Class 10 Science: Chapter 6 - জীৱন প্ৰক্ৰিয়া
ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ
📌 অধ্যায়ৰ পৰিচয়: জীৱন প্ৰক্ৰিয়া অধ্যায়ত আমি শিকিম যে জীৱিত জীৱই কেনেকৈ খাদ্য গ্ৰহণ কৰে, শ্বাস-প্ৰশ্বাস লয়, দেহত পদাৰ্থ পৰিবহন কৰে আৰু বৰ্জিত পদাৰ্থ ত্যাগ কৰে। এই অধ্যায়ত আমি পৰিপুষ্টি, শ্বসন, পৰিবহন আৰু ৰেচন—এই চাৰিটা অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। আমি উদ্ভিদ আৰু মানুহৰ দেহত এই প্ৰক্ৰিয়াবোৰ কেনেকৈ সংঘটিত হয় সেই বিষয়েও জানিব পাৰিম।
পৃষ্ঠা নং: 95
1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)
1.1 জীৱন প্ৰক্ৰিয়া কি কি? — Page 95
পৃষ্ঠা নং: 95
জীৱন প্ৰক্ৰিয়া (Life Processes): জীৱিত জীৱৰ দেহত সংঘটিত হোৱা বিভিন্ন প্ৰক্ৰিয়াসমূহ যিবোৰ জীৱন বৰ্তি থাকিবলৈ অতি প্ৰয়োজনীয়, সেইবোৰক জীৱন প্ৰক্ৰিয়া বোলা হয়।
অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়াসমূহ:
- পৰিপুষ্টি (Nutrition): খাদ্য গ্ৰহণ আৰু ব্যৱহাৰ
- শ্বসন (Respiration): শক্তি উৎপাদনৰ বাবে অক্সিজেনৰ ব্যৱহাৰ
- পৰিবহন (Transportation): দেহত পদাৰ্থ পৰিবহন
- ৰেচন (Excretion): বৰ্জিত পদাৰ্থ ত্যাগ
জীৱিত নে মৃত নিৰ্ণয়ৰ ভিত্তি: খাদ্য গ্ৰহণ, বৃদ্ধি, শ্বসন, চলাচল, প্ৰজনন আদি ক্ৰিয়াৰ দ্বাৰা কোনো জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিব পাৰি।
1.2 পৰিপুষ্টি (Nutrition) — Page 95-101
পৃষ্ঠা নং: 95-101
(i) স্বপোষীয় পৰিপুষ্টি (Autotrophic Nutrition)
স্বপোষীয় পৰিপুষ্টি: যি প্ৰক্ৰিয়াত জীৱই সৰল অজৈৱিক উৎস (কাৰ্বন ডাই-অক্সাইড আৰু পানী)ৰ পৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়, তাক স্বপোষীয় পৰিপুষ্টি বোলা হয়। উদাহৰণ: সেউজীয়া উদ্ভিদ, কিছুমান শেলাই।
সালোক সংশ্লেষণ (Photosynthesis): সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰ, পানী, কাৰ্বন ডাই-অক্সাইড আৰু পত্ৰহৰিৎ (ক্ল'ৰফিল) ৰ সহায়ত খাদ্য (গ্লুক'জ) প্ৰস্তুত কৰা প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বোলা হয়।
6CO₂ + 6H₂O → C₆H₁₂O₆ + 6O₂ (সূৰ্যৰ পোহৰ আৰু ক্ল'ৰফিলৰ উপস্থিতিত)
সালোক সংশ্লেষণৰ প্ৰয়োজনীয় উপাদান:
- বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই-অক্সাইড
- শিপাৰ সহায়ত মাটিৰ পৰা পানী আৰু খনিজ লৱণ
- সূৰ্যৰ পোহৰ
- পত্ৰহৰিৎ (ক্ল'ৰফিল)
(ii) পৰপোষিত পুষ্টি (Heterotrophic Nutrition)
পৰপোষিত পুষ্টি: যি প্ৰক্ৰিয়াত জীৱই খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰে, তাক পৰপোষিত পুষ্টি বোলা হয়। উদাহৰণ: মানুহ, সকলো প্ৰাণী, ভেকুৰ।
| স্বপোষীয় পৰিপুষ্টি | পৰপোষিত পুষ্টি |
| (i) জীৱই সৰল অজৈৱিক উৎসৰ পৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। | (i) জীৱই প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। |
| (ii) ইয়াৰ বাবে পত্ৰহৰিৎ, সূৰ্যৰ পোহৰ আদিৰ প্ৰয়োজন হয়। | (ii) ইয়াৰ বাবে পত্ৰহৰিৎ, সূৰ্যৰ পোহৰ আদিৰ প্ৰয়োজন নহয়। |
| (iii) উদাহৰণ: উদ্ভিদ আৰু কিছুমান শেলাই। | (iii) উদাহৰণ: মানুহ, সকলো প্ৰাণী আৰু ভেকুৰ। |
(iii) মানুহৰ পৰিপুষ্টি (Nutrition in Human Beings)
মানুহৰ পাচন তন্ত্ৰ: মুখ গহ্বৰ, গ্ৰাসনলী, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ, যকৃত, অগ্ন্যাশয় আদিৰে গঠিত।
| অংগ | পাচক ৰস | উৎসেচক | কাৰ্য |
| মুখ গহ্বৰ | লালটি | লালটি এমাইলেজ | শ্বেতসাৰ → গ্লুক'জ |
| পাকস্থলী | পাক ৰস | পেপচিন | প্ৰ'টিন → পেপ্টাইড |
| যকৃত | পিত্তৰস | — | চৰ্বীৰ ইমালচন গঠন |
| অগ্ন্যাশয় | অগ্ন্যাশয় ৰস | ট্ৰিপচিন, লাইপেজ | প্ৰ'টিন, চৰ্বী পাচন |
| ক্ষুদ্ৰান্ত | আন্ত্ৰিক ৰস | বিভিন্ন উৎসেচক | সম্পূৰ্ণ পাচন |
পাকস্থলীত HCl ৰ ভূমিকা:
- পাকস্থলীত আম্লিক মাধ্যম সৃষ্টি কৰি পেপচিনৰ ক্ৰিয়াত সহায় কৰে।
- খাদ্যৰ লগত প্ৰৱেশ কৰা বেক্টেৰিয়া ধ্বংস কৰে।
