Class 9 Science: Chapter 4 - পৰমাণুৰ গঠন
ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ
1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)
1.1 পদাৰ্থত থকা আধানযুক্ত কণাবোৰ (Charged Particles in Matter) — Page 47-48
পৃষ্ঠা নং: 47-48
A. এখন ফনিৰে শুকান চুলি ফনিয়াই ফিনখন কাগজৰ সৰু সৰু টুকুৰাৰ ওপৰত ধৰা। ফিনখনে কাগজৰ টুকুৰাবোৰ আকৰ্ষণ কৰিবনে?
B. কাচৰ ৰড এডাল এখন চিল্কৰ কাপোৰেৰে ঘঁহি লোৱা আৰু ৰডডাল ফুলি থকা বেলুন এটাৰ কাষলৈ নিয়া। কি ঘটিছে লক্ষ্য কৰা।
সিদ্ধান্ত: দুটা বস্তু পৰস্পৰ ঘঁহিলে সিহঁত বৈদ্যুতিকভাৱে আহিত হোৱা বুলি ওপৰৰ কাৰ্যকলাপৰ পৰা আমি সিদ্ধান্ত ল'ব পাৰোঁ।
১। কেনেল ৰশ্মি কি?
উত্তৰ: বিদ্যুৎ মোক্ষণ নলী এটাত অতি কম চাপত বিদ্যুৎ প্ৰৱাহিত কৰিলে এনডৰ পৰা কেথডলৈ সৰল ৰেখাত কিছুমান ৰশ্মি গতি কৰে। এই ৰশ্মিবোৰ নলীটোৰ ভিতৰত থকা গেছৰ ধনাত্মক আধান বিশিষ্ট অণু বা পৰমাণুৰ দ্বাৰা গঠিত। এই ৰশ্মিবোৰক কেনেল ৰশ্মি বোলে।
২। পৰমাণু এটাত এটা প্ৰ'টন আৰু এটা ইলেকট্ৰ'ন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে?
উত্তৰ: নকৰে। কাৰণ পৰমাণু এটাত এটা প্ৰ'টন আৰু এটা ইলেকট্ৰ'ন থাকিলে পৰমাণুটো বৈদ্যুতিকভাৱে প্ৰশমিত অৱস্থাত থাকিব। পৰমাণুটোত থকা প্ৰ'টন আৰু ইলেকট্ৰ'নৰ আধান সাধাৰণতে সমান আৰু পৰস্পৰ বিপৰীত ধৰ্মী হৈ থাকে।
1.2 পৰমাণুৰ গঠন (The Structure of an Atom) — Page 48-49
পৃষ্ঠা নং: 48-49
থমছনে তৰমুজ পুৰি সদৃশ পৰমাণুৰ আৰ্হি এটা উপস্থাপন কৰিছিল। ধনাত্মক আধানৰ গোলক এটাৰ ভিতৰত থকা ইলেকট্ৰনবোৰ গোলাকাকৃতি তৰমুজ এটাত থকা কিচমিচ (শুকান ফল) দৰে। তৰমুজ এটাৰ খাব পৰা বগা অংশৰ দৰে গোটেই পৰমাণুটোত ধনাত্মক আধান বিস্তৃত হৈ থাকে। ইলেকট্ৰনবোৰ তৰমুজৰ গুটিবোৰ দৰে ধনাত্মক আধানৰ গোলকটোত সিটিকিত হৈ থাকে।
ৰাডাৰফ'ৰ্ডে তীৱ বেগী আলফা (α) কণা কিছুমানক সোণৰ পাতল পাতৰ ওপৰত পৰিবলৈ দিয়া পৰীক্ষা কৰিছিল।
পৰ্যবেক্ষণ:
(i) সৰহভাগ তীৱবেগী α কণা সোণৰ পাতখনৰ মাজেদি সৰলভাৱে পাৰ হৈ গৈছিল।
(ii) কিছুমান α কণা পাতখনৰদ্বাৰা কিছু পৰিমাণে বিক्षিপ্ত (deflected) হৈছিল।
(iii) বিশয়কৰভাৱে প্ৰতি 12000 টা কণাত একোটা কণা প্ৰতিক্ষিপ্ত (rebound) হোৱা দেখা গৈছিল।
সিদ্ধান্ত:
(i) পৰমাণুৰ ভিতৰৰ সৰহভাগ ঠাইয়েই শূন্য কাৰণ সৰহভাগ α কণা বিক्षিপ্ত নোহোৱাকৈ সোণৰ পাতখনৰ মাজেদি সৰকি গৈছিল।
