Skip to main content

Class 9 Science Chapter 5 Notes & Question Answer in Assamese | জীৱৰ মৌলিক একক (ASSEB / SEBA)

Class 9 Science: Chapter 5 - জীৱৰ মৌলিক একক ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 জীৱবিলাক কিহৰ গঠিত? (What are Living Organisms Made Up of?) — Page 58-60 পৃষ্ঠা নং: 58-60 📌 ঐতিহাসিক পৃষ্ঠভূমি: ৰবাৰ্ট হক এটুকুৰা কক (Cork) ৰ পাতল ছেদ পৰীক্ষা কৰি মৌমোহৰ নিচিনা কিছুমান কোঠালি দেখি পাইছিল। কক হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এিবধ উপাদান। সেইয়া আছিল 1665 খ্ৰীষ্টাব্দ। এটা দিন, দিনদুনীয়া ৰবাৰ্ট হক নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এই পৰ্যবেক্ষণবোৰ কৰিছিল। ৰবাৰ্ট হকে সেই কোঠালিবোৰক "Cell" বুলি আখ্যা দিছিল। লেটিনশব্দ— "Cell" ৰ অৰ্থ হ'ল সৰু সৰু কোঠালি। এই পৰ্যবেক্ষণটো দেখাত তাৎপৰ্যবিহীন যেন লাগিছিলও বিজ্ঞানইতিহাসতই এক গুৰুত্বপূৰ্ণ ঘটনা। এই পৰ্যবেক্ষণবোৰে জীৱৰ দেহ যে কিছুমান পৃথক পৃথক এককৰ দ্বাৰা গঠিত তাক কোনো এজনে পোন প্ৰথমে সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। সেই দিন ধৰি জীৱবিজ্ঞান বিষয়ত বৰ্তমানলৈকে তেনে একক বিলাকক "কোষ" বুলি অভিহিত কৰি অহা হৈছে। ...

Class 9 Science Chapter 5 Notes & Question Answer in Assamese | জীৱৰ মৌলিক একক (ASSEB / SEBA)

Class 9 Science: Chapter 5 - জীৱৰ মৌলিক একক

ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ

1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)

1.1 জীৱবিলাক কিহৰ গঠিত? (What are Living Organisms Made Up of?) — Page 58-60

পৃষ্ঠা নং: 58-60

📌 ঐতিহাসিক পৃষ্ঠভূমি: ৰবাৰ্ট হক এটুকুৰা কক (Cork) ৰ পাতল ছেদ পৰীক্ষা কৰি মৌমোহৰ নিচিনা কিছুমান কোঠালি দেখি পাইছিল। কক হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এিবধ উপাদান। সেইয়া আছিল 1665 খ্ৰীষ্টাব্দ। এটা দিন, দিনদুনীয়া ৰবাৰ্ট হক নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এই পৰ্যবেক্ষণবোৰ কৰিছিল। ৰবাৰ্ট হকে সেই কোঠালিবোৰক "Cell" বুলি আখ্যা দিছিল। লেটিনশব্দ— "Cell" ৰ অৰ্থ হ'ল সৰু সৰু কোঠালি।

এই পৰ্যবেক্ষণটো দেখাত তাৎপৰ্যবিহীন যেন লাগিছিলও বিজ্ঞানইতিহাসতই এক গুৰুত্বপূৰ্ণ ঘটনা। এই পৰ্যবেক্ষণবোৰে জীৱৰ দেহ যে কিছুমান পৃথক পৃথক এককৰ দ্বাৰা গঠিত তাক কোনো এজনে পোন প্ৰথমে সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। সেই দিন ধৰি জীৱবিজ্ঞান বিষয়ত বৰ্তমানলৈকে তেনে একক বিলাকক "কোষ" বুলি অভিহিত কৰি অহা হৈছে।
📖 কোষ (Cell): জীৱদেহৰ গঠনৰ মৌলিক একক। ই জীৱনৰ মৌলিক কাৰ্যকৰী এককও।
📖 কোষ মতবাদ (Cell Theory): 1838 খ্ৰীষ্টাব্দত কোইবেন (Schleiden) আৰু 1839 খ্ৰীষ্টাব্দত কোৱান (Schwann) নামৰ দুজন জীৱবিজ্ঞানীয়ে মত পোষণ কৰিছিল যে সকলোবিলাক উদ্ভিদ আৰু প্ৰাণীয়েই কোষৰে গঠিত আৰু কোষ হ'ল জীৱৰ মৌলিক একক, ইয়াকেই কোষ মতবাদ (Cell Theory) বুলি কোৱা হয়। পিছত 1855 খ্ৰীষ্টাব্দত ভাৰচাে (Virchow) এ কোষ মতবাদটো কিছু সংযোজন/সংশোধন ঘটাই কয় যে কোষ সদায় পূৰ্বৱৰ্তী কোষৰ পৰাহে সৃষ্টি হয়। 1940 খ্ৰীষ্টাব্দত ইলেক্লন অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ পাচত কোষৰ জটিল গঠন আৰু কোষ অংগাণুবিলাকৰ বিষয়ে অধিক জানিব পৰা হ'ল।
📌 এককোষী জীৱ (Unicellular Organisms): ক্ৰমাইডমনাচ (Chalamydomonas), পেপাৰেমচিয়াম (Paramecium), বেগেৰিয়া আদি জীৱৰ দেহ গঠিত। এই জীৱবিলাকক এককোষী জীৱ বুলি আখ্যা দিয়া হয়।
📌 বহুকোষী জীৱ (Multicellular Organisms): বহু কোষ একেলগ হৈ সিহঁতৰ শৰীৰৰ অংগ বিশেষ প্ৰয়োজন সাপেক্ষ বিভিন্ন কাম সমাধা কৰি জীৱন নিৰ্বাহ কৰে। এনে বহুকোষী জীৱৰ উদাহৰণ হ'ল ত্ৰকূৰ উদ্ভিদ আৰু প্ৰাণী।
📌 প্ৰত্যেক বহুকোষী জীৱ কেৱল এটা মাত্ৰ কোষৰ পৰাই সৃষ্টি হয়। ই কেনেকৈ সম্ভৱ বাক? কোষৰ বিভাজনত হে সিহঁতৰ নিৰ্মাণ কোষেই সৃষ্টি হয়। কোষৰ উৎপত্তি কেৱল পূৰ্বৱৰ্তী কোষৰ পৰাহে হয়।