ক্ষুদ্ৰান্তত শোষণ: ক্ষুদ্ৰান্তৰ ভিতৰবেৰত আঙুলি সদৃশ প্ৰবৰ্ধ থাকে, যাক ভিলাই (Villi) বোলে। ভিলাইবোৰে পৃষ্ঠকালি বৃদ্ধি কৰি খাদ্যৰ শোষণ বৃদ্ধি কৰে। ভিলাই ৰক্তনলীৰে আবৃত।
1.3 শ্বসন (Respiration) — Page 101-105
পৃষ্ঠা নং: 101-105
শ্বসন: জীৱদেহত খাদ্যৰ জাৰণ ঘটাই শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়াক শ্বসন বোলা হয়।
শ্বসনৰ প্ৰকাৰ:
- সবাত শ্বসন (Aerobic Respiration): অক্সিজেনৰ উপস্থিতিত মাইট'কন্ড্ৰিয়াত সংঘটিত হয়। CO₂, পানী আৰু শক্তি উৎপন্ন হয়।
- অবাত শ্বসন (Anaerobic Respiration): অক্সিজেনৰ অনুপস্থিতিত কোষপ্ৰৰসত সংঘটিত হয়। ইথানল, CO₂ আৰু শক্তি উৎপন্ন হয়।
- পেশীয় শ্বসন: অক্সিজেনৰ যোগান কম হলে পেশী কোষত লেকটিক এচিড আৰু শক্তি উৎপন্ন হয়।
C₆H₁₂O₆ + 6O₂ → 6CO₂ + 6H₂O + শক্তি (সবাত শ্বসন)
C₆H₁₂O₆ → 2C₂H₅OH + 2CO₂ + শক্তি (অবাত শ্বসন)
| সবাত শ্বসন | অবাত শ্বসন |
| (i) অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়। | (i) অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়। |
| (ii) কোষৰ মাইট'কন্ড্ৰিয়াত সংঘটিত হয়। | (ii) কোষৰ কোষপ্ৰৰসত সংঘটিত হয়। |
| (iii) CO₂, পানী আৰু শক্তি উৎপন্ন হয়। | (iii) ইথানল, CO₂ আৰু শক্তি উৎপন্ন হয়। |
| (iv) বেছি পৰিমাণে শক্তি উৎপন্ন হয়। | (iv) কম পৰিমাণে শক্তি উৎপন্ন হয়। |
1.4 পৰিবহন (Transportation) — Page 105-110
পৃষ্ঠা নং: 105-110
(i) মানুহৰ পৰিবহন (Transportation in Human Beings)
হৃদযন্ত্ৰ (Heart): মানুহৰ হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত—দুটা অলিন্দ (Atrium) আৰু দুটা নিলয় (Ventricle)। হৃদযন্ত্ৰই তেজ পাম্প কৰি গোটেই দেহত পৰিবহন কৰে।
দ্বৈত ৰক্ত সংবহন (Double Circulation): মানুহৰ দেহত তেজ এবাৰ প্ৰবাহিত হওঁতে হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পাৰ হ'বলগীয়া হয়। সেয়ে ইয়াক দ্বৈত ৰক্ত সংবহন বোলা হয়।
ৰক্তনলী (Blood Vessels):
- ধমনী (Artery): হৃদযন্ত্ৰৰ পৰা তেজ দেহলৈ লৈ যায়।
- শিৰা (Vein): দেহৰ পৰা তেজ হৃদযন্ত্ৰলৈ লৈ আহে।
- ৰক্তকেশিকা (Capillary): ধমনী আৰু শিৰাৰ সংযোগস্থলত থকা সূক্ষ্ম নলী।
অক্সিজেন আৰু CO₂ ৰ পৰিবহন: তেজৰ লোহিত ৰক্তকণিকাত থকা হিম'গ্লবিনে অক্সিজেন কঢ়িয়ায়। কাৰ্বন ডাই-অক্সাইড তেজত দ্ৰৱীভূত অৱস্থাত পৰিবাহিত হয়।
(ii) উদ্ভিদৰ পৰিবহন (Transportation in Plants)
উদ্ভিদৰ পৰিবহন তন্ত্ৰ:
- জাইলেম (Xylem): পানী আৰু খনিজ লৱণ উৰ্ধমুখী দিশত পৰিবহন কৰে।
- ফ্লোৱেম (Phloem): খাদ্য উৰ্ধমুখী আৰু নিম্নমুখী দুয়ো দিশত পৰিবহন কৰে।
| জাইলেম | ফ্লোৱেম |
| পানী আৰু খনিজ লৱণ পৰিবহন কৰে। | খাদ্য, এমিন' এচিড আদি পৰিবহন কৰে। |
| উৰ্ধমুখী দিশত পৰিবহন হয়। | উৰ্ধমুখী আৰু নিম্নমুখী দুয়ো দিশত পৰিবহন হয়। |
| সৰল ভৌতিক বলৰ প্ৰভাৱত সংঘটিত হয়। | শক্তি (ATP) ৰ প্ৰয়োজন হয়। |
1.5 ৰেচন (Excretion) — Page 110-112
পৃষ্ঠা নং: 110-112
ৰেচন: জীৱদেহত উৎপন্ন হোৱা বৰ্জিত পদাৰ্থ বাহিৰলৈ ত্যাগ কৰা প্ৰক্ৰিয়াক ৰেচন বোলা হয়।
মানুহৰ ৰেচন তন্ত্ৰ: বৃক্ক (Kidney), মূত্ৰনলী (Ureter), মূত্ৰাশয় (Urinary Bladder), মূত্ৰমাৰ্গ (Urethra)।
নেফ্ৰন (Nephron): বৃক্কৰ গঠনগত আৰু কাৰ্যকৰী একক। প্ৰতিটো বৃক্কত অসংখ্য নেফ্ৰন থাকে।
নেফ্ৰনৰ কাৰ্য: ৰক্ত পৰিশোধন কৰি মূত্ৰ উৎপন্ন কৰে। প্ৰথমে গ্লুক'জ, এমিন' এচিড, লৱণ আৰু পানী ছেকি লোৱাৰ পাছত পাছৰ নলীকাত অধিশোষণ কৰি লয়। বাকী পদাৰ্থ মূত্ৰনলীলৈ ওলাই আহে।
উদ্ভিদৰ ৰেচন:
- অতিৰিক্ত পানী পত্ৰৰন্ধ্ৰই বাষ্পমোচন প্ৰক্ৰিয়াৰে ত্যাগ কৰে।
- দিনত অক্সিজেন আৰু ৰাতি CO₂ বায়ুলৈ এৰি দিয়ে।
- পুৰঠ জাইলেম কলাত ৰেজিন আৰু হিচাপে বৰ্জিত পদাৰ্থ জমা কৰে।
- সৰি পৰা পাততো বৰ্জিত পদাৰ্থ ত্যাগ কৰে।
2. পাঠ্যপুথিৰ ভিতৰৰ প্ৰশ্নোত্তৰ (In-Text Questions)
Page 95 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 95
প্ৰশ্ন ১: মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয়?
