ধি পাব, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব আৰু জলবায়ু পৰিৱৰ্তন হ'ব।
প্ৰশ্ন ২: চিপকো আন্দোলনে কি বাৰ্তা দিছিল?
উত্তৰ: চিপকো আন্দোলনে বাৰ্তা দিছিল যে স্থানীয় জনসাধাৰণক সংলগ্ন কৰিহে বনাঞ্চল সংৰক্ষণ সম্ভৱ। স্থানীয় জনসাধাৰণৰ জ্ঞান আৰু অংশগ্ৰহণ অবিহনে বনাঞ্চল সংৰক্ষণ সফল নহয়।
প্ৰশ্ন ৩: নদীবান্ধ নিৰ্মাণৰ সুবিধা আৰু অসুবিধা কি?
উত্তৰ:
সুবিধা: জলসিঞ্চন, বিদ্যুৎ উৎপাদন, বানপানী নিয়ন্ত্ৰণ।
অসুবিধা: স্থানীয় লোকৰ স্থানান্তৰণ, জৈৱবৈচিত্ৰ্য বিনষ্ট, অৰণ্য ধ্বংস।
প্ৰশ্ন ৪: 'তিনিটা R' ৰ মাজত কোনটো আটাইতকৈ উত্তম আৰু কিয়?
উত্তৰ: 'Reuse' (পুনঃব্যৱহাৰ) আটাইতকৈ উত্তম। কাৰণ ইয়াত শক্তিৰ অপচয় নহয়। 'Recycle' ত শক্তিৰ অপচয় হয়।
প্ৰশ্ন ৫: কয়লা আৰু পেট্ৰ'লিয়ামৰ বিকল্প শক্তিৰ উৎস কি হ'ব পাৰে?
উত্তৰ: সৌৰ শক্তি, বায়ু শক্তি, জলশক্তি, জৈৱ-গেছ, নিউক্লীয় শক্তি আদি কয়লা আৰু পেট্ৰ'লিয়ামৰ বিকল্প শক্তিৰ উৎস হ'ব পাৰে।

7. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক

🌍 বিজ্ঞানক জীৱনৰ সৈতে সংযোগ কৰা:
  • তিনিটা R: প্লাষ্টিকৰ মোনাৰ সলনি কাপোৰৰ মোনা ব্যৱহাৰ।
  • বনাঞ্চল সংৰক্ষণ: গছ ৰোপণ।
  • জল সংৰক্ষণ: বৰষুণৰ পানী সংগ্ৰহ।
  • শক্তি সংৰক্ষণ: অপ্ৰয়োজনীয় লাইট বন্ধ কৰা।
  • বহনক্ষম বিকাশ: নবীকৰণযোগ্য শক্তি ব্যৱহাৰ।
  • চিপকো আন্দোলন: বনাঞ্চল সংৰক্ষণৰ প্ৰেৰণা।
  • পৰম্পৰাগত পানী সঞ্চয়: পুখুৰী, খাদি, নলা।
  • ৰাজহুৱা পৰিবহন: ইন্ধন সঞ্চয়।

Comments

Popular posts from this blog

Class 9 Science Chapter 10 Question Answer in Assamese | মহাকৰ্ষণ (Gravitation)

# Class 9 Science: Chapter 10 - মহাকৰ্ষণ Class 9 Science: Chapter 10 - মহাকৰ্ষণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 মহাকৰ্ষণ (Gravitation) — Page 132-134 পৃষ্ঠা নং: 132-134 📌 ঐতিহাসিক পৃষ্ঠভূমি: আমি জানো যে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে। বস্তু এটা ওপৰলৈ দলিয়াই দিলে ই এক বিশেষ উচ্চতাত উপনীত হয় আৰু তাৰ পিছত তললৈ পৰিবলৈ ধৰে। প্ৰবাদ আছে যে, নিউটন এদিন গছৰ তলত বহি থকাত আপেল এটা সৰি তেওঁৰ গাত পৰিল। তললৈ পৰা আপেলটোৱে নিউটনক ভাবাই তুলিলে। তেওঁ ভাবিবলৈ ধৰিলে— পৃথিৱীয়ে যদি আপেলটো আকৰ্ষণ কৰিব পাৰে তেন্তে চন্দ্ৰক আকৰ্ষণ কৰিব নোৱাৰিবনে? দুয়োটা ক্ষেত্ৰত আকৰ্ষণী বল একেই হ'বনে? তেওঁ অনুমান কৰিলে যে এই দুয়োটা ক্ষেত্ৰত একে ধৰণৰ বলেই ক্ৰিয়া কৰে। 📖 মহাকৰ্ষণ (Gravitation): বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বলক মহাকৰ্ষণ বল বোলে। 📖 অভিকেন্দ্ৰিক বল (Centripetal Force): বৃত্তীয় পথত ঘূৰি থকা বস্তু এটাৰ ওপৰত কেন্দ্ৰৰ দিশত ক্ৰিয়াশীল বলক অভিকেন্দ্ৰিক বল বোল...

Class 10 Science Chapter 1 Question Answers, Notes in Assamese | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA/ASSEB

Class 10 Science: Chapter 1 - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: এই অধ্যায়ত আমি ৰাসায়নিক বিক্ৰিয়া চিনাক্ত কৰা, ৰাসায়নিক সমীকৰণ লিখা আৰু সন্তুলিত কৰা, পাঁচ প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া (সংযোজন, বিযোজন, অপসৰণ, দ্বিঅপসৰণ, আৰু ৰেডক্স), আৰু দৈনন্দিন জীৱনত জাৰণৰ প্ৰভাৱ (ক্ষয়ীভৱন আৰু কটুতা) সম্পৰ্কে শিকিম। 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Concept Notes) 1.1 ৰাসায়নিক বিক্ৰিয়া কি? ৰাসায়নিক বিক্ৰিয়াত মূল পদাৰ্থবোৰে (বিক্ৰিয়ক) ৰাসায়নিক পৰিৱৰ্তনৰ মাজেৰে নতুন গুণবিশিষ্ট নতুন পদাৰ্থ (বিক্ৰিয়াজাত পদাৰ্থ) সৃষ্টি কৰে। ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি কেনেকৈ জানিম? (পৰ্যবেক্ষণ) অৱস্থাৰ পৰিৱৰ্তন: যেনে, পানীৰ পৰা ভাপলৈ ৰূপান্তৰ। বৰ্ণ বা ৰং পৰিৱৰ্তন: যেনে, কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ডুবালে ৰঙচুৱা বাদামী হোৱা। গেছৰ নিৰ্গমন: যেনে, জিংকৰ সৈতে এচিডৰ বিক্ৰিয়াত বুদবুদ ওলোৱা। উষ্ণতাৰ পৰিৱৰ্তন: যেন...