Class 9 Science: Chapter 2 - আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?
ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ
1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)
1.1 বিশুদ্ধ পদাৰ্থ (Pure Substance) — Page 15
পৃষ্ঠা নং: 15
📌 বিশুদ্ধ পদাৰ্থ (Pure Substance): যিবোৰ পদাৰ্থত মাত্ৰ এটাই উপাদান থাকে আৰু যিবোৰৰ সংযুতি সকলো অংশতে একে, সেইবোৰক বিশুদ্ধ পদাৰ্থ বোলা হয়। উদাহৰণ: ছডিয়াম ক্ল'ৰাইড (NaCl), বৰফ, পানী, লো, পাৰা।
📌 মিশ্ৰণ (Mixture): দুটা বা ততোধিক বিশুদ্ধ পদাৰ্থৰ দ্বাৰা গঠিত পদাৰ্থক মিশ্ৰণ বোলে। প্ৰায়বিলাক প্ৰাকৃতিক পদাৰ্থ হ'ল মিশ্ৰণ। যেনে — সাগৰৰ পানী, খনিজ পদাৰ্থ, মাটি, বায়ু আদি।
1.2 মিশ্ৰণৰ প্ৰকাৰ (Types of Mixtures) — Page 15-16
পৃষ্ঠা নং: 15-16
উপাদানবোৰৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি মিশ্ৰণক দুটা শ্ৰেণীত ভাগ কৰিব পাৰি —
(i) সমসত্ব মিশ্ৰণ (Homogeneous Mixture): যিবোৰ মিশ্ৰণৰ সংযুতি সকলো অংশতে একে আৰু ৰং একে হয়, সেইবোৰক সমসত্ব মিশ্ৰণ বোলে। ইয়াত কণিকাবোৰ খালী চকুৰে দেখা নাযায়। উদাহৰণ: নিমখৰ পানী, চেনিৰ দ্ৰৱ, বায়ু, চ'ডা পানী, ভিনেগাৰ।
(ii) অসমসত্ব মিশ্ৰণ (Heterogeneous Mixture): যিবোৰ মিশ্ৰণৰ সংযুতি সকলো অংশতে একে নহয় আৰু ৰং বেলেগ বেলেগ হয়, সেইবোৰক অসমসত্ব মিশ্ৰণ বোলে। ইয়াত কণিকাবোৰ খালী চকুৰে দেখা যায়। উদাহৰণ: লোৰ গুড়ি আৰু নিমখ, নিমখ আৰু গন্ধক, পানী আৰু তেল।
| বৈশিষ্ট্য | সমসত্ব মিশ্ৰণ | অসমসত্ব মিশ্ৰণ |
| সংযুতি | সকলো অংশতে একে | সকলো অংশতে একে নহয় |
| ৰং | একে | বেলেগ বেলেগ |
| কণিকা | খালী চকুৰে দেখা নাযায় | খালী চকুৰে দেখা যায় |
| পোহৰৰ বিচ্ছুৰণ | নহয় | হয় |
| উদাহৰণ | নিমখৰ পানী, চেনিৰ দ্ৰৱ, বায়ু | লোৰ গুড়ি আৰু নিমখ, পানী আৰু তেল |
1.3 দ্ৰৱ, প্ৰলম্বন আৰু কলয়ড (Solution, Suspension and Colloid) — Page 16-18
পৃষ্ঠা নং: 16-18
🔬 কাৰ্যকলাপ 2.2 — দ্ৰৱ, প্ৰলম্বন আৰু কলয়ডৰ পৰীক্ষা:
পদ্ধতি:
• A দলক কপাৰ ছালফেটৰ কেইটামান স্ফটিক দিয়া।
• B দলক সম্পূৰ্ণ এচামুচ কপাৰ ছালফেট দিয়া।
• C দলক চকমাটি বা ময়দাৰ গুড়ি দিয়া।
• D দলক কেইটোপালমান গাখীৰ বা চিয়াঁহী দিয়া।
• প্ৰতিটো দলে দিয়া বস্তুবোৰ পানীত দি কাচৰ মাৰিৰে ভালদেৰ লৰাই দিয়া।
• মিশ্ৰণবিলাকত পদাৰ্থৰ কণিকাবোৰ দৃশ্যমান হ'বনে?
• বিকাৰৰ মাজেদি চিত লাইট মাৰি পোহৰ পাৰ হৈ যাবলৈ দিয়া — আনোৱা ফালৰ পৰা পোহৰৰ ৰশ্মিৰ পথ মন কৰা।
• মিশ্ৰণবোৰ কেইমিনিটমান লৰচৰ নকৰাকৈ থৈ দিয়া।
সিদ্ধান্ত:
• A আৰু B দলে একেটা দ্ৰৱ (Solution) পায়।
• C দলে পোৱা মিশ্ৰণটো প্ৰলম্বন (Suspension)।
• D দলে পোৱা মিশ্ৰণটো কলয়ডীয় দ্ৰৱ (Colloidal solution)।
📖 দ্ৰৱ বা দ্ৰৱণ (Solution): দুটা বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বোলে। ইয়াৰ সংযুতি সকলো অংশতে একে। উদাহৰণ: নেমুপানী, চ'ডাপানী, চেনিৰ দ্ৰৱ, নিমখৰ পানী। সংকৰ ধাতু (alloys) যেনে পিতল — গোটা দ্ৰৱ; বায়ু — গেছীয় দ্ৰৱ; গাখীৰ — তৰল দ্ৰৱ।
📖 সংকৰ ধাতু (Alloy): দুই বা ততোধিক ধাতু বা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বোলে। ইয়াক ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব নোৱাৰি। উদাহৰণ: পিতল (Brass) = 30% জিংক + 70% কপাৰ।
📖 প্ৰলম্বন (Suspension): যিবোৰ অসমসত্ব মিশ্ৰণত গোটা পদাৰ্থই তৰলত বিস্তাৰিত (dispersed) হৈ থাকে আৰু কণিকাবোৰ খালী চকুৰে দেখা যায়, সেইবোৰক প্ৰলম্বন বোলে। নোজোকাৰাকৈ থৈ দিলে কণিকাবোৰ তলত গোট মাৰে। উদাহৰণ: পানী আৰু বোকা, চকমাটি আৰু পানী।
| প্ৰলম্বনৰ ধৰ্ম (Properties of Suspension) |
| • প্ৰলম্বন এিবধ অসমসত্ব মিশ্ৰণ। |
| • প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখা যায়। |
| • কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰণ (scatter) ঘটায়। |
| • নোজোকাৰাকৈ থৈ দিলে কণিকাবোৰ তলত জমা হয় — অৰ্থাৎ অস্থিৰ। |
| • পৰিস্ৰাৱন প্ৰণালীৰে পৃথক কৰিব পাৰি। |
📖 কলয়ডীয় দ্ৰৱ (Colloidal Solution): যিবোৰ অসমসত্ব মিশ্ৰণত কণিকাবোৰৰ আকৃতি 1-100 nm ৰ ভিতৰত থাকে আৰু খালী চকুৰে মনিব নোৱাৰি, সেইবোৰক কলয়ডীয় দ্ৰৱ বোলে। ইয়াৰ কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে (টিণ্ডল প্ৰভাৱ)।
| কলয়ডীয় দ্ৰৱৰ ধৰ্ম (Properties of Colloid) |
| • কলয়ড অসমসত্ব মিশ্ৰণ। |
| • কলয়ডীয় কণিকাবোৰৰ আকাৰ 1-100 nm। |
| • ইহঁতক খালী চকুৰে মনিব নোৱাৰি। |
| • পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে — টিণ্ডল প্ৰভাৱ (Tyndall effect)। |
| • নোজোকাৰাকৈ থিদেলও কণিকাবোৰৰ অৱক্ষেপন নহয় — অৰ্থাৎ কলয়ডীয় দ্ৰৱ সুস্থিৰ। |
| • অপকেন্দ্ৰিক পদ্ধতিৰে পৃথক কৰিব পাৰি। |
🖼️ চিত্ৰ-2.3: (a) কপাৰ ছালফেটৰ দ্ৰৱণে টিণ্ডল প্ৰভাৱ নেদেখুৱায়। (b) গাখীৰৰ পানীৰ মিশ্ৰণত টিণ্ডল প্ৰভাৱ দেখি।
| বিস্তাৰিত প্ৰাৱস্থা | বিস্তাৰণ মাধ্যম | প্ৰকাৰ | উদাহৰণ |
| তৰল | গেছ | এৰ'চল | কুৱলী, মেঘ |