উত্তৰ: বহুকোষী জীৱৰ প্ৰতিটো কোষ প্ৰত্যক্ষভাৱে পৰিৱেশৰ সন্নিধিত থকাটো সম্ভৱ নহয়। ব্যাপন প্ৰক্ৰিয়াটো অতি লেহেমীয়া হোৱা বাবে দেহৰ অন্তভাগৰ কলা-কোষসমূহে ব্যাপন প্ৰক্ৰিয়াৰে প্ৰয়োজনীয় অক্সিজেন সময়মতে পোৱাটো সম্ভৱ নহয়। সেয়ে মানুহকে ধৰি আন আন বহুকোষী জীৱৰ বাবে লাগতীয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো পৰ্যাপ্ত নহয়।
প্ৰশ্ন ২: আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিম?
উত্তৰ: জীৱ এটা জীৱিত নে মৃত তাক ঠাৱৰ কৰাৰ ভিত্তিসমূহ হ'ল—
- ইয়াৰ শ্বাস-প্ৰশ্বাস ক্ৰিয়া আছে নে নাই।
- ইয়াৰ বৃদ্ধি আৰু বিকাশ আছে নে নাই।
- ইয়াৰ অণুসমূহৰ চলন আছে নে নাই।
- ই ৰেচন ক্ৰিয়া সম্পন্ন কৰি আছে নে নাই।
প্ৰশ্ন ৩: জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?
উত্তৰ: জীৱই বহিঃ পৰিৱেশৰ পৰা আহৰণ কৰা কেঁচা সামগ্ৰীসমূহ হ'ল—
- খাদ্য বা আহাৰ
- অক্সিজেন
- পানী
- খনিজ লৱণ
প্ৰশ্ন ৪: জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?
উত্তৰ: জীৱৰ জীৱন বৰ্তি থাকিবলৈ প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ হ'ল—
- পৰিপুষ্টি
- শ্বসন
- পৰিবহন
- ৰেচন
Page 101 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 101
প্ৰশ্ন ১: স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি?
উত্তৰ:
| স্বপোষিত পুষ্টি | পৰপোষিত পুষ্টি |
| (i) জীৱই সৰল অজৈৱিক উৎস (CO₂ আৰু পানী) ৰ পৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়। | (i) জীৱই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। |
| (ii) ইয়াৰ বাবে পত্ৰহৰিৎ, সূৰ্যৰ পোহৰ আদিৰ প্ৰয়োজন হয়। | (ii) ইয়াৰ বাবে পত্ৰহৰিৎ, সূৰ্যৰ পোহৰ আদিৰ প্ৰয়োজন নহয়। |
| (iii) উদাহৰণ: উদ্ভিদ আৰু কিছুমান শেলাই। | (iii) উদাহৰণ: মানুহ, সকলো প্ৰাণী আৰু ভেকুৰ। |
প্ৰশ্ন ২: সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত পায়?
উত্তৰ:
- বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই-অক্সাইড।
- পানী আৰু খনিজ লৱণ শিপাৰ সহায়ত মাটিৰ পৰা।
- সূৰ্যৰ পোহৰ।
- পত্ৰহৰিৎ (ক্ল'ৰফিল) পাতত থাকে।
প্ৰশ্ন ৩: আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?
উত্তৰ: আমাৰ পাকস্থলীত পাকগ্ৰন্থীৰ পৰা নিঃসৰণ হোৱা হাইড্ৰ'ক্লৰিক এছিডে (HCl)—
- খাদ্যৰ লগত প্ৰৱেশ কৰা বেক্টেৰিয়া ধ্বংস কৰে।
- খাদ্যখিনি আম্লিক কৰি তুলে যাতে পেপচিনে সহজে প্ৰ'টিনৰ ওপৰত ক্ৰিয়া কৰি সৰল কৰিব পাৰে।
প্ৰশ্ন ৪: পাচক উৎসেচকৰ কাৰ্য কি?
উত্তৰ: আমি খোৱা আহাৰ অতি জটিল প্ৰকৃতিৰ। আমাৰ দেহৰ তেজৰ লগত মিহলি হ'বলৈ হ'লে ইয়াক সৰল অৱস্থালৈ নিব লাগে। আমাৰ শৰীৰৰ বিভিন্ন পাচক গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা উৎসেচকে খাদ্যৰ জটিল আৰু বৃহৎ অনুসমূহ ভাঙি সৰু সৰু কৰে। মুখ গহ্বৰত লালটি এমাইলেজে কাৰ্বহাইড্ৰেটক গ্লুক'জলৈ পৰিণত কৰে। ক্ষুদ্ৰান্তত থকা ট্ৰিপচিনে প্ৰ'টিনক আৰু লাইপেজে চৰ্বীক সৰল কৰে। আন্ত্ৰিক ৰসৰ উৎসেচকে পাচন কাৰ্য সম্পন্ন কৰি কাৰ্বহাইড্ৰেটক গ্লুক'জ, প্ৰ'টিনক এমিন' এচিডত, চৰ্বীক ফেটি এচিড আৰু গ্লিচাৰলত পৰিণত কৰে।
প্ৰশ্ন ৫: শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰ: পাচিত খাদ্য শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তৰ ভিতৰবেৰত আঙুলি সদৃশ প্ৰবৰ্ধ থাকে, এইবোৰক ভিলাই (Villi) বোলে। ভিলাইসমূহ ৰক্তনলীৰে আবৃত। খাদ্যৰ পাচিত উৎপাদন শোষণৰ বাবে এই ভিলাইবোৰে পৃষ্ঠকালি বৃদ্ধি কৰে। যাৰ ফলত খাদ্যৰ পাচিত উপাদানৰ শোষণ বৃদ্ধি পায়।
Page 105 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 105
প্ৰশ্ন ১: শ্বাস-প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কি?
উত্তৰ: জলজ জীৱবোৰে চাৰিওফালৰ পানীত দ্ৰৱীভূত অক্সিজেন ব্যৱহাৰ কৰে। যিহেতু পানীত দ্ৰৱীভূত হোৱা বায়ুত অক্সিজেনৰ ঘনত্ব যথেষ্ট কম, জলজ জীৱবোৰৰ উশাহ-নিশাহৰ হাৰ যথেষ্ট দ্ৰুত হয়। স্থলজ জীৱবোৰে শ্বাসতন্ত্ৰৰ অংগৰ জৰিয়তে অক্সিজেন সমৃদ্ধ বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে। সেয়েহে, জলজ জীৱতকৈ তেওঁলোকৰ উশাহ-নিশাহৰ হাৰ যথেষ্ট কম।
প্ৰশ্ন ২: কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয়?
