Class 9 Science: Chapter 1 - আমাৰ চাৰিওকাষৰ বস্তুবোৰ
ASSEB, NCERT আৰু CBSE ৰ বাবে সম্পূৰ্ণ অধ্যয়ন সামগ্ৰী | HSLC পৰীক্ষাৰ বাবে বিশেষ
পৃষ্ঠা নং: 1
আধুনিক যুগৰ বিজ্ঞানীসকলে পদাৰ্থবিলাকক সিহঁতৰ ৌতিক (Physical) আৰু ৰাসায়নিক (Chemical) গুণাগুণৰ ওপৰত ভিত্তি কৰি দুটা শ্ৰেণীবিভাগ কৰিছে।
1. Concept Notes (গোটেই অধ্যায়ৰ মূল কথা)
1.1 পদাৰ্থৰ ৌতিক গুণ (Physical Nature of Matter) — Page 1-3
পৃষ্ঠা নং: 1-3
1.1.1 পদাৰ্থবোৰ কণিকাৰে গঠিত (Matter is made up of particles)
বহুদিন ধৰি পদাৰ্থৰ প্ৰকৃতি সম্পৰ্কে দুটা ধাৰণা চলি আহিছিল। কোনোৱে ভাবিছিল পদাৰ্থবোৰ কাঠ এচলাৰ দৰে অবিচ্ছিন্ন (continuous), আকৌ কোনোৱে ভাবিছিল যে পদাৰ্থবোৰ ধূলিকণাৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ সমষ্টি। এই ধাৰণা দুটাৰ ভিতৰত কোনটো সঁচা তাক ঠিক কৰিবলৈ এটা সৰল পৰীক্ষা কৰি চোৱা যাওঁক।
পদ্ধতি: এটা 100 mL জোখৰ বিকাৰ লোৱা। বিকাৰটোৰ আধা অংশলৈকে পানী ভৰাই পানীপৃষ্ঠৰ সমানকৈ এটা চিন দিয়া। অলপ নিমখ বা চেনি দি পানীখিনি কাঁচৰ মাৰি এডালেৰে লৰাই দ্ৰৱীভূত কৰা।
পৰ্যবেক্ষণ: পানীৰ পৃষ্ঠভাগৰ কিৰা পৰিৱৰ্তন হৈছে নেকি চোৱা। নিমখ বা চেনিখিনি কি হ'ল? ক'ত নাইকিয়া হ'ল?
সিদ্ধান্ত: চামুচখনত থকা চেনি বা নিমখ পানীৰ কণিকাবোৰৰ মাজত বিয়পি পৰিল। ইয়াৰ পৰা প্ৰমাণিত হয় যে পদাৰ্থবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত।
1.1.2 পদাৰ্থৰ কিৰকাবোৰ কিমান ক্ষুদ্ৰ? (How Small Are These Particles of Matter?)
পদ্ধতি: পটেছিয়াম পাৰমাংগেনেটৰ 2-3 টা স্ফটিককৈ লৈ 100 mL পানীত দ্ৰৱীভূত কৰা। ইয়াৰ পৰা 10 mL বিলৈ 90 mL পৰিষ্কাৰ পানীত মিহলোৱা। 2য়টো মিশ্ৰণৰ পৰা আকৌ 10 mL লৈ 90 mL পানীত মিহলোৱা। একেধৰণে পুনঃ পুনঃ 5 ৰ পৰা 8 বাৰমান বিলৈ লঘু বা পাতল কৰি গৈ থাকা।
পৰ্যবেক্ষণ: তেতিয়াও পানীখিনিৰ ৰং বেঙুনীয়া হৈ থাকিলেনে?
সিদ্ধান্ত: পটেছিয়াম পাৰমাংগেনেটৰ মাত্ৰ কেইটামান স্ফটিকেই প্ৰায় 1000 L পানী ৰঙীন কৰিব পাৰে। ইয়াৰ দ্বাৰা সিদ্ধান্ত কৰিব পাৰি যে পটাছৰ এটা স্ফটিকত বৃহৎ সংখ্যক কণিকা আছে যিবোৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণিকালৈ ভাঙি গৈ থাকিব পাৰে।
পৰিপূৰক: পটাছৰ পৰিৱৰ্তে 2 mL দৈলৈ লৈও পৰীক্ষাটো কৰি চাব পাৰি। প্ৰবণটো বাৰে বাৰে লঘু কৰি গৈ থাকিলেও তাত দৈৰ গোন্ধ পোৱা যায়।
1.2 পদাৰ্থৰ কিৰকাবোৰৰ বৈশিষ্ট্য (Characteristics of Particles of Matter)
পৃষ্ঠা নং: 2-3
পদাৰ্থৰ কিৰকাবোৰৰ তিনিটা মূল বৈশিষ্ট্য আছে —
🔬 কাৰ্যকলাপ 1.3 — নজ্বেলাৰ গোন্ধ পৰীক্ষা: শ্ৰেণীকোঠাৰ এটা চুকত এডাল নজ্বেলাৰ দুপকাঠি থোৱা। দুপৰ গোন্ধ পাবলৈ কিমান ওচৰলৈ যাব লাগিব? এইবাৰ দুপ-কাঠিডাল জ্বেলোৱা। কি হ'ব? দুৰত বহি থাকিয়েই গোন্ধ পাবানে?