(ii) খুব কম সংখ্যক কণা গতিপথৰ পৰা বিক्षিপ্ত হৈছিল। ই সূচায় যে পৰমাণু এটাৰ ধনাঞ্চক আধানে নিচেই কম ঠাই অধিকাৰ কৰি থকে।
(iii) α কণাবোৰৰ নিচেই ক্ষুদ্ৰ অংশ এটা 180° কোণত বিক्षিপ্ত হৈছিল। ই সোণৰ পৰমাণু এটাৰ সমস্ত ধনাঞ্চক আধান আৰু ভৰ পৰমাণুটোৰ ভিতৰত নিচেই কম আয়তনত কেন্দ্ৰীভূত হৈ থকাটো সূচাইছিল।
ৰাডাৰফ'ৰ্ডৰ পৰমাণুৰ আৰ্হি:
(i) পৰমাণুত ধনাঞ্চক আধানযুক্ত এটা কেন্দ্ৰ থাকে। ইয়াক নিউক্লিয়াছ বোলা হয়। পৰমাণু এটাৰ প্ৰায় সকলোখিনি ভৰ নিউক্লিয়াছটোতেই থুপ খাই থাকে।
(ii) নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথ (Orbits) ত ইলেকট্ৰনবোৰ ঘূৰি থাকে।
(iii) পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু।
নীলছ ব'ৰে (Neils Bohr) পৰমাণুৰ আৰ্হিৰ তলৰ স্বীকাৰ্যসমূহ আগবঢ়াইছিল:
(i) পৰমাণুৰ ভিতৰত ইলেকট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ (discrete orbits) হৈ থাকে।
(ii) এই কক্ষপথবোৰত ঘূৰি থকাত ইলেকট্ৰনে শক্তি বিকিৰণ নকৰে।
(iii) এই কক্ষপথবোৰ বা শ্বেলবোৰক শক্তি স্তৰ (energy levels) বোলা হয়। এই কক্ষপথবোৰক K, L, M, N........... আখৰেৰে বা n = 1, 2, 3, 4...... সংখ্যাৰে বুজোৱা হয়।
১। থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা।
উত্তৰ: থমছনৰ মতে, পৰমাণু এটা ধনাত্মকভাৱে আহিত এটা গোলক আৰু ইলেকট্ৰনবোৰ ইয়াত সোমাই থাকে। ঋণাত্মক আৰু ধনাত্মক আধান মানত সমান। সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰশম।
২। ৰাডাৰফ'ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ-পাৰমাণবিক কণা থাকে?
উত্তৰ: প্ৰ'টন।
৩। তিনিটা শ্বেলৰে সৈতে ব'ৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্ৰ অংকন কৰা।
উত্তৰ: (চিত্ৰ 4.3 চোৱা)
৪। যদি α-কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় তেনেহ'লে কি দেখা যাব বুলি ভবা?
উত্তৰ: α-কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰিলেও ফলাফল একে হ'ব। কাৰণ সকলো পৰমাণুৰ গঠন একে।
1.3 নিউট্ৰন (Neutrons) — Page 50
পৃষ্ঠা নং: 50
১। পৰমাণুৰ তিনিটা উপ-পাৰমাণবিক কণাৰ নাম লিখা।
উত্তৰ: ইলেকট্ৰন, প্ৰ'টন আৰু নিউট্ৰন।
২। হিলিয়াম পৰমাণুৰ পাৰমাণবিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্ৰ'টন আছে। ইয়াত কিমানটা নিউট্ৰন থাকিব?