উত্তৰ: যিকোনো জীৱদেহত প্ৰথমে কোষপ্ৰৰসত ছয়টা কাৰ্বনযুক্ত গ্লুক'জ অনুৰ ভাঙুন ঘটি তিনিটা কাৰ্বনযুক্ত পাইৰুভেট অনুৰ সৃষ্টি হয়। এই পাইৰুভেট অনুৰ পৰা ভিন ভিন জীৱদেহত তলত দিয়া ধৰণে ভাঙুন ঘটি শক্তি নিৰ্গত হয়—
- অবাত শ্বসন: নিম্ন শ্ৰেণীৰ জীৱদেহত অক্সিজেন নোহোৱাকৈ পাইৰুভেট অনুৰ ভাঙুন ঘটি ইথানল, কাৰ্বন ডাই-অক্সাইড আৰু শক্তি নিৰ্গত কৰে।
- সবাত শ্বসন: কোষৰ মাইট'কন্ড্ৰিয়াত অক্সিজেনৰ উপস্থিতিত পাইৰুভেট অনুৰ ভাঙুন ঘটি কাৰ্বন ডাই-অক্সাইড, পানী আৰু শক্তি নিৰ্গত হয়।
- পেশীয় শ্বসন: অক্সিজেনৰ যোগান কম হলে পেশী কোষত পাইৰুভেট অনুৰ ভাঙুন ঘটি লেকটিক এচিড আৰু শক্তি নিৰ্গত হয়।
প্ৰশ্ন ৩: মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইড কেনেকৈ পৰিবহন হয়?
উত্তৰ: মানুহৰ দেহত তেজৰ দ্বাৰা অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইড পৰিবহন হয়। তেজৰ লোহিত ৰক্তকণিকাত হিম'গ্লবিন নামৰ এক ৰঞ্জক থাকে। এই হিম'গ্লবিনে অক্সিজেনৰ লগ লাগি অক্সি-হিম'গ্লবিন যৌগ গঠন কৰি প্ৰতিটো কোষলৈ লৈ যায়। হিম'গ্লবিনৰ প্ৰতি অক্সিজেনতকৈ কাৰ্বন ডাই-অক্সাইডৰ আসক্তি কম হোৱা বাবে ই তেজত দ্ৰৱীভূত অৱস্থাত পৰিবাহিত হয় আৰু হাওঁফাওঁলৈ যায়। এনেদৰে জীৱদেহত অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইড পৰিবহন হয়।
প্ৰশ্ন ৪: প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাও কিদৰে গঠিত হৈছে?
উত্তৰ: হাওঁফাওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ বায়ুকূপ গঠন কৰে। উশাহ লোৱাৰ সময়ত আমাৰ বক্ষগহ্বৰৰ আয়তন বাঢ়ে। ইয়াৰ ফলত হাওঁফাওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। দেহৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই অনা আৰু কাৰ্বন ডাই-অক্সাইড বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে। উশাহৰ সময়ত বায়ু গ্ৰহণ আৰু নিশাহৰ সময়ত হাওঁফাওত অৱশিষ্ট বায়ু আয়তন যথেষ্ট থাকে। সেয়ে নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই-অক্সাইড এৰি দিব পাৰে। প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাও এইদৰে গঠিত।
Page 110 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 110
প্ৰশ্ন ১: মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইড কেনেকৈ পৰিবহন হয়?
উত্তৰ: মানুহৰ দেহত তেজৰ দ্বাৰা অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইড পৰিবহন হয়। তেজৰ লোহিত ৰক্তকণিকাত হিম'গ্লবিন নামৰ এক ৰঞ্জক থাকে। এই হিম'গ্লবিনে অক্সিজেনৰ লগ লাগি অক্সি-হিম'গ্লবিন যৌগ গঠন কৰি প্ৰতিটো কোষলৈ লৈ যায়। হিম'গ্লবিনৰ প্ৰতি অক্সিজেনতকৈ কাৰ্বন ডাই-অক্সাইডৰ আসক্তি কম হোৱা বাবে ই তেজত দ্ৰৱীভূত অৱস্থাত পৰিবাহিত হয় আৰু হাওঁফাওঁলৈ যায়।
প্ৰশ্ন ২: পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?
উত্তৰ: পক্ষী আৰু স্তন্যপায়ী প্ৰাণী হ'ল উষ্ণৰক্তী প্ৰাণী। ইহঁতৰ দেহত উষ্ণতা নিয়ন্ত্ৰণৰ বাবে প্ৰচুৰ পৰিমাণে তাপশক্তিৰ প্ৰয়োজন। এই শক্তিৰ প্ৰয়োজন পূৰ কৰিবলৈ অধিক পৰিমাণে গ্লুক'জ জাৰণৰ দ্বাৰা শক্তি পাবলৈ পৰ্যাপ্ত অক্সিজেনৰ প্ৰয়োজন। এই পৰ্যাপ্ত অক্সিজেনৰ প্ৰয়োজন পূৰ কৰিবলৈ ইহঁতৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক হৈ থাকে।
প্ৰশ্ন ৩: উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি?
উত্তৰ: উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰ জাইলেম আৰু ফ্লোৱেম নামৰ সংবহন কলাৰে গঠিত।
- জাইলেম: শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ এই জাইলেম কলাৰ জৰিয়তে উদ্ভিদৰ পাত আৰু প্ৰতিটো কলা-কোষলৈ পৰিবাহিত হয়।
- ফ্লোৱেম: উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা আহাৰ প্ৰতিটো কলা-কোষলৈ এই ফ্লোৱেম কলাই যোগান ধৰে।
প্ৰশ্ন ৪: উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়?
উত্তৰ: উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহন জাইলেম কলাৰ মাজেৰে সংঘটিত হয়। জাইলেম কলাৰ নলীকাবিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ'ব পৰাকৈ এটা সংবহন সূতিৰ সৃষ্টি কৰে। শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে। সেয়ে এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে। ফলত, শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীৰ প্ৰৱাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভৰ সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে।
প্ৰশ্ন ৫: উদ্ভিদৰ দেহত খাদ্যৰ কেনেকৈ সংবহন ঘটে?