🔬 কাৰ্যকলাপ 1.4 — চিয়াই আৰু ম'ৰ পৰীক্ষা: দুটা কাচৰ গিলাচ পানীৰে পূৰ কৰি লোৱা। এটোপাল চিয়াই প্ৰথমটো পাত্ৰৰ কাষলৈ সাৱধানে ঢালি দিয়া। একেদৰে 2য় পাত্ৰত ম' এটোপাল দিয়া। দুয়োটা পাত্ৰ লৰচৰ নকৰাকৈ এটা চুকত থৈ দিয়া। চিয়াই টোপালটো পানীত সম্পূৰ্ণৰূপে বিয়পি পৰিবলৈ কিমান সময় লাগিল?
🔬 কাৰ্যকলাপ 1.5 — গৰম-ঠাণ্ডা পানীৰ পৰীক্ষা: কপাৰ ছালফেট বা পটেছিয়াম পাৰমাংগেনেটৰ এটা দানা এগিলাচ গৰম পানী আৰু এগিলাচ ঠাণ্ডা পানীত দিয়া। দানা দুটাৰ ঠিক ওপৰৰ অংশত কিবা পৰিৱৰ্তন দেখিছেনে? সময় পাৰ হৈ যোৱাৰ লগে লগে কি হ'ব?
সিদ্ধান্ত:
• পদাৰ্থৰ কণিকাবোৰৰ অনবৰতে গতি কৰি থাকে — ইহঁতৰ গতিশক্তি (Kinetic energy) আছে।
• উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ বেগ বৃদ্ধি হয়।
• দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাক ব্যাপন (Diffusion) বোলে।
• গৰম কিৰকাৰ ব্যাপনৰ মাত্ৰা বাঢ়ে।
🔬 কাৰ্যকলাপ 1.6 — মানৱ শৃংখলৰ খেল: খেলপথাৰত ছাত্ৰীবিলাকৰ মাজত চাৰিটা দল গঠন কৰা। প্ৰথম দলৰ সদস্যসকলে পিছফালৰ পৰা সাৰিট ধৰা আৰু ইজু-মিজিম নাচনীৰ নিচিনাকৈ হাত দুখন খামুচি ধৰা। ২য় দলে হাতত ধৰি শৃংখল সজোৱা। ৩য় দলে মাত্ৰ আঙুলি এটাত ধৰি শৃংখল সজোৱা। ৪ৰ্থ দলৰ সদস্যসকলে দেৰি গৈ ওপৰৰ তিনিওটা শৃংখল এটাৰ পিছত এটাকৈ এনেদৰে ভাঙিব লাগে যাতে যিমান সোনকালে সম্ভৱ সক সক অসংখ্য গোট হৈ পৰে।
🔬 কাৰ্যকলাপ 1.7 — লো, চকমাটি আৰু ৰবৰ বেণ্ডৰ পৰীক্ষা: এটা লোৰ গজাল, এটুকুৰা চকমাটি আৰু এডাল ৰবৰৰ সৰু ফিটা (rubber band) গোটাই লোৱা। এই বস্তুবোৰ হাতুৰিৰ মাৰি, কাটি নাইবা টানি ভাঙিবলৈ চেষ্টা কৰা। ওপৰৰ তিনিবিধ পদাৰ্থৰ কোনিবিধত কিৰকাবোৰৰ অধিক আৰম্ভণ বলৰ দ্বাৰা বান্ধ খাই আছে ক'ব পাৰিবানে?
🔬 কাৰ্যকলাপ 1.8 — পানীৰ সোঁতৰ পৰীক্ষা: পানীৰ টেপ এটা খুলি পানীৰ সোঁতটো তোমাৰ হাতৰ আঙুলিৰে ভাঙিবলৈ চেষ্টা কৰা। সোঁতটো ভাঙিব পাৰিলানে? পানীৰ সোঁতটো ভাঙি নোযোৱাকৈ থাকিব কাৰণ কি?
সিদ্ধান্ত: পদাৰ্থৰ কিৰকাবোৰৰ মাজত এটা বল বা শক্তিয়ে ক্ৰিয়া কৰি থাকে। এই শক্তিব বাবে কিৰকাবোৰ একেলগে গোট খাই থাকে। এই আকৰ্ষণ শক্তি প্ৰতিবিধ পদাৰ্থৰ ক্ষেত্ৰত বেলেগ বেলেগ।
১। তলৰ কোনবোৰ পদাৰ্থ?
চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱৰ সুবাস।
উত্তৰ: চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱৰ সুবাস।
২। উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। কাৰণ দৰ্শোৱা।
উত্তৰ: গেছৰ ব্যাপনৰ মাত্ৰা উষ্ণতাৰ বৃদ্ধিৰ লগে লগে বাঢ়ে। গৰম বস্তুৰ ক্ষেত্ৰত ব্যাপনৰ মাত্ৰা বাঢ়ে বাবে গোন্ধ বহু দূৰলৈ বিয়পি যায়। ঠাণ্ডা বস্তুৰ ক্ষেত্ৰত ব্যাপনৰ মাত্ৰা কম হয় বাবে ওচৰলৈ যাব লাগে।
৩। এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?
উত্তৰ: পানীৰ অনুসমূহৰ মাজত আকৰ্ষণী বল কম হোৱা বাবে ডুবাৰুৱে পানী ফালি সোমাই যাব পাৰে।
৪। পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি?
উত্তৰ: (i) ইহঁতৰ মাজত খালী ঠাই থাকে। (ii) ইহঁতৰ মাজত আকৰ্ষণী বল থাকে। (iii) ইহঁত সদায় গতিশীল।
1.3 পদাৰ্থৰ অৱস্থা (States of Matter) — Page 4-5
পৃষ্ঠা নং: 4-5
পদাৰ্থৰ তিনিটা ৌতিক অৱস্থা — গোটা (কঠিন), জুলীয়া (তৰল) আৰু গেছীয়। এই ৌতিক অৱস্থাবোৰ পদাৰ্থ কিৰকাবোৰৰ বৈশিষ্ট্যৰ তাৰতম্যৰ ফলত উল্লব হয়।
| বৈশিষ্ট্য | গোটা | জুলীয়া | গেছীয় |
|---|---|---|---|
| খালী ঠাই | খুব কম | কম | বেছি |
| অণুৰ মাজৰ আকৰ্ষণীয় বল | খুব বেছি | কম | খুব কম |
| দৃঢ়তা | খুব বেছি | কম | দৃঢ় নহয় |
| ঘনত্ব | খুব বেছি | কম | খুব কম |
| আকৃতি | নিৰ্দিষ্ট | নিৰ্দিষ্ট নাই | নিৰ্দিষ্ট নাই |
| আয়তন | স্থিৰ | স্থিৰ | স্থিৰ নহয় |
| সংকোচনশীলতা | নগণ্য | কম | খুব বেছি |
| প্ৰবাহীতা | নাই | আছে | আছে |
১। তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা —
বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।
উত্তৰ: চিমনিৰ পৰা ওলোৱা ধোঁৱা < বায়ু < কপাহ < চকমাটি < পানী < মৌ < লো।
২। কাৰণ দৰ্শোৱাঃ
(a) ৰখা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে।
(b) ধাৰক পাত্ৰৰ বেৰত গেছ এটাই চাপ দিয়ে।
(c) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলি পাৰি।
(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।
উত্তৰঃ
(a) গেছীয় পদাৰ্থৰ অনুসমূহৰ মাজৰ আকৰ্ষণ বল খুব কম আৰু অনুসমূহে যেনিয়ে তেনিয়ে খুব বেগত ঘুৰি ফুৰে।
(b) গেছৰ অনুসমূহে বাহিৰলৈ আহিবলৈ খুব জোৰেৰে চেষ্টা কৰে।
(c) টেবুলখনৰ নিৰ্দিষ্ট আকাৰ, ভৰ আৰু আয়তন আছে।
(d) গেছীয় পদাৰ্থৰ অনুসমূহৰ মাজৰ আকৰ্ষণী বল খুব কম। কিন্তু কঠিন পদাৰ্থৰ অনুসমূহৰ মাজৰ আকৰ্ষণী বল খুব বেছি।
৩। কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে বৰফ পানীত ওপঙে; কিয় বাৰু?
উত্তৰ: বৰফ পানীত ওপঙে কাৰণ বৰফৰ ঘনত্ব জুলীয়া পানীতকৈ কম। পানীৰ তুলনাত বৰফৰ ভৰতকৈ আয়তনৰ পৰিমাণ বেছি হয়।
1.4 পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন (Change of State of Matter) — Page 6-9
পৃষ্ঠা নং: 6-9
পানী তিনিটা অৱস্থাত থাকে — গোটা (বৰফ), জুলীয়া (পানী), গেছীয় (জলীয় ভাপ)। অৱস্থাৰ পৰিৱৰ্তনৰ সময়ত পদাৰ্থৰ কি আভ্যন্তৰিক পৰিৱৰ্তন হয়? কণিকাবোৰৰ কি পৰিৱৰ্তন হয়নে? অৱস্থাৰ পৰিৱৰ্তন ঘটে কেনেকৈ? এই প্ৰশ্নোৰ উত্তৰ আমি জানিব বিচাৰোঁ!