উত্তৰ: হিলিয়ামৰ পাৰমাণবিক ভৰ = 4u, প্ৰ'টনৰ সংখ্যা = 2।
∴ নিউট্ৰনৰ সংখ্যা = 4 - 2 = 2।
1.4 বেলেগ বেলেগ কক্ষপথত ইলেকট্ৰনৰ বন্টন (Distribution of Electrons in Different Orbits) — Page 50-51
পৃষ্ঠা নং: 50-51
বেলেগ বেলেগ শক্তি স্তৰ বা শ্বেলবোৰত ইলেকট্ৰনৰ সংখ্যা লিখোতে তলৰ নিয়মবোৰ মানি চলা হয়:
(i) এটা শ্বেলত থকা ইলেকট্ৰনৰ সৰ্বোচ্চ সংখ্যা 2n² সাংকেতিক ৰূপত প্ৰকাশ কৰা হয়। n কক্ষপথ সংখ্যা বা শক্তিৰ সূচক।
• প্ৰথম কক্ষপথ বা K শ্বেলত = 2 × 1² = 2
• দ্বিতীয় কক্ষপথ বা L শ্বেলত = 2 × 2² = 8
• তৃতীয় কক্ষপথ বা M শ্বেলত = 2 × 3² = 18
• চতুৰ্থ কক্ষপথ বা N শ্বেলত = 2 × 4² = 32
(ii) পৰমাণুৰ বহিৰতম কক্ষপথ (Outermost orbit) ত থকিব পৰা ইলেকট্ৰনৰ সৰ্বোচ্চ সংখ্যা 8।
(iii) ভিতৰৰ নিম্নতৰ শক্তিৰ শ্বেলবোৰ পূৰ্ণ নোহোৱা পৰ্যন্ত এটা নিৰ্দিষ্ট শ্বেলত ইলেকট্ৰন সোমাব নোৱাৰে। অৰ্থাৎ শ্বেলবোৰ ক্ৰমশঃ ইহঁতৰ শক্তিক্ৰম অনুযায়ী পূৰ্ণ হয়।
১। কাৰ্বন আৰু ছ'ডিয়াম পৰমাণুত ইলেকট্ৰনৰ বিতৰণ দেখুওৱা।
উত্তৰ:
কাৰ্বনৰ পাৰমাণবিক সংখ্যা = 6, ইলেকট্ৰনীয় বিন্যাস = 2, 4
ছ'ডিয়ামৰ পাৰমাণবিক সংখ্যা = 11, ইলেকট্ৰনীয় বিন্যাস = 2, 8, 1
২। পৰমাণু এটাৰ K আৰু L শ্বেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেকট্ৰনৰ মুঠ সংখ্যা কিমান হ'ব?
উত্তৰ: K শ্বেলত = 2, L শ্বেলত = 8। মুঠ ইলেকট্ৰন = 2 + 8 = 10।
1.5 যোজ্যতা (Valency) — Page 51-53
পৃষ্ঠা নং: 51-53
১। ক্ল'ৰিন, ছালফাৰ আৰু মেগনেছিয়ামৰ যোজ্যতা কেনেদৰে পাবা?
উত্তৰ:
ক্ল'ৰিনৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 7। অক্টেট পূৰ্ণ কৰিবলৈ 1 টা ইলেকট্ৰনৰ প্ৰয়োজন। গতিকে ইয়াৰ যোজ্যতা = 1।
ছালফাৰৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 6। অক্টেট পূৰ্ণ কৰিবলৈ 2 টা ইলেকট্ৰনৰ দৰকাৰ। গতিকে ইয়াৰ যোজ্যতা = 2।
মেগনেছিয়ামৰ ইলেকট্ৰনীয় বিন্যাস = 2, 8, 2। অক্টেট হ'বলৈ 2 টা ইলেকট্ৰন ত্যাগ কৰিব লাগিব। গতিকে ইয়াৰ যোজ্যতা = 2।
১। যদি পৰমাণু এটাত ইলেকট্ৰনৰ সংখ্যা 8 আৰু প্ৰ'টনৰ সংখ্যাও 8 হয় তেন্তে (i) পৰমাণুটোৰ পাৰমাণবিক সংখ্যা কি হ'ব? (ii) পৰমাণুটোৰ আধান কিমান হ'ব?