উত্তৰ: ফ্লোৱেম কলাৰ দ্বাৰা উদ্ভিদৰ দেহত খাদ্য সংবহন হয়। এই সংবহন প্ৰক্ৰিয়া উৰ্ধমুখী আৰু নিম্নমুখী দুয়ো দিশত চালনি নলীকা আৰু তাৰ গাতে লাগি থকা সংগীকোষৰ সহায়ত সংঘটিত হয়। এই প্ৰক্ৰিয়া শক্তি ব্যৱহাৰ কৰি সম্পন্ন হয়। প্ৰয়োজন হোৱা এই শক্তি ATP য়ে যোগান ধৰে। এই শক্তি ব্যৱহাৰ কৰি খাদ্য, ফ্লোৱেম কলাত প্ৰৱেশ কৰে, ফলত ফ্লোৱেমত আসৃতি চাপ বাঢ়ে আৰু খাদ্য কম চাপযুক্ত অঞ্চললৈ গতি কৰে। এনেদৰে খাদ্য উদ্ভিদৰ প্ৰতিটো কলা-কোষলৈ গৈ পায়।
Page 112 — প্ৰশ্নাৱলী
পৃষ্ঠা নং: 112
প্ৰশ্ন ১: নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।
উত্তৰ: নেফ্ৰনৰ গঠন:
- বৃক্কত অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে।
- এই ৰক্তজালিকাবোৰ লগ লাগি কাপ সদৃশ নলীকা গঠন হয়।
- এনে নলীকাৰ এককবোৰক নেফ্ৰন বোলে।
নেফ্ৰনৰ কাৰ্য: নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্লুক'জ, এমিন' এচিড, লৱণ আৰু প্ৰচুৰ পৰিমাণে পানী ছেকি লোৱাৰ পাছত পাছৰ নলীকাত অধিশোষণ কৰি লয়। তেজত দ্ৰৱীভূত হৈ থকা বৰ্জিত পদাৰ্থৰ ওপৰত ভিত্তি কৰি পানীভাগ অধিশোষণ হয়। বাকী পদাৰ্থখিনি নেফ্ৰনৰ দীঘল নলীকাৰে মূত্ৰনলীলৈ ওলাই আহে।
প্ৰশ্ন ২: উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে?
উত্তৰ: উদ্ভিদে বৰ্জিত পদাৰ্থ ত্যাগ কৰা উপায়সমূহ হ'ল—
- উদ্ভিদ দেহৰ অতিৰিক্ত পানীভাগ পত্ৰৰন্ধ্ৰৰ জৰিয়তে বাষ্পমোচন প্ৰক্ৰিয়াৰে বাহিৰলৈ এৰি দিয়ে।
- দিনৰ ভাগত অক্সিজেন আৰু ৰাতিৰ ভাগত কাৰ্বন ডাই-অক্সাইড বায়ুলৈ এৰি দিয়ে।
- পুৰঠ জাইলেম কলাত ৰেজিন আৰু হিচাপে বৰ্জিত পদাৰ্থ জমা কৰি থয়।
- সৰি পৰা পাততো বৰ্জিত পদাৰ্থ ত্যাগ কৰে।
প্ৰশ্ন ৩: কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰ: মূত্ৰ উৎপাদনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত বৃক্কই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই মূত্ৰ উৎপাদনৰ পৰিমাণ বিশেষকৈ নিৰ্ভৰ কৰে নেফ্ৰনৰ দ্বাৰা অধিশোষণ কৰা পানীৰ পৰিমাণৰ ওপৰত। যদি দেহত অতিৰিক্ত পানী বেছি থাকে তেতিয়া অধিশোষণ কম হয় আৰু মূত্ৰ বেছি উৎপন্ন হয়। আকৌ দেহত পানীৰ পৰিমাণ কম হ'লে নেফ্ৰনে বেছি পৰিমাণে পানী অধিশোষণ কৰে, ফলত কম মূত্ৰ উৎপন্ন হয়। ইয়াৰ উপৰি বৰ্জিত পদাৰ্থ যেনে ইউৰিয়া, ইউৰিক এচিড, লৱণ আদিৰ পৰিমাণ বেছি হ'লে মূত্ৰ উৎপাদন বেছি হয় আৰু কম হ'লে মূত্ৰ উৎপাদন কম হয়।
3. অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Exercise — Page 112) — ALL 13 QUESTIONS
পৃষ্ঠা নং: 112
প্ৰশ্ন ১: মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ— (a) পৰিপুষ্টি (b) শ্বসন (c) ৰেচন (d) পৰিবহন
উত্তৰ: (c) ৰেচন
ব্যাখ্যা: বৃক্ক মানুহৰ ৰেচন তন্ত্ৰৰ প্ৰধান অংগ। ই ৰক্ত পৰিশোধন কৰি মূত্ৰ উৎপন্ন কৰে আৰু বৰ্জিত পদাৰ্থ দেহৰ পৰা বাহিৰ কৰে।
প্ৰশ্ন ২: উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল— (a) পানীৰ পৰিবহন (b) খাদ্যৰ পৰিবহন (c) এমিন' এচিডৰ পৰিবহন (d) অক্সিজেনৰ পৰিবহন
উত্তৰ: (a) পানীৰ পৰিবহন
ব্যাখ্যা: জাইলেম কলাই শিপাৰ পৰা পানী আৰু খনিজ লৱণ উদ্ভিদৰ কাণ্ড আৰু পাতলৈ পৰিবহন কৰে। ফ্লোৱেমে খাদ্য পৰিবহন কৰে।
প্ৰশ্ন ৩: স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়— (a) কাৰ্বন ডাই অক্সাইড আৰু পানী (b) পত্ৰহৰিৎ (c) সূৰ্যৰ পোহৰ (d) ওপৰৰ আটাইকেইটা
উত্তৰ: (d) ওপৰৰ আটাইকেইটা
ব্যাখ্যা: সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কাৰ্বন ডাই-অক্সাইড, পানী, পত্ৰহৰিৎ আৰু সূৰ্যৰ পোহৰ—এই চাৰিওটাৰে প্ৰয়োজন হয়।
প্ৰশ্ন ৪: পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়— (a) চাইট'প্লাজমত (b) মাইট'কন্ড্ৰিয়াত (c) ক্ল'ৰপ্লাষ্টত (d) কোষকেন্দ্ৰত
উত্তৰ: (b) মাইট'কন্ড্ৰিয়াত
ব্যাখ্যা: সবাত শ্বসনৰ দ্বিতীয় ধাপত পাইৰুভেট অণু মাইট'কন্ড্ৰিয়াত জাৰিত হৈ CO₂, পানী আৰু শক্তি উৎপন্ন কৰে।
প্ৰশ্ন ৫: আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয়? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয়?