পদ্ধতি: এটা বিকাৰত প্ৰায় 150 গ্ৰাম বৰফ লোৱা। বৰফ টুকুৰাত লািগ থকাকৈ এটা পৰীক্ষাগাৰৰ থাৰ্মমিটাৰ ওলোমাই ৰাখা। বিকাৰটো লাহে লাহে বুচেনৰ নিম্ন শিখাত গৰম কৰা। বৰফ গলিবলৈ ধৰিলে থাৰ্মমিটাৰ চাই উষ্ণতা লিখি ৰাখা। গোটেইখিনি বৰফ গলি পানী হোৱাৰ লগে লগে আকৌ উষ্ণতা চোৱা। এতিয়া বিকাৰটোত এডাল কাচৰ মাৰি লোৱা আৰু পানীখিনি উতল আহিলৈকে গৰম কৰা আৰু লৰাই থাকা। সৰহভাগ পানী বাষ্পীভূত নোহোৱালৈকে থাৰ্মমিটাৰত পাৰ্ভুৰ ওপৰত নজৰ ৰাখিবা।
পৰ্যবেক্ষণ:
• বৰফ গলিবলৈ আৰম্ভ কৰাৰ লগে লগে উষ্ণতা 0°C (273 K) ত স্থিৰ থাকে।
• গোটেই বৰফ গলি শেষ নোহোৱালৈকে উষ্ণতা বৃদ্ধি নহয়।
• পানী উতলিবলৈ আৰম্ভ কৰাৰ লগে লগে উষ্ণতা 100°C (373 K) ত স্থিৰ থাকে।
ব্যাখ্যা: তাপ পালে কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বাঢ়ে। প্ৰয়োগ কৰা তাপ শক্তিয়ে কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰে আৰু তেতিয়া ইহঁতে স্বস্থান ত্যাগ কৰি মুক্তভাৱে গতি কৰিবলৈ ধৰে। শেষত কঠিন পদাৰ্থ গলি গৈ জুলীয়া হয়।
• গলনাংক (Melting Point): এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি জুলীয়া হয়।
• বিগলন (Fusion): কঠিনৰ পৰা জুলীয়া অৱস্থালৈ হোৱা পৰিৱৰ্তন।
• উতলাংক (Boiling Point): এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলে।
• লীন তাপ (Latent Heat): অৱস্থা পৰিৱৰ্তনৰ সময়ত শোষিত বা নিৰ্গত তাপ।
• বিগলনৰ লীনতাপ: 1 kg কঠিন পদাৰ্থ জুলীয়া কৰিবলৈ প্ৰয়োজনীয় তাপ।
• বাষ্পীভৱনৰ লীনতাপ: 1 kg জুলীয়া পদাৰ্থ বাষ্প কৰিবলৈ প্ৰয়োজনীয় তাপ।
• উৰ্ধপাতন (Sublimation): জুলীয়া অৱস্থা নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয়লৈ পৰিৱৰ্তন।
• শুকান বৰফ (Dry Ice): গোটা কাৰ্বন-ডাই-অক্সাইড।
| পৰিৱৰ্তন | নাম |
|---|---|
| কঠিন → জুলীয়া | বিগলন (Fusion) |
| জুলীয়া → কঠিন | জমাট বন্ধা (Solidification) |
| জুলীয়া → গেছীয় | বাষ্পীকৰণ (Vaporisation) |
| গেছীয় → জুলীয়া | ঘনীভবন (Condensation) |
| কঠিন → গেছীয় | উৰ্ধপাতন (Sublimation) |
| গেছীয় → কঠিন | উৰ্ধপাতন (Sublimation) |
পদ্ধতি: অলপ কপূৰ বা এম'নিয়াম ক্ল'ৰাইড লৈ গুড়ি কৰা আৰু টিনা মাটিৰ সৰু পাত্ৰ (dish) এটা তলোৱা। খালখন কাচৰ চুপি এটা ওভোতাই ৰাখি ঢাকি দিয়া। চুপিৰ দীঘল নলীৰ মূৰেটা কপাহৰ সহায়ত বন্ধ কৰা। এতিয়া লাহে লাহে গৰম কৰা আৰু লক্ষ্য কৰা।
সিদ্ধান্ত: চাপ আৰু উষ্ণতাই পদাৰ্থ এিবধ কঠিন, জুলীয়া নে গেছীয় অৱস্থাত থাকিব তাক নিৰ্ধাৰণ কৰে। তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনপোন গেছীয় অৱস্থালৈ হোৱা পৰিৱৰ্তন বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক উৰ্ধপাতন বোলে।
১। তলত দিয়া উষ্ণতাবোৰ চেলছিয়াছ স্কেলত প্ৰকাশ কৰা —
(a) 300K (b) 573K
উত্তৰ: (a) 300K = 300 - 273 = 27°C (b) 573K = 573 - 273 = 300°C
২। তলৰ উষ্ণতাবিলাকত পানীৰ ৌতিক অৱস্থা কি হ'ব?