| গোটা | গেছ | এৰ'চল | ধোঁৱা, মটৰ গাড়ীৰ ধোঁৱা |
| গেছ | তৰল | ফেন (foam) | চেৰিং-ক্ৰীম |
| তৰল | তৰল | অৱপ্ৰৱ (Emulsion) | গাখীৰ, মুখত ঘঁহা ক্ৰীম |
| গোটা | তৰল | চ'ল (sol) | মেগনেছিয়াৰ দুগ্ধ, বোকা |
| গেছ | গোটা | ফেন | বৰব, স্পঞ্জ, পিউমিচ শিল |
| তৰল | গোটা | জেল (Gel) | জেলী, পিনৰ, মাখন |
| গোটা | গোটা | গোটা চ'ল | বতীন মিলমুক্তা, মিল্কী গ্লাচ |
1.4 মিশ্ৰণৰ উপাদানবোৰৰ পৃথকীকৰণ (Separating the Components of a Mixture) — Page 18-25
পৃষ্ঠা নং: 18-25
প্ৰকৃতিত পোৱা প্ৰায়বিলাক পদাৰ্থই ৰাসায়নিকভাৱে বিশুদ্ধ নহয়। এইবোৰ বিশুদ্ধ পদাৰ্থৰ মিশ্ৰণ। মিশ্ৰণৰ উপাদানবোৰ পৃথক কৰিবলৈ বিভিন্ন পদ্ধতি প্ৰয়োগ কৰা হয়।
🔬 কাৰ্যকলাপ 2.4 — বাষ্পীভৱন: এটা বিকাৰৰ আধা অংশলৈ পানী ভৰোৱা। বিকাৰৰ মুখত এখন নিৰীক্ষণ কাচ (Watch glass) দিয়া। নিৰীক্ষণ কাঁচখনত কেইটোপমান চিয়াঁহী দিয়া। এতিয়া বিকাৰটো গৰম কৰিবলৈ আৰম্ভ কৰা। চিয়াঁহীখিনি পোনে পোনে গৰম নকৰিবা। নিৰীক্ষণ কাচৰ পৰা বাষ্পীভৱন হোৱা দেখিবা।
সিদ্ধান্ত: চিয়াঁহী এিবধ বিশুদ্ধ পদাৰ্থ নে মিশ্ৰণ? আমি পাওঁ যে চিয়াঁহী পানী আৰু ৰঞ্জক (dye)ৰ মিশ্ৰণ। মিশ্ৰণ এটাৰ পৰা তাৰ উদ্বায়ী দ্ৰাৱক অংশ (Volatile solvent component) বাষ্পীভৱন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।
🔬 কাৰ্যকলাপ 2.5 — অপকেন্দ্ৰিক পদ্ধতি: এটা পৰীক্ষানলীত মাখনযুক্ত গাখীৰ লোৱা। অপকেন্দ্ৰিক যন্ত্ৰ (Centrifugal machine) এটাৰ সহায়ত পৰীক্ষানলীটো দুই মিনিট সময় ঘূৰোৱা।
সিদ্ধান্ত: জোৰেৰে ঘূৰালে গধুৰ কণিকাবোৰ পাত্ৰৰ তলিত জমা হয় আৰু পাতল কণিকাবোৰ ওপৰত ওপঙি থাকে। এই পদ্ধতিৰ দ্বাৰা দৈৰ পৰা মাখন পৃথক কৰিব পাৰি।
🔬 কাৰ্যকলাপ 2.6 — পৃথকীকৰণ চুপি: কেৰাছিন তেল আৰু পানীৰ মিশ্ৰণক পৃথকীকৰণ চুপি (Separating funnel) ব্যৱহাৰ কৰি পৃথক কৰা।
সিদ্ধান্ত: দুটা পৰস্পৰ মিহলি নোহোৱা তৰলক পৃথকীকৰণ চুপিৰ সহায়ত পৃথক কৰিব পাৰি। মূলনীতি: পৰস্পৰ মিহলি নোহোৱা তৰলবিলাক সিহঁতৰ ঘনত্ব অনুসৰি বিভিন্ন তৰপত পৃথক হয়।
🔬 কাৰ্যকলাপ 2.7 — বৰ্ণলেখন: ফিল্টাৰ কাগজৰ এডোখৰ পাতল ফিটা (Thin strip) লোৱা। ফিটাডালৰ তলফালৰ পৰা প্ৰায় 3 cm ওপৰত পেঞ্চিলেৰে এটা ৰেখা আঁকা। ৰেখাডালৰ ওপৰত ফিটাডালৰ সোঁমাজত ক্ষেপ পেন এটাৰ সহায়ত ক'লা চিয়াঁহী এটোপালেৰ এটা সুৰু ফোট দিয়া। ফোটটো গুৰাবলৈ দিয়া।
সিদ্ধান্ত: আমি ব্যৱহাৰ কৰা চিয়াঁহীত দ্ৰাৱক চিয়াঁহীত আছে পানী আৰু ৰঞ্জকটো পানীত দ্ৰৱীভূত হৈ আছে। ফিল্টাৰ কাগজৰ ওপৰ অংশলৈ পানী উঠি যাওঁতে লগত ৰঞ্জক পদাৰ্থৰ কণিকাবোৰো উঠি যায়। সাধাৰণতে ৰঞ্জক হ'ল দুই বা ততোধিক ৰঙৰ মিশ্ৰণ। বেছি মাত্ৰাই দ্ৰৱণীয় ৰঞ্জক উপাদানবোৰ আন ৰঞ্জক উপাদানতকৈ বেছি বেগেৰে ওপৰলৈ উঠি যাব পাৰে। এইদৰে ৰঞ্জকৰ উপাদানবোৰ পৃথক হৈ পৰে। এই পদ্ধতিক বৰ্ণলেখন (Chromatography) বুলি কোৱা হয়।
🔬 কাৰ্যকলাপ 2.8 — পাতন পদ্ধতি: এচিটন আৰু পানী মিশ্ৰণৰ পৰা উপাদান দুটা পৃথক কৰিবলৈ চেষ্টা কৰা যাওক। মিশ্ৰণটো এটা পাতন ফ্লাস্কত লোৱা। তাত এটা থাৰ্মমিটাৰ সংযোগ কৰা। পাতন যন্ত্ৰটো ঠিক ঠাক কৰা। পাতন ফ্লাস্কত থকা মিশ্ৰণটো লাহে লাহে গৰম কৰা — থাৰ্মমিটাৰ পাৰদৰ ওপৰত নজৰ ৰাখিবা।
সিদ্ধান্ত: এচিটন বাষ্পীভূত হৈ শীতক যন্ত্ৰৰ মাজেদি পাৰ হৈ যাওঁতে ঘনীভূত হ'ব আৰু গ্ৰাহক পাত্ৰত জমা হ'ব। পাতন ফ্লাস্কত পানীখিনি হৈ যাব। ওপৰৰ প্ৰক্ৰিয়াটোক পাতন (Distillation) বোলে।
🔬 কাৰ্যকলাপ 2.9 — স্ফটিকীকৰণ: টিনামাটিৰ পাত্ৰ এটাত প্ৰায় 5 গ্ৰাম পৰিমাণৰ অশুদ্ধযুক্ত কপাৰ ছালফেট লোৱা। ইয়াক নিম্নতম আয়তনৰ পানীত দ্ৰৱীভূত কৰা। অদ্ৰৱণীয় অশুদ্ধি (যদি থাকে) চেকি পৃথক কৰা। কপাৰ ছালফেটৰ দ্ৰৱণটো বাষ্পীভূত কৰি আয়তন কমোৱা আৰু সংপৃক্ত কৰি লোৱা। তাৰপিছত দ্ৰৱণটো ফিল্টাৰ কাগজেৰে ঢাকি ঠাণ্ডা হ'বলৈ দিয়া।
সিদ্ধান্ত: পাত্ৰত কপাৰ ছালফেটৰ স্ফটিক জমা হোৱা দেখিবলৈ পাবা। এই পদ্ধতিক স্ফটিকীকৰণ (Crystallisation) বোলে।
📖 আংশিক পাতন (Fractional Distillation): দুই বা ততোধিক পৰস্পৰ মিহলি হোৱা তৰলৰ উতলাংকৰ পাৰ্থক্য 25 K তকৈ কম হ'লে সিহঁতক পৃথক কৰিবলৈ আংশিক পাতন পদ্ধতি প্ৰয়োগ কৰা হয়। যেনে — বায়ুৰ পৰা বিভিন্ন গেছবোৰ পৃথক কৰিবলৈ আৰু খাৰুৱা তেলৰ পৰা পেট্ৰ'লিয়ামজাত পদাৰ্থবোৰ শোধনৰ দ্বাৰা পৃথক কৰিবলৈ।
📖 উৰ্ধপাতন (Sublimation): তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা পৰিৱৰ্তনক উৰ্ধপাতন বোলে। উদাহৰণ: এম'নিয়াম ক্ল'ৰাইড, কপূৰ, নেফথেলিন।
📝 পাঠ্যপুথিৰ প্ৰশ্নাৱলী (Page 20):
১। কেৰাছিন আৰু পেট্ৰ'লৰ (ইহঁতৰ উতলাংকৰ পাৰ্থক্য 25°C তকৈ বেছি।) মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা?
উত্তৰ: পাতন পদ্ধতিৰ দ্বাৰা।
২। তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।
(i) দৈৰ পৰা মাখন (butter)।
(ii) সাগৰৰ পানীৰ পৰা নিমখ।
(iii) নিমখৰ পৰা কৰ্পূৰ।
উত্তৰ: (i) অপকেন্দ্ৰিক পদ্ধতি (ii) বাষ্পীভৱন প্ৰক্ৰিয়া (iii) উৰ্ধপাতন প্ৰক্ৰিয়া।
৩। স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায়?