উত্তৰ: (i) পাৰমাণবিক সংখ্যা = 8 (ii) পৰমাণুটো আধানহীন হ'ব। কাৰণ তাত প্ৰ'টন আৰু ইলেকট্ৰনৰ সংখ্যা সমান।
1.6 পাৰমাণবিক সংখ্যা আৰু ভৰ সংখ্যা (Atomic Number and Mass Number) — Page 53-55
পৃষ্ঠা নং: 53-55
১। যদি পৰমাণু এটাত ইলেকট্ৰনৰ সংখ্যা 8 আৰু প্ৰ'টনৰ সংখ্যাও 8 হয় তেন্তে (i) পৰমাণুটোৰ পাৰমাণবিক সংখ্যা কি হ'ব? (ii) পৰমাণুটোৰ আধান কিমান হ'ব?
উত্তৰ: (i) পাৰমাণবিক সংখ্যা = 8 (ii) পৰমাণুটো আধানহীন হ'ব।
২। তালিকা 4.1 ৰ সহায়ত অক্সিজেন আৰু ছালফাৰ পৰমাণুৰ ভৰ সংখ্যা উলিওৱা।
উত্তৰ:
অক্সিজেনৰ প্ৰ'টন = 8, নিউট্ৰন = 8। ভৰ সংখ্যা = 8 + 8 = 16।
ছালফাৰৰ প্ৰ'টন = 16, নিউট্ৰন = 16। ভৰ সংখ্যা = 16 + 16 = 32।
1.7 সমস্থানিক (Isotopes) — Page 55-56
পৃষ্ঠা নং: 55-56
(i) ইউৰেনিয়ামৰ এটা সমস্থানিক নিউক্লীয় বিক্ৰিয়াত ইন্ধন হিচাপে ব্যৱহাৰ হয়।
(ii) ক'বাল্টৰ এটা সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয়।
(iii) আয়'ডিনৰ এটা সমস্থানিক গলগণ্ড (Goitre) ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয়।
১। চিহ্ন H, D আৰু T প্ৰতিটোতে পোৱা উপ-পাৰমাণবিক কণাবোৰ তালিকাভুক্ত কৰা।
উত্তৰ:
| চিহ্ন | পাৰমাণবিক সংখ্যা | ভৰ সংখ্যা | ইলেকট্ৰন | প্ৰ'টন | নিউট্ৰন |
|---|---|---|---|---|---|
| H | 1 | 1 | 1 | 1 | 0 |
| D | 1 | 2 | 1 | 1 | 1 |
| T | 1 | 3 | 1 | 1 | 2 |
1.8 সমভাৰী (Isobars) — Page 56
পৃষ্ঠা নং: 56
2. অনুশীলনীৰ প্ৰশ্নোত্তৰ (Page 57)
পৃষ্ঠা নং: 57
| ধৰ্ম | ইলেকট্ৰন | প্ৰ'টন | নিউট্ৰন |
|---|---|---|---|
| আধান | ঋণাত্মক | ধনাত্মক | নাই |
| অৱস্থান | নিউক্লিয়াছৰ চাৰিওফালে | নিউক্লিয়াছত | নিউক্লিয়াছত |
| ভৰ | নগণ্য | 1 a.m.u | 1 a.m.u |
(i) ইলেকট্ৰনৰ অৱস্থিতি — ইলেকট্ৰনবোৰ যে কিছুমান নিৰ্দিষ্ট কক্ষপথ বা শক্তিস্তৰত থাকে সেই কথা উল্লেখ নকৰিলে।
(ii) পৰমাণু এটাৰ বেছিভাগ ঠাই খালী।
(iii) প্ৰ'টন বা ধনাত্মক আধানবোৰ পৰমাণুৰ কেন্দ্ৰত থুপ হৈ থাকে সেই কথাও ব্যাখ্যা কৰিব নোৱাৰিলে।
(iv) নিউট্ৰন অৱকণিকাৰ অৱস্থান।
(v) মৌলৰ সমস্থানিক, সমভাৰী আৰু যোজ্যতাৰ ওপৰত একো ব্যাখ্যা কৰিব নোৱাৰিলে।
