Skip to main content

Class 9 Science Chapter 5 Notes & Question Answer in Assamese | জীৱৰ মৌলিক একক (ASSEB / SEBA)

Class 9 Science: Chapter 5 - জীৱৰ মৌলিক একক ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 জীৱবিলাক কিহৰ গঠিত? (What are Living Organisms Made Up of?) — Page 58-60 পৃষ্ঠা নং: 58-60 📌 ঐতিহাসিক পৃষ্ঠভূমি: ৰবাৰ্ট হক এটুকুৰা কক (Cork) ৰ পাতল ছেদ পৰীক্ষা কৰি মৌমোহৰ নিচিনা কিছুমান কোঠালি দেখি পাইছিল। কক হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এিবধ উপাদান। সেইয়া আছিল 1665 খ্ৰীষ্টাব্দ। এটা দিন, দিনদুনীয়া ৰবাৰ্ট হক নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এই পৰ্যবেক্ষণবোৰ কৰিছিল। ৰবাৰ্ট হকে সেই কোঠালিবোৰক "Cell" বুলি আখ্যা দিছিল। লেটিনশব্দ— "Cell" ৰ অৰ্থ হ'ল সৰু সৰু কোঠালি। এই পৰ্যবেক্ষণটো দেখাত তাৎপৰ্যবিহীন যেন লাগিছিলও বিজ্ঞানইতিহাসতই এক গুৰুত্বপূৰ্ণ ঘটনা। এই পৰ্যবেক্ষণবোৰে জীৱৰ দেহ যে কিছুমান পৃথক পৃথক এককৰ দ্বাৰা গঠিত তাক কোনো এজনে পোন প্ৰথমে সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। সেই দিন ধৰি জীৱবিজ্ঞান বিষয়ত বৰ্তমানলৈকে তেনে একক বিলাকক "কোষ" বুলি অভিহিত কৰি অহা হৈছে। ...

Class 9 Science Chapter 3 Notes & Question Answer in Assamese | পৰমাণু আৰু অণু (SEBA)

Class 9 Science: Chapter 3 - পৰমাণু আৰু অণু

ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ

1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)

1.1 ৰাসায়নিক সংযোগৰ বিধিসমূহ (Laws of Chemical Combination) — Page 32-33

পৃষ্ঠা নং: 32-33

📌 ঐতিহাসিক পৃষ্ঠভূমি: পদাৰ্থৰ বিভাজ্যতাৰ ধাৰণা ভাৰতত প্ৰায় খ্ৰী. পূ. 500 চন মানতে বিবেচনা কৰা হৈছিল। ভাৰতীয় দাৰ্শনিক মহৰ্ষি কণাদে ধাৰণা কৰিছিল যে যদি আমি পদাৰ্থ এটা ভাঙি গৈ থাকোঁ তেন্তে আমি কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণা পাই গৈ থাকিম। এটা সময়ত আমি পদাৰ্থটোৰ সবাতোকৈ ক্ষুদ্ৰ কণাবোৰ পাম। এই অৱস্থাৰ পাছত পদাৰ্থত আৰু অধিক বিভাজন সম্ভৱ নহ'ব। এই ক্ষুদ্ৰতম অবিভাজ্য কণাবোৰক তেওঁ পৰমাণু (Parmanu) নাম দিছিল।

সমসাময়িক গ্ৰীক দাৰ্শনিক ডেমোফিটাছ (Democritus) আৰু লিউচিপাছ (Leucippus)ৰ মতেও এই অবিভাজ্য কণাবোৰক 'এটম' (Atom) বুলিছিল।

এণ্টন লেভইচিয়াৰ (Antoine L. Lavoisier) ৰাসায়নিক সংযোগৰ দুটা গুৰুত্বপূৰ্ণ বিধি উপস্থাপন কৰি ৰাসায়নিক বিজ্ঞানৰ ভেঁটি স্থাপন কৰিছিল।

📖 ভৰৰ নিত্যতা বিধি (Law of Conservation of Mass): ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নহয়। অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ = উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ।
📖 স্থিৰানুপাত বিধি (Law of Constant Proportions): এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায়েই নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে। উদাহৰণ: পানীত হাইড্ৰ'জেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত সদায় 1:8।

1.2 ডেল্টনৰ পৰমাণুবাদ (Dalton's Atomic Theory) — Page 33

পৃষ্ঠা নং: 33

1766 চনত ইংলেণ্ডৰ জন ডেল্টন (John Dalton) এ পৰমাণুবাদ আগবঢ়াইছিল। তেওঁৰ তত্ত্ব ৰাসায়নিক সংযোগৰ বিধিসমূহৰ ওপৰত প্ৰতিষ্ঠিত।

📖 ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্যসমূহ (Postulates):
(i) সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত।
(ii) পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। নিৰ্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ একেই।
(iii) বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্মসমূহ বেলেগ বেলেগ।
(iv) যৌগ গঠনৰ বাবে পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয়।
(v) নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে।
📝 পাঠ্যপুথিৰ প্ৰশ্নাৱলী (Page 32):

১। বিক্ৰিয়া এটাত 5.3g ছডিয়াম কাৰ্বনেট 6g ইথানয়িক এচিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উৎপাদিত দ্ৰব্যবোৰ আছিল 2.2g কাৰ্বন-ডাই-অক্সাইড, 0.9g পানী আৰু 8.2g ছডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে।
উত্তৰ: বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ = 5.3g + 6g = 11.3g
উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ = 8.2g + 2.2g + 0.9g = 11.3g
∴ বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ = উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ। ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে।

২। হাইড্ৰ'জেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে। 3g হাইড্ৰ'জেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেন প্ৰয়োজন হ'ব?
উত্তৰ: 1g হাইড্ৰ'জেনৰ সৈতে বিক্ৰিয়া কৰা অক্সিজেনৰ পৰিমাণ = 8g
∴ 3g হাইড্ৰ'জেনৰ সৈতে বিক্ৰিয়া কৰা অক্সিজেনৰ পৰিমাণ = 8 × 3 = 24g

৩। ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্য ভৰৰ নিত্যতা সূত্ৰৰ ফল?
উত্তৰ: পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি — এই স্বীকাৰ্য্যটো ভৰৰ নিত্যতা সূত্ৰৰ ফল।

৪। ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্যই স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে?
উত্তৰ: ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰ সৰল গোট সংখ্যাৰ অনুপাতত যোজিত হয় — এই স্বীকাৰ্য্যই স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে।

1.3 পৰমাণু কি? (What is an Atom?) — Page 34-35

পৃষ্ঠা নং: 34-35

📖 পৰমাণু (Atom): মৌলৰ স্বাধীনভাৱে বৰ্তি থাকিব পৰা আৰু তাৰ সকলোবোৰ ৰাসায়নিক ধৰ্ম ধৰি ৰাখিব পৰা ক্ষুদ্ৰতম কণা এটাই পৰমাণু।
📖 পাৰমাণবিক ব্যাসাৰ্ধ: পৰমাণুৰ ব্যাসাৰ্ধ নেন'মিটাৰত জোখা হয়। 1 nm = 10⁻⁹ m। হাইড্ৰ'জেন পৰমাণুৰ ব্যাসাৰ্ধ = 10⁻¹⁰ m।