(a) 250°C (b) 100°C
উত্তৰ: (a) 250°C ত পানী গেছীয় অৱস্থাত থাকিব। (b) 100°C ত পানী গেছীয় অৱস্থাত থাকিব (উতলাংক)।
৩। কোনো পদাৰ্থৰ ৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়?
উত্তৰ: প্ৰয়োগ কৰা তাপ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয়।
৪। বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
উত্তৰ: বায়ুমণ্ডলীয় গেছ চাপ দি ঠাণ্ডা কৰিলে জুলীয়া হয়।
1.5 বাষ্পীভৱন (Evaporation) — Page 9-10
পৃষ্ঠা নং: 9-10
পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে তাপ বা চাপৰ তাৰতম্য ঘটোৱাটো একান্তই প্ৰয়োজন নেকি? আমি বন্দিনে জীৱনত দেখা পোৱা কিছুমান বস্তু উদাহৰণ দিব পাৰিবানে যিবিলাক উতলাংক উষ্ণতা নাপাওতেই জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়? ঢাকনি দিদিয়ৈক থৈ দিলে পানী লাহে লাহে উবি যায়। তিতা কাপোৰ বতাহত শুকায়। এই দুয়োটা উদাহৰণতে পানী খিনি কৈল যায়?
আমি জানো যে পদাৰ্থৰ কিৰকাবোৰ অনবৰতে গতি কৰি থাকে। এক নিৰ্দিষ্ট উচ্চতাত যি কোনো গেছীয়, জুলীয়া বা কঠিন পদাৰ্থৰ কিৰকাবোৰৰ গতি শক্তিৰ পৰিমাণ বেলেগ বেলেগ। জুলীয়া পদাৰ্থৰ পৃষ্ঠভাগত থকা (কম সংখ্যক) কিৰকাৰ গতি শক্তিৰ পৰিমাণ বেছি; সেইবাবে ইহঁতে আন কিৰকাৰ আকৰ্ষণ বলৰ পৰা মুক্ত হৈ বাষ্পলৈ পৰিৱৰ্তিত হ'ব পাৰে।
বাষ্পীভৱনৰ কাৰকবোৰ (Factors Affecting Evaporation):
পদ্ধতি:
• এটা পৰীক্ষানলীত 5 mL পানী লোৱা আৰু ইয়াক খিৰিকীৰ কাষত বা ফেনৰ তলত হৈ দিয়া।
• এখন টিনা মাটিৰ পাত্ৰত (china dish) 5mL পানীলৈ তাক খিৰিকীৰ কাষত বা ফেনৰ তলত হোৱা।
• এইবাৰ এখন টিনা মাটিৰ পাত্ৰত 5 mL পানী লৈ তাক শেলফ বা কাপব'ৰ্ডৰ ভিতৰত থোৱা।
• কোঠাটোৰ উষ্ণতা লিখি ৰাখা।
• তিনিওটা পৰীক্ষাতে বাষ্পীভূত হ'বলৈ প্ৰয়োজন হোৱা সময় লিপিবদ্ধ কৰা।
• এই তিনিটা পৰীক্ষাকৈ এদিন বৰমূগৰ বতৰত কিৰ চোৱা আৰু পৰ্যবেক্ষণবোৰ লিখা।
সিদ্ধান্ত — বাষ্পীভৱনৰ চাৰিটা কাৰক:
(i) পৃষ্ঠকালি (Surface Area): জুলীয়া পদাৰ্থৰ পৃষ্ঠকালি বাঢ়ে? আমি জানো যে বাষ্পীভৱন এটা পৃষ্ঠীয় প্ৰক্ৰিয়া। পৃষ্ঠকালি বৃদ্ধি হ'লে বাষ্পীভৱনৰ বেগ বাঢ়ে। উদাহৰণ— কাপোৰখন শুকাবলৈ দিওঁতে আমি বহলকৈ মেলি দিওঁ।
(ii) উষ্ণতা (Temperature): উষ্ণতা বৃদ্ধি হয়? উষ্ণতা বৃদ্ধিৰ ফলত বেছি সংখ্যক কিৰকাই বাষ্প হ'বলৈ প্ৰয়োজনীয় গতি শক্তি লাভ কৰে।
(iii) আৰ্দ্ৰতা (Humidity): বায়ুৰ আৰ্দ্ৰতা কম? বায়ুত থকা জলীয়া বাষ্পৰ পৰিমাণক বায়ুৰ আৰ্দ্ৰতা বোলে। এক নিৰ্দিষ্ট উষ্ণতাত, বায়ুত এক নিৰ্দিষ্ট পৰিমাণৰ জলীয়া বাষ্পহে থাকিব পাৰে। বায়ুত জলীয় বাষ্পৰ পৰিমাণ বেছি থাকিলে বাষ্পীভৱনৰ বেগ বা মাত্ৰা কমে। অৰ্থাৎ আৰ্দ্ৰতা কম হ'লে বাষ্পীভৱন বাঢ়ে।
(iv) বতাহৰ বেগ (Wind Speed): বতাহৰ বেগ বাঢ়ে? সকলোৰে জানো যে বতাহত কাপোৰ সোনকালে শুকায়। বতাহৰ বেগ বাঢ়ি যোৱাৰ লগে লগে জলীয় বাষ্পবোৰ সহজে আঁতৰি যায়— ফলত কাপোৰখন শুকায়।
বাষ্পীভৱনে শীতল কৰে কেনেদৰে (How does Evaporation Causes Cooling?)