(i) পৰমাণুৰ ভিতৰত ইলেকট্ৰ'নৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ হৈ থাকে।
(ii) এই কক্ষপথবোৰত ঘূৰি থাকোতে ইলেকট্ৰ'নে শক্তি বিকিৰণ নকৰে।
(iii) এই কক্ষপথ বা শ্বেলবোৰক শক্তি স্তৰ বোলা হয়।
(iv) এটা কক্ষপথৰ পৰা অন্য এটা কক্ষপথলৈ ইলেকট্ৰন এটাই জপিয়ালে নিৰ্দিষ্ট পৰিমাণৰ শক্তি অৱশোষণ বা বিকিৰণ হয়।
থমছনৰ আৰ্হিত পৰমাণু বৈদ্যুতিকভাৱে প্ৰশম অৱস্থাত থাকে তাকে ব্যাখ্যা কৰিছিল। কিন্তু পৰমাণু গঠনৰ অন্য ধৰ্ম ব্যাখ্যা কৰিব পৰা নাছিল।
ৰাডাৰফ'ৰ্ডৰ আৰ্হিত পৰমাণুৰ ভিতৰৰ বেছি অংশই খালী আৰু ধনাত্মক অংশ কেন্দ্ৰত থুপ হৈ থাকে বুলি ব্যাখ্যা কৰিলেও তেওঁ পৰমাণুৰ সুস্থিৰতা ব্যাখ্যা কৰিব নোৱাৰিলে।
নীলছ ব'ৰৰ পৰমাণু আৰ্হিত ইলেকট্ৰ'নৰ শক্তিৰ স্তৰ সঠিক ব্যাখ্যা আগবঢ়োৱা হৈছিল আৰু আগৰ আৰ্হিৰ আসোঁৱাহসমূহ আঁতৰ হৈছিল।
(i) এটা শ্বেলত থকা ইলেকট্ৰনৰ সৰ্বোচ্চ সংখ্যা 2n²।
(ii) পৰমাণুৰ বহিৰতম কক্ষপথত থকিব পৰা ইলেকট্ৰনৰ সৰ্বোচ্চ সংখ্যা 8।
(iii) ভিতৰৰ নিম্নতৰ শক্তিৰ শ্বেলবোৰ পূৰ্ণ নোহোৱা পৰ্যন্ত এটা নিৰ্দিষ্ট শ্বেলত ইলেকট্ৰন সোমাব নোৱাৰে।
অক্সিজেনৰ পাৰমাণবিক সংখ্যা 8। ইয়াৰ ইলেকট্ৰনৰ বিন্যাস 2, 6। অৰ্থাৎ বহিঃকক্ষত 6 টা ইলেকট্ৰন। ই 2 টা ইলেকট্ৰন গ্ৰহণ কৰিব লাগিব। গতিকে অক্সিজেনৰ যোজ্যতা 2।
(i) পাৰমাণবিক সংখ্যা: মৌলৰ পৰমাণুত থকা প্ৰ'টনৰ সংখ্যাক তাৰ পাৰমাণবিক সংখ্যা বোলে। উদাহৰণ: হাইড্ৰ'জেনৰ প্ৰ'টন 1 টা। গতিকে পাৰমাণবিক সংখ্যা 1।
(ii) ভৰ সংখ্যা: মৌলৰ পৰমাণুত থকা প্ৰ'টন আৰু নিউট্ৰনৰ মুঠ সংখ্যাকে ভৰ সংখ্যা বোলে। উদাহৰণ: কাৰ্বনৰ ভৰ 12u কাৰণ ইয়াৰ পৰমাণু কেন্দ্ৰত 6 টা প্ৰ'টন আৰু 6 টা নিউট্ৰন থাকে।
(iii) সমস্থানিক: একেবিধ মৌলৰ একে পাৰমাণবিক সংখ্যা বিশিষ্ট কিন্তু ভিন ভিন ভৰ সংখ্যা বিশিষ্ট পৰমাণুসমূহক সমস্থানিক বোলা হয়। উদাহৰণ: হাইড্ৰ'জেনৰ তিনিবিধ পৰমাণু — প্ৰ'টিয়াম, ডয়টেৰিয়াম আৰু ট্ৰিটিয়াম।
(iv) সমভাৰী: বেলেগ বেলেগ পাৰমাণবিক সংখ্যা বিশিষ্ট কিন্তু একে ভৰ সংখ্যা বিশিষ্ট বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰক সমভাৰী বোলা হয়। উদাহৰণ: Ca (Z=20, A=40) আৰু Ar (Z=18, A=40)।