1.3.1 মৌলৰ আধুনিক চিহ্নসমূহ (Modern Day Symbols of Atoms)

১৮ শতিকাৰ শেষলৈ বিজ্ঞানীসকলে মৌল আৰু যৌগৰ মাজত প্ৰভেদ চিনিব পাৰিছিল। বাৰ্জিলিয়াছে (Berzelius) মৌলবোৰৰ চিহ্নসমূহ মৌলটোৰ নামৰ এটা বা দুটা আখৰৰ হ'ব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল।

মৌলচিহ্নমৌলচিহ্নমৌলচিহ্ন
এলুমিনিয়ামAlকপাৰCuনাইট্ৰ'জেনN
আৰ্গনArফ্ল'ৰিনFঅক্সিজেনO
বেৰিয়ামBaসোণAuপটেছিয়ামK
ব'ৰণBহাইড্ৰ'জেনHছিলিকনSi
ব্ৰ'মিনBrআয়'ডিনIছিলভাৰAg
কেলছিয়ামCaআয়ৰণFeছ'ডিয়ামNa
কাৰ্বনCলেডPbছালফাৰS
ক্ল'ৰিনClমেগনেছিয়ামMgইউৰেনিয়ামU
ক'বাল্টCoনিয়নNeজিংকZn

1.3.2 পাৰমাণবিক ভৰ (Atomic Mass)

📖 আপেক্ষিক পাৰমাণবিক ভৰ (Relative Atomic Mass): কোনো মৌলৰ আপেক্ষিক পাৰমাণবিক ভৰ হৈছে এনে এটা সংখ্যা যিটো সংখ্যাই মৌলটোৰ এটা পৰমাণু ¹²C সমস্থানিকৰ এটা পৰমাণুৰ 1/12 ভাগতকৈ কিমান গুণ গধুৰ তাকে বুজায়।
একক: u (unified mass)।
📖 পাৰমাণবিক ভৰ একক (1u): 1u = 1/12 × ¹²C পৰমাণু এটাৰ ভৰ = 1.66 × 10⁻²⁴ g।

1.4 অণু (Molecule) — Page 36-37

পৃষ্ঠা নং: 36-37

📖 অণু (Molecule): সাধাৰণ অৱস্থাত স্বাধীনভাৱে বৰ্তি থাকিব পৰা মৌল বা যৌগৰ ক্ষুদ্ৰতম কণা এটাই অণু। ই পদাৰ্থটোৰ সকলোবোৰ ধৰ্ম দেখুৱায়।

1.4.1 মৌলৰ অণু (Molecules of Elements)

মৌল এটাৰ অণুবোৰ একেধৰণৰ পৰমাণুৰে গঠিত। আৰ্গন (Ar), হিলিয়াম (He) আদিৰ দৰে কিছুমান মৌলৰ অণু এটা মাত্ৰ এটা পৰমাণুৰে গঠিত।

মৌলৰ প্ৰকাৰনামপাৰমাণবিকতা
অধাতুআৰ্গনএক পাৰমাণবিক
হিলিয়ামএক পাৰমাণবিক
অক্সিজেনদ্বি-পাৰমাণবিক
হাইড্ৰ'জেনদ্বি-পাৰমাণবিক
নাইট্ৰ'জেনদ্বি-পাৰমাণবিক
ক্ল'ৰিনচতু-পাৰমাণবিক

1.4.2 যৌগৰ অণু (Molecules of Compounds)

বেলেগ বেলেগ মৌলৰ পৰমাণুৰ নিৰ্দিষ্ট অনুপাতত লগ হৈ যৌগৰ অণু গঠন কৰে।

যৌগসংযুক্ত মৌলসমূহভৰ হিচাপত অনুপাত
পানীহাইড্ৰ'জেন, অক্সিজেন1 : 8
এম'নিয়ানাইট্ৰ'জেন, হাইড্ৰ'জেন14 : 3
কাৰ্বন ডাই-অক্সাইডকাৰ্বন, অক্সিজেন3 : 8

1.5 আয়ন কি? (What is an Ion?) — Page 37-38

পৃষ্ঠা নং: 37-38

📖 আয়ন (Ion): ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত আহিত যুক্ত কণা থাকে। এইবোৰক আয়ন বোলা হয়।
• ঋণাত্মক আধানযুক্ত আয়ন → এনায়ন (Anion)
• ধনাত্মক আধানযুক্ত আয়ন → কেটায়ন (Cation)
• বহুপাৰমাণবিক আয়ন (Polyatomic Ion): একাধিক পৰমাণুৰ আহিত গোট।
যোজ্যতাআয়নৰ নামচিহ্নঅধাতীয় মৌলচিহ্নবহুপাৰমাণবিক আয়নচিহ্ন
1ছ'ডিয়ামNa⁺হাইড্ৰ'জেনH⁺এম'নিয়ামNH₄⁺
পটেছিয়ামK⁺হাইড্ৰাইডH⁻হাইড্ৰ'ক্সাইডOH⁻
ছিলভাৰAg⁺ক্ল'ৰাইডCl⁻নাইট্ৰেটNO₃⁻
2কপাৰ (I)Cu⁺ব্ৰ'মাইডBr⁻হাইড্ৰ'জেন কাৰ্বনেটHCO₃⁻
মেগনেছিয়ামMg²⁺আয়'ডাইডI⁻কাৰ্বনেটCO₃²⁻
কেলছিয়ামCa²⁺অক্সাইডO²⁻ছালফাইটSO₃²⁻
জিংকZn²⁺ছালফাইডS²⁻ছালফেটSO₄²⁻
3এলুমিনিয়ামAl³⁺নাইট্ৰাইডN³⁻ফছফেটPO₄³⁻