1.2 কোষৰ গঠন (Structure of Cell) — Page 60-66

পৃষ্ঠা নং: 60-66

📖 কোষ আৱৰণ (Plasma Membrane / Cell Membrane): ই হ'ল কোষস্থ দ্ৰৱ্যক আগুৰি থকা বাহিঃ আৱৰণ। কোষ আৱৰণখনে কিছুমান দ্ৰৱ্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা-যোৱা কৰাত সহায় কৰে। আনহাতে ই আৰু কিছুমান দ্ৰৱ্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধা প্ৰদান কৰে। সেই বাবে ই কোষ আৱৰণখনক চয়নাত্মকভেদ্য আৱৰণ (Selectively permeable membrane) বুলি কোৱা হয়।
📖 অসূতি (Osmosis): অৰ্ধভেদ্য আবৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন হোৱা প্ৰক্ৰিয়াক অসূতি (Osmosis) বুলি কোৱা হয়। অসূতি হ'ল এখন অৰ্ধভেদ্য আবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি।
📖 অল্পাসাৰী দ্ৰৱ (Hypotonic Solution): যিদেহে কোষটোৰ চাৰিওপাশৰ মাধ্যমতো পানীৰ গাঢ়তা কোষটোৰ পানীৰ গাঢ়তাতকৈ বেছি হয় অৰ্থাৎ বাহিৰৰ দ্ৰৱটোৰ গাঢ়তা লঘু হয় তেতিয়া পানী কোষে অসূতি প্ৰক্ৰিয়াৰে গ্ৰহণ কৰিব। এনে দ্ৰৱক অল্পাসাৰী দ্ৰৱ (hypotonic solution) বুলি কোৱা হয়। কোষাবৰণৰ মাজেদি পানীৰ অণু দুয়োটা দিশতে মুক্তভাৱে চলাচল কৰে যদিও কোষৰ পৰা ওলাই যোৱাতকৈ ভিতৰলৈহে বেছিকে সোমায়। মুঠ পৰিমাণত কোষে পানী বেছিকে আহৰণ কৰে। ফলত কোষটো ওফিন্দি উঠে।
📖 সমসাৰী দ্ৰৱ (Isotonic Solution): যিদেহে কোষটোৰ চাৰিওপাশৰ মাধ্যমেটাৰ পানীৰ গাঢ়তা কোষটোৰ সৈতে একে হয় তেতিয়া কোষাবৰণৰ মাজেদি পানীৰ অণুৰ চলাচল নহয়। এনে দ্ৰৱক সমসাৰী দ্ৰৱ (isotonic solution) বুলি কোৱা হয়। কোষাবৰণৰ মাজেদি পানীৰ অণু দুয়োটা দিশতে চলাচল কৰে যদিও কোষৰ পৰা ওলাই যোৱা পানীৰ অণুৰ পৰিমাণ ভিতৰলৈ সোমোৱাৰ সমান হয়। মুঠ পৰিমাণত পানীৰ কোনো আহৰণ নঘটে। ফলত কোষৰ আকাৰ একেই থাকে।
📖 অতিসাৰী দ্ৰৱ (Hypertonic Solution): যিদেহে কোষটোৰ চাৰিওপাশৰ মাধ্যমৰ পানীৰ গাঢ়তা কোষটোতকৈ কম হয় অৰ্থাৎ বাহিৰৰ দ্ৰৱটোৰ গাঢ়তা বেছি হয় তেতিয়া কোষটোৰ পৰা পানী অসূতি প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই যায়। এনে দ্ৰৱক অতিসাৰী দ্ৰৱ (hypertonic solution) বুলি কোৱা হয়। আগৰ দৰেই, এই ক্ষেত্ৰত কোষাবৰণৰ মাজেদি পানীৰ অণু দুয়োটা দিশতে চলাচল কৰে যদিও কোষৰ পৰা ওলাই যোৱা পানীৰ অণুৰ পৰিমাণ ভিতৰলৈ সোমোৱাতকৈ বেছি হয়। সেই বাবেই কোষটোৰ সংকোচন ঘটে।
📖 এতেকে, অসূতি হ'ল অৰ্ধভেদ্য আবৰণৰ মাজেদি সংঘটিত হোৱা এক বিশেষ ধৰণৰ ব্যাপন।

5.2.2 কোষ বেৰ (Cell Wall)

পৃষ্ঠা নং: 61

📖 কোষ বেৰ (Cell Wall): উদ্ভিদ কোষত কোষাবৰণখনৰ ওপৰিও বাহিৰে আৱৰণ আছে এটা। ইয়াকে কোষবেৰ বুলি কোৱা হয়। এই কোষবেৰখন কোষাবৰণখনৰ গাতে বাহিৰফালে লাগি থাকে। উদ্ভিদ কোষবেৰখন প্ৰধানকৈ চেলুলজ (Cellulose) ৰ গঠিত। চেলুলজ হ'ল এিবধ জটিল বাসায়নিক পদাৰ্থ যিয়ে উদ্ভিদ দেহক গাঠনিক শক্তি (Structural Strength) প্ৰদান কৰে।
📖 প্লাজম'লাইছিছ (Plasmolysis): উদ্ভিদ কোষৰ পৰা পানী অসূতি প্ৰক্ৰিয়াৰে কোষ বেৰৰ বাহিৰে গ'লে কোষস্থ দ্ৰৱ্যবোৰ সংকুচিত হৈ থাকে। এই অৱস্থাক প্লাজম'লাইছিছ বোলে। এই পৰিঘটনাটোৱে আমাক জীৱ কোষীয় কাৰ্যকলাপ যাতে নহয় সেই বিষয়ে নিৰ্দেশ কৰে।

5.2.3 কোষকেন্দ্ৰ (Nucleus)

পৃষ্ঠা নং: 61-62

📖 কোষকেন্দ্ৰ (Nucleus): পিয়াঁজৰ বাহিৰে আৱৰণৰ পৰা তৈয়াৰ কৰা শ্লাইডখনলৈ মনত পেলোৱা। আমি তাত আইভৰ দ্ৰৱ অকণমান দিছিলো। কিছুমান সময় অপেক্ষা কৰি শ্লাইডখন পুনৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰিলে তাত ঘূৰণীয়া বা ডিম্বাকৃতিৰ সুক্ষ্ম গঠন কৰা আছেন? এই গঠনবিলাকেই হ'ল কোষ কেন্দ্ৰ। এইবিলাক পিয়াঁজৰ কোষত দেখা বিলাকৰ লগত একেই ন? কোষকেন্দ্ৰক আগুৰি ৰখা দুই তৰপীয়া আৱৰণখনক কোষকেন্দ্ৰাৱৰণ (Nuclear membrane) বুলি কোৱা হয়। এই কোষকেন্দ্ৰাৱৰণ, ক্ষয়ত্ব যিহে কোষকেন্দ্ৰৰ ভিতৰৰ পৰা পদাৰ্থবিলাক বাহিৰলৈ অৰ্থাৎ কোষপ্ৰবলৈ উলিয়াই দিয়ে। কেন্দ্ৰকেন্দ্ৰত ক্ৰম'জ'ম (Chromosome) থাকে, এইবিলাক কোষৰ কোষ বিভাজনৰ কালছোৱাতেই দণ্ডাকাৰ হিচাপে দেখা পোৱা যায়। ক্ৰম'জ'মবোৰে তাত থকা ডি এন এ (DNA- Deoxyribo Nucleic Acid) নামৰ অণুবিলাকত নিহিত হৈ থকা বংশগত বৈশিষ্ট্যবোৰ পৈতৃক অনুৰ পৰা পৰৱৰ্তী জনুলৈ কঢ়িয়াই নিয়ে। ক্ৰম'জ'মবিলাক ডি এন এ আৰু প্ৰ'টিনৰ গঠিত। ডি এন এ-নামৰ অণুটোৱেই কোষৰ গঠন আৰু সংগঠনৰ সকলোবিলাক লাগিতিয়াল তথ্য অন্তৰ্নিহিত হৈ থাকে। ডি এন এ ৰ কাৰ্যকৰী এককক জিন (Gene) বুলি কোৱা হয়। কোষ যেতিয়া বিভাজিত অৱস্থাত নাথাকে তেতিয়া ডি এন এ বিলাক ক্ৰমেটিন দ্ৰব্য হিচাপে থাকে।
📖 প্ৰকোষকেন্দ্ৰীয় জীৱ (Prokaryotes): যিবিলাক জীৱৰ কোষত কোষকেন্দ্ৰৰ আৱৰণ নাথাকে তেনেবিলাক জীৱক প্ৰকোষকেন্দ্ৰীয় জীৱ (Prokaryotes, Pro = primitive or Primary (আদিম), karyote = karyon = nucleus (কোষকেন্দ্ৰ)) বুলি আখ্যা দিয়া হয়।
📖 সংকোষকেন্দ্ৰীয় জীৱ (Eukaryotes): যিবিলাক জীৱৰ কোষকেন্দ্ৰৰ আৱৰণ থাকে তেনেবিলাক জীৱক সংকোষকেন্দ্ৰীয় জীৱ (Eukaryotes) বুলি আখ্যা দিয়া হয়।
📖 নিউক্লিঅইড (Nucleoid): প্ৰকোষকেন্দ্ৰীয় কোষৰ কোষকেন্দ্ৰত নিউক্লিক এচিডবোৰ থাকে, ইয়াকে নিউক্লিঅইড (Nucleoid) বুলি কোৱা হয়।