সমস্থানিকৰ ব্যৱহাৰ:
(i) ইউৰেনিয়ামৰ এটা সমস্থানিক নিউক্লীয় বিক্ৰিয়াত ইন্ধন হিচাপে ব্যৱহাৰ হয়।
(ii) ক'বাল্টৰ এটা সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
∴ ¹⁸₈X ৰ শতকৰা পৰিমাণ = 100 - P
প্ৰশ্নমতে, (P × 16 + (100 - P) × 18) / 100 = 16.2
16P + 1800 - 18P = 1620
-2P = -180
P = 90
∴ ¹⁶₈X ৰ শতকৰা পৰিমাণ = 90%
¹⁸₈X ৰ শতকৰা পৰিমাণ = 100 - 90 = 10%
(b) ইলেকট্ৰন এটা আৰু প্ৰ'টন এটা লগ লাগি নিউট্ৰন এটা গঠন হয়। সেইবাবে ই প্ৰশম। — F
(c) ইলেকট্ৰন এটাৰ ভৰ প্ৰ'টনৰ ভৰৰ প্ৰায় 1/2000 গুণ। — T
(d) আয়'ডিনৰ এটা সমস্থানিক টিংচাৰ আয়'ডিন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়, টিংচাৰ আয়'ডিন মেডিচিন হিচাপে ব্যৱহাৰ কৰা হয়। — F
(a) পাৰমাণবিক নিউক্লিয়াছ (b) ইলেকট্ৰন (c) প্ৰ'টন (d) নিউট্ৰন
উত্তৰ: (a) ✓, (b) ×, (c) ×, (d) ×
১৬। মৌল এটাৰ সমস্থানিকবোৰৰ —
(a) একে ভৌতিক ধৰ্ম (b) ভিন ৰাসায়নিক ধৰ্ম (c) ভিন সংখ্যক নিউট্ৰন (d) ভিন পাৰমাণবিক সংখ্যা
উত্তৰ: (a) ×, (b) ×, (c) ✓, (d) ×
১৭। Cl⁻ আয়নত যোজ্যতা ইলেকট্ৰনৰ সংখ্যা —
(a) 16 (b) 8 (c) 17 (d) 18
উত্তৰ: (a) ×, (b) ✓, (c) ×, (d) ×
| পাৰমাণবিক সংখ্যা | ভৰ সংখ্যা | নিউট্ৰনৰ সংখ্যা | প্ৰ'টনৰ সংখ্যা | ইলেকট্ৰনৰ সংখ্যা | পৰমাণু/আয়নৰ নাম |
|---|---|---|---|---|---|
| 9 | 19 | 10 | 9 | 9 | ফ্ল'ৰিন |
| 16 | 32 | 16 | 16 | 16 | ছালফাৰ |
| 12 | 24 | 12 | 12 | 12 | মেগনেছিয়াম |
| 1 | 2 | 1 | 1 | 1 | ডিউটেৰিয়াম |
| 1 | 1 | 0 | 1 | 0 | হাইড্ৰ'জেন |
3. অতিৰিক্ত প্ৰশ্নোত্তৰ (Additional Questions)
| কণিকা | আধান (C) | ভৰ (kg) |
|---|---|---|
| ইলেকট্ৰন | -1.602 × 10⁻¹⁹ | 9.109 × 10⁻³¹ |
| প্ৰ'টন | +1.602 × 10⁻¹⁹ | 1.6725 × 10⁻²⁷ |
| নিউট্ৰন | 0 | 1.675 × 10⁻²⁷ |
পৰ্যবেক্ষণ:
(i) বেছি ভাগ α-কণিকা সোণৰ পাতখনৰ মাজেদি ওলাই যায়।
(ii) পাতখনৰ মাজেদি সৰকি যাওঁতে খুউব কম সংখ্যক α-কণিকাৰ পথৰ দিশ সলনি হয়। এই কম সংখ্যকৰ প্ৰায় 1000 টা কণিকাৰ এটা কণিকাৰ বিচ্যুতি 180° পৰ্যন্ত হয় অৰ্থাৎ সোণৰ পাতত খুন্দা খাই অহা পথত উভতি যায়।