1.6 ৰাসায়নিক সংকেত (Writing Chemical Formulae) — Page 38-41

পৃষ্ঠা নং: 38-41

📖 ৰাসায়নিক সংকেত (Chemical Formula): এটা যৌগৰ ৰাসায়নিক সংকেত হ'ল তাৰ সংযুক্তি প্ৰতীকি ৰূপত উপস্থাপন কৰা এটা ব্যৱস্থা। যৌগবোৰ ৰাসায়নিক সংকেত সহজে লিখিব পাৰি।
📖 যৌগৰ ৰাসায়নিক সংকেত লিখাৰ নিয়ম:
• আয়নৰ ওপৰত যোজ্যতা বা আধান সমতুল হৈ থাকিব লাগিব।
• ধাতু আৰু অধাতুৰে গঠিত যৌগ এটাৰ ধাতুটোৰ নাম বা চিহ্নটো প্ৰথমে লিখা হয়।
• বহুপাৰমাণবিক আয়নৰে গঠিত যৌগ এটাত আয়নৰ অনুপাতক সুচিত কৰিবলৈ বন্ধনী এটাৰ ভিতৰত ভৰাই ল'ব হয়।
📖 উদাহৰণ:
১. হাইড্ৰ'জেন ক্ল'ৰাইডৰ সংকেত: H (আধান 1) + Cl (আধান 1) → HCl
২. হাইড্ৰ'জেন ছালফাইডৰ সংকেত: H (আধান 1) + S (আধান 2) → H₂S
৩. কাৰ্বন টেট্ৰাক্ল'ৰাইডৰ সংকেত: C (আধান 4) + Cl (আধান 1) → CCl₄
৪. মেগনেছিয়াম ক্ল'ৰাইডৰ সংকেত: Mg (আধান 2+) + Cl (আধান 1-) → MgCl₂
৫. এলুমিনিয়াম অক্সাইডৰ সংকেত: Al (আধান 3+) + O (আধান 2-) → Al₂O₃
৬. কেলছিয়াম অক্সাইডৰ সংকেত: Ca (আধান 2+) + O (আধান 2-) → CaO
৭. ছ'ডিয়াম নাইট্ৰেটৰ সংকেত: Na (আধান 1+) + NO₃ (আধান 1-) → NaNO₃
৮. কেলছিয়াম হাইড্ৰ'ক্সাইডৰ সংকেত: Ca (আধান 2+) + OH (আধান 1-) → Ca(OH)₂
৯. ছ'ডিয়াম কাৰ্বনেটৰ সংকেত: Na (আধান 1+) + CO₃ (আধান 2-) → Na₂CO₃
১০. এম'নিয়াম ছালফেটৰ সংকেত: NH₄ (আধান 1+) + SO₄ (আধান 2-) → (NH₄)₂SO₄
📝 পাঠ্যপুথিৰ প্ৰশ্নাৱলী (Page 38):

১। সংকেত লিখা: (i) ছ'ডিয়াম অক্সাইড (ii) ছ'ডিয়াম ছালফাইড (iii) মেগনেছিয়াম হাইড্ৰ'ক্সাইড
উত্তৰ: (i) Na₂O (ii) Na₂S (iii) Mg(OH)₂

২। তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখা: (i) Al₂(SO₄)₃ (ii) CaCl₂ (iii) K₂SO₄ (iv) KNO₃ (v) CaCO₃
উত্তৰ: (i) এলুমিনিয়াম ছালফেট (ii) কেলছিয়াম ক্ল'ৰাইড (iii) পটেছিয়াম ছালফেট (iv) পটেছিয়াম নাইট্ৰেট (v) কেলছিয়াম কাৰ্বনেট

৩। ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে?
উত্তৰ: ৰাসায়নিক সংকেত পদটোৱে যৌগ এটাৰ অণু গঠনৰ সাংকেতিক চিহ্ন বুজায়। যৌগটোত থকা পৰমাণুটোৰ অনুপাত নিৰ্ণয় কৰে।

৪। (i) H₂S অণু আৰু (ii) PO₄³⁻ আয়নত কেইটাকৈ পৰমাণু আছে?
উত্তৰ: (i) H₂S অণুত 2 টা হাইড্ৰ'জেন পৰমাণু আৰু 1 টা ছালফাৰ পৰমাণু আছে। (ii) PO₄³⁻ আয়নত 1 টা ফছফৰাছ পৰমাণু আৰু 4 টা অক্সিজেন পৰমাণু আছে।

1.7 আণৱিক ভৰ আৰু ম'লৰ ধাৰণা (Molecular Mass and Mole Concept) — Page 41-43

পৃষ্ঠা নং: 41-43

📖 আণৱিক ভৰ (Molecular Mass): এটা পদাৰ্থৰ আণৱিক ভৰ পদাৰ্থটোৰ এটা অণুত থকা সকলোবোৰ পৰমাণুৰ পাৰমাণবিক ভৰৰ যোগফলৰ সমান। ই পাৰমাণবিক ভৰ একক (u) ত প্ৰকাশ কৰা এটা অণুৰ আপেক্ষিক ভৰ।
📖 উদাহৰণ 3.1:
(a) পানী (H₂O) ৰ আণৱিক ভৰ গণনা কৰা।
হাইড্ৰ'জেনৰ পাৰমাণবিক ভৰ = 1u, অক্সিজেনৰ পাৰমাণবিক ভৰ = 16u
পানীৰ আণৱিক ভৰ = 2 × 1 + 1 × 16 = 18u

(b) HNO₃ ৰ আণৱিক ভৰ গণনা কৰা।
HNO₃ ৰ আণৱিক ভৰ = H ৰ পাৰমাণবিক ভৰ + N ৰ পাৰমাণবিক ভৰ + 3 × O ৰ পাৰমাণবিক ভৰ
= 1 + 14 + 48 = 63u
📖 সংকেত গোট ভৰ (Formula Unit Mass): যৌগ এটাৰ সংকেত গোট এটাত থকা পৰমাণুবোৰৰ পাৰমাণবিক ভৰবোৰৰ যোগফলই যৌগটোৰ সংকেত গোট ভৰ।
📖 উদাহৰণ 3.2: CaCl₂ ৰ সংকেত গোট ভৰ গণনা কৰা।
Ca ৰ পাৰমাণবিক ভৰ = 40u, Cl ৰ পাৰমাণবিক ভৰ = 35.5u
CaCl₂ ৰ সংকেত গোট ভৰ = 40 + 2 × 35.5 = 40 + 71 = 111u
📖 ম'ল (Mole): ¹²C সমস্থানিকৰ সঠিক 12g ত থকা পৰমাণুৰ সংখ্যাক এভ'গেড্ৰ' সংখ্যা (Avogadro Number) বোলা হয়। ইয়াৰ মান = 6.022 × 10²³। এই সংখ্যক কণিকা (পৰমাণু/আয়ন/অণু/সংকেত গোট আদি) থকা পদাৰ্থৰ পৰিমাণক ম'ল বোলা হয়।
📖 ম'লাৰ ভৰ (Molar Mass): 1 ম'ল পদাৰ্থৰ ভৰক তাৰ ম'লাৰ ভৰ বোলা হয়।
ম'লৰ সূত্ৰ:
n = m / M (য'ত n = ম'ল সংখ্যা, m = প্ৰদত্ত ভৰ, M = ম'লাৰ ভৰ)
N = n × N₀ (য'ত N = কণিকাৰ সংখ্যা, N₀ = এভ'গেড্ৰ' সংখ্যা)
📝 পাঠ্যপুথিৰ প্ৰশ্নাৱলী (Page 42):