উত্তৰ: স্ফটিকীকৰণ পদ্ধতিৰে অশুদ্ধি থকা কঠিন পদাৰ্থ এটা বিশুদ্ধ গোটা স্ফটিক ৰূপত পৃথক কৰা হয়।
1.5 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন (Physical and Chemical Changes) — Page 25-26
পৃষ্ঠা নং: 25-26
বিশুদ্ধ পদাৰ্থ আৰু মিশ্ৰণৰ মাজৰ পাৰ্থক্য জানিবলৈ হ'লে আমি পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ পাৰ্থক্যত জ্ঞান থাকিব লাগিব।
📖 ভৌতিক ধৰ্ম (Physical Properties): যিবিলাক গুণ পৰ্যবেক্ষণ বা নিৰীক্ষণ কৰিব পাৰি আৰু সিহঁতক নিৰ্দিষ্ট কাৰণ চিনাক্ত কৰিব পাৰি যেনে ৰং, কঠিনতা (Hardness), দৃঢ়তা (Rigidity), প্ৰৱাহীতা (Fluidity), ঘনত্ব, গলনাংক, উতলাংক আদিক ভৌতিক ধৰ্ম বোলে।
📖 ভৌতিক পৰিৱৰ্তন (Physical Change): অৱস্থাৰ পৰিৱৰ্তনবোৰ হৈছে ভৌতিক পৰিৱৰ্তন। কাৰণ এই পৰিৱৰ্তনৰ সময়ত পদাৰ্থৰ আভ্যন্তৰীণ অথবা ৰাসায়নিক গুণৰ পৰিৱৰ্তন নঘটে। যদিও বৰফ, পানী আৰু জলীয় ভাপ দেখাত বেলেগ আৰু সিহঁতে বেলেগ বেলেগ ভৌতিক ধৰ্মৰ ওদেখুৱায়, সিহঁত ৰাসায়নিক দিশৰ পৰা একেই।
📖 ৰাসায়নিক পৰিৱৰ্তন (Chemical Change): যি পৰিৱৰ্তনত এিবধ পদাৰ্থই আনিবিধৰ লগত বিক্ৰিয়া কৰি ৰাসায়নিক সংযুতি সলনি হৈ নতুন পদাৰ্থ সৃষ্টি হয়, সেই পৰিৱৰ্তনক ৰাসায়নিক পৰিৱৰ্তন বোলে। ৰাসায়নিক পৰিৱৰ্তনক ৰাসায়নিক বিক্ৰিয়া বুলিও কোৱা হয়।
📝 পাঠ্যপুথিৰ প্ৰশ্নাৱলী (Page 25):
১। তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন?
• গছ কটা — ভৌতিক পৰিৱৰ্তন।
• কেৰাহি এখনত মাখন গলি যোৱা — ভৌতিক পৰিৱৰ্তন।
• আলমাৰিত মামৰ ধৰা — ৰাসায়নিক পৰিৱৰ্তন।
• পানী উতলাই জলীয় ভাপ কৰা — ভৌতিক পৰিৱৰ্তন।
• পানীৰ মাজেদি বিদ্যুৎ প্ৰৱাহিত কৰিলে হাইড্ৰ'জেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা — ৰাসায়নিক পৰিৱৰ্তন।
• পানীত নিমখ দ্ৰৱীভূত কৰা — ভৌতিক পৰিৱৰ্তন।
• কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা — ভৌতিক পৰিৱৰ্তন।
• কাগজ আৰু কাঠ পুৰিলে — ৰাসায়নিক পৰিৱৰ্তন।
1.6 বিশুদ্ধ পদাৰ্থৰ প্ৰকাৰ (Types of Pure Substances) — Page 26-29
পৃষ্ঠা নং: 26-29
📖 মৌল (Element): 1661 চনত ৰবাৰ্ট বয়লে (Robert Boyle) প্ৰথমে মৌল শব্দ ব্যৱহাৰ কৰিছিল। ফৰাচী ৰসায়নবিদ এণ্টন ল'ৰেণ্ট লেভইচিয়াৰ (Antoine Laurent Lavoisier) (1743-94) য়ে প্ৰথমবাৰৰ বাবে পৰীক্ষাভিত্তিক তথ্যৰ আধাৰত মৌলৰ সংজ্ঞা আগবঢ়াইছিল। তেওঁৰ সংজ্ঞামতে মৌল হ'ল পদাৰ্থৰ মূল বা আধাৰ (basic form) যাক কোনো ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা পুনঃ সৰলতৰ পদাৰ্থলৈ বিভাজিত কৰিব পৰা নাযায়।
মৌলবিলাকক সাধাৰণতে তিনিভাগত ভাগ কৰা হৈছে — ধাতু, অধাতু আৰু ধাতুকল্প (Metalloid)।
📖 ধাতুৰ ধৰ্ম (Properties of Metals):
• ধাতুবোৰৰ দ্যুতি বা চিকমিকনি (Lustre) আছে।
• ধাতুবোৰৰ ৰং পীতলীয়া, বগা, ধূসৰ বা ৰূপালী-হালধীয়া।
• ধাতুবোৰ তাপ আৰু বিদ্যুৎৰ সুপৰিবাহী।
• ধাতুবোৰৰ নমনীয়তা গুণ (Ductile) আছে। (টানি তাঁৰ বা শলৈল পৰিৱৰ্তন কৰিব পাৰি)
• ধাতুবোৰ ঘাত সহনশীল (Malleable)। (হাতুৰিৰে পিটিকৈ চেপেটা পাত বনাব পাৰি)
• ধাতুবোৰক কোবালে সুনাদী শব্দ কৰে (Sonorous)।
• উদাহৰণ: সোণ, ৰূপ, তাম, লো, ছ'ডিয়াম, পটাছিয়াম ইত্যাদি।
• পাৰা এেন এিবধ একমাত্ৰ ধাতু যি সাধাৰণ উষ্ণতাত (room temperature) তৰল।
📖 অধাতুৰ ধৰ্ম (Properties of Non-metals):
• অধাতুবোৰে বিভিন্ন ৰং দেখুৱায়।
• অধাতুবোৰ তাপ আৰু বিদ্যুৎৰ পৰিবাহী নহয় বা দুৰ্বল পৰিবাহী।
• অধাতুবোৰৰ দ্যুতি, সুনাদী বা ঘাত-সহনশীলতা গুণ নাই।
• উদাহৰণ: হাইড্ৰ'জেন, অক্সিজেন, আয়'ডিন, কাৰ্বন (কয়লা, হীৰা), হিলিয়াম, ক্ল'ৰিন ইত্যাদি।
📖 ধাতুকল্প (Metalloid): কিছুমান মৌলৰ ধৰ্ম ধাতু আৰু অধাতুৰ মাজত; এইবোৰক ধাতুকল্প বুলি কোৱা হয়। উদাহৰণ: বৰণ, চিলিকন, জাৰ্মেনিয়াম ইত্যাদি।
📌 মৌলৰ তথ্য:
• বৰ্তমান আৱিষ্কৃত মৌলৰ সংখ্যা এশতকৈও অধিক।
• 92 টা মৌল প্ৰাকৃতিক আৰু বাকীবিলাক মানুহে কৃত্ৰিমভাৱে প্ৰস্তুত কৰিছে।
• বৰ্তিভাগ মৌলই গোটা বা কঠিন।
• সাধাৰণ উষ্ণতাত এঘাৰটা মৌল গেছীয়।
• দুটা মৌল সাধাৰণ উষ্ণতাত তৰল — মাৰ্কিউৰী আৰু ব্ৰ'মিন।
• গেলিয়াম আৰু চিজিয়াম মৌল দুয়োটা সাধাৰণ উষ্ণতাতকৈ সামান্য উচ্চ উষ্ণতাত (303 K) তৰল হৈ পৰে।
📖 যৌগ (Compound): দুটা বা ততোধিক মৌলে ৰাসায়নিকভাৱে এক নিৰ্দিষ্ট অনুপাতত মিলিত হৈ এটা যৌগ গঠন কৰে। উদাহৰণ: পানী (H₂O), মিথেন (CH₄), কাৰ্বন ডাইঅক্সাইড (CO₂), কেলছিয়াম কাৰ্বনেট (CaCO₃)।
| মিশ্ৰণ | যৌগ |
| ১। মৌল বা যৌগবোৰ মাত্ৰ মিহলিহে হয়; কোনো নতুন পদাৰ্থ (যৌগ) উৎপন্ন নহয়। | ১। মৌলবোৰে বিক্ৰিয়া কৰি নতুন পদাৰ্থ উৎপন্ন কৰে। |
| ২। উপাদানবোৰৰ সংযুতি ভিন ভিন হ'ব পাৰে। | ২। প্ৰতিটো নতুন পদাৰ্থৰ উপাদানবোৰৰ সংযুতি সদায় নিৰ্দিষ্ট। |
| ৩। মিশ্ৰণে উপাদানবোৰৰ ধৰ্মক দেখুৱায়। | ৩। নতুন পদাৰ্থৰ ধৰ্ম সম্পূৰ্ণ বেলেগ। |
| ৪। উপাদানবোৰ ভৌতিক পদ্ধতিৰে এটাক আনটোৰ পৰা সহজে পৃথক কৰিব পাৰি। | ৪। উপাদানবোৰ ৰাসায়নিক বা বিদ্যুৎ ৰাসায়নিক পদ্ধতিৰ দ্বাৰাহে পৃথক কৰিব পাৰি। |
🖼️ চিত্ৰ: পদাৰ্থৰ শ্ৰেণীবিভাজন — পদাৰ্থ (গোটা, তৰল বা গেছ) → বিশুদ্ধ পদাৰ্থ (মৌল, যৌগ) আৰু মিশ্ৰণ (সমসত্ব, অসমসত্ব)।
2. পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
2.1 পাঠ্যপুথিৰ ভিতৰৰ প্ৰশ্ন (In-Text Questions)
প্ৰশ্ন ১: পদাৰ্থ বুলিলে কি বুজায়?