(i) পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে। ইয়াক নিউক্লিয়াছ বোলে।
(ii) নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেকট্ৰনবোৰ ঘূৰি থাকে।
(iii) পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু।
আসোঁৱাহ: বৃত্তাকাৰ কক্ষপথত ইলেকট্ৰনৰ পৰিভ্ৰমণ সুস্থিৰ হোৱাটো আশা কৰা নাযায়। ত্বৰণৰ সময়ত আধানযুক্ত কণাই শক্তি বিকিৰণ কৰে। এনেদৰে ঘূৰ্ণায়মান ইলেকট্ৰনে শক্তি হেৰুৱাব আৰু শেষত নিউক্লিয়াছত পতিত হ'ব।
(ii) প্ৰতিটো শক্তিস্তৰত নিহিত থকা শক্তিৰ পৰিমাণ নিৰ্দিষ্ট। শক্তিস্তৰবোৰক K, L, M, N বা 1, 2, 3, 4 সংখ্যাৰ দ্বাৰা বুজোৱা হয়।
(iii) নিৰ্দিষ্ট কক্ষপথ এটাত ঘূৰি থাকোতে ইলেকট্ৰন এটাত নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ থাকে।
(iv) এটা কক্ষপথৰ পৰা অন্য এটা কক্ষপথলৈ ইলেকট্ৰন এটাই জপিয়ালে নিৰ্দিষ্ট পৰিমাণৰ শক্তি অৱশোষণ বা বিকিৰণ কৰিব।
| মৌল | ইলেকট্ৰনীয় বিন্যাস |
|---|---|
| He | 2 |
| B | 2, 3 |
| C | 2, 4 |
| O | 2, 6 |
| Cl | 2, 8, 7 |
| Na | 2, 8, 1 |
| Al | 2, 8, 3 |
| Ca | 2, 8, 8, 2 |
| K | 2, 8, 8, 1 |
| S | 2, 8, 6 |
| P | 2, 8, 5 |
উদাহৰণ: হিলিয়ামৰ বাহিৰে সম্ভ্ৰান্ত মৌলৰ পৰমাণুৰ বহিঃকক্ষটো আঠটা ইলেকট্ৰনেৰে পৰিপূৰ্ণ হৈ থাকে। সেয়ে, সম্ভ্ৰান্ত গেছসমূহে তাৰ বহিঃকক্ষত ইলেকট্ৰন গ্ৰহণ কৰা বা সেই কক্ষৰ পৰা ইলেকট্ৰন এৰি দিয়াৰ প্ৰবণতা নাথাকে। অৰ্থাৎ মৌলবোৰৰ যোজ্যতা শূন্য।
(b) Na পৰমাণুত থকা প্ৰ'টনৰ সংখ্যা 11। গতিকে Na ৰ ইলেকট্ৰনীয় সজ্জা সুস্থিৰ নহয়। আনহাতে Na⁺ আয়নৰ ইলেকট্ৰনীয় সজ্জা সম্ভ্ৰান্ত গেছ Ne ৰ ইলেকট্ৰনীয় সজ্জাৰ সৈতে একে। গতিকে Na⁺ আয়ন সুস্থিৰ।
(c) অক্সিজেনৰ পৰমাণু ক্ৰমাংক 8। গতিকে অক্সিজেনৰ ইলেকট্ৰনীয় বিন্যাস হ'ব 2, 6। এতেকে অক্সিজেনৰ যোজ্যতা = 8 - 6 = 2।
4. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)
১। কেথ'ড ৰশ্মিত থকা কণিকাটোৰ নাম —
(A) ইলেকট্ৰন (B) প্ৰ'টন (C) নিউট্ৰন (D) নিউক্লিয়াছ
উত্তৰ চাওক
উত্তৰ: (A) ইলেকট্ৰন
২। ৰাডাৰফ'ৰ্ডৰ কণিকা বিচ্যুতিৰ পৰীক্ষাত তলত দিয়া কোনটো কণিকা আৱিষ্কাৰ হয়?