১। H₂, O₂, Cl₂, CO₂, CH₄, C₂H₆, C₂H₄, NH₃ আৰু CH₃OH ৰ আণৱিক ভৰ গণনা কৰা।
উত্তৰ:
H₂ ৰ আণৱিক ভৰ = 2 × 1 = 2u
O₂ ৰ আণৱিক ভৰ = 2 × 16 = 32u
Cl₂ ৰ আণৱিক ভৰ = 2 × 35.5 = 71u
CO₂ ৰ আণৱিক ভৰ = 12 + 2 × 16 = 44u
CH₄ ৰ আণৱিক ভৰ = 12 + 4 × 1 = 16u
C₂H₆ ৰ আণৱিক ভৰ = 2 × 12 + 6 × 1 = 30u
C₂H₄ ৰ আণৱিক ভৰ = 2 × 12 + 4 × 1 = 28u
NH₃ ৰ আণৱিক ভৰ = 14 + 3 × 1 = 17u
CH₃OH ৰ আণৱিক ভৰ = 12 + 3 × 1 + 16 + 1 = 32u

২। ZnO, Na₂O আৰু K₂CO₃ ৰ সংকেত গোট ভৰ গণনা কৰা। (Zn = 65u, Na = 23u, K = 39u, C = 12u, O = 16u)
উত্তৰ:
ZnO ৰ সংকেত গোট ভৰ = 65 + 16 = 81u
Na₂O ৰ সংকেত গোট ভৰ = 2 × 23 + 16 = 62u
K₂CO₃ ৰ সংকেত গোট ভৰ = 2 × 39 + 12 + 3 × 16 = 78 + 12 + 48 = 138u
📝 পাঠ্যপুথিৰ প্ৰশ্নাৱলী (Page 43):

১। এক ম'ল কাৰ্বন পৰমাণুৰ ভৰ 12g হ'লে 1 টা কাৰ্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ'ব?
উত্তৰ: 1 ম'ল কাৰ্বন পৰমাণু = 6.022 × 10²³ টা পৰমাণু
6.022 × 10²³ টা কাৰ্বন পৰমাণুৰ ভৰ = 12g
∴ 1 টা কাৰ্বন পৰমাণুৰ ভৰ = 12 / (6.022 × 10²³) = 1.99 × 10⁻²³ g

২। 100g ছ'ডিয়াম বা 100g আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব? (Na = 23u, Fe = 56u)
উত্তৰ: ছ'ডিয়ামৰ পাৰমাণবিক ভৰ = 23u
23g ছ'ডিয়ামত থকা পৰমাণুৰ সংখ্যা = 6.022 × 10²³
100g ছ'ডিয়ামত থকা পৰমাণুৰ সংখ্যা = (6.022 × 10²³ / 23) × 100 = 2.61 × 10²⁴

আইৰণৰ পাৰমাণবিক ভৰ = 56u
56g আইৰণত থকা পৰমাণুৰ সংখ্যা = 6.022 × 10²³
100g আইৰণত থকা পৰমাণুৰ সংখ্যা = (6.022 × 10²³ / 56) × 100 = 1.07 × 10²⁴

∴ 100g ছ'ডিয়ামত পৰমাণুৰ সংখ্যা বেছি থাকিব।

2. অনুশীলনীৰ প্ৰশ্নোত্তৰ (Page 44)

পৃষ্ঠা নং: 44

প্ৰশ্ন ১: অক্সিজেন আৰু ব'ৰণেৰে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশ্লেষণ কৰাত 0.096g ব'ৰণ আৰু 0.144g অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি গণনা কৰা।
উত্তৰ:
যৌগটোৰ ভৰ = 0.24g
ব'ৰণৰ ভৰ = 0.096g
অক্সিজেনৰ ভৰ = 0.144g
ব'ৰণৰ শতকৰা পৰিমাণ = (0.096 / 0.24) × 100 = 40%
অক্সিজেনৰ শতকৰা পৰিমাণ = (0.144 / 0.24) × 100 = 60%
প্ৰশ্ন ২: 3.0g কাৰ্বন 8.00g অক্সিজেনৰ সৈতে দহন কৰাত 11.00g কাৰ্বন ডাই-অক্সাইড উৎপন্ন হ'ল। 3.00g কাৰ্বন 50.00g অক্সিজেনত দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই-অক্সাইডৰ ভৰ কিমান হ'ব? ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব?
উত্তৰ: স্থিৰানুপাত বিধি অনুসৰি কাৰ্বন ডাই-অক্সাইডত সদায় কাৰ্বন আৰু অক্সিজেনৰ ভৰৰ অনুপাত 3:8। গতিকে 3.00g কাৰ্বন 50.00g অক্সিজেনত দহন কৰিলেও গঠন হোৱা কাৰ্বন ডাই-অক্সাইডৰ ভৰ 11.00g হ'ব। ইয়াত ৰাসায়নিক সংযোগৰ স্থিৰানুপাত বিধি প্ৰযোজ্য হয়।
প্ৰশ্ন ৩: বহুপাৰমাণবিক আয়নবোৰ কি? উদাহৰণ দিয়া।