উত্তৰ: যিবোৰৰ ভৰ আছে আৰু যিবোৰে ঠাই আগুৰে সেইবোৰকে পদাৰ্থ বোলা হয়।
প্ৰশ্ন ২: সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।
উত্তৰ:
(i) সমসত্ব মিশ্ৰণত সংযুতি একে আৰু অসমসত্ব মিশ্ৰণত সংযুতি একে নহয়।
(ii) সমসত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে হয়। কিন্তু অসমসত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে নহয়।
(iii) সমসত্ব মিশ্ৰণত পদাৰ্থৰ কণিকাবোৰ দ্ৰৱণটোৰ সকলো অংশতে সমভাৱে বিস্তাৰিত হৈ থাকে কিন্তু অসমসত্ব মিশ্ৰণত নাথাকে।
প্ৰশ্ন ৩: উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা।
উত্তৰ:
(i) দ্ৰৱণৰ এটা ধৰ্ম হ'ল সমসত্ব মিশ্ৰণ। আনহাতে প্ৰলম্বনৰ ধৰ্ম হ'ল অসমসত্ব মিশ্ৰণ। উদাহৰণস্বৰূপে: পানী আৰু চেনিৰ মিশ্ৰণ, চকমাটি আৰু ময়দাৰ গুড়ি।
(ii) সমসত্ব মিশ্ৰণত দ্ৰৱণৰ কণিকাবোৰ খালী চকুৰে দেখা পোৱা নাযায়। আনহাতে, অসমসত্ব মিশ্ৰণত প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায়।
(iii) সমসত্ব দ্ৰৱণত দ্ৰৱ্যৰ কণিকাবোৰ সৰু হোৱাৰ বাবে ইহঁতে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে। গতিকে দ্ৰৱণৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মি দৃশ্যমান নহয়। আনহাতে অসমসত্ব মিশ্ৰণত প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰে আৰু পোহৰ ৰশ্মি গতি দৃশ্যমান কৰি তোলে।
(iv) পৰিস্ৰাৱণ প্ৰণালীৰে সমসত্ব মিশ্ৰণ পৃথক কৰিব নোৱাৰি। আনহাতে, অসমসত্ব মিশ্ৰণ পৃথক কৰিব পাৰি।
সমসত্ব মিশ্ৰণৰ উদাহৰণ: কপাৰ ছালফেট আৰু পানী, চেনি আৰু পানী।
অসমসত্ব মিশ্ৰণৰ উদাহৰণ: চকমাটি আৰু ময়দাৰ গুড়ি, গাখীৰ আৰু চিয়াঁহী।
প্ৰশ্ন ৪: কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি?
উত্তৰ:
| কলয়ড | দ্ৰৱণ | প্ৰলম্বন |
| কলয়ড অসমসত্ব মিশ্ৰণ। | দ্ৰৱণ সমসত্ব মিশ্ৰণ। | প্ৰলম্বন অসমসত্ব মিশ্ৰণ। |
| কলয়ড খালী চকুৰে মনিব নোৱাৰি। | দ্ৰৱণ খালী চকুৰে মনিব নোৱাৰি। | প্ৰলম্বন খালী চকুৰে মনিব পাৰি। |
| পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে আৰু টিণ্ডল ক্ৰিয়া হয়। | পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে। | পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে। |
| পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব নোৱাৰি। | পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব নোৱাৰি। | পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব পাৰি। |
| দ্ৰৱণৰ কণিকাবোৰ সুস্থিৰ। | দ্ৰৱণৰ কণিকাবোৰ সুস্থিৰ। | দ্ৰৱণৰ কণিকাবোৰ অস্থিৰ। |
প্ৰশ্ন ৫: 293 K উষ্ণতাত 100 mL পানীত 36 g ছডিয়াম ক্ল'ৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গ'লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা।
উত্তৰ:
ইয়াত, দ্ৰৱ্যৰ ভৰ ছডিয়াম ক্ল'ৰাইড (NaCl) = 36 g
দ্ৰাৱক পানীৰ ভৰ = 100 mL
আমি জানো যে,
দ্ৰৱণৰ ভৰ = দ্ৰৱ্যৰ ভৰ + দ্ৰাৱকৰ ভৰ
= 36 g + 100 mL = 136 g
∴ দ্ৰৱণটোৰ গাঢ়তা = (দ্ৰৱ্যৰ ভৰ / দ্ৰৱণৰ ভৰ) × 100
= (36/136) × 100 = 26.47%
2.2 অনুশীলনীৰ প্ৰশ্নোত্তৰ (Page 15-17)
পৃষ্ঠা নং: 15-17
প্ৰশ্ন ১: তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা?
(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্ল'ৰাইড — বাষ্পীভৱন পদ্ধতি।
(b) ছ'ডিয়াম ক্ল'ৰাইড আৰু এম'নিয়াম ক্ল'ৰাইড মিশ্ৰণৰ পৰা এম'নিয়াম ক্ল'ৰাইড — উৰ্ধপাতন পদ্ধতি।
(c) গাড়ীৰ ইঞ্জিন-তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা — ফিল্টাৰ কৰা পদ্ধতি।
(d) ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ — বৰ্ণলেখন পদ্ধতি।
(e) দৈৰ পৰা মাখন — অপকেন্দ্ৰিক পদ্ধতি।
(f) পানীৰ পৰা তেল — পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা পদ্ধতি।
(g) চাহৰ পৰা চাহপাত — ফিল্টাৰ কৰা পদ্ধতি।
(h) বালিৰ পৰা লোৰ পিন — চুম্বকৰ সহায়ত পৃথকীকৰণ কৰা পদ্ধতি।
(i) চোকোৰাৰ পৰা গমৰ গুটি — জৰা প্ৰক্ৰিয়াৰ দ্বাৰা।
(j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সুক্ষ্ম কণিকাবোৰ — পৰিস্ৰাৱণ পদ্ধতি।
প্ৰশ্ন ২: একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰৱ্য, দ্ৰৱীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয় পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা।
উত্তৰ:
একাপ চাহ বনাবলৈ প্ৰয়োজনীয় হোৱা দ্ৰৱ্য আৰু পদ্ধতি হ'ল (i) পানী (ii) গাখীৰ (iii) চেনি (iv) চাহপাত (v) এটা পাত্ৰ (vi) ইন্ধন আৰু (vii) এটা কাপ।
ইয়াত,
দ্ৰৱণ হৈছে — পানী, চেনি মিশ্ৰণ
দ্ৰাৱক হৈছে — পানী
দ্ৰৱ্য হৈছে — চেনি, চাহপাত, গাখীৰ
দ্ৰৱীভূত হৈছে — গৰম হোৱা পানীখিনিত চেনি, চাহপাত, গাখীৰ মিশ্ৰিত হোৱা কাৰ্যটো।
দ্ৰৱণীয় হৈছে — দ্ৰৱত দ্ৰৱীভূত হৈ থকা দ্ৰৱ্যৰ পৰিমাণ
অদ্ৰৱণীয় পৰিশ্ৰুত — কাপত চেকি লোৱা চাহ
অৱশেষ হৈছে — ৰৈ যোৱা চাহপাতৰ অৱশিষ্টখিনি।
প্ৰশ্ন ৩: প্ৰজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে।
(a) পটেছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313 K উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটেছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব?