খোলা পাত্ৰত জুলীয়া পদাৰ্থ অনবৰতে বাষ্পীভূত হৈ থাকে। বাষ্পীভৱনৰ ফলত কমি যোৱা শক্তি পূৰাবলৈ জুলীয়া পদাৰ্থৰ কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ (absorb) কৰে। এইদৰে শক্তি আহৰণ বা শোষণৰ ফলত বাষ্পীভূত হোৱা চাৰিওকাষৰ পৰিৱেশ শীতল হয়।
• এচিটন: তোমাৰ হাতৰ তলুৱাত অলপমান এচিটন (a nail-polish remover) ঢালি দিলে কি হয়? ঠাণ্ডা অনুভৱ নকৰানে? এচিটনে হাতৰ তলুৱাৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত হয় বাবে ঠাণ্ডা অনুভৱ হয়।
• গৰমকালি পানী ছিটিয়া: গৰমকালি প্ৰচণ্ড ৰদৰ দিনত মানুহে ঘৰৰ ছাদত বা খোলা পথাৰত পানী ছিটিয়ায়; কিয়নো পানীৰ বাষ্পীভৱনৰ লীন তাপৰ মাত্ৰা যথেষ্ট বেছি আৰু ইয়াৰ ফলত গৰম পৃষ্ঠ ঠেঁচা পৰে।
• কপাহী কাপোৰ: গৰমকালি আমাৰ দেহৰ পৰা অধিক ঘাম ওলায় যাৰ ফলত আমাৰ দেহটো শীতল পৰি থাকে। কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদেৰ শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে।
• বৰফ পানী থকা গিলাচ: গামলা এটাত অলপ বৰফ গানী লোৱা। গামলাৰ বাহিৰ পৃষ্ঠত পানীৰ কণিকাৰ বিবিড দেখিব। বায়ুত থকা জলীয় বাষ্প ঠাণ্ড গামলা পৃষ্ঠৰ সংস্পৰ্শলৈ আহি শক্তি বিকিৰণ কৰে আৰু তাৰ ফলত জুলীয়া অৱস্থাপ্ৰাপ্ত হৈ পানীৰ কণিকা বিবিড।
১। Desert Cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?
উত্তৰ: শুকান গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হোৱা বাবে পানীৰ বাষ্পীভৱন খৰতকীয়া হয়।
২। গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?
উত্তৰ: মাটিৰ কলহৰ চিদ্ৰৰ মাজেৰে পানী বাহিৰলৈ ওলাই আহে। এই পানীৰ বাষ্পীভৱন হয়। বাষ্পীভৱনৰ বাবে ভিতৰৰ পানী ঠাণ্ডা হৈ থাকে।
৩। হাতৰ তলুৱাত এচিটন, পেট্ৰ'ল বা সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভৱ হয় কিয়?
উত্তৰ: এচিটন, পেট্ৰ'ল বা সুগন্ধি আতৰৰ অনুবোৰে হাতৰ তলুৱা আৰু ইয়াৰ চাৰিওফালৰ পৰা তাপ শক্তি সংগ্ৰহ কৰে আৰু বাষ্পীভূত হয়। বাষ্পীভৱনৰ বাবে হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ হয়।
৪। গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়?
উত্তৰ: কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি। ফলত প্লেটত বাষ্পীভৱন খৰতকীয়া হয় আৰু চাহ বা গাখীৰ সোনকালে ঠাণ্ডা হয়।
৫। গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে?