উত্তৰ: একাধিক পৰমাণুৰ আধানযুক্ত গোট এটাক বহুপাৰমাণবিক আয়ন বোলা হয়। উদাহৰণ: SO₄²⁻, CO₃²⁻, NH₄⁺ ইত্যাদি।
প্ৰশ্ন ৪: তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা। (a) মেগনেছিয়াম ক্ল'ৰাইড (b) কেলছিয়াম অক্সাইড (c) কপাৰ নাইট্ৰেট (d) এলুমিনিয়াম ক্ল'ৰাইড (e) কেলছিয়াম কাৰ্বনেট
উত্তৰ: (a) MgCl₂ (b) CaO (c) Cu(NO₃)₂ (d) AlCl₃ (e) CaCO₃
প্ৰশ্ন ৫: তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়া: (a) পোৰা চূণ (Quick Lime) (b) হাইড্ৰ'জেন ব্ৰ'মাইড (c) বেকিং পাউডাৰ (d) পটেছিয়াম ছালফেট
উত্তৰ:
(a) পোৰা চূণ (CaO): কেলছিয়াম, অক্সিজেন
(b) হাইড্ৰ'জেন ব্ৰ'মাইড (HBr): হাইড্ৰ'জেন, ব্ৰ'মিন
(c) বেকিং পাউডাৰ (NaHCO₃): ছ'ডিয়াম, হাইড্ৰ'জেন, কাৰ্বন, অক্সিজেন
(d) পটেছিয়াম ছালফেট (K₂SO₄): পটেছিয়াম, ছালফাৰ, অক্সিজেন
প্ৰশ্ন ৬: তলৰ পদাৰ্থবোৰৰ ম'লাৰ ভৰ গণনা কৰা। (a) ইথাইন C₂H₂ (b) ছালফাৰ অণু S₈ (c) ফছফৰাছ অণু P₄ (d) হাইড্ৰ'ক্ল'ৰিক এচিড HCl (e) নাইট্ৰিক এচিড HNO₃
উত্তৰ:
(a) C₂H₂ ৰ ম'লাৰ ভৰ = 2 × 12 + 2 × 1 = 26g
(b) S₈ ৰ ম'লাৰ ভৰ = 8 × 32 = 256g
(c) P₄ ৰ ম'লাৰ ভৰ = 4 × 31 = 124g
(d) HCl ৰ ম'লাৰ ভৰ = 1 + 35.5 = 36.5g
(e) HNO₃ ৰ ম'লাৰ ভৰ = 1 + 14 + 3 × 16 = 63g
প্ৰশ্ন ৭: ভৰ কিমান? (a) 1 ম'ল নাইট্ৰ'জেন পৰমাণুৰ? (b) 4 ম'ল এলুমিনিয়াম পৰমাণুৰ? (c) 10 ম'ল ছ'ডিয়াম ছালফাইট (Na₂SO₃) ৰ?
উত্তৰ:
(a) 1 ম'ল নাইট্ৰ'জেন পৰমাণু = 14g
(b) 4 ম'ল এলুমিনিয়াম পৰমাণু = 4 × 27 = 108g
(c) 1 ম'ল Na₂SO₃ = 2 × 23 + 32 + 3 × 16 = 126g
10 ম'ল Na₂SO₃ = 126 × 10 = 1260g
প্ৰশ্ন ৮: ম'ললৈ পৰিবৰ্তন কৰা: (a) 12g অক্সিজেন গেছ (b) 20g পানী (c) 22g কাৰ্বন ডাই-অক্সাইড
উত্তৰ:
(a) O₂ ৰ ম'লাৰ ভৰ = 32g, 12g O₂ = 12/32 = 0.375 ম'ল
(b) H₂O ৰ ম'লাৰ ভৰ = 18g, 20g H₂O = 20/18 = 1.11 ম'ল
(c) CO₂ ৰ ম'লাৰ ভৰ = 44g, 22g CO₂ = 22/44 = 0.5 ম'ল
প্ৰশ্ন ৯: ভৰ কিমান? (a) 0.2 ম'ল অক্সিজেন পৰমাণুৰ? (b) 0.5 ম'ল পানী অণুৰ?
উত্তৰ:
(a) 1 ম'ল অক্সিজেন পৰমাণু = 16g, 0.2 ম'ল = 0.2 × 16 = 3.2g
(b) 1 ম'ল পানী অণু = 18g, 0.5 ম'ল = 0.5 × 18 = 9g
প্ৰশ্ন ১০: 16g গোটা ছালফাৰত থকা ছালফাৰ অণু (S₈) ৰ সংখ্যা গণনা কৰা।
উত্তৰ:
S₈ ৰ ম'লাৰ ভৰ = 8 × 32 = 256g
256g ছালফাৰত থকা অণুৰ সংখ্যা = 6.022 × 10²³
∴ 16g ছালফাৰত থকা অণুৰ সংখ্যা = (6.022 × 10²³ / 256) × 16 = 3.76 × 10²²
প্ৰশ্ন ১১: 0.051g এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা। (Al = 27u)
উত্তৰ:
Al₂O₃ ৰ ম'লাৰ ভৰ = 2 × 27 + 3 × 16 = 102g
0.051g Al₂O₃ = 0.051/102 = 5 × 10⁻⁴ ম'ল
1 ম'ল Al₂O₃ ত Al³⁺ আয়নৰ সংখ্যা = 2 × 6.022 × 10²³
∴ 5 × 10⁻⁴ ম'ল Al₂O₃ ত Al³⁺ আয়নৰ সংখ্যা = 2 × 6.022 × 10²³ × 5 × 10⁻⁴ = 6.022 × 10²⁰