5.2.4 কোষপ্ৰবস (Cytoplasm)

পৃষ্ঠা নং: 62

📖 কোষপ্ৰবস (Cytoplasm): আমি পিয়াঁজৰ বাহিঃ আৱৰণ আৰু মানুহৰ গালৰ ছালৰ অস্থায়ী স্থাইড প্ৰস্তুত কৰি নিৰীক্ষণ কৰি দেখা পাইছিলোঁ যে প্ৰতিটো কোষৰ একোটা অঞ্চল কোষাবৰণখনে আৱৃত কৰি ৰাখিছিল। সেই অঞ্চলটোৱে খুউব পাতল ৰং লৈছিল। এই অঞ্চলটোৱেই হ'ল কোষপ্ৰবস। কোষপ্ৰবস হ'ল কোষাবৰণে আগুৰি ৰখা এক অৰ্জলীয়া পদাৰ্থ য'ত বিশেষ ধৰণৰ কোষ অংগাণুবিলাকো থাকে। প্ৰতিটো কোষ অংগাণুৱেই কোষৰ একোটা নিদিষ্ট কাৰ্য সম্পন্ন কৰে।

কোষ অংগাণুবিলাক একোখন আৱৰণীয়ে আৱৃত কৰি ৰাখে। প্ৰকোষকেন্দ্ৰীয় কোষৰ কেন্দ্ৰাধলত কেন্দ্ৰাৱৰণৰ সৈতে প্ৰকৃত কোষকেন্দ্ৰ নথকাৰ উপৰিও আৱৰণীযুক্ত এনে কোষ অংগাণুবিলাকো পোৱা নাযায়। আনহাতে, সংকোষকেন্দ্ৰীয় কোষৰ কেন্দ্ৰাধলত কেন্দ্ৰাৱৰণৰ সৈতে প্ৰকৃত কোষকেন্দ্ৰ থকাৰ উপৰিও আৱৰণীযুক্ত কোষ অংগাণুবিলাকো থাকে।

5.2.5 কোষ অংগাণু (Cell Organelles)

পৃষ্ঠা নং: 62-66

📖 অন্তঃপ্ৰবসীয় জালিকা [Endoplasmic Reticulum (ER)]: অন্তঃপ্ৰবসীয় জালিকা (চমুকৈ ER) আৱৰণীযুতি নলীকা আৰু মোনা (Vesicle) ৰে গঠিত বৃহৎ জালিকা। অন্তঃপ্ৰবসীয় জালিকাৰ আৱৰণৰ গঠন কোষাবৰণৰ সৈতে প্ৰায় একেই। এইবিলাক দুই প্ৰকাৰৰ-অমসৃণ (খহটা) অন্তঃ প্ৰবসীয় জালিকা (Rough Endoplasmic Reticulum চমুকৈ RER) আৰু মসৃণ (মিহি) অন্তঃ প্ৰবসীয় জালিকা (Smooth Endoplasmic Reticulum চমুকৈ SER)। RER বিলাক অণুবীক্ষণ যন্ত্ৰৰ নিৰীক্ষণ কৰিলে সেইবিলাক খহটা যেন দেখি কাৰণ সিহঁতৰ আৱৰণত ৰাইব'জ'ম (Ribosome) নামৰ কিছুমান কথা সংলগ্ন হৈ থাকে। সকলোবোৰ সজীৱ কোষৰ ৰাইব'জ'ম বিলাকে প্ৰ'টিন উৎপাদন কৰে। উৎপাদিত প্ৰ'টিনবিলাক প্ৰয়োজনসাপেক্ষ কোষৰ বিভিন্ন ঠাইলৈ অন্তঃপ্ৰবসীয় জালিকাবিলাকৰ যোগেদি পঠিয়াইদিয়ে। মসৃণ (মিহি) অন্তঃ প্ৰবসীয় জালিকাবিলাকে কোষীয় কাৰ্যৰ বাবে লাগতিয়াল স্নেহ জাতীয় পদাৰ্থ বা বিষপি সংশ্লেষণত সহায় কৰে।
📖 আৱৰণৰ জীৱসৃষ্টি (Membrane Biogenesis): ইয়াৰ কিছুমান প্ৰ'টিন আৰু বিষপিয়ে কোষাবৰণ গঠনত সহায় কৰে। এই প্ৰক্ৰিয়াক আৱৰণৰ জীৱসৃষ্টি (membrane biogenesis) বুলি কোৱা হয়। অনয কিছুমান প্ৰ'টিন আৰু বিষপিয়ে উৎসেচক (Enzyme) আৰু হৰমন (Hormone) হিচাপে কাৰ্য কৰে।
📖 গলজি সংঘ [Golgi Apparatus]: কেমিল' গলজি (Camillo Golgi) ৰ পোন প্ৰথমে গলজি সংঘৰ বিষয়ে বৰ্ণনা দাঙি ধৰি কৈছিল যে এইবিলাক কিছুমান আৱৰণী বিমিষ্ট কমানাকাৰ গঠন যিবোৰ পৰস্পৰে সমান্তৰালকৈ সজ্জিত হৈ থকা চিষ্টাৰন (Cisternae) ঠাক (Stack) ৰ সৃষ্টি কৰে। এইবিলাকৰ আৱৰণীখন অন্তঃপ্ৰবসসমূহে জালিকাৰ আৱৰণৰ লগত সংযোগ হৈ থাকে আৰু সেইবাবে ইহঁতে কোষস্থ আৱৰণীৰ অন্য এক জটিল গঠন সৃষ্টি কৰে।