উত্তৰ: বগা কপাহী কাপোৰ।
1.6 পদাৰ্থৰ নতুন অৱস্থা (New States of Matter) — Page 10-11
পৃষ্ঠা নং: 10-11
2. অনুশীলনীৰ প্ৰশ্নোত্তৰ (Page 12-13)
পৃষ্ঠা নং: 12-13
উত্তৰ: উৰ্ধপাতন প্ৰক্ৰিয়াৰে নেফথেলিন বল পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়।
(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।
উত্তৰ: আতৰৰ অনুসমূহে খুব বেগত চাৰিওফালে গতি কৰে।
(b) 0°C — গোটা
(c) 100°C — গেছীয়
উত্তৰ: সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ পানীৰ অনুসমূহৰ মাজৰ আকৰ্ষণ বল কম আৰু ইহঁতে এঠাইৰপৰা আনঠাইলৈ বাগৰি যাব পাৰে।
(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰি কঠিন।
উত্তৰ: লোৰ আলমাৰিৰ অনুসমূহৰ মাজৰ আকৰ্ষণী বল খুব বেছি আৰু ইহঁতৰ মাজৰ ব্যৱধান খুব কম হোৱা বাবে আলমাৰিটো দৃঢ় হয়। সেইবাবে আলমাৰিটো কঠিন।
A → বিগলন
B → বাষ্পীকৰণ
C → ঘনীভবন
D → জমাট বন্ধা
E → উৰ্ধপাতন
F → উৰ্ধপাতন
3. অতিৰিক্ত প্ৰশ্নোত্তৰ (Additional Questions)
CNG = Compressed Natural Gas
| উতলন | বাষ্পীভবন |
|---|---|
| এটা নিৰ্দিষ্ট উষ্ণতাত উতলন আৰম্ভ হয় যাক উতলাংক বোলা হয়। | সকলো উষ্ণতাতে বাষ্পীভবন হয়। |
| এইটো এটা খৰ প্ৰক্ৰিয়া। | এইটো এটা ধীৰ প্ৰক্ৰিয়া। |
(b) সূৰ্য্যৰ ৰদত মম গলা — কঠিনৰ পৰা জুলীয়া
(c) বৰফ গলা — কঠিনৰ পৰা জুলীয়া
(d) মেঘৰ সৃষ্টি — জুলীয়াৰ পৰা গেছীয়
(e) মুক্ত অৱস্থাত থলে নেফটেলিন বল সৰু হোৱা — কঠিনৰ পৰা গেছলৈ
(f) পানী বাষ্পীভূত হোৱা — জুলীয়াৰ পৰা গেছীয়
4. বস্তুনিষ্ঠ প্ৰশ্ন (MCQs)
১। আটাইতকৈ কম সংকোচনশীল পদাৰ্থৰ অৱস্থা:
(A) কঠিন (B) জুলীয়া (C) গেছীয় (D) আটাইবোৰ সমান
উত্তৰ চাওক
উত্তৰ: (A) কঠিন
২। ——- উষ্ণতাত পানী বৰফ হয়।
(A) 273 K (B) 273°C (C) 564 K (D) -273°C
উত্তৰ চাওক
উত্তৰ: (A) 273 K
৩। কোনটো খৰ প্ৰক্ৰিয়া:
(A) বাষ্পীভৱন (B) উতলন (C) বিগলন (D) এটাও নহয়
উত্তৰ চাওক
উত্তৰ: (B) উতলন
৪। কোনটো পদাৰ্থ নহয়—
(A) প্ৰেম (B) শিল (C) গাখীৰ (D) কিতাপ
উত্তৰ চাওক
উত্তৰ: (A) প্ৰেম
৫। অনুসমূহৰ মাজৰ ব্যৱধান কম—
(A) কঠিন পদাৰ্থৰ (B) জুলীয়া পদাৰ্থৰ (C) গেছীয় পদাৰ্থৰ (D) কঠিন আৰু জুলীয়া
উত্তৰ চাওক
উত্তৰ: (A) কঠিন পদাৰ্থৰ
৬। গৰমৰ দিনত পিন্ধা উচিত:
(A) নাইলন কাপোৰ (B) চিল্কৰ কাপোৰ (C) কলা কপাহী কাপোৰ (D) বগা কপাহী কাপোৰ
উত্তৰ চাওক
উত্তৰ: (D) বগা কপাহী কাপোৰ
৭। 10°C উষ্ণতাত পানীৰ ৌতিক অৱস্থা:
(A) গোটা (B) জুলীয়া (C) গেছীয় (D) গোটা বা জুলীয়া
উত্তৰ চাওক
উত্তৰ: (B) জুলীয়া
৮। অনুসমূহৰ মাজৰ আকৰ্ষণী বল আটাইতকৈ কম—
(A) কঠিন পদাৰ্থৰ (B) জুলীয়া পদাৰ্থৰ (C) গেছীয় পদাৰ্থৰ (D) এটাও নহয়