উত্তৰ: চৰ্বীৰ অনুসমূহ বৃহৎ আকাৰৰ। এনে বৃহৎ অনুৰ ওপৰত উৎসেচকৰ ক্ৰিয়া কাৰ্যক্ষম নহয়। যকৃত গ্ৰন্থিৰ দ্বাৰা নিঃসৰিত পিত্তৰসত থকা পিত্তলৱনে চৰ্বীৰ বৃহৎ অনুবোৰক সৰু সৰু কৰাৰ লগতে পিত্তৰসে ইহঁতক ক্ষাৰকীয় কৰে। ফলত অগ্ন্যাশয় ৰসৰ লাইপেজ আৰু আন্ত্ৰিক ৰসৰ উৎসেচকে চৰ্বীৰ পাচন ঘটাই ফেটি এচিড আৰু গ্লিচাৰলত পৰিণত কৰে। এই প্ৰক্ৰিয়াটো ক্ষুদ্ৰান্তত সংঘটিত হয়।
প্ৰশ্ন ৬: পাচনত লালটিৰ ভূমিকা কি?
উত্তৰ: লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালটি আমি খাদ্য চোবোৱাৰ সময়ত জিভাৰ সহায়ত খাদ্যৰ লগত মিহলি হয় যাতে পাচন নলীত খাদ্যৰ গতি সুষম হয়। ইয়াৰ উপৰি লালটিত থকা লালটি এমাইলেজে খাদ্যৰ শ্বেতসাৰৰ ওপৰত ক্ৰিয়া কৰি সৰল চেনী গ্লুক'জলৈ পৰিণত কৰে।
প্ৰশ্ন ৭: স্বপোষীয় পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?
উত্তৰ: স্বপোষীয় পুষ্টিৰ কাৰণে সূৰ্যৰ পোহৰ, পত্ৰহৰিৎ নামৰ সেউজীয়া ৰঞ্জক কণিকা, কাৰ্বন ডাই-অক্সাইড আৰু পানীৰ প্ৰয়োজন। ইয়াৰ উপজাত পদাৰ্থবোৰ হ'ল অক্সিজেন আৰু পানী।
প্ৰশ্ন ৮: সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।
উত্তৰ:
| সবাত শ্বসন | অবাত শ্বসন |
| (i) অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়। | (i) অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়। |
| (ii) কোষৰ মাইট'কন্ড্ৰিয়াত সংঘটিত হয়। | (ii) কোষৰ কোষপ্ৰৰসত সংঘটিত হয়। |
| (iii) CO₂, পানী আৰু শক্তি উৎপন্ন হয়। | (iii) ইথানল, CO₂ আৰু শক্তি উৎপন্ন হয়। |
| (iv) বেছি পৰিমাণে শক্তি উৎপন্ন হয়। | (iv) কম পৰিমাণে শক্তি উৎপন্ন হয়। |
সবাত শ্বসন সম্পাদন কৰা প্ৰাণী: মানুহ, গৰু, কুকুৰ আদি।
অবাত শ্বসন সম্পাদন কৰা প্ৰাণী: ঈষ্ট (ইষ্ট), কিছুমান বেক্টেৰিয়া।
প্ৰশ্ন ৯: প্ৰচুৰ পৰিমাণে গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
উত্তৰ: হাওঁফাওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু শাখাত বিভক্ত হৈ বেলুনসদৃশ বায়ুকোষত পৰিণত হয়। বায়ুকোষবিলাকত অসংখ্য বায়ুকোষ হাওঁফাওত গঠন হয়। আমি উশাহ লোৱাৰ সময়ত হাওঁফাওৰ আয়তন বৃদ্ধিৰ লগে লগে বায়ুকোষবিলাকৰ আয়তন বাঢ়ে। ফলত প্ৰচুৰ শ্বসন গেছ বিনিময় হ'ব পৰাকৈ বায়ুকোষবিলাকৰ পৃষ্ঠকালি বাঢ়ে। ৰক্তকেশিকাৰ পৰা কাৰ্বন ডাই-অক্সাইড বায়ুকোষলৈ ওলাই যায় আৰু বায়ুকোষত সোমোৱা অক্সিজেন ৰক্তকেশিকাই গ্ৰহণ কৰে।
প্ৰশ্ন ১০: আমাৰ দেহত হিম'গ্লবিনৰ পৰিমাণ কমি গ'লে কি হ'ব?
উত্তৰ: আমাৰ দেহত হিম'গ্লবিনৰ পৰিমাণ কমি গ'লে নিম্নলিখিত অসুবিধাসমূহ দেখা দিব—
- কোষসমূহলৈ অক্সিজেনৰ যোগান কমি যাব।
- আমাৰ দেহত প্ৰয়োজনীয় শক্তিৰ অভাৱ হ'ব।
- দুৰ্বলতা, ভাগৰ আদি লক্ষণে দেখা দিব।
- দেহৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হ'ব।
প্ৰশ্ন ১১: মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?
উত্তৰ: মানুহৰ দেহত তেজ এবাৰ প্ৰবাহিত হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পাৰ হ'বলগীয়া হয়। সেয়ে ইয়াক দ্বৈত সংবহন তন্ত্ৰ বুলি কোৱা হয়। আমাৰ শৰীৰৰ অশুদ্ধ তেজ উৰ্ধ আৰু নিম্ন মহাশিৰাৰ জৰিয়তে সোঁঅলিন্দত প্ৰৱেশ কৰে, ইয়াৰ পৰা সোঁনিলয় হৈ হাওঁফাওলৈ যায়। হাওঁফাওঁৰ পৰিশোধিত তেজ বাওঁঅলিন্দলৈ আহে, ইয়াৰ পৰা বাওঁনিলয়লৈ যায়। বাওঁনিলয়ৰ পৰা তেজ মহাধমনীৰে ওলাই গৈ প্ৰতিটো কলা-কোষ পায়। এনেদৰে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ প্ৰবাহিত হৈ আমাৰ দেহত এটা চক্ৰ সম্পূৰ্ণ কৰে।
প্ৰয়োজন: জীৱন প্ৰক্ৰিয়া চলিবৰ বাবে অধিক শক্তিৰ প্ৰয়োজন। সেয়েহে শৰীৰৰ বিভিন্ন কোষত অক্সিজেনযুক্ত তেজৰ পৰিবহন দৰকাৰ। অৰ্থাৎ, শক্তিৰ কাৰণে দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজন।
প্ৰশ্ন ১২: জাইলেম আৰু ফ্ল'ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি?