অন্তঃপ্ৰবসীয় জালিকাৰ গাতে সংক্লিষ্ট হোৱা পদাৰ্থসমূহ গলজি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশ গ্ৰহণ কৰে। গলজি সংঘৰ কাৰ্য হ'ল সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন (packaging) আৰু পৰিবৰ্তন। কোনো কোনো ক্ষেত্ৰত, গলজি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিবৰ্তন কৰিব পাৰে। গলজি সংঘই লাইছ'জ'ম গঠন কৰাতো সহায় কৰে।
📖 লাইছ'জ'ম (Lysosomes): লাইছ'জ'ম কোষত বৰ্জিত পদাৰ্থৰ নিম্নসনৰ লগত জড়িত এক অংগাণু। লাইছ'জ'ম কোষত প্ৰৱেশ কৰা অনাগতিয়াল প্ৰবণবোৰ আৰু কোষত উৎপন্ন হোৱা অনাগতিয়াল পদাৰ্থবিলাক পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে। কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ যেনে বেক্টেৰিয়া, খাদ্য, মৃত কোষ অংগাণু আদিক লাইছ'জ'ম ভাঙি নিকুমান সৰু সৰু পদাৰ্থত পৰিণত কৰে। লাইছ'জ'মত থকা নিকুমান জৈৱৰাসায়নিক উৎসেচক থকাৰ বাবে সকলো ধৰণৰ বৰ্জিত জৈৱ যৌগক সৰলীকৃত কৰি ল'ব পাৰে। কোষৰ বিপাকীয় কাৰ্যত নকবা বিসংগতি হ'বল, উদাহৰণ হিচাপে যিদ কোষ এটা মৰি যায় তেতিয়া লাইছ'জ'ম সিহঁতৰ ভিতৰত থকা জৈৱৰাসায়নিক উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। সেয়েহে লাইছ'জ'মক কোষৰ আত্মঘাটী মোনা বুলি কোৱা হয়। গঠনৰ ফালৰ পৰা লাইছ'জ'ম বিলাক আৱৰণীযুতি বিমিষ্ট মোনা সদৃশ গঠন য'ত কিছুমান পৰিপাকীয় উৎসেচক ভৰ্তি হৈ থাকে। এই উৎসেচক বিলাক অমসৃণ অন্তঃপ্ৰবসীয় জালিকাবিলাকে সংশ্লেষণ কৰে।
📖 মাইট'কন্দ্ৰিয়া (Mitochondria): মাইট'কন্দ্ৰিয়াক কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়। জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন বাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এ টি পি (Adenosine Triphosphate চমুকৈ ATP) ৰ অণুবিলাক মাইট'কন্দ্ৰিয়াই উৎপাদন কৰে। এ টি পি অণু কোষীয় শক্তিৰ মুদ্ৰা (Energy Currency) বুলিও কোৱা হয়। এ টি পি অণুত থকা শক্তি নিহিত হৈ থকা কোষে নতুন বাসায়নিক প্ৰবৃত্তি সংযোগত আৰু অন্যান্য যান্ত্ৰিক কাযত ব্যৱহাৰ কৰে। গঠনৰ দিশৰ পৰা মাইট'কন্দ্ৰিয়াবিলাক দুই আৱৰণীযুতি। ইয়াৰ বাহিঃ আৱৰণখন যথেষ্ট প্ৰশস্ত হোৱাৰ বিপৰীতে অন্তঃ আৱৰণখন যথেষ্ট ভাঁজযুতি। এই ভাঁজিবিলাকৰ পিটিত এ টি পি উৎপাদন কৰা বাসায়নিক বিক্ৰিয়াবোৰ সংঘটিত হয়।

মাইট'কন্দ্ৰিয়াৰ এটা উল্লেখযোগ্য বৈশিষ্ট্যপূৰ্ণ চিত্ৰৱ হ'ল যে ইহঁতৰ নিজৰ ডি এন এ আৰু বাইব'জ'ম থাকে। সেই বাবেই মাইট'কন্দ্ৰিয়াই নিজৰ প'টিন নিজে তৈয়াৰ কৰি ল'ব পাৰে।
📖 প্লাষ্টিড (Plastids): প্লাষ্টিডবিলাক কেৱল উদ্ভিদ কোষতহে পোৱা যায়। প্লাষ্টিড দুই প্ৰকাৰৰ-ৰংকণা বা ৰঙীয়া কণা (Chromoplast) আৰু অবৰ্ণকণা বা ৰংহীন কণা (Leucoplast)। যিবিলাক প্লাষ্টিড পত্ৰহৰিৎ (Chlorophyll) নামৰ ৰঞ্জক পদাৰ্থ থাকে সেইবিলাক হৰিৎকণা (Chloroplast) বুলি কোৱা হয়। হৰিৎকণাবিলাক উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণু। হৰিৎকণাত পত্ৰহৰিৎ উপৰিও হালধীয়া আৰু কমলা ৰঙৰ ৰঞ্জক পদাৰ্থও থাকে। অবৰ্ণকণাত সাধাৰণতে শ্বেতসাৰ, তেল পদাৰ্থ আৰু প্ৰ'টিনৰ কণিকা (Granule) বিলাক সঞ্চয় হৈ থাকে।

প্লাষ্টিডবিলাকৰ আভ্যন্তৰ আৱৰণীয়ুতি তৰপেৰে গঠিত। এইবিলাক স্ত্ৰমা (Stroma) নামৰ পদাৰ্থ বিধত নিমজ্জিত হৈ থাকে। বাহিক গঠনৰ দিশৰ পৰা প্লাষ্টিডবিলাক মাইট'কন্দ্ৰিয়াৰ গঠনৰ সৈতে একেই। মাইট'কন্দ্ৰিয়াৰ দৰে, প্লাষ্টিডবিলাকেতা সিহঁতৰ নিজা ডি এন এ (DNA) আৰু বাইব'জ'ম থাকে।
📖 বসধানী বা ৰিক্তকা (Vacuoles): বসধানী বা ৰিক্তকাবিলাক হ'ল গোটা বা তৰল পদাৰ্থ সঞ্চয় কৰি থোৱা মোনা সদৃশ কোষ অংগাণু। প্ৰাণী কোষৰ বসধানীবিলাক আকাৰত সৰু, অনু হাতে উদ্ভিদ কোষৰ বিলাক যথেষ্ট ডাঙৰ। কিছুমান উদ্ভিদ কোষত কেন্দ্ৰীয় বসধানীটোৱে কোষটোৰ প্ৰায় 50-90% ঠাই আগুৰি থাকে।

উদ্ভিদ কোষৰ বসধানীটো কোষ বস (Cell sap) ৰে পৰিপূৰ্ণ হৈ থাকে আৰু ইয়াৰ দ্বাৰাই কোষটোক স্থীত আৰু দৃঢ় হৈ থাকত সহায় কৰে। উদ্ভিদৰ জীৱনত প্ৰয়োজন হোৱা বৰ্জিতবাৰ লাগতিয়াল পদাৰ্থ কোষৰ বসধানীত সঞ্চিত হৈ থাকে। সঞ্চিত পদাৰ্থবিলাক হ'ল এমিন' এচিদ, শৰ্কৰা আৰু কিছুমান প্ৰ'টিন। এককোষী জীৱ যেনে এমিবাই খাদ্য ভক্ষণ কৰি যিবিলাক বসধানীত মজুত কৰি ৰাখে সেইবিলাকক খাদ্য ৰিক্তকা (Food Vacuole) বোলে। অনয কিছুমান এককোষী জীৱত এনে কেতেবোৰ বিশেষ বসধানী থাকে যিবিলাকে কোষৰ অতৰিক্ত পদনী আৰু কিছুমান বৰ্জিত পদাৰ্থ উলিয়াই পঠোৱাত সহায় কৰে।

2. পাঠ্যপুথিৰ ভিতৰৰ প্ৰশ্নাৱলী (In-Text Questions)