উত্তৰ: 313 K উষ্ণতাত 100 গ্ৰাম পানীত সংপৃক্ত কৰিবলৈ পটেছিয়াম নাইট্ৰেট (KNO₃) লাগে = 62 গ্ৰাম।
313 K উষ্ণতাত 1 গ্ৰাম পানী সংপৃক্ত কৰিবলৈ (KNO₃) লাগে = 62/100 গ্ৰাম।
313 K উষ্ণতাত 50 গ্ৰাম পানী সংপৃক্ত কৰিবলৈ (KNO₃) লাগে = (62/100) × 50 = 31 গ্ৰাম।
(b) 353 K উষ্ণতাত প্ৰজ্ঞাই পটেছিয়াম ক্ল'ৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ থৈ দিলে। দ্ৰৱটো ঠাণ্ডা হ'লে তেওঁ কি দেখিব? ব্যাখ্যা কৰা।
উত্তৰ: আমি জানো যে, দ্ৰৱৰ উষ্ণতা কম হ'লে দ্ৰৱৰ দ্ৰৱণীয়তা কম হয়। 353 K উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ নিলে দ্ৰৱণীয়তা হ্ৰাস পাব আৰু পটেছিয়াম ক্ল'ৰাইডৰ স্ফটিকবোৰ পাত্ৰৰ তলিত জমা হ'ব।
(c) প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293 K ত নিৰ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি?
উত্তৰ: 293 K ত প্ৰতিটো দ্ৰৱৰ দ্ৰৱণীয়তা হ'ল —
পটেছিয়াম নাইট্ৰেট: 32
ছডিয়াম ক্ল'ৰাইড: 36
পটেছিয়াম ক্ল'ৰাইড: 35
এম'নিয়াম ক্ল'ৰাইড: 37
293 K ত দ্ৰৱৰ দ্ৰৱণীয়তা এম'নিয়াম ক্ল'ৰাইডৰ বেছি।
(d) লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা।
উত্তৰ: উষ্ণতা বৃদ্ধি হ'লে লৱণৰ কণিকাবোৰ পানীৰ কণিকাবোৰৰ মাজৰ খালী স্থানত বেছিকৈ সোমাই পৰে। গতিকে উষ্ণতা বৃদ্ধি হ'লে দ্ৰৱৰ দ্ৰৱণীয়তা বাঢ়ি যায়।
প্ৰশ্ন ৪: উদাহৰণ দি ব্যাখ্যা কৰা — (a) সংপৃক্ত দ্ৰৱ (b) বিশুদ্ধ পদাৰ্থ (c) কলয়ড (d) প্ৰলম্বন
(a) সংপৃক্ত দ্ৰৱ: এটা নিৰ্দিষ্ট উষ্ণতাত, এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰৱ্য দ্ৰৱীভূত হৈ থাকিলে তাক "সংপৃক্ত দ্ৰৱ" বোলা হয়। দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰৱ্যহে দ্ৰৱীভূত হয়। তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱ বোলা হয়। উদাহৰণস্বৰূপে, 100 mL পানীত 36 g NaCl মিলাব পাৰি।
(b) বিশুদ্ধ পদাৰ্থ: যিবোৰ পদাৰ্থ একে অণুৰ দ্বাৰা গঠিত, তাকেই "বিশুদ্ধ পদাৰ্থ" বুলি কোৱা হয়। এটা বিশুদ্ধ পদাৰ্থ সদায় নিৰ্দিষ্ট উষ্ণতাত গলে। কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশুদ্ধ পদাৰ্থৰ পৰা আন কোনো পদাৰ্থক পৃথক কৰিব নোৱাৰি। উদাহৰণস্বৰূপে, বিশুদ্ধ বৰফ সদায় 0°C উষ্ণতাত গলে আৰু পানী সদায় 100°C উষ্ণতাত উতলে।
(c) কলয়ড: কলয়ডীয় কণিকাবোৰ সমগ্ৰ দ্ৰৱণটোতে সুষমভাৱে বিস্তাৰিত হৈ থাকে। কলয়ডীয় দ্ৰৱ এটা অসমসত্ব মিশ্ৰণ। ইয়াৰ কণিকাবোৰ বৰ সৰু। ইহঁতক খালী চকুৰে মনিব নোৱাৰি। কিন্তু পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে। অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা ইয়াক পৃথক কৰিব পাৰি। যেনে — গাখীৰ আৰু পানীৰ মিশ্ৰণ।
(d) প্ৰলম্বন: যিবোৰ অসমসত্ব মিশ্ৰণত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায়, সেইবোৰ মিশ্ৰণক "প্ৰলম্বন" বোলা হয়। নোজোকাৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলত গোট মাৰে। তৰলটো সাৱধানে ঢালি প্ৰলম্বন এটাৰ কণিকাবোৰক পৃথক কৰিব পৰা যাব। প্ৰলম্বিত কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে। উদাহৰণস্বৰূপে, বোকাৰ মিশ্ৰণ আৰু পানী।
প্ৰশ্ন ৫: তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভূক্ত কৰা — চ'ডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকিলোৱা চাহ।
উত্তৰ:
সমসত্ব: চ'ডা পানী, ভিনেগাৰ, চেকিলোৱা চাহ।
অসমসত্ব: কাঠ, বায়ু, মাটি।
প্ৰশ্ন ৬: তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা?
উত্তৰ: বায়ুমণ্ডলীয় চাপত যদি তৰলখিনিৰ উতলাংক 100°C হয়, তেন্তে তৰলখিনি বিশুদ্ধ পানী আৰু যদিহে তৰলখিনিৰ উতলাংক 100°C তকৈ বেছি হয় তেতিয়া ই বিশুদ্ধ পানী নহয়। বিশুদ্ধ পানীৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি।
প্ৰশ্ন ৭: তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ "বিশুদ্ধ পদাৰ্থৰ" শাৰীত পৰিব? (a) বৰফ (b) গাখীৰ (c) লো (d) হাইড্ৰ'ক্ল'ৰিক এচিড (e) কেলছিয়াম অক্সাইড (f) পাৰা (g) ইটা (h) কাঠ (i) বায়ু
উত্তৰ: (a) বৰফ — বিশুদ্ধ পদাৰ্থ (b) গাখীৰ — বিশুদ্ধ পদাৰ্থ নহয় (c) লো — বিশুদ্ধ পদাৰ্থ (d) হাইড্ৰ'ক্ল'ৰিক এচিড — বিশুদ্ধ পদাৰ্থ (e) কেলছিয়াম অক্সাইড — বিশুদ্ধ পদাৰ্থ (f) পাৰা — বিশুদ্ধ পদাৰ্থ (g) ইটা — বিশুদ্ধ পদাৰ্থ নহয় (h) কাঠ — বিশুদ্ধ পদাৰ্থ নহয় (i) বায়ু — বিশুদ্ধ পদাৰ্থ নহয়।
প্ৰশ্ন ৮: তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা — (a) মাটি (b) সাগৰৰ পানী (c) বায়ু (d) কয়লা (e) চ'ডা পানী
উত্তৰ: (b) সাগৰৰ পানী (c) বায়ু (e) চ'ডা পানী।
প্ৰশ্ন ৯: তলৰ কোনটোৱে "টিণ্ডল প্ৰভাৱ" দেখুৱায়? (a) লৱণৰ দ্ৰৱ (b) গাখীৰ (c) কপাৰ ছালফেটৰ দ্ৰৱণ (d) ষ্টাৰ্চৰ দ্ৰৱণ
উত্তৰ: (b) গাখীৰ।
প্ৰশ্ন ১০: তলৰ দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভূক্ত কৰা। (a) চ'ডিয়াম (b) মাটি (c) চেনিৰ দ্ৰৱণ (d) ছিলভাৰ (e) কেলছিয়াম কাৰ্বনেট (f) টিন (g) ছিলিকন (h) কয়লা (i) বায়ু (j) চাবোন (k) মিথেন (l) কাৰ্বন ডাইঅক্সাইড (m) তেজ
উত্তৰ:
মৌল: (a) চ'ডিয়াম, (d) ছিলভাৰ, (f) টিন, (g) ছিলিকন।
যৌগ: (e) কেলছিয়াম কাৰ্বনেট, (k) মিথেন, (l) কাৰ্বন ডাইঅক্সাইড।
মিশ্ৰণ: (b) মাটি, (c) চেনিৰ দ্ৰৱণ, (h) কয়লা, (i) বায়ু, (j) চাবোন, (m) তেজ।
প্ৰশ্ন ১১: তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন? (a) উদ্ভিদৰ বৃদ্ধি (b) লোত মামৰে ধৰা (c) লোৰ গুড়ি আৰু বালি মিহলিকৰণ (d) খাদ্য ৰন্ধন (e) খাদ্য হজম হোৱা (f) পানী গোট মৰা (g) মমবাতি জ্বলোৱা
উত্তৰ: (a) উদ্ভিদৰ বৃদ্ধি (b) লোত মামৰে ধৰা (d) খাদ্য ৰন্ধন (e) খাদ্য হজম হোৱা (g) মমবাতি জ্বলোৱা।
3. অতিৰিক্ত প্ৰশ্নোত্তৰ (Additional Questions)
১: মিশ্ৰণ কি?