3. অতিৰিক্ত প্ৰশ্নোত্তৰ (Additional Questions)

১: পৰমাণু বুলিলে কি বুজা?
মৌলৰ স্বাধীনভাৱে বৰ্তি থাকিব পৰা আৰু তাৰ সকলোবোৰ ৰাসায়নিক ধৰ্ম ধৰি ৰাখিব পৰা ক্ষুদ্ৰতম কণা এটাই পৰমাণু।
২: স্থিৰানুপাত বিধিৰ মূল তত্ত্ব কি?
এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায়েই নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে।
৩: হাইড্ৰ'জেন পৰমাণু এটাৰ ব্যাসাৰ্ধ কিমান?
10⁻¹⁰ m।
৪: IUPAC ৰ সম্পূৰ্ণ অৰ্থ কি?
International Union of Pure and Applied Chemistry (আন্তৰ্জাতিক বিশুদ্ধ আৰু প্ৰায়োগিক ৰসায়ন সংস্থা)।
৫: ভৰৰ নিত্যতা বিধিটো কি?
ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰসমূহৰ যোগফল অপৰিৱৰ্তিত হৈ থাকে।
৬: এটা দ্বি-পাৰমাণৱিক অণুৰ নাম লিখা।
অক্সিজেন (O₂)।
৭: দুটা এক পাৰমাণবিক মৌলৰ নাম লিখা।
আৰ্গন আৰু হিলিয়াম।
৮: এটা ত্ৰিপাৰমাণৱিক গেছৰ নাম লিখা।
হাইড্ৰ'জেন ছালফাইড (H₂S)।
৯: আপেক্ষিক পাৰমাণবিক ভৰ বুলিলে কি বুজা?
কোনো মৌলৰ আপেক্ষিক পাৰমাণবিক ভৰ হৈছে এনে এটা সংখ্যা যিটো সংখ্যাই মৌলটোৰ এটা পৰমাণু ¹²C সমস্থানিকৰ এটা পৰমাণুৰ 1/12 ভাগতকৈ কিমান গুণ গধুৰ তাকে বুজায়।
১০: অণু বুলিলে কি বুজা?
কোনো মৌল বা যৌগৰ সাধাৰণ অৱস্থাত স্বাধীন স্থিতি থকা আৰু সেই পদাৰ্থৰ আটাইবোৰ ধৰ্ম নিহিত থকা ক্ষুদ্ৰতম কণিকাটোৱেই হৈছে অণু।
১১: আপেক্ষিক আণৱিক ভৰ কাক বোলে?
আপেক্ষিক আণৱিক ভৰ হৈছে এনে এটা সংখ্যা যিটো সংখ্যাই কোনো এটা অণু ¹²C সমস্থানিকৰ এটা পৰমাণুৰ 1/12 ভাগতকৈ কিমান গুণ গধুৰ তাক বুজায়।
১২: গ্ৰাম পাৰমাণবিক ভৰ কাক বোলে? উদাহৰণ দিয়া।
পাৰমাণবিক ভৰক গ্ৰামত প্ৰকাশ কৰিলে তাক গ্ৰাম পাৰমাণবিক ভৰ বোলে। উদাহৰণ: হাইড্ৰ'জেনৰ পাৰমাণবিক ভৰ 1u, গতিকে ইয়াৰ গ্ৰাম পাৰমাণবিক ভৰ 1 গ্ৰাম।
১৩: গ্ৰাম আণৱিক ভৰ কাক বোলে? উদাহৰণ দিয়া।
আণৱিক ভৰক গ্ৰামত প্ৰকাশ কৰিলে তাক গ্ৰাম আণৱিক ভৰ বোলে। উদাহৰণ: H₂, O₂ আৰু H₂O ৰ গ্ৰাম আণৱিক ভৰ যথাক্ৰমে 2 গ্ৰাম, 32 গ্ৰাম আৰু 18 গ্ৰাম।
১৪: গ্ৰামাণু বুলিলে কি বুজা?
পদাৰ্থ এটাৰ আণৱিক ভৰক গ্ৰামত প্ৰকাশ কৰিলে পোৱা সংখ্যাটোক ইয়াৰ গ্ৰাম আণৱিক ভৰ বা গ্ৰামাণু বুলি কোৱা হয়।
১৫: ৰাসায়নিক সমীকৰণ কি?
ৰাসায়নিক বিক্ৰিয়া এটা বুজাবলৈ বিক্ৰিয়াত অংশ লোৱা পদাৰ্থবোৰক চিহ্ন আৰু সংকেতৰ দ্বাৰা উপস্থাপন কৰাকে ৰাসায়নিক সমীকৰণ বোলে।
১৬: যোজ্যতা কাক বোলে?
কোনো মৌলৰ এটা পৰমাণুৰ লগত যোজিত হোৱা হাইড্ৰ'জেন বা ক্ল'ৰিন পৰমাণুৰ সংখ্যাক বা পৰমাণুটোৰ লগত যোজিত হোৱা অক্সিজেন পৰমাণুৰ সংখ্যাৰ দুগুণক সেই মৌলটোৰ যোজ্যতা বুলি কোৱা হয়।
১৭: পৰিৱৰ্তী যোজ্যতা কি? উদাহৰণ দিয়া।
কিছুমান মৌলে যৌগ গঠন কৰোতে এটাতকৈ বেছি যোজ্যতা দেখুৱায়। ইয়াকে পৰিৱৰ্তী যোজ্যতা বোলে। উদাহৰণস্বৰূপে, নাইট্ৰ'জেনৰ অক্সাইডবোৰত N₂O, NO, N₂O₃, NO₂ আৰু N₂O₅ ত নাইট্ৰ'জেনৰ যোজ্যতা যথাক্ৰমে 1, 2, 3, 4 আৰু 5।
১৮: কোনবোৰ মৌলে পৰিৱৰ্তী যোজ্যতা নেদেখুৱায়?
পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ 1 আৰু বৰ্গ 2 ৰ মৌলসমূহে পৰিৱৰ্তী যোজ্যতা নেদেখুৱায়।
১৯: সম্ভ্ৰান্ত গেছসমূহ কি কি?
He, Ne, Ar, Kr, Xe আৰু Rn।
২০: সম্ভ্ৰান্ত গেছৰ যোজ্যতা কিয় শূন্য?
কাৰণ ইহঁতে সাধাৰণ অৱস্থাত ৰাসায়নিক বিক্ৰিয়াত ভাগ নলয়।
২১: মূলক কাক বোলে? এটা একযোজী মূলক আৰু এটা দ্বিযোজী মূলকৰ সংকেত লিখা।
কেতিয়াবা বেলেগ বেলেগ মৌলৰ দুটা বা ততোধিক পৰমাণু একেলগে একোটা গোট হৈ ৰাসায়নিক বিক্ৰিয়াত অংশ গ্ৰহণ কৰে। এই গোটবোৰক মূলক বোলে। একযোজী মূলক — NH₄, দ্বিযোজী মূলক — CO₃।
২২: বিক্ৰিয়ক দ্ৰব্য আৰু উৎপন্ন দ্ৰব্য কাক বোলে? এটা উদাহৰণ দি দেখুওৱা।
বিক্ৰিয়ক দ্ৰব্য: যিবোৰ পদাৰ্থৰ মাজত বিক্ৰিয়া ঘটে সেইবোৰক বিক্ৰিয়ক দ্ৰব্য বোলে।
উৎপন্ন দ্ৰব্য: বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা নতুন পদাৰ্থবোৰক উৎপন্ন দ্ৰব্য বোলে।
উদাহৰণ: C + O₂ → CO₂ (বিক্ৰিয়ক দ্ৰব্য → উৎপন্ন দ্ৰব্য)
২৩: ম'ল বুলিলে কি বুজা?
¹²C সমস্থানিকৰ 0.012 কিলোগ্ৰামত যিমান সংখ্যক কাৰ্বন পৰমাণু থাকে সেই একে সংখ্যক কণিকাত থকা কোনো পদাৰ্থৰ পৰিমাণকে সেই পদাৰ্থটোৰ এক ম'ল বুলি কোৱা হয়।

4. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)

১। নাইট্ৰ'জেন গেছৰ ৰাসায়নিক চিহ্ন হ'ল —

(A) N⁺ (B) N₂ (C) N (D) Ni

উত্তৰ চাওক

উত্তৰ: (B) N₂

২। ছ'ডিয়ামৰ ৰাসায়নিক চিহ্ন হ'ল —

(A) So (B) Sd (C) NA (D) Na

উত্তৰ চাওক

উত্তৰ: (D) Na

৩। 1 পাৰমাণৱিক ভৰ একক (1u) হৈছে —

(A) ¹H ৰ এটা পৰমাণুৰ ভৰ (B) ¹²C ৰ এটা পৰমাণুৰ ভৰ (C) 1/12 × ¹²C এটা পৰমাণুৰ ভৰ (D) 1/16 × ¹⁶O ৰ এটা পৰমাণুৰ ভৰ

উত্তৰ চাওক

উত্তৰ: (C) 1/12 × ¹²C এটা পৰমাণুৰ ভৰ

৪। ছ'ডিয়ামৰ পাৰমাণৱিক ভৰ 23u। 46g ছ'ডিয়ামত থকা ইয়াৰ ম'ল সংখ্যা হৈছে —

(A) 23 (B) 46 (C) 1 (D) 2

উত্তৰ চাওক

উত্তৰ: (D) 2

৫। ফেৰিক অক্সাইডৰ সংকেত হৈছে —

(A) FeO (B) FeO₂ (C) Fe₂O₃ (D) Fe₃O₄

উত্তৰ চাওক

উত্তৰ: (C) Fe₂O₃

৬। এলুমিনিয়াম অক্সাইডত এলুমিনিয়ামৰ যোজ্যতা হৈছে —

(A) 2 (B) 3 (C) 4 (D) 6

উত্তৰ চাওক

উত্তৰ: (B) 3

৭। তলত দিয়াবোৰৰ কোনটোৰ ভৰ আটাইতকৈ বেছি?