উত্তৰ:
| জাইলেম | ফ্ল'ৱেম |
| জাইলেমে উৰ্ধমুখী দিশত পানী আৰু খনিজ লৱণ পৰিবহন কৰে। | ফ্ল'ৱেমে পাতত প্ৰস্তুত হোৱা খাদ্য, এমিন' এচিড আদি পৰিবহন কৰে। |
| এই পৰিবহন সৰল ভৌতিক বলৰ প্ৰভাৱত সংঘটিত হয়। | এই পৰিবহন উৰ্ধমুখী আৰু নিম্নমুখী দুয়ো দিশত সম্পন্ন হয়। |
| শক্তিৰ প্ৰয়োজন নহয়। | শক্তিৰ প্ৰয়োজন হয় আৰু এই শক্তি ATP ৰ পৰা আহৰণ কৰে। |
প্ৰশ্ন ১৩: হাওঁফাওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।
উত্তৰঃ পাৰ্থক্য হ'ল—
| বায়ুকোষ (Alveoli) | নেফ্ৰন (Nephron) |
| (i) হাওঁফাওৰ সাংগঠনিক আৰু কাৰ্যকৰী একক। | (i) বৃক্কৰ সাংগঠনিক আৰু কাৰ্যকৰী একক। |
| (ii) ৰক্তৰ পৰা কাৰ্বন ডাই-অক্সাইড (CO₂) বাহিৰ কৰে। | (ii) ৰক্তৰ পৰা নাইট্ৰ'জেনজাতীয় বৰ্জিত পদাৰ্থ বাহিৰ কৰে। |
| (iii) বায়ুকোষবোৰ দেখাত বেলুনৰ দৰে। | (iii) নেফ্ৰন দেখাত কাপৰ দৰে। |
4. HSLC পৰীক্ষাৰ বাবে বিশেষ প্ৰশ্নোত্তৰ (অসম ব'ৰ্ড)
🎯 HSLC উচ্চ সম্ভাৱনীয় প্ৰশ্ন (অসম ব'ৰ্ডত সঘনাই অহা)
প্ৰশ্ন ১: স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ: (ওপৰত Page 101 প্ৰশ্ন ১ চাওক)
প্ৰশ্ন ২: আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?
উত্তৰ: (ওপৰত Page 101 প্ৰশ্ন ৩ চাওক)
প্ৰশ্ন ৩: সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য লিখা।
উত্তৰ: (ওপৰত Exercise প্ৰশ্ন ৮ চাওক)
প্ৰশ্ন ৪: মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইড কেনেকৈ পৰিবহন হয়?
উত্তৰ: (ওপৰত Page 105 প্ৰশ্ন ৩ চাওক)
প্ৰশ্ন ৫: উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়?
উত্তৰ: (ওপৰত Page 110 প্ৰশ্ন ৪ চাওক)
প্ৰশ্ন ৬: উদ্ভিদৰ দেহত খাদ্যৰ কেনেকৈ সংবহন ঘটে?
উত্তৰ: (ওপৰত Page 110 প্ৰশ্ন ৫ চাওক)
প্ৰশ্ন ৭: নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।
উত্তৰ: (ওপৰত Page 112 প্ৰশ্ন ১ চাওক)
5. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)
১। মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ?
(A) পৰিপুষ্টি (B) শ্বসন (C) ৰেচন (D) পৰিবহন
উত্তৰ চাওক
উত্তৰ: (C) ৰেচন — বৃক্ক ৰেচন তন্ত্ৰৰ প্ৰধান অংগ।
২। উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল—
(A) পানীৰ পৰিবহন (B) খাদ্যৰ পৰিবহন (C) এমিন' এচিডৰ পৰিবহন (D) অক্সিজেনৰ পৰিবহন
উত্তৰ চাওক
উত্তৰ: (A) পানীৰ পৰিবহন — জাইলেমে পানী আৰু খনিজ লৱণ পৰিবহন কৰে।
৩। স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়—
(A) কাৰ্বন ডাই অক্সাইড আৰু পানী (B) পত্ৰহৰিৎ (C) সূৰ্যৰ পোহৰ (D) ওপৰৰ আটাইকেইটা
উত্তৰ চাওক
উত্তৰ: (D) ওপৰৰ আটাইকেইটা — সালোক সংশ্লেষণৰ বাবে চাৰিওটা উপাদানৰে প্ৰয়োজন।
৪। পাইৰুভেট অণু ভাঙি CO₂, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়—
(A) চাইট'প্লাজমত (B) মাইট'কন্ড্ৰিয়াত (C) ক্ল'ৰপ্লাষ্টত (D) কোষকেন্দ্ৰত
উত্তৰ চাওক
উত্তৰ: (B) মাইট'কন্ড্ৰিয়াত — সবাত শ্বসনৰ দ্বিতীয় ধাপ মাইট'কন্ড্ৰিয়াত হয়।
৫। মানুহৰ হৃদযন্ত্ৰত কিমানটা কোঠালি থাকে?
(A) 2 (B) 3 (C) 4 (D) 5
উত্তৰ চাওক
উত্তৰ: (C) 4 — দুটা অলিন্দ আৰু দুটা নিলয়।
৬। তেজত অক্সিজেন কঢ়িয়াই নিয়া ৰঞ্জকটোৰ নাম কি?
(A) ক্ল'ৰফিল (B) হিম'গ্লবিন (C) কেৰ'টিন (D) মেলানিন
উত্তৰ চাওক
উত্তৰ: (B) হিম'গ্লবিন — লোহিত ৰক্তকণিকাত থকা হিম'গ্লবিনে অক্সিজেন কঢ়িয়ায়।
৭। বৃক্কৰ গঠনগত আৰু কাৰ্যকৰী এককটোৰ নাম কি?
(A) নিউৰন (B) নেফ্ৰন (C) এলভিঅ'লাই (D) ভিলাই
উত্তৰ চাওক
উত্তৰ: (B) নেফ্ৰন — প্ৰতিটো বৃক্কত অসংখ্য নেফ্ৰন থাকে।
৮। ক্ষুদ্ৰান্তত খাদ্য শোষণৰ বাবে দায়ী আঙুলি সদৃশ গঠনবোৰক কি বোলে?
(A) নেফ্ৰন (B) ভিলাই (C) এলভিঅ'লাই (D) ৰক্তকেশিকা
উত্তৰ চাওক
উত্তৰ: (B) ভিলাই — ভিলাইবেৰে ক্ষুদ্ৰান্তৰ পৃষ্ঠকালি বৃদ্ধি কৰে।
৯। সালোক সংশ্লেষণত কোনটো গেছ নিৰ্গত হয়?
(A) কাৰ্বন ডাই-অক্সাইড (B) অক্সিজেন (C) নাইট্ৰ'জেন (D) হাইড্ৰ'জেন
উত্তৰ চাওক
উত্তৰ: (B) অক্সিজেন — সালোক সংশ্লেষণৰ উপজাত পদাৰ্থ অক্সিজেন।
১০। পাকস্থলীত প্ৰ'টিন পাচন কৰা উৎসেচকটোৰ নাম কি?