দুটা বা ততোধিক বিশুদ্ধ উপাদানৰ দ্বাৰা গঠিত হোৱা পদাৰ্থই হৈছে মিশ্ৰণ।
২: যৌগিক পদাৰ্থ কি? উদাহৰণ দিয়া।
দুই বা ততোধিক মৌলৰ মাজৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা নতুন পদাৰ্থবোৰক যৌগিক পদাৰ্থ বোলা হয়। যেনে — বায়ুত কাৰ্বন জ্বলালে আমি কাৰ্বন-ডাই-অক্সাইড পাওঁ। কাৰ্বন-ডাই-অক্সাইড যৌগ।
৩: মৌল কি? উদাহৰণ দিয়া।
মৌলবোৰ হৈছে সৰল পদাৰ্থ যাক অন্য পদাৰ্থলৈ ভাঙিব নোৱাৰি। যেনে — অক্সিজেন, হাইড্ৰ'জেন, কাৰ্বন, জিংক।
৪: মিশ্ৰণৰ প্ৰকাৰসমূহ কি কি?
(i) গোটা-গোটা মিশ্ৰণ (ii) গোটা-তৰল মিশ্ৰণ (iii) তৰল-তৰল মিশ্ৰণ (iv) গোটা-গেছ মিশ্ৰণ (v) তৰল-গেছ মিশ্ৰণ (vi) গেছ-গেছ মিশ্ৰণ।
৫: সংকৰ ধাতু কি? উদাহৰণ দিয়া।
সংকৰ ধাতুবোৰ দুই বা ততোধিক ধাতুৰ বা এটা ধাতু আৰু আন এটা অধাতুৰ মিশ্ৰণ। উদাহৰণস্বৰূপে পিতল কপাৰ আৰু জিংকৰ সংকৰ ধাতু। তীখা লো আৰু কাৰ্বনৰ সংকৰ ধাতু।
৬: তলত দিয়া মিশ্ৰণবোৰৰ প্ৰকাৰ কি? বায়ু, গাখীৰ, মৃদু পানীয়, নিস্কলংক তীখা, ধোঁৱা
বায়ু — গেছ-গেছ মিশ্ৰণ। গাখীৰ — গোটা-তৰল মিশ্ৰণ। মৃদু পানীয় — তৰল-গেছ মিশ্ৰণ। নিস্কলংক তীখা — গোটা-গোটা মিশ্ৰণ। ধোঁৱা — গোটা-গেছ মিশ্ৰণ।
৭: দ্ৰৱ, দ্ৰাৱক আৰু দ্ৰৱ্য কাক বোলে? উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।
দ্ৰৱ: দুটা বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক দ্ৰৱ বুলি কোৱা হয়। দ্ৰৱ এটাৰ সংযুতি ইয়াৰ সকলো অংশতে একে হয়।
দ্ৰাৱক: দ্ৰৱ এটাত যিটো উপাদানে অন্য উপাদানক দ্ৰৱীভূত কৰে আৰু যিটো উপাদানৰ পৰিমাণ বেছি তাক দ্ৰাৱক বোলে।
দ্ৰৱ্য: দ্ৰৱ এটাত যিটো উপাদান দ্ৰৱীভূত হয় আৰু যাৰ পৰিমাণ কম তাক দ্ৰৱ্য বোলে।
উদাহৰণ: এচামুচ চেনি এগিলাচ পানীত মিহলি কৰিলে পানী আৰু চেনীৰ এটা দ্ৰৱ পোৱা যায়। ইয়াত পানীখিনি দ্ৰাৱক আৰু চেনীখিনি দ্ৰৱ্য।
৮: তলত দিয়াবোৰ সমসত্ব আৰু অসমসত্ব হিচাপে শ্ৰেণীবিভাগ কৰা। শিল, তীখা, পিতল, পেট্ৰ'ল আৰু কেৰাছিনৰ মিশ্ৰণ, তেল আৰু পানীৰ মিশ্ৰণ, বায়ু।
শিল — অসমসত্ব। তীখা — সমসত্ব। পিতল — সমসত্ব। পেট্ৰ'ল আৰু কেৰাছিনৰ মিশ্ৰণ — সমসত্ব। তেল আৰু পানীৰ মিশ্ৰণ — অসমসত্ব। বায়ু — সমসত্ব।
৯: দ্ৰৱণীয়তা কাক বোলে? উষ্ণতা বৃদ্ধিৰ সৈতে তৰলৰ দ্ৰৱণীয়তাৰ সম্পৰ্ক কি?
দ্ৰাৱক এটাৰ নিৰ্দিষ্ট পৰিমাণত দ্ৰৱ্য পদাৰ্থৰ সৰ্বাধিক পৰিমাণৰ দ্ৰৱীভূত হোৱা পৰিমাণটোৱেই পদাৰ্থৰ দ্ৰৱণীয়তা। উষ্ণতা বৃদ্ধি কৰিলে কোনো তৰলত পদাৰ্থ এটাৰ দ্ৰৱণীয়তা বাঢ়ে। গতিকে উষ্ণ তৰল এটাই বেছি পৰিমাণৰ দ্ৰৱ্য দ্ৰৱীভূত কৰিব পাৰে। অৱশ্যে গেছ এটাৰ দ্ৰৱণীয়তা তৰল পদাৰ্থৰ উষ্ণতা বৃদ্ধিৰ লগে লগে কমে।
১০: পানীৰ উষ্ণতা বৃদ্ধিয়ে জলজ প্ৰাণীবোৰৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে?
গেছ এটাৰ দ্ৰৱণীয়তা তৰল পদাৰ্থৰ উষ্ণতাৰ বৃদ্ধিৰ লগে লগে কমে। মাছ আৰু অন্যান্য জলজ প্ৰাণীবোৰ জীয়াই থকাটো নিৰ্ভৰ কৰে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ ওপৰত। পানীৰ উষ্ণতা অতি বেছি হ'লে দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ কমি যায়। এনে অৱস্থা জলজ প্ৰাণীবোৰৰ বাবে মৃত্যুৰ কাৰণ হৈ পৰে।
১১: উৰ্ধপাতিত হোৱা তিনিবিধ পদাৰ্থৰ নাম লিখা।
এম'নিয়াম ক্ল'ৰাইড, কপূৰ আৰু নেফথেলিন।
১২: কেইবাটাও তৰলৰ মিশ্ৰণক পৃথক কৰিবলৈ প্ৰয়োগ কৰা প্ৰক্ৰিয়াটোৰ নাম কি?
আংশিক পাতন (Fractional distillation)।
১৩: মিশ্ৰণ এটাৰ পৰা পৰস্পৰে মিহলি নোহোৱা দুটা তৰল কেনেদৰে পৃথক কৰিব পাৰি?
দুটা পৰস্পৰে মিহলি নোহোৱা তৰলক পৃথকীকৰণ চুপিৰ সহায়ত পৃথক কৰিব পাৰি।
১৪: নেফথেলিন আৰু লৱণৰ মিশ্ৰণ এটা কেনেকৈ পৃথক কৰিবা?
উৰ্ধপাতন প্ৰক্ৰিয়াৰে নেফথেলিন আৰু লৱণৰ মিশ্ৰণ পৃথক কৰিব পাৰি।
১৫: বৰ্ণলেখন কাক কয়?
বিভিন্ন ৰঙৰ মিশ্ৰণৰ পৰা ৰঙবোৰ পৃথক কৰা পদ্ধতিক বৰ্ণলেখন বোলে।
১৬: বিশুদ্ধ গোটা পদাৰ্থ কেনেদৰে চিনাক্ত কৰিব পাৰি?
বিশুদ্ধ গোটা পদাৰ্থ এক নিৰ্দিষ্ট উষ্ণতাত গলে। এই নিৰ্দিষ্ট উষ্ণতাটোক গলনাংক বোলে। আনহাতে অশুদ্ধ গোটা পদাৰ্থ এটা ইয়াৰ গলনাংকৰ তলত গলে।
১৭: বিশুদ্ধ দ্ৰৱৰ বিশেষত্ববোৰ কি কি?
(i) বিশুদ্ধ দ্ৰৱ কেৱল একেবিধ অনুৰ দ্বাৰা গঠিত। (ii) বিশুদ্ধ দ্ৰৱ এক নিৰ্দিষ্ট উষ্ণতাত গলে আৰু উতলে।
১৮: গেছ এটাৰ পৰা গোটা পদাৰ্থ এটা পৃথক কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৰ নাম কি?