(A) 1g পৰমাণু ¹²C (B) 0.25 ম'ল CO₂ (C) 3.011 × 10²⁴ অণু H₂ (D) 4°C ত 1 mL পানী

উত্তৰ চাওক

উত্তৰ: (D) 4°C ত 1 mL পানী

৮। এভ'গেড্ৰ'ৰ ধ্ৰুৱকৰ মান —

(A) 6.022 × 10²⁴ (B) 6.022 × 10²² (C) 6.022 × 10²³ (D) 6.022 × 10²¹

উত্তৰ চাওক

উত্তৰ: (C) 6.022 × 10²³

৯। স্থিৰানুপাত সূত্ৰটো আগবঢ়াইছিল —

(A) John Dalton (B) Richter (C) Joseph Proust (D) Lavoisier

উত্তৰ চাওক

উত্তৰ: (C) Joseph Proust

১০। তলৰ কোনটো বহুপাৰমাণবিক আয়ন?

(A) Br⁻ (B) Na⁺ (C) NO₃⁻ (D) Zn²⁺

উত্তৰ চাওক

উত্তৰ: (C) NO₃⁻

5. গাণিতিক প্ৰশ্ন (Numerical Problems)

১: ¹²C সমস্থানিক এটা পৰমাণুৰ নিৰপেক্ষ ভৰ গণনা কৰা।
উত্তৰ: ¹²C ৰ গ্ৰাম পাৰমাণৱিক ভৰ = 12g = 6.022 × 10²³ টা পৰমাণু
∴ 1 টা ¹²C পৰমাণুৰ নিৰপেক্ষ ভৰ = 12 / (6.022 × 10²³) = 1.993 × 10⁻²³ g
২: 1 পাৰমাণৱিক ভৰ একক (1u) ক SI এককত প্ৰকাশ কৰা।
উত্তৰ: 1u = 1/12 × ¹²C ৰ এটা পৰমাণুৰ ভৰ = 1/12 × 1.993 × 10⁻²³ g = 1.66 × 10⁻²⁴ g = 1.66 × 10⁻²⁷ kg
৩: 10g কেলছিয়ামত কিমান ম'ল পৰমাণু আছে?
উত্তৰ: Ca ৰ পাৰমাণবিক ভৰ = 40g
40g Ca = 1 ম'ল
∴ 10g Ca = 10/40 = 0.25 ম'ল
৪: 0.9g এলুমিনিয়ামত কিমানটা পৰমাণু আছে গণনা কৰা।
উত্তৰ: Al ৰ পাৰমাণবিক ভৰ = 27g
27g Al ত পৰমাণুৰ সংখ্যা = 6.022 × 10²³
∴ 0.9g Al ত পৰমাণুৰ সংখ্যা = (6.022 × 10²³ / 27) × 0.9 = 2.007 × 10²²
৫: 4.9g ছালফিউৰিক এচিডত কিমান ম'ল আছে গণনা কৰা।
উত্তৰ: H₂SO₄ ৰ ম'লাৰ ভৰ = 2 × 1 + 32 + 4 × 16 = 98g
98g H₂SO₄ = 1 ম'ল
∴ 4.9g H₂SO₄ = 4.9/98 = 0.05 ম'ল
৬: 10g কেলছিয়াম কাৰ্বনেট (CaCO₃) ত কিমান অণু আছে গণনা কৰা।
উত্তৰ: CaCO₃ ৰ ম'লাৰ ভৰ = 40 + 12 + 3 × 16 = 100g
100g CaCO₃ ত অণুৰ সংখ্যা = 6.022 × 10²³
∴ 10g CaCO₃ ত অণুৰ সংখ্যা = (6.022 × 10²³ / 100) × 10 = 6.022 × 10²²
৭: 1.8g পানীত থকা পানীৰ অণু গণনা কৰা।
উত্তৰ: H₂O ৰ ম'লাৰ ভৰ = 18g
18g পানীত অণুৰ সংখ্যা = 6.022 × 10²³
∴ 1.8g পানীত অণুৰ সংখ্যা = (6.022 × 10²³ / 18) × 1.8 = 6.022 × 10²²
৮: 32g অক্সিজেনত কিমান গ্ৰাম পৰমাণু অক্সিজেন আছে?
উত্তৰ: O ৰ পাৰমাণবিক ভৰ = 16g
16g অক্সিজেনত গ্ৰাম পৰমাণুৰ সংখ্যা = 1
∴ 32g অক্সিজেনত গ্ৰাম পৰমাণুৰ সংখ্যা = 32/16 = 2
৯: 22g কাৰ্বন-ডাই-অক্সাইডত থকা গ্ৰামাণুৰ সংখ্যা গণনা কৰা।
উত্তৰ: CO₂ ৰ ম'লাৰ ভৰ = 12 + 2 × 16 = 44g
44g CO₂ ত গ্ৰামাণুৰ সংখ্যা = 1
∴ 22g CO₂ ত গ্ৰামাণুৰ সংখ্যা = 22/44 = 0.5
১০: 1 kg ছালফিউৰিক এচিডত ইয়াৰ কিমান গ্ৰামাণু আছে?
উত্তৰ: H₂SO₄ ৰ ম'লাৰ ভৰ = 98g
98g H₂SO₄ ত গ্ৰামাণুৰ সংখ্যা = 1
∴ 1000g H₂SO₄ ত গ্ৰামাণুৰ সংখ্যা = 1000/98 = 10.204

6. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)

🧠 আপোনাৰ মগজুক প্ৰত্যাহ্বান জনাওক!
১: ডেল্টনৰ পৰমাণুবাদৰ মূল স্বীকাৰ্যসমূহ কি কি?
(i) সকলো পদাৰ্থ পৰমাণুৰে গঠিত। (ii) পৰমাণু অবিভাজ্য। (iii) বেলেগ মৌলৰ পৰমাণুৰ ভৰ আৰু ধৰ্ম বেলেগ। (iv) যৌগ গঠনত পৰমাণু সৰল অনুপাতত যোজিত হয়। (v) নিৰ্দিষ্ট যৌগত পৰমাণুৰ অনুপাত স্থিৰ।
২: স্থিৰানুপাত বিধি আৰু ভৰৰ নিত্যতা বিধিৰ মাজত পাৰ্থক্য কি?
ভৰৰ নিত্যতা বিধিয়ে কয় যে বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ নহয়। স্থিৰানুপাত বিধিয়ে কয় যে এটা যৌগত মৌলসমূহৰ ভৰৰ অনুপাত সদায় নিৰ্দিষ্ট।
৩: এভ'গেড্ৰ' সংখ্যাৰ Significance কি?
এভ'গেড্ৰ' সংখ্যা (6.022 × 10²³) য়ে 1 ম'ল পদাৰ্থত থকা কণিকাৰ সংখ্যা সূচায়। ইয়াৰ দ্বাৰা ভৰ আৰু কণিকাৰ সংখ্যাৰ মাজত সম্পৰ্ক স্থাপন কৰিব পাৰি।
৪: ৰাসায়নিক সংকেত লিখোতে বন্ধনী কেতিয়া ব্যৱহাৰ কৰা হয়?
যেতিয়া এটা বহুপাৰমাণবিক আয়নৰ একাধিক কপি এটা যৌগত থাকে, তেতিয়া বন্ধনী ব্যৱহাৰ কৰা হয়। উদাহৰণ: Ca(OH)₂, Al₂(SO₄)₃।
৫: 1 ম'ল পানী আৰু 1 ম'ল হাইড্ৰ'জেন গেছৰ মাজত পাৰ্থক্য কি?
1 ম'ল পানী = 18g, 6.022 × 10²³ টা H₂O অণু। 1 ম'ল H₂ = 2g, 6.022 × 10²³ টা H₂ অণু। দুয়োটাৰে অণুৰ সংখ্যা একে কিন্তু ভৰ বেলেগ।

7. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক

🌍 ৰসায়ন বিজ্ঞানক জীৱনৰ সৈতে সংযোগ কৰা:
  • খাদ্য: কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি — সকলো অণুৰে গঠিত।
  • ঔষধ: ৰাসায়নিক সংকেতৰ দ্বাৰা ঔষধ প্ৰস্তুত।
  • উদ্যোগ: ৰাসায়নিক সংকেতৰ দ্বাৰা যৌগ প্ৰস্তুত।
  • পৰিৱেশ: CO₂, H₂O — ৰাসায়নিক সংকেত।
  • জীৱন: DNA, প্ৰ'টিন — অণুৰে গঠিত।
  • ইন্ধন: CH₄, C₂H₆ — হাইড্ৰ'কাৰ্বন।

Comments

Popular posts from this blog

Class 9 Science Chapter 10 Question Answer in Assamese | মহাকৰ্ষণ (Gravitation)

# Class 9 Science: Chapter 10 - মহাকৰ্ষণ Class 9 Science: Chapter 10 - মহাকৰ্ষণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 মহাকৰ্ষণ (Gravitation) — Page 132-134 পৃষ্ঠা নং: 132-134 📌 ঐতিহাসিক পৃষ্ঠভূমি: আমি জানো যে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে। বস্তু এটা ওপৰলৈ দলিয়াই দিলে ই এক বিশেষ উচ্চতাত উপনীত হয় আৰু তাৰ পিছত তললৈ পৰিবলৈ ধৰে। প্ৰবাদ আছে যে, নিউটন এদিন গছৰ তলত বহি থকাত আপেল এটা সৰি তেওঁৰ গাত পৰিল। তললৈ পৰা আপেলটোৱে নিউটনক ভাবাই তুলিলে। তেওঁ ভাবিবলৈ ধৰিলে— পৃথিৱীয়ে যদি আপেলটো আকৰ্ষণ কৰিব পাৰে তেন্তে চন্দ্ৰক আকৰ্ষণ কৰিব নোৱাৰিবনে? দুয়োটা ক্ষেত্ৰত আকৰ্ষণী বল একেই হ'বনে? তেওঁ অনুমান কৰিলে যে এই দুয়োটা ক্ষেত্ৰত একে ধৰণৰ বলেই ক্ৰিয়া কৰে। 📖 মহাকৰ্ষণ (Gravitation): বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বলক মহাকৰ্ষণ বল বোলে। 📖 অভিকেন্দ্ৰিক বল (Centripetal Force): বৃত্তীয় পথত ঘূৰি থকা বস্তু এটাৰ ওপৰত কেন্দ্ৰৰ দিশত ক্ৰিয়াশীল বলক অভিকেন্দ্ৰিক বল বোল...

Class 10 Science Chapter 1 Question Answers, Notes in Assamese | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | SEBA/ASSEB

Class 10 Science: Chapter 1 - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: এই অধ্যায়ত আমি ৰাসায়নিক বিক্ৰিয়া চিনাক্ত কৰা, ৰাসায়নিক সমীকৰণ লিখা আৰু সন্তুলিত কৰা, পাঁচ প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া (সংযোজন, বিযোজন, অপসৰণ, দ্বিঅপসৰণ, আৰু ৰেডক্স), আৰু দৈনন্দিন জীৱনত জাৰণৰ প্ৰভাৱ (ক্ষয়ীভৱন আৰু কটুতা) সম্পৰ্কে শিকিম। 1. ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Concept Notes) 1.1 ৰাসায়নিক বিক্ৰিয়া কি? ৰাসায়নিক বিক্ৰিয়াত মূল পদাৰ্থবোৰে (বিক্ৰিয়ক) ৰাসায়নিক পৰিৱৰ্তনৰ মাজেৰে নতুন গুণবিশিষ্ট নতুন পদাৰ্থ (বিক্ৰিয়াজাত পদাৰ্থ) সৃষ্টি কৰে। ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি কেনেকৈ জানিম? (পৰ্যবেক্ষণ) অৱস্থাৰ পৰিৱৰ্তন: যেনে, পানীৰ পৰা ভাপলৈ ৰূপান্তৰ। বৰ্ণ বা ৰং পৰিৱৰ্তন: যেনে, কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ডুবালে ৰঙচুৱা বাদামী হোৱা। গেছৰ নিৰ্গমন: যেনে, জিংকৰ সৈতে এচিডৰ বিক্ৰিয়াত বুদবুদ ওলোৱা। উষ্ণতাৰ পৰিৱৰ্তন: যেন...

Class 10 Science Chapter 16 Assamese Medium | প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Question Answer 2026

Class 10 Science: Chapter 16 - প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ 📌 অধ্যায়ৰ পৰিচয়: আমি নৱম শ্ৰেণীত মাটি, বায়ু আৰু পানী আদি প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ বিভিন্ন উপাংশসমূহ প্ৰকৃতিয়ে কেনেকৈ চক্ৰাকাৰে সবৰবাহ কৰি থাকে তাৰ বিষয়ে শিকি আহিছোঁ। আমাৰ কিছুমান কাৰ্যকলাপৰ কাৰণে কেনেদৰে এই প্ৰাকৃতিক সম্পদবোৰৰ প্ৰদূষণ হয় সেই সম্পৰ্কেও আমি আগৰ পাঠত পঢ়িছোঁ। এই অধ্যায়ত প্ৰাকৃতিক সম্পদবিলাকৰ কিছুমানত বিশেষ মনোযোগ দি সেইবোৰৰ দ্বাৰা আমি কেনেকৈ পৰিৱেশ সংৰক্ষণ কৰিব পাৰোঁ, আৰু আমাৰ প্ৰাকৃতিক সম্পদ যেনে বনাঞ্চলসমূহ, বন্যপ্ৰাণী, পানী, কয়লা আৰু পেট্ৰ'লিয়াম আদিৰ বিষয়ে আলোচনা কৰিম। পৃষ্ঠা নং: 271 1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা) 1.1 আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে? (Why Do We Need to Manage Our Resources?) — Page 271-272 পৃষ্ঠা নং: 271-272 সম্পদৰ প্ৰয়োজনীয়তা: আমি আমাৰ সম্পদৰাজি কিয় সযতনে ব্যৱহাৰ কৰিব লাগে? কাৰণ এই সম্পদৰাজি অসীমিত নহয়। লগতে মানুহৰ জনস্বাস্থ্য উন্নতিৰ কাৰণে জনসং...