(A) এমাইলেজ (B) পেপচিন (C) লাইপেজ (D) ট্ৰিপচিন
উত্তৰ চাওক
উত্তৰ: (B) পেপচিন — পাকস্থলীত পেপচিনে প্ৰ'টিন পাচন কৰে।
6. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)
🧠 আপোনাৰ মগজুক প্ৰত্যাহ্বান জনাওক! (HSLC ৰ বাবে সমালোচনাত্মক চিন্তা)
প্ৰশ্ন ১: যদি মানুহৰ দেহত হিম'গ্লবিনৰ পৰিমাণ কমি যায়, তেন্তে কি প্ৰভাৱ পৰিব?
উত্তৰ: হিম'গ্লবিনে অক্সিজেন কঢ়িয়ায়। ইয়াৰ পৰিমাণ কমি গ'লে কোষলৈ অক্সিজেনৰ যোগান কমি যাব, ফলত শক্তিৰ অভাৱ হ'ব, দুৰ্বলতা আৰু ভাগৰ দেখা দিব। ইয়াক ৰক্তহীনতা (Anaemia) বোলা হয়।
প্ৰশ্ন ২: উদ্ভিদে ৰাতি অক্সিজেন গ্ৰহণ কৰে আৰু দিনত অক্সিজেন ত্যাগ কৰে—ব্যাখ্যা কৰা।
উত্তৰ: উদ্ভিদে দিনে-ৰাতি উভয় সময়তে শ্বসন ক্ৰিয়া চলায়, য'ত অক্সিজেন গ্ৰহণ কৰে। কিন্তু দিনত সালোক সংশ্লেষণ প্ৰক্ৰিয়াও চলে, য'ত CO₂ গ্ৰহণ কৰি অক্সিজেন ত্যাগ কৰে। দিনত সালোক সংশ্লেষণৰ হাৰ শ্বসনতকৈ বেছি হোৱা বাবে মুঠ অক্সিজেন ত্যাগ হয়। ৰাতি সালোক সংশ্লেষণ বন্ধ হৈ যায়, কেৱল শ্বসন চলি থাকে, সেয়ে অক্সিজেন গ্ৰহণ কৰে।
প্ৰশ্ন ৩: জাইলেম আৰু ফ্লোৱেমৰ মাজত থকা মূল পাৰ্থক্য কি?
উত্তৰ: জাইলেমে পানী আৰু খনিজ লৱণ উৰ্ধমুখী দিশত পৰিবহন কৰে আৰু ইয়াত শক্তিৰ প্ৰয়োজন নহয়। ফ্লোৱেমে খাদ্য উৰ্ধমুখী আৰু নিম্নমুখী দুয়ো দিশত পৰিবহন কৰে আৰু ইয়াত ATP ৰ পৰা শক্তিৰ প্ৰয়োজন হয়।
প্ৰশ্ন ৪: দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজনীয়তা কি?
উত্তৰ: দ্বৈত ৰক্ত সংবহনৰ দ্বাৰা অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ সম্পূৰ্ণৰূপে পৃথক থাকে। ইয়াৰ ফলত কলাসমূহলৈ বেছি পৰিমাণে অক্সিজেন যোগান ধৰা হয়, যাৰ দ্বাৰা উষ্ণৰক্তী প্ৰাণীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব পাৰে।
প্ৰশ্ন ৫: পাকস্থলীত HCl নিঃসৰণ নহ'লে কি হ'ব?
উত্তৰ: পাকস্থলীত HCl নিঃসৰণ নহ'লে—
- খাদ্যৰ লগত প্ৰৱেশ কৰা বেক্টেৰিয়া ধ্বংস নহ'ব।
- পাকস্থলীত আম্লিক মাধ্যম নাথাকিব, সেয়ে পেপচিন সক্ৰিয় নহ'ব।
- প্ৰ'টিনৰ পাচন বাধাগ্ৰস্ত হ'ব।
7. পৰীক্ষা-নিৰীক্ষাৰ প্ৰশ্নোত্তৰ (Activity Q&A)
Activity 6.1 — ভিন ভিন জীৱৰ শ্বসন প্ৰক্ৰিয়া
প্ৰশ্ন: ভিন ভিন জীৱদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়াটো বৰ্ণনা কৰা।
উত্তৰ: (ওপৰত Page 105 প্ৰশ্ন ২ চাওক)
Activity 6.2 — মানুহৰ হাওঁফাওৰ গঠন
প্ৰশ্ন: প্ৰচুৰ গেছ বিনিময়ৰ বাবে মানুহৰ হাওঁফাও কেনেকৈ গঠিত হৈছে?
উত্তৰ: (ওপৰত Page 105 প্ৰশ্ন ৪ চাওক)
Activity 6.3 — নেফ্ৰনৰ কাৰ্য
প্ৰশ্ন: নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।
উত্তৰ: (ওপৰত Page 112 প্ৰশ্ন ১ চাওক)
Activity 6.4 — উদ্ভিদৰ ৰেচন
প্ৰশ্ন: উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে?
উত্তৰ: (ওপৰত Page 112 প্ৰশ্ন ২ চাওক)
Activity 6.5 — মূত্ৰ উৎপাদনৰ নিয়ন্ত্ৰণ
প্ৰশ্ন: কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰ: (ওপৰত Page 112 প্ৰশ্ন ৩ চাওক)
মুঠ Activity: ৫ টা
8. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক
🌍 ৰসায়ন বিজ্ঞানক জীৱনৰ সৈতে সংযোগ কৰা:
- ছডিয়াম (Na): ৰান্ধনিঘৰৰ লৱণ (NaCl) ৰ এটা উপাদান।
- কেলছিয়াম (Ca): হাড় আৰু দাঁতৰ গঠনত থকা প্ৰধান উপাদান।
- লো (Fe): হিম'গ্লবিনৰ এটা উপাদান, যি শৰীৰত অক্সিজেন পৰিবহন কৰে।
- আয়'ডিন (I): থাইৰয়ড গ্ৰন্থিৰ কাৰ্যৰ বাবে প্ৰয়োজনীয়।
- ছিলিকন (Si): কম্পিউটাৰ চিপ আৰু ছ'লাৰ চেলত ব্যৱহৃত।
- হিলিয়াম (He): বেলুন আৰু বতৰৰ বেলুনত ব্যৱহৃত।
- নিয়ন (Ne): বিজ্ঞাপনৰ বাবে ব্যৱহৃত নিয়ন বাতিত।
- ক্ল'ৰিন (Cl): পানী শোধন কৰিবলৈ ব্যৱহৃত।
- কাৰ্বন (C): হীৰা, গ্ৰেফাইট আৰু সকলো জীৱৰ গঠনত থকা প্ৰধান উপাদান।
Comments
Post a Comment