পৰিস্ৰাৱন।
১৯: খালী ঠাই পূৰণ কৰা।
(a) পদাৰ্থই —— অধিকাৰ কৰে আৰু —— আছে। — ঠাই; ভৰ
(b) প্ৰকৃতিৰ প্ৰায়বোৰ পদাৰ্থই হৈছে —— । — মিশ্ৰণ
(c) সমান সংযুতি থকা মিশ্ৰণ এটা হৈছে —— মিশ্ৰণ। — সমসত্ব
(d) —— বোৰ খনিজ পদাৰ্থৰ মিশ্ৰণ। — খাৰুৱা তেল
(e) পিতল আৰু —— ৰ সংকৰ ধাতু। — কপাৰ; জিংক
(f) সংকৰ ধাতুবোৰ —— মিশ্ৰণ। — সমসত্ব
(g) ধোঁৱা আৰু —— মিশ্ৰণ। — বায়ু; কাৰ্বন
(h) বালি আৰু এম'নিয়াম ক্ল'ৰাইডৰ মিশ্ৰণ, এটাক —— দ্বাৰা পৃথক কৰিব পাৰি। — উৰ্ধপাতন
(i) ক'লা চিয়াঁহীৰ ৰংবোৰ —— ৰ দ্বাৰা পৃথক কৰিব পাৰি। — বৰ্ণলেখন
(j) —— ৰ দ্বাৰা বায়ুৰ উপাদানবোৰ পৃথক কৰিব পাৰি। — আংশিক পাতন
২০: শুদ্ধ উত্তৰ বাছি উলিওৱা।
(a) সংকৰ ধাতুবোৰ হৈছে — (i) বিশুদ্ধ পদাৰ্থ (ii) মৌল (iii) সমসত্ব মিশ্ৰণ (iv) অসমসত্ব মিশ্ৰণ — (iii) সমসত্ব মিশ্ৰণ
(b) চক আৰু চেনিৰ মিশ্ৰণ এটা পৃথক কৰিব পাৰি — (i) পাতন প্ৰথাৰে (ii) বৰ্ণলেখন পদ্ধতিৰে (iii) পৰিস্ৰাৱণ প্ৰথাৰে (iv) স্ফটিকীকৰণ প্ৰথাৰে — (iii) পৰিস্ৰাৱণ প্ৰথাৰে
(c) বায়ুৰ প্ৰধান উপাদানবোৰ — (i) নাইট্ৰ'জেন আৰু অক্সিজেন (ii) অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড (iii) অক্সিজেন আৰু জলীয় বাষ্প (iv) নাইট্ৰ'জেন আৰু কাৰ্বন-ডাই-অক্সাইড — (i) নাইট্ৰ'জেন আৰু অক্সিজেন
(d) বিশুদ্ধ পানী — (i) এটা মৌল (ii) এটা যৌগ (iii) এটা সমসত্ব মিশ্ৰণ (iv) এটা কলয়ডীয় দ্ৰৱ — (ii) এটা যৌগ
(e) গাখীৰ কেনে ধৰণৰ মিশ্ৰণ? (i) দুই বা ততোধিক তৰলৰ (ii) দুই বা ততোধিক মিহলি নোহোৱা তৰলৰ (iii) গোটা আৰু তৰলৰ (iv) তৰল আৰু গেছৰ — (iii) গোটা আৰু তৰলৰ
২১: দুটা সমসত্ব মিশ্ৰণৰ উদাহৰণ দিয়া।
(i) নিমখৰ পানী (ii) চেনিৰ দ্ৰৱ।
২২: দুটা অসমসত্ব মিশ্ৰণৰ উদাহৰণ দিয়া।
(i) লোৰ গুড়ি আৰু নিমখ (ii) নিমখ আৰু গন্ধক।
২৩: এিবধ গোটা দ্ৰৱ, এিবধ গেছীয় দ্ৰৱ আৰু এিবধ তৰল দ্ৰৱৰ উদাহৰণ দিয়া।
গোটা দ্ৰৱ — পিতল (সংকৰ ধাতু)। গেছীয় দ্ৰৱ — বায়ু। তৰল দ্ৰৱ — গাখীৰ।
২৪: পিতলত থকা জিংক আৰু কপাৰৰ পৰিমাণ কিমান?
জিংক = 30%, কপাৰ = 70%।
২৫: টিংচাৰ আয়'ডিন কি?
টিংচাৰ আয়'ডিন হ'ল — গোটা আয়'ডিন তৰল এলক'হলত দ্ৰৱীভূত কৰি তৈয়াৰ কৰা দ্ৰৱণ। ইয়াত আয়'ডিন দ্ৰৱ্য আৰু এলক'হল দ্ৰাৱক।
২৬: চ'ডা পানীত থকা পদাৰ্থ দুবিধ কি?
কাৰ্বন-ডাই-অক্সাইড আৰু পানী।
২৭: বায়ুত থকা নাইট্ৰ'জেন আৰু অক্সিজেনৰ সংযুতি কি?
নাইট্ৰ'জেন = 78%, অক্সিজেন = 21%।
২৮: দ্ৰৱণৰ চাৰিটা ধৰ্ম লিখা।
(i) দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ। (ii) দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ। (iii) দ্ৰৱণৰ মাজেদি পাৰ হৈ যোৱা ৰশ্মি দৃশ্যমান নহয়। (iv) পৰিস্ৰাৱন প্ৰণালীৰে দ্ৰৱণ এটাৰ দ্ৰৱ্য আৰু দ্ৰাৱক পৃথক কৰিব নোৱাৰি।
২৯: প্ৰলম্বনৰ চাৰিটা ধৰ্ম লিখা।
(i) প্ৰলম্বন এিবধ অসমসত্ব মিশ্ৰণ। (ii) প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখা যায়। (iii) প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰে। (iv) নোজোকাৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলিত জমা হয় অৰ্থাৎ প্ৰলম্বন দ্ৰৱণ অস্থিৰ।
৩০: টিণ্ডল ক্ৰিয়া কাক বোলে?
কলয়ডীয় কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে। পোহৰ ৰশ্মিৰ এনে ধৰণে হোৱা বিচ্ছুৰণক টিণ্ডল ক্ৰিয়া বোলে।
৩১: কলয়ডীয় দ্ৰৱৰ চাৰিটা ধৰ্ম উল্লেখ কৰা।
(i) কলয়ড অসমসত্ব মিশ্ৰণ। (ii) কলয়ডীয় কণিকাবোৰ খালী চকুৰে মনিব নোৱাৰি। (iii) কলয়ডীয় দ্ৰৱত পোহৰ ৰশ্মি দৃশ্যমান হয়। (iv) কলয়ডীয় দ্ৰৱ সুস্থিৰ।
৩২: চাৰিবিধ কলয়ডীয় দ্ৰৱৰ নাম লিখা।
(a) কুৱলী (b) গাখীৰ (c) ধোঁৱা (d) চেভিং ক্ৰীম।
৩৩: অপকেন্দ্ৰিক পদ্ধতিৰ মূল নীতি কি?
জোৰেৰে ঘূৰালে গধুৰ কণিকাবোৰ পাত্ৰৰ তলিত জমা হয় আৰু পাতল কণিকাবোৰ ওপঙি থাকে।
৩৪: অপকেন্দ্ৰিক পদ্ধতিৰ দুটা ব্যৱহাৰ লিখা।
(i) ৰোগ নিৰ্ণায়ক পৰীক্ষাগাৰত তেজ আৰু মূত্ৰ পৰীক্ষাত ব্যৱহাৰ হয়। (ii) ক্ৰীমৰ পৰা মাখন পৃথক কৰিবলৈ।
৩৫: পৃথকীকৰণ চুপিৰ মূল নীতি কি? ইয়াৰ দুটা প্ৰয়োগ লিখা।
মূলনীতি: পৰস্পৰ মিহলি নোহোৱা তৰলবিলাক সিহঁতৰ ঘনত্ব অনুসৰি বিভিন্ন তৰপত পৃথক হয়। প্ৰয়োগ: (i) তেল আৰু পানী পৃথকীকৰণত (ii) আকৰিকৰ পৰা লো নিস্কাসনত।
৩৬: বৰ্ণলেখন পদ্ধতিৰ দুটা প্ৰয়োগ লিখা।
(i) ৰঙৰ ৰঞ্জক পদাৰ্থ পৃথকীকৰণত। (ii) তেজত থকা ঔষধ পৃথকীকৰণত।
৩৭: বাষ্পীভৱন প্ৰণালীতকৈ স্ফটিকীকৰণ বেছিভাল। কিয়?
কাৰণ বাষ্পীভৱনত: (i) শুকান হোৱালৈ তপতালে কিছুমান গোটা পদাৰ্থ বিয়োজিত আৰু কিছুমান কলা পৰে। (ii) দ্ৰৱণটোত কিছুমান অশুদ্ধি থাকি যাব পাৰে। বাষ্পীভূত কৰিলে এইবোৰে গোটা পদাৰ্থক দুষিত কৰিব পাৰে।
৩৮: স্ফটিকীকৰণৰ দুটা প্ৰয়োগ লিখা।
(i) সাগৰৰ পানীৰ পৰা পোৱা নিমখ বিশুদ্ধিকৰণত। (ii) অশুদ্ধিযুক্ত ফিটকিৰিৰ পৰা বিশুদ্ধ স্ফটিক আহৰণত।
৩৯: বিশুদ্ধ পদাৰ্থৰ প্ৰকাৰ কি কি?
মৌল আৰু যৌগ।
৪০: মৌলৰ ভাগ তিনিটা কি কি?
ধাতু, অধাতু আৰু ধাতুকল্প।
৪১: ধাতুৰ চাৰিটা ধৰ্ম লিখা।
(i) ধাতুবোৰৰ দ্যুতি আছে। (ii) সিহঁত তাপ আৰু বিদ্যুৎৰ সুপৰিবাহী। (iii) ধাতুবোৰ নমনীয়। (iv) ধাতুবোৰ ঘাতসহনশীল।
৪২: একমাত্ৰ জুলীয়া ধাতুবিধৰ নাম লিখা।
পাৰা।
৪৩: অধাতুৰ এটা ধৰ্ম লিখা।
(i) অধাতুবোৰ তাপ আৰু বিদ্যুৎৰ কুপৰিবাহী (ii) অধাতুবোৰৰ দ্যুতি, নমনীয়তা আৰু ঘাত-সহনশীলতা গুণ নাই।
৪৪: ধাতুকল্প কাক বোলে?