পৃষ্ঠা 58 — কাৰ্যকলাপ 5.1 ৰ পিছত

পৃষ্ঠা নং: 58

প্ৰশ্ন ১: আমি এনেদৰে বিভিন্ন আকাৰৰ পিয়াজৰ পৰা অস্থায়ী স্থাইড তৈয়াৰ কৰি ল'ব পাৰোঁ। আমি কি দেখ পাম? এইবিলাকৰো গঠন একেইনে সেলেগ সেলেগ?
উত্তৰ: আমি দেখিম যে সকলোবিলাক পিয়াজৰ কন্দৰ সৰু সৰু গঠনবিলাক দেখাত একেই। এইবিলাক এেকলগ হৈয়ে ডাঙৰ আকাৰৰ পিয়াজৰ কন্দ গঠন কৰে। পিয়াজৰ আকাৰ ডাঙৰেই হওক বা সৰুৱেই হওক সিহঁতৰ পাতল আৱৰণ কোষবিলাক দেখিবলৈ একেই হ'ব।

পৃষ্ঠা 59 — কাৰ্যকলাপ 5.2 ৰ পিছত

পৃষ্ঠা নং: 59

প্ৰশ্ন ১: আকাৰ আৰু আকৃতিৰফলৰ পৰা সকলোবিলাক কোষ হুবহু একেকৈন?
উত্তৰ: নহয়। কিছুমান কোষ দীঘল, কিছুমান গোলাকাৰ, কিছুমান অসমিয়াকৃতিৰ।
প্ৰশ্ন ২: গঠনবযাগলৰ পৰা কোষবিলাক হুবহু একেকৈন?
উত্তৰ: নহয়। গঠনৰ ফালৰ পৰাও কোষবিলাক বেলেগ বেলেগ।
প্ৰশ্ন ৩: উদ্ভিদৰ বিবিধ অংগৰ কোষবিলাকৰ মাজত থকা পাথক্য নিৰ্ণয় কৰিব পাৰিবানে?
উত্তৰ: হয়। উদ্ভিদৰ বিভিন্ন অংগ যেনে পাত, শিপা, কাণ্ড আদিৰ কোষবিলাকৰ আকাৰ, আকৃতি আৰু কাৰ্য বেলেগ বেলেগ।
প্ৰশ্ন ৪: কি কি ক্ষেত্ৰত সিহঁতৰ মাজত সাদৃশ্যতা পৰিলক্ষিত হ'ল?
উত্তৰ: সকলো কোষতে কোষ আৱৰণ, কোষকেন্দ্ৰ আৰু কোষপ্ৰবস থাকে — এই ক্ষেত্ৰত সাদৃশ্যতা পৰিলক্ষিত হয়।

পৃষ্ঠা 61 — কাৰ্যকলাপ 5.6 ৰ পিছত

পৃষ্ঠা নং: 61

প্ৰশ্ন ১: প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণকৰা।
উত্তৰ:
প্ৰকোষকেন্দ্ৰীয় কোষসংকোষকেন্দ্ৰীয় কোষ
1. আকাৰঃ সাধাৰণতে সৰু (1-10 μm)1. আকাৰঃ সাধাৰণতে ডাঙৰ (5-100 μm)
2. কোষকেন্দ্ৰৰ অঞ্চলঃ নাই, ইয়াক কুৱল জনা যায়।2. কোষকেন্দ্ৰৰ অঞ্চলঃ সু-নিদিষ্ট আৰু ইয়াক কোষাবৰণে আৱৃত কৰি ৰাখে।
3. ক্ৰম'জ'মঃ এডাল।3. ক্ৰম'জ'মঃ এডালতকৈ বেছি থাকে।
4. আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে।4. আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে।

পৃষ্ঠা 65 — কোষ অংগাণুৰ পিছত

পৃষ্ঠা নং: 65

প্ৰশ্ন ১: তুমি তালিকাখন পূৰ্ণ কৰা।
উত্তৰ: (PDF ত অস্পষ্ট, সম্পূৰ্ণ তালিকা নাই। অনুগ্ৰহ কৰি পাঠ্যপুথিৰ পৃষ্ঠা 65 চোৱা)
প্ৰশ্ন ২: যিদেৰ কিছুমান জৈৱিক বা বাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সণ্ঠনৰ ৰ্িত হয় তেতিয়া কি হ'ব?
উত্তৰ: কোষীয় সণ্ঠনৰ ৰ্িত হ'লে কোষৰ কাৰ্যকলাপ ব্যাহত হ'ব আৰু কোষৰ মৃত্যু হ'ব পাৰে।
প্ৰশ্ন ৩: লাইছ'জ'মক কিয় কোষৰ আত্মঘাটী মোনা বুলি আখ্যা দিয়া হয়?
উত্তৰ: কোষৰ বিপাকীয় কাৰ্যত নকবা বিসংগতি হ'বল, উদাহৰণ হিচাপে যিদ কোষ এটা মৰি যায় তেতিয়া লাইছ'জ'ম সিহঁতৰ ভিতৰত থকা জৈৱৰাসায়নিক উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। সেয়েহে লাইছ'জ'মক কোষৰ আত্মঘাটী মোনা বুলি কোৱা হয়।
প্ৰশ্ন ৪: কোষৰ অভ্যন্তৰত কেতিয়া প্ৰাণ সংৱেষণ সংঘটিত হয়?
উত্তৰ: মাইট'কন্দ্ৰিয়াত শ্বসন সংঘটিত হয়।
প্ৰশ্ন ৫: প্ৰতিটো কোষত থকা বৈশিষ্ট্যপূৰ্ণ আৱৰণ আৰু কোষ অংগাণুবিলাক এক বিশেষ সাজোনেৰে সজ্জিত হৈ থকাৰ বাবেই কোষবিলাকে সিহঁতৰ নিদিষ্ট গঠনৰ লগতে শ্বসন, পুস্টিসাধন, বৰ্জিত পদাৰ্থ নিম্নসন, নতুন প্ৰ'টিনৰ উৎপাদন আদি কাৰ্য সম্পন্ন কৰিব পাৰে।
উত্তৰ: এইটো এটা তথ্য, প্ৰশ্ন নহয়।

3. অনুশীলনীৰ প্ৰশ্নোত্তৰ (Page 66-67)