উত্তৰ চাওক
উত্তৰ: (C) গেছীয় পদাৰ্থৰ
৯। অনুসমূহৰ মাজৰ আকৰ্ষণী বল আটাইতকৈ বেছি—
(A) কঠিন পদাৰ্থৰ (B) জুলীয়া পদাৰ্থৰ (C) গেছীয় পদাৰ্থৰ (D) এটাও নহয়
উত্তৰ চাওক
উত্তৰ: (A) কঠিন পদাৰ্থৰ
১০। 300K উষ্ণতাক লিখা হয়—
(A) 300°C (B) 27°C (C) 127°C (D) 573°C
উত্তৰ চাওক
উত্তৰ: (B) 27°C
5. মিলোৱা আৰু শুদ্ধ/অশুদ্ধ প্ৰশ্ন
Q. A অংশৰ লগত B অংশ মিলোৱা:
| A | B |
|---|---|
| (i) ভৰ | (a) কিউবিক মিটাৰ |
| (ii) ঘনত্ব | (b) কিলোগ্ৰাম |
| (iii) আয়তন | (c) পাস্কেল |
| (iv) উষ্ণতা | (d) কেলভিন |
| (v) চাপ | (e) কিলোগ্ৰাম / কিউবিক মিটাৰ |
| A | B |
|---|---|
| (i) ভৰ | (b) কিলোগ্ৰাম |
| (ii) ঘনত্ব | (e) কিলোগ্ৰাম / কিউবিক মিটাৰ |
| (iii) আয়তন | (a) কিউবিক মিটাৰ |
| (iv) উষ্ণতা | (d) কেলভিন |
| (v) চাপ | (c) পাস্কেল |
Q. শুদ্ধনে অশুদ্ধ লিখা —
(b) বতাহে বাষ্পীভৱনৰ হাৰ কমায়। — অশুদ্ধ
(c) উষ্ণতা বাঢ়িলে বাষ্পীভৱন কমে। — অশুদ্ধ
(d) আৰ্দ্ৰতা কমিলে বাষ্পীভৱন বাঢ়ে। — শুদ্ধ
(e) বাষ্পীভৱন এটা ধীৰ প্ৰক্ৰিয়া। — শুদ্ধ
(f) জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি থাকে। — অশুদ্ধ
(g) কঠিন পদাৰ্থ উচ্চ সংকোচনশীল। — অশুদ্ধ
(h) গেছীয় আৰু জুলীয়া পদাৰ্থ বৈ যায়। — শুদ্ধ
(i) গেছৰ ব্যাপন হয়। — শুদ্ধ
(j) গেছ আৰু বাষ্প সদায় একে। — অশুদ্ধ
(k) জুলীয়া পদাৰ্থৰ এখন মুক্ত পৃষ্ঠ থাকে। — শুদ্ধ
(l) অৱস্থাৰ পৰিৱৰ্তনত উষ্ণতা হ্ৰাস হয়। — অশুদ্ধ
Q. খালী ঠাই পূৰ কৰা —
(b) বাষ্পীভৱনৰ ফলত —— হয়। — শীতল
(c) জুলীয়া পদাৰ্থৰ —— খন মুক্ত পৃষ্ঠ। — এখন
(d) —— ক শুকান বৰফ বোলা হয়। — গোটা কাৰ্বন-ডাই-অক্সাইড
(e) কঠিন পদাৰ্থৰ —— -খন মুক্ত পৃষ্ঠ থাকে। — অসংখ্য
6. পৰিমাণ আৰু এককৰ তালিকা
| পৰিমাণ | একক | চিহ্ন |
|---|---|---|
| উষ্ণতা | kelvin | K |
| দৈৰ্ঘ্য | metre | m |
| ভৰ | kilogram | kg |
| ওজন | newton | N |
| আয়তন | cubic metre | m³ |
| ঘনত্ব | kilogram per cubic metre | kg m⁻³ |
| চাপ | pascal | Pa |
7. HOTS (উচ্চ চিন্তন দক্ষতাৰ প্ৰশ্ন)
8. বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক
- খাদ্য: কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি — সকলো পদাৰ্থ।
- ইন্ধন: LPG, CNG, পেট্ৰ'ল, ডিজেল — পদাৰ্থৰ গেছীয় আৰু জুলীয়া অৱস্থা।
- উষ্ণতা: কেলভিন স্কেলত উষ্ণতা মাপা হয়।
- বতৰ: মেঘৰ সৃষ্টি, বৰষুণ — বাষ্পীভৱন আৰু ঘনীভৱনৰ ফল।
- চিকিৎসা: ৰেফ্ৰিজাৰেটৰ, অক্সিজেন চিলিণ্ডাৰ — বায়ুমণ্ডলীয় গেছৰ জুলীয়াকৰণ।
- ঘৰুৱা: কাপোৰ শুকোৱা, পাকঘৰৰ কাম — বাষ্পীভৱনৰ ব্যৱহাৰ।

Comments
Post a Comment