কিছুমান মৌলে ধাতু আৰু অধাতু দুয়োৰে গুণ দেখুৱায়। এইবোৰক ধাতুকল্প বোলে।
৪৫: ধাতু, অধাতু আৰু ধাতুকল্প প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।
ধাতু — সোণ, ৰূপ। অধাতু — হাইড্ৰ'জেন, অক্সিজেন। ধাতুকল্প — বৰণ, চিলিকন।
৪৬: সাধাৰণ উষ্ণতাত গেছীয় মৌলৰ সংখ্যা কিমান?
11 টা।
৪৭: সাধাৰণ উষ্ণতাত তৰল মৌল দুটা কি কি?
মাৰ্কিউৰী আৰু ব্ৰ'মিন।
৪৮: সাধাৰণ উষ্ণতাতকৈ সামান্য উচ্চ উষ্ণতাত (303 K) তৰল হোৱা মৌল দুটা কি?
গেলিয়াম আৰু চিজিয়াম।
৪৯: মিশ্ৰণ আৰু যৌগৰ পাৰ্থক্য লিখা।
| মিশ্ৰণ | যৌগ |
| (১) মৌল বা যৌগবোৰ মাত্ৰ মিহলিহে হয়; কোনো নতুন পদাৰ্থ উৎপন্ন নহয়। | (১) মৌলবোৰে বিক্ৰিয়া কৰি নতুন পদাৰ্থ উৎপন্ন কৰে। |
| (২) উপাদানবোৰৰ সংযুতি ভিন ভিন হ'ব পাৰে। | (২) প্ৰতিটো নতুন পদাৰ্থৰ উপাদানবোৰৰ সংযুতি সদায় নিৰ্দিষ্ট। |
| (৩) মিশ্ৰণে উপাদানবোৰৰ ধৰ্মক দেখুৱায়। | (৩) নতুন পদাৰ্থৰ ধৰ্ম সম্পূৰ্ণ বেলেগ। |
| (৪) উপাদানবোৰ ভৌতিক পদ্ধতিৰে এটাক আনটোৰ পৰা সহজে পৃথক কৰিব পাৰি। | (৪) উপাদানবোৰ ৰাসায়নিক বা বিদ্যুৎ ৰাসায়নিক পদ্ধতিৰ দ্বাৰাহে পৃথক কৰিব পাৰি। |
৫০: 320 g পানীৰ দ্ৰৱ এটাত 40 g NaCl দ্ৰৱীভূত হয়। গাঢ়তা ভৰ শতাংশত প্ৰকাশ কৰা।
NaCl ৰ ভৰ = 40 g। পানীৰ ভৰ = 320 g।
∴ দ্ৰৱণটোৰ মুঠ ভৰ = (40 + 320) g = 360 g।
∴ ভৰ শতাংশত দ্ৰৱণটোৰ গাঢ়তা = (40/360) × 100 = 11.1%
4. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)
১। কোনটো সমসত্ব মিশ্ৰণ?
(A) চ'ডা পানী (B) মাটি (C) বালি আৰু আইৰণ গুড়িৰ মিশ্ৰণ (D) এটাও নহয়
উত্তৰ চাওক
উত্তৰ: (A) চ'ডা পানী
২। কোনটো মৌল নহয়?
(A) হীৰা (B) পিতল (C) চিলিকন (D) হাইড্ৰ'জেন
উত্তৰ চাওক
উত্তৰ: (B) পিতল
৩। কোনটো ভৌতিক প্ৰক্ৰিয়া?
(A) উদ্ভিদৰ বৃদ্ধি (B) বৰফ গলা (C) খাদ্য ৰক্ষা (D) খাদ্য হজম হোৱা
উত্তৰ চাওক
উত্তৰ: (B) বৰফ গলা
৪। কোনটো বিশুদ্ধ পদাৰ্থ?
(A) বায়ু (B) গাখীৰ (C) ইটা (D) মাৰ্কাৰী
উত্তৰ চাওক
উত্তৰ: (D) মাৰ্কাৰী
৫। বিশুদ্ধ পদাৰ্থ এটা —
(A) মৌল (B) যৌগ (C) মিশ্ৰণ (D) মৌল বা যৌগ
উত্তৰ চাওক
উত্তৰ: (D) মৌল বা যৌগ
৬। মিশ্ৰণবোৰ —
(A) দুই ধৰণৰ (B) এক ধৰণৰ (C) বিশুদ্ধ পদাৰ্থ (D) এটাও নহয়
উত্তৰ চাওক
উত্তৰ: (A) দুই ধৰণৰ
৭। বিশুদ্ধ পানী —
(A) মৌল (B) যৌগ (C) কলয়ডীয় দ্ৰৱ (D) সমসত্ব মিশ্ৰণ
উত্তৰ চাওক
উত্তৰ: (B) যৌগ
৮। তলৰ কোনবোৰ সমসত্ব প্ৰকৃতিৰ?
(a) বৰফ (b) কাঠ (c) মাটি (d) বায়ু
(i) (c) আৰু (d) (ii) (a) আৰু (c) (iii) (a) আৰু (d) (iv) (b) আৰু (d)
উত্তৰ চাওক
উত্তৰ: (iii) (a) আৰু (d)
৯। কলয়ডীয় কণিকাবোৰৰ আকৃতি —
(A) < 1 nm (B) > 100 nm (C) 1-100 nm (D) এটাও নহয়
উত্তৰ চাওক
উত্তৰ: (C) 1-100 nm
১০। তলৰ কোনটো মৌল —
(A) হীৰা (B) হাইড্ৰ'ক্ল'ৰিক এচিড (C) বৰফ (D) বায়ু
উত্তৰ চাওক
উত্তৰ: (A) হীৰা
5. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)
🧠 আপোনাৰ মগজুক প্ৰত্যাহ্বান জনাওক!
১: বিশুদ্ধ পদাৰ্থ আৰু মিশ্ৰণৰ মাজত থকা মূল পাৰ্থক্য কি?
বিশুদ্ধ পদাৰ্থত মাত্ৰ এটাই উপাদান থাকে আৰু সংযুতি সকলো অংশতে একে। মিশ্ৰণত দুটা বা ততোধিক উপাদান থাকে আৰু সংযুতি সকলো অংশতে একে নহ'বও পাৰে।
২: কলয়ড আৰু দ্ৰৱণৰ মাজত পোহৰৰ বিচ্ছুৰণৰ পাৰ্থক্য কি?
কলয়ডীয় কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে (টিণ্ডল প্ৰভাৱ দেখুৱায়)। কিন্তু দ্ৰৱণৰ কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে।
৩: স্ফটিকীকৰণ পদ্ধতি বাষ্পীভৱনতকৈ কিয় উত্তম?
স্ফটিকীকৰণত বিশুদ্ধ স্ফটিক পোৱা যায়। বাষ্পীভৱনত কিছুমান গোটা পদাৰ্থ বিয়োজিত হ'ব পাৰে বা অশুদ্ধি থাকি যাব পাৰে।
৪: অপকেন্দ্ৰিক পদ্ধতিৰ মূল নীতি ব্যাখ্যা কৰা।
জোৰেৰে ঘূৰালে গধুৰ কণিকাবোৰ কেন্দ্ৰৰ পৰা আঁতৰি পাত্ৰৰ তলিত জমা হয় আৰু পাতল কণিকাবোৰ ওপৰত ওপঙি থাকে। এই নীতিত অপকেন্দ্ৰিক পদ্ধতি কাম কৰে।
৫: ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থ সৃষ্টি হয় — উদাহৰণ দি ব্যাখ্যা কৰা।
লোত মামৰে ধৰা এটা ৰাসায়নিক পৰিৱৰ্তন। ইয়াত লোৱে বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি নতুন পদাৰ্থ লোৰ অক্সাইড (মামৰ) উৎপন্ন কৰে।
6. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক
🌍 ৰসায়ন বিজ্ঞানক জীৱনৰ সৈতে সংযোগ কৰা:
- খাদ্য: গাখীৰ, মাখন, দৈ — মিশ্ৰণ।
- ঔষধ: টিংচাৰ আয়'ডিন — দ্ৰৱণ।
- ঘৰুৱা: চাহ বনোৱা, কাপোৰ ধোৱা — দ্ৰৱণ, পৰিস্ৰাৱণ।
- উদ্যোগ: বায়ুৰ পৰা অক্সিজেন, নাইট্ৰ'জেন পৃথকীকৰণ — আংশিক পাতন।
- পানী: পানী যোগান প্ৰকল্পত পৰিস্ৰাৱণ, অৱক্ষেপন।
- ৰন্ধন: ৰন্ধন — ৰাসায়নিক পৰিৱৰ্তন।
Comments
Post a Comment