(A) ইলেকট্ৰন (B) প্ৰ'টন (C) নিউট্ৰন (D) নিউক্লিয়াছ
উত্তৰ চাওক
উত্তৰ: (D) নিউক্লিয়াছ
৩। A_Z X মৌলটোত থকা প্ৰ'টন, নিউট্ৰন আৰু ইলেকট্ৰনৰ সংখ্যা হৈছে —
(A) A, Z, Z (B) Z, A, (A-Z) (C) Z, (A-Z), Z (D) (A-Z), Z, Z
উত্তৰ চাওক
উত্তৰ: (C) Z, (A-Z), Z
৪। সমস্থানিক হৈছে —
(A) একে ভৰসংখ্যাৰ বিভিন্ন মৌলৰ নিউক্লাইড (B) বিভিন্ন মৌলৰ বিভিন্ন ভৰ সংখ্যাৰ নিউক্লাইড (C) একেটা মৌলৰ বিভিন্ন ভৰ সংখ্যাৰ নিউক্লাইড (D) এইবোৰৰ এটাও নহয়
উত্তৰ চাওক
উত্তৰ: (C) একেটা মৌলৰ বিভিন্ন ভৰ সংখ্যাৰ নিউক্লাইড
৫। ইলেকট্ৰনত থকা আধানৰ মান —
(A) -4.803 × 10⁻¹⁹ কুলম্ব (B) -1.602 × 10⁻¹⁹ e.s.u (C) -4.803 × 10⁻¹⁹ e.s.u (D) -1.602 × 10⁻¹⁹ কুলম্ব
উত্তৰ চাওক
উত্তৰ: (D) -1.602 × 10⁻¹⁹ কুলম্ব
৬। পাৰমাণবিক ভৰ এককত প্ৰ'টন এটাৰ প্ৰকৃত ভৰ হৈছে —
(A) 5.48 × 10⁻⁴ u (B) 1.00728 u (C) 1.00866 u (D) 1.6725 u
উত্তৰ চাওক
উত্তৰ: (B) 1.00728 u
৭। এটা মাত্ৰ সমস্থানিকৰ প্ৰকৃতিত পোৱা মৌল এটা হৈছে —
(A) অক্সিজেন (B) নাইট্ৰ'জেন (C) নিয়ন (D) ফ্ল'ৰিন
উত্তৰ চাওক
উত্তৰ: (D) ফ্ল'ৰিন
৮। অক্সাইড আয়ন, O²⁻ ত থকা যোজক ইলেকট্ৰনৰ সংখ্যা —
(A) 2 (B) 6 (C) 0 (D) 8
উত্তৰ চাওক
উত্তৰ: (D) 8
৯। তলৰ কোনটো Mg পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস —
(A) 8, 2, 2 (B) 2, 8, 2 (C) 3, 8, 1 (D) 1, 8, 3
উত্তৰ চাওক
উত্তৰ: (B) 2, 8, 2
১০। পৰমাণুৰ প্ৰথম আৰ্হি আৱিষ্কাৰ কৰিছিল —
(A) E. Goldstein (B) Rutherford (C) N. Bohr (D) J. J. Thomson
উত্তৰ চাওক
উত্তৰ: (D) J. J. Thomson
5. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)
6. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক
- চিকিৎসা: কৰ্কট ৰোগৰ চিকিৎসাত সমস্থানিক (Co-60)।
- শক্তি: নিউক্লীয় বিক্ৰিয়াত ইউৰেনিয়ামৰ সমস্থানিক।
- প্ৰত্নতত্ত্ব: মৃত জীৱৰ বয়স নিৰ্ণয়ত C-14।
- কৃষি: ৰোগ প্ৰতিৰোধত বিকিৰণ।
- উদ্যোগ: ধাতুৰ ত্ৰুটি চিনাক্তকৰণত বিকিৰণ।

Comments
Post a Comment