পৃষ্ঠা নং: 66-67

প্ৰশ্ন ১: উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা। কোন কোন ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা।
উত্তৰ:
বৈশিষ্ট্যউদ্ভিদ কোষপ্ৰাণী কোষ
কোষ বেৰআছেনাই
প্লাষ্টিডআছেনাই
কেন্দ্ৰীয় বসধানীডাঙৰসৰু
আকৃতিনিৰ্দিষ্ট (চতুৰ্ভুজ)অনিৰ্দিষ্ট (গোলাকাৰ)
প্ৰশ্ন ২: কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা।
উত্তৰ:
প্ৰকোষকেন্দ্ৰীয় কোষসংকোষকেন্দ্ৰীয় কোষ
কোষকেন্দ্ৰৰ আৱৰণ নাথাকেকোষকেন্দ্ৰৰ আৱৰণ থাকে
আৱৰণীযুতি কোষ অংগাণু নাথাকেআৱৰণীযুতি কোষ অংগাণু থাকে
আকাৰত সৰু (1-10 μm)আকাৰত ডাঙৰ (5-100 μm)
ক্ৰম'জ'ম এডালক্ৰম'জ'ম এডালতকৈ বেছি
প্ৰশ্ন ৩: কোষৰ কোষাবৰণখন ফাটি গ'লে কি হ'ব?
উত্তৰ: কোষাবৰণখন ফাটি গ'লে কোষৰ ভিতৰৰ পদাৰ্থবিলাক বাহিৰলৈ ওলাই যাব আৰু কোষটোৰ মৃত্যু হ'ব।
প্ৰশ্ন ৪: কোষ এটাত যদি গলজি সংঘ নাথাকে তেতিয়া কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব?
উত্তৰ: গলজি সংঘৰ কাৰ্য হ'ল সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন (packaging) আৰু পৰিবৰ্তন। গলজি সংঘ নাথাকিলে উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু পৰিবৰ্তন নহ'ব, যাৰ ফলত কোষৰ কাৰ্যকলাপ ব্যাহত হ'ব।
প্ৰশ্ন ৫: কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?
উত্তৰ: মাইট'কন্দ্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। কাৰণ মাইট'কন্দ্ৰিয়াই এ টি পি (ATP) উৎপাদন কৰে যি কোষৰ শক্তিৰ মুদ্ৰা।
প্ৰশ্ন ৬: কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক'ত সংশ্লেষিত হয়?
উত্তৰ: কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক অন্তঃপ্ৰবসীয় জালিকা (ER) ত সংশ্লেষিত হয়।
প্ৰশ্ন ৭: এমিবাই কি দৰে আহাৰ গ্ৰহণ কৰে?
উত্তৰ: এমিবাই অন্ত্ৰকোষীয় ভক্ষণ (endocytosis) প্ৰক্ৰিয়াৰে আহাৰ গ্ৰহণ কৰে।
প্ৰশ্ন ৮: অসূতি কি?
উত্তৰ: অসূতি হ'ল এখন অৰ্ধভেদ্য আবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি।
প্ৰশ্ন ৯: অসূতিৰ বাবে তলৰ পৰীক্ষাটো কি চোৱা।
(i) "খ" আৰু "গ" পিয়লাটোৰ খালী হৈ থকা অংশটো কিৰে পানীৰে ভৰি পৰিল।
উত্তৰ: অসূতি প্ৰক্ৰিয়াৰ বাবে।

(ii) এই পৰীক্ষাটোৰ বাবে "ক" পিয়লাটো কিৱ প্ৰয়োজন?
উত্তৰ: "ক" পিয়লাটো নিয়ন্ত্ৰণ (Control) হিচাপে ব্যৱহাৰ কৰা হয়।

(iii) "ক" আৰু "ঘ" পিয়লাটোৰ খালী হৈ থকা অংগটো কিৱ পানীৰে ভৰি নপৰিল কাৰণ দশাই বৰ্ণনা দিয়া।
উত্তৰ: "ক" পিয়লাটো খালী আছিল, তাত কোনো দ্ৰৱ নাছিল। "ঘ" পিয়লাটোত সিজা আলু আছিল য'ত কোষবোৰ মৃত আছিল, সেয়ে অসূতি প্ৰক্ৰিয়া নঘটিল।

4. অতিৰিক্ত প্ৰশ্নোত্তৰ (Additional Questions)

১: কোষ কি?
কোষ হ'ল জীৱদেহৰ গঠনৰ মৌলিক একক আৰু জীৱনৰ মৌলিক কাৰ্যকৰী একক।
২: কোষ মতবাদ কি?
1838 খ্ৰীষ্টাব্দত কোইবেন (Schleiden) আৰু 1839 খ্ৰীষ্টাব্দত কোৱান (Schwann) নামৰ দুজন জীৱবিজ্ঞানীয়ে মত পোষণ কৰিছিল যে সকলোবিলাক উদ্ভিদ আৰু প্ৰাণীয়েই কোষৰে গঠিত আৰু কোষ হ'ল জীৱৰ মৌলিক একক, ইয়াকেই কোষ মতবাদ (Cell Theory) বুলি কোৱা হয়।
৩: কোষ আৱৰণ কি?
কোষ এটাক আৱৃত কৰি ৰখা আৱৰণখনক কোষ আৱৰণ বোলে। ই লিপিড আৰু প্ৰ'টিনৰ দ্বাৰা গঠিত।
৪: অসূতি কি?
অসূতি হ'ল এখন অৰ্ধভেদ্য আবৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি।
৫: অল্পাসাৰী দ্ৰৱ কি?
যিদেহে কোষটোৰ চাৰিওপাশৰ মাধ্যমতো পানীৰ গাঢ়তা কোষটোৰ পানীৰ গাঢ়তাতকৈ বেছি হয় অৰ্থাৎ বাহিৰৰ দ্ৰৱটোৰ গাঢ়তা লঘু হয় তেতিয়া পানী কোষে অসূতি প্ৰক্ৰিয়াৰে গ্ৰহণ কৰিব। এনে দ্ৰৱক অল্পাসাৰী দ্ৰৱ (hypotonic solution) বুলি কোৱা হয়।
৬: সমসাৰী দ্ৰৱ কি?
যিদেহে কোষটোৰ চাৰিওপাশৰ মাধ্যমেটাৰ পানীৰ গাঢ়তা কোষটোৰ সৈতে একে হয় তেতিয়া কোষাবৰণৰ মাজেদি পানীৰ অণুৰ চলাচল নহয়। এনে দ্ৰৱক সমসাৰী দ্ৰৱ (isotonic solution) বুলি কোৱা হয়।
৭: অতিসাৰী দ্ৰৱ কি?
যিদেহে কোষটোৰ চাৰিওপাশৰ মাধ্যমৰ পানীৰ গাঢ়তা কোষটোতকৈ কম হয় অৰ্থাৎ বাহিৰৰ দ্ৰৱটোৰ গাঢ়তা বেছি হয় তেতিয়া কোষটোৰ পৰা পানী অসূতি প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই যায়। এনে দ্ৰৱক অতিসাৰী দ্ৰৱ (hypertonic solution) বুলি কোৱা হয়।
৮: কোষ বেৰ কি?
উদ্ভিদ কোষত কোষাবৰণখনৰ ওপৰিও বাহিৰে আৱৰণ আছে এটা। ইয়াকে কোষবেৰ বুলি কোৱা হয়। এই কোষবেৰখন কোষাবৰণখনৰ গাতে বাহিৰফালে লাগি থাকে।
৯: প্লাজম'লাইছিছ কি?
উদ্ভিদ কোষৰ পৰা পানী অসূতি প্ৰক্ৰিয়াৰে কোষ বেৰৰ বাহিৰে গ'লে কোষস্থ দ্ৰৱ্যবোৰ সংকুচিত হৈ থাকে। এই অৱস্থাক প্লাজম'লাইছিছ বোলে।
১০: কোষকেন্দ্ৰ কি?
কোষৰ ভিতৰত থকা ঘূৰণীয়া বা ডিম্বাকৃতিৰ সুক্ষ্ম গঠনবিলাকেই হ'ল কোষ কেন্দ্ৰ। কোষকেন্দ্ৰক আগুৰি ৰখা দুই তৰপীয়া আৱৰণখনক কোষকেন্দ্ৰাৱৰণ (Nuclear membrane) বুলি কোৱা হয়।
১১: ক্ৰম'জ'ম কি?
কোষকেন্দ্ৰত থকা দণ্ডাকাৰ গঠনবিলাকক ক্ৰম'জ'ম বোলে। এইবিলাক কোষৰ কোষ বিভাজনৰ কালছোৱাতেই দণ্ডাকাৰ হিচাপে দেখা পোৱা যায়।
১২: ডি এন এ কি?
ডি এন এ (DNA- Deoxyribo Nucleic Acid) নামৰ অণুবিলাকত নিহিত হৈ থকা বংশগত বৈশিষ্ট্যবোৰ পৈতৃক অনুৰ পৰা পৰৱৰ্তী জনুলৈ কঢ়িয়াই নিয়ে।
১৩: জিন কি?
ডি এন এ ৰ কাৰ্যকৰী এককক জিন (Gene) বুলি কোৱা হয়।
১৪: প্ৰকোষকেন্দ্ৰীয় জীৱ কি?
যিবিলাক জীৱৰ কোষত কোষকেন্দ্ৰৰ আৱৰণ নাথাকে তেনেবিলাক জীৱক প্ৰকোষকেন্দ্ৰীয় জীৱ (Prokaryotes) বুলি আখ্যা দিয়া হয়।
১৫: সংকোষকেন্দ্ৰীয় জীৱ কি?
যিবিলাক জীৱৰ কোষকেন্দ্ৰৰ আৱৰণ থাকে তেনেবিলাক জীৱক সংকোষকেন্দ্ৰীয় জীৱ (Eukaryotes) বুলি আখ্যা দিয়া হয়।
১৬: নিউক্লিঅইড কি?
প্ৰকোষকেন্দ্ৰীয় কোষৰ কোষকেন্দ্ৰত নিউক্লিক এচিডবোৰ থাকে, ইয়াকে নিউক্লিঅইড (Nucleoid) বুলি কোৱা হয়।
১৭: কোষপ্ৰবস কি?
কোষপ্ৰবস হ'ল কোষাবৰণে আগুৰি ৰখা এক অৰ্জলীয়া পদাৰ্থ য'ত বিশেষ ধৰণৰ কোষ অংগাণুবিলাকো থাকে।
১৮: অন্তঃপ্ৰবসীয় জালিকা কি?
অন্তঃপ্ৰবসীয় জালিকা (চমুকৈ ER) আৱৰণীযুতি নলীকা আৰু মোনা (Vesicle) ৰে গঠিত বৃহৎ জালিকা।
১৯: আৱৰণৰ জীৱসৃষ্টি কি?
ইয়াৰ কিছুমান প্ৰ'টিন আৰু বিষপিয়ে কোষাবৰণ গঠনত সহায় কৰে। এই প্ৰক্ৰিয়াক আৱৰণৰ জীৱসৃষ্টি (membrane biogenesis) বুলি কোৱা হয়।
২০: গলজি সংঘ কি?
গলজি সংঘ কিছুমান আৱৰণী বিমিষ্ট কমানাকাৰ গঠন যিবোৰ পৰস্পৰে সমান্তৰালকৈ সজ্জিত হৈ থকা চিষ্টাৰন (Cisternae) ঠাক (Stack) ৰ সৃষ্টি কৰে।
২১: লাইছ'জ'ম কি?
লাইছ'জ'ম কোষত বৰ্জিত পদাৰ্থৰ নিম্নসনৰ লগত জড়িত এক অংগাণু।
২২: মাইট'কন্দ্ৰিয়া কি?
মাইট'কন্দ্ৰিয়া কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়। জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন বাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এ টি পি (Adenosine Triphosphate চমুকৈ ATP) ৰ অণুবিলাক মাইট'কন্দ্ৰিয়াই উৎপাদন কৰে।
২৩: প্লাষ্টিড কি?
প্লাষ্টিডবিলাক কেৱল উদ্ভিদ কোষতহে পোৱা যায়। প্লাষ্টিড দুই প্ৰকাৰৰ-ৰংকণা বা ৰঙীয়া কণা (Chromoplast) আৰু অবৰ্ণকণা বা ৰংহীন কণা (Leucoplast)।
২৪: বসধানী বা ৰিক্তকা কি?
বসধানী বা ৰিক্তকাবিলাক হ'ল গোটা বা তৰল পদাৰ্থ সঞ্চয় কৰি থোৱা মোনা সদৃশ কোষ অংগাণু।

5. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)

১। কোষৰ আত্মঘাটী মোনা বুলি কাক কোৱা হয়?

(A) মাইট'কন্দ্ৰিয়া (B) লাইছ'জ'ম (C) গলজি সংঘ (D) প্লাষ্টিড

উত্তৰ চাওক

উত্তৰ: (B) লাইছ'জ'ম

২। কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয়?

(A) মাইট'কন্দ্ৰিয়া (B) লাইছ'জ'ম (C) গলজি সংঘ (D) প্লাষ্টিড

উত্তৰ চাওক

উত্তৰ: (A) মাইট'কন্দ্ৰিয়া

৩। প্ৰ'টিন সংশ্লেষণ ক'ত হয়?

(A) লাইছ'জ'ম (B) ৰাইব'জ'ম (C) গলজি সংঘ (D) মাইট'কন্দ্ৰিয়া

উত্তৰ চাওক

উত্তৰ: (B) ৰাইব'জ'ম

৪। কোষৰ কোনটো অংগাণু কেৱল উদ্ভিদ কোষত পোৱা যায়?

(A) মাইট'কন্দ্ৰিয়া (B) লাইছ'জ'ম (C) প্লাষ্টিড (D) গলজি সংঘ

উত্তৰ চাওক

উত্তৰ: (C) প্লাষ্টিড

৫। কোষকেন্দ্ৰ আৱিষ্কাৰ কৰিছিল কোনে?

(A) ৰবাৰ্ট হক (B) ৰবাৰ্ট ব্ৰাউন (C) লিউৱেনহক (D) পাৰ্কিনজে

উত্তৰ চাওক

উত্তৰ: (B) ৰবাৰ্ট ব্ৰাউন

6. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)

🧠 আপোনাৰ মগজুক প্ৰত্যাহ্বান জনাওক!
১: প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণকৰা।
প্ৰকোষকেন্দ্ৰীয় কোষসংকোষকেন্দ্ৰীয় কোষ
1. আকাৰঃ সাধাৰণতে সৰু (1-10 μm)1. আকাৰঃ সাধাৰণতে ডাঙৰ (5-100 μm)
2. কোষকেন্দ্ৰৰ অঞ্চলঃ নাই, ইয়াক কুৱল জনা যায়।2. কোষকেন্দ্ৰৰ অঞ্চলঃ সু-নিদিষ্ট আৰু ইয়াক কোষাবৰণে আৱৃত কৰি ৰাখে।
3. ক্ৰম'জ'মঃ এডাল।3. ক্ৰম'জ'মঃ এডালতকৈ বেছি থাকে।
4. আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে।4. আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে।
২: যিদেৰ কিছুমান জৈৱিক বা বাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সণ্ঠনৰ ৰ্িত হয় তেতিয়া কি হ'ব?
কোষীয় সণ্ঠনৰ ৰ্িত হ'লে কোষৰ কাৰ্যকলাপ ব্যাহত হ'ব আৰু কোষৰ মৃত্যু হ'ব পাৰে।
৩: লাইছ'জ'মক কিয় কোষৰ আত্মঘাটী মোনা বুলি আখ্যা দিয়া হয়?
কোষৰ বিপাকীয় কাৰ্যত নকবা বিসংগতি হ'বল, উদাহৰণ হিচাপে যিদ কোষ এটা মৰি যায় তেতিয়া লাইছ'জ'ম সিহঁতৰ ভিতৰত থকা জৈৱৰাসায়নিক উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। সেয়েহে লাইছ'জ'মক কোষৰ আত্মঘাটী মোনা বুলি কোৱা হয়।
৪: কোষৰ অভ্যন্তৰত কেতিয়া সালোক সংশ্লেষণ সংঘটিত হয়?
হৰিৎকণা (Chloroplast) থকা উদ্ভিদ কোষত সূৰ্যৰ পোহৰ, CO₂ আৰু পানীৰ উপস্থিতিত সালোক সংশ্লেষণ সংঘটিত হয়।
৫: কোষ আৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰ'টিনবিলাক ক'ত সংশ্লেষিত হয়?
কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক অন্তঃপ্ৰবসীয় জালিকা (ER) ত সংশ্লেষিত হয়।

7. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক

🌍 ৰসায়ন বিজ্ঞানক জীৱনৰ সৈতে সংযোগ কৰা:
  • খাদ্য সংৰক্ষণ: লবণ বা চেনিৰ গাঢ় দ্ৰৱত খাদ্য সংৰক্ষণ কৰা হয় কাৰণ অসূতি প্ৰক্ৰিয়াৰে বেক্টেৰিয়াৰ কোষৰ পৰা পানী ওলাই যায় আৰু সিহঁত মৰি যায়।
  • উদ্ভিদৰ পানী শোষণ: শিপাই অসূতি প্ৰক্ৰিয়াৰে পানী শোষণ কৰে।
  • ঔষধ: কিছুমান ঔষধ কোষৰ কাৰ্যকলাপত প্ৰভাৱ পেলায়।

Comments

Popular posts from this blog

Class 9 Science Chapter 10 Question Answer in Assamese | মহাকৰ্ষণ (Gravitation)

# Class 9 Science: Chapter 10 - মহাকৰ্ষণ Class 9 Science: Chapter 10 - মহাকৰ্ষণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 মহাকৰ্ষণ (Gravitation) — Page 132-134 পৃষ্ঠা নং: 132-134 📌 ঐতিহাসিক পৃষ্ঠভূমি: আমি জানো যে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে। বস্তু এটা ওপৰলৈ দলিয়াই দিলে ই এক বিশেষ উচ্চতাত উপনীত হয় আৰু তাৰ পিছত তললৈ পৰিবলৈ ধৰে। প্ৰবাদ আছে যে, নিউটন এদিন গছৰ তলত বহি থকাত আপেল এটা সৰি তেওঁৰ গাত পৰিল। তললৈ পৰা আপেলটোৱে নিউটনক ভাবাই তুলিলে। তেওঁ ভাবিবলৈ ধৰিলে— পৃথিৱীয়ে যদি আপেলটো আকৰ্ষণ কৰিব পাৰে তেন্তে চন্দ্ৰক আকৰ্ষণ কৰিব নোৱাৰিবনে? দুয়োটা ক্ষেত্ৰত আকৰ্ষণী বল একেই হ'বনে? তেওঁ অনুমান কৰিলে যে এই দুয়োটা ক্ষেত্ৰত একে ধৰণৰ বলেই ক্ৰিয়া কৰে। 📖 মহাকৰ্ষণ (Gravitation): বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বলক মহাকৰ্ষণ বল বোলে। 📖 অভিকেন্দ্ৰিক বল (Centripetal Force): বৃত্তীয় পথত ঘূৰি থকা বস্তু এটাৰ ওপৰত কেন্দ্ৰৰ দিশত ক্ৰিয়াশীল বলক অভিকেন্দ্ৰিক বল বোল...

Class 10 Science Chapter 1 Question Answers, Notes in Assamese | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA/ASSEB

Class 10 Science: Chapter 1 - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: এই অধ্যায়ত আমি ৰাসায়নিক বিক্ৰিয়া চিনাক্ত কৰা, ৰাসায়নিক সমীকৰণ লিখা আৰু সন্তুলিত কৰা, পাঁচ প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া (সংযোজন, বিযোজন, অপসৰণ, দ্বিঅপসৰণ, আৰু ৰেডক্স), আৰু দৈনন্দিন জীৱনত জাৰণৰ প্ৰভাৱ (ক্ষয়ীভৱন আৰু কটুতা) সম্পৰ্কে শিকিম। 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Concept Notes) 1.1 ৰাসায়নিক বিক্ৰিয়া কি? ৰাসায়নিক বিক্ৰিয়াত মূল পদাৰ্থবোৰে (বিক্ৰিয়ক) ৰাসায়নিক পৰিৱৰ্তনৰ মাজেৰে নতুন গুণবিশিষ্ট নতুন পদাৰ্থ (বিক্ৰিয়াজাত পদাৰ্থ) সৃষ্টি কৰে। ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি কেনেকৈ জানিম? (পৰ্যবেক্ষণ) অৱস্থাৰ পৰিৱৰ্তন: যেনে, পানীৰ পৰা ভাপলৈ ৰূপান্তৰ। বৰ্ণ বা ৰং পৰিৱৰ্তন: যেনে, কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ডুবালে ৰঙচুৱা বাদামী হোৱা। গেছৰ নিৰ্গমন: যেনে, জিংকৰ সৈতে এচিডৰ বিক্ৰিয়াত বুদবুদ ওলোৱা। উষ্ণতাৰ পৰিৱৰ্তন: যেন...

Class 10 Science Chapter 16 Assamese Medium | প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer 2026

Class 10 Science: Chapter 16 - প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: আমি নৱম শ্ৰেণীত মাটি, বায়ু আৰু পানী আদি প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ বিভিন্ন উপাংশসমূহ প্ৰকৃতিয়ে কেনেকৈ চক্ৰাকাৰে সবৰবাহ কৰি থাকে তাৰ বিষয়ে শিকি আহিছোঁ। আমাৰ কিছুমান কাৰ্যকলাপৰ কাৰণে কেনেদৰে এই প্ৰাকৃতিক সম্পদবোৰৰ প্ৰদূষণ হয় সেই সম্পৰ্কেও আমি আগৰ পাঠত পঢ়িছোঁ। এই অধ্যায়ত প্ৰাকৃতিক সম্পদবিলাকৰ কিছুমানত বিশেষ মনোযোগ দি সেইবোৰৰ দ্বাৰা আমি কেনেকৈ পৰিৱেশ সংৰক্ষণ কৰিব পাৰোঁ, আৰু আমাৰ প্ৰাকৃতিক সম্পদ যেনে বনাঞ্চলসমূহ, বন্যপ্ৰাণী, পানী, কয়লা আৰু পেট্ৰ'লিয়াম আদিৰ বিষয়ে আলোচনা কৰিম। পৃষ্ঠা নং: 271 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে? (Why Do We Need to Manage Our Resources?) — Page 271-272 পৃষ্ঠা নং: 271-272 সম্পদৰ প্ৰয়োজনীয়তা: আমি আমাৰ সম্পদৰাজি কিয় সযতনে ব্যৱহাৰ কৰিব লাগে? কাৰণ এই সম্পদৰাজি অসীমিত নহয়। লগতে মানুহৰ জনস্বাস্থ্য উন্নতিৰ কাৰণে